আমেৰিকান জীৱনধাৰা - ৩

উপৰুৱাকৈ চালে যদিওবা আমেৰিকান সকলৰ জীৱন অতি মধুময় আৰু সুখ-স্বাচ্ছন্দ্যৰে ভৰা, তেওঁলোকৰো সমস্যা আছে | স্থানান্তৰত এই বিষয়ে কিছু উল্লেখ কৰিছোঁৱেই |

ইয়াত চাৰিচকীয়া যান-বাহনৰ বাহুল্যৰ কথাও আগেয়ে উল্লেখ কৰিছোঁ | একোটা মধ্যবিত্ত পৰিয়ালত ঘৰৰ প্ৰাপ্তবয়স্ক প্ৰায় প্ৰতিজন মানুহৰে নিজা নিজা বাহন আছে | কিন্তু তাৰ বিপৰীতে একোটা থকা ঘৰত সাধাৰণতে এটা বা সৰ্বাধিক দুটা গেৰেজ বা গাড়ী থোৱা ঘৰ থাকে | গতিকে, ৰাতি-বিয়লি গাড়ী ৰখোৱা বা পাৰ্কিং কৰাটো প্ৰায়ভাগ মানুহৰে এটা বিৰাট সমস্যা | ফলত আপুনি দেখা পাব গধূলি ৰাস্তাৰ কাষত শাৰী শাৰী গাড়ী | চেভ্ৰলেট, টয়টা আদি বিভিন্ন কোম্পানীৰ ভিন ভিন মডেলৰ শ-শ গাড়ী ৰ’দে-বৰষুণে ৰাস্তাত পৰি থকা দেখি দুখেই লাগে ! স্বাভাৱিকতে প্ৰশ্ন হয়, ইয়াত গাড়ী চুৰি নহয়নেকি? খবৰ লৈ জানিবলৈ পোৱা মতে গাড়ী চুৰিৰ ঘটনা সংখ্যাত কম যদিও একেবাৰে নোহোৱা নহয় | আমাৰ প্ৰতিষ্ঠানৰ য়লাণ্ডি চেঙৰ গাড়ী এখনো যোৱা বছৰ তেওঁলোক দুদিনৰ বাবে লছ এঞ্জেলিছলৈ ফুৰিবলৈ যাওঁতে চুৰি হৈছিল | অৱশ্যে পিছত পুলিচে উদ্ধাৰ কৰিলে |

যোৱা সপ্তাহত মোৰ ভাড়াঘৰৰ ওচৰতে ৰাতি এটা ঘটনা হ’ল | ৰাস্তাত থোৱা দুখন গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্ত‍ই কিবা-কিবি গাড়ীৰ ভিতৰত থকা বস্তু লৈ গ’ল | 



অফিচ-কাছাৰী অথবা বজাৰ-সমাৰত অৱশ্যে গাড়ী ৰখাৰ সুন্দৰ ব্যৱস্থা আছে | প্ৰতিখন গাড়ী ৰখোৱাৰ ঠাই অঙ্কিত কৰি থোৱা থাকে, যাতে কোনেও ওপৰা-ওপৰিকৈ পাৰ্কিং নকৰে | লগতে প্ৰতিটো পাৰ্কিং এলেকাত এটা বা ততোধিক স্থান শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে সংৰক্ষিত থাকে | আৱাসিক এলেকা বিলাকত আকৌ অতিথিৰ গাড়ী ৰখাৰ বাবে স্থান নিৰ্দ্দিষ্টকৈ নিৰ্দ্ধাৰিত কৰা থাকে | তদুপৰি, মাজে-মাজে কেতবোৰ স্থান সংৰক্ষিত কৰা থাকে জৰুৰীকালীন অৱস্থাত জুই নুমুৱা গাড়ী ৰখোৱাৰ বাবে | সেইবাবে তেনে স্থানত লিখা থাকে - 'Fire Lane, No Parking' | আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সকলোৱে এই নিয়মবোৰ মানি চলে | আমাৰ গুৱাহাটীৰ দৰে কোনেও নিয়ম ভঙ্গ নকৰে | আৰু এটা কথা - ইয়াত সাধাৰণতে 'No Parking'-ৰ সলনি লিখা হয় - 'Tow Away' বুলি |

গ্ৰাহক সুৰক্ষা

আমেৰিকাত গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বৰ সুন্দৰ ব্যৱস্থা আছে | মোৰ সৈতে বম্বে বাজাৰ নামৰ ভাৰতীয় দোকানখনলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈ মোৰ ভাড়াঘৰৰ মালিকনীৰ ভৰি ভগাৰ কথা আগতে উল্লেখ কৰিছোঁ | এই ঘটনাৰ পাছত তেওঁলোকে ইতিমধ্যে দোকান কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ লাভৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে | তেওঁলোকে মোক কোৱামতে এনেদৰে উপযুক্ত ক্ষতিপূৰণ  পোৱাটো প্ৰায় খাটাং |

গ্ৰাহকসকলৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ হ’ল সকলো সামগ্ৰীৰে নিৰ্দ্ধাৰিত মূল্য জনাৰ অধিকাৰ | ইয়াত সকলো সামগ্ৰীৰে মুল্য গ্ৰাহকৰ বাবে স্পষ্টকৈ লিপিৱদ্ধ কৰা থাকে | আনকি শাক-পাচলি বা অন্যান্য খুচুৰা বস্তুৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় | একোখন গেলামালৰ দোকান আমাৰ গুৱাহাটীৰ ছয়মাইলত থকা ‘নয়নতৰা চুপাৰ মাৰ্কেট’ৰ দহগুণ মান ডাঙৰ হ’ব | কিন্তু প্ৰতিবিধ সামগ্ৰীৰে দাম স্পষ্টকৈ লিখা থাকে  আৰু কোনো দোকানতে সাধাৰণতে দৰ-
দাম নচলে অৰ্থাত্‍ burgain নহয়, ধৰা-বন্ধা দাম |

গ্ৰাহকসকলৰ আৰু এটা সুবিধা হ’ল - যিকোনো সামগ্ৰী কিনাৰ পাছত একোটা নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ঘূৰাই দিব পৰা যায় | এই সময়সীমা সামগ্ৰীৰ প্ৰকাৰ অনুসৰি ১৫ দিনৰ পৰা ৯০ দিন পৰ্যন্ত হ’ব পাৰে | ম‍ই নিজেই এই সুবিধাটো গ্ৰহণ কৰিছোঁ | ইয়ালৈ অহাৰ পাছতে ম‍ই চলা-ফুৰা কৰাৰ কাৰণে এখন চাইকেল কিনিছিলো | (ইয়াত আকৌ চাইকেলকহে বাইক বোলে, মটৰ চাইকেলক নহয় !) কিন্তু চান-ডিয়েগোৰ ওখ-চাপৰ ৰাস্তাত চলোৱা বৰ কষ্টকৰ | আমাৰ দৰে অভ্যাস নথকা মানুহে চাইকেল চলোৱা অসম্ভৱ যেন দেখি এমাহমানৰ পাছত ঘূৰাই দিলো | মুঠ $১০৭ ডলাৰত চাইকেলখন, পাম্প এটা আৰু তলা এটা কিনিছিলো | ঘূৰাই দিওঁতে অৱশ্যে $৮০ ডলাৰহে পালো | যি নহওক, এমাহৰ পাছতযে ঘূৰাই দিব পাৰিলো সেয়ে বহুত !

এই ব্যৱস্থাটোৰ কোনোৱে হয়তো সুবিধাও লয় ! মেডিছনৰ উইছকনচিন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা আমাৰ সহকৰ্মী ড: কিশোৰ কুমাৰ বৰুৱাই জনোৱা মতে তেওঁলোকৰ তাত কোনোবা এজন ভাৰতীয় ছাত্ৰ‍ই হেনো এই ব্যৱস্থাৰ সুযোগ লৈ বেলেগ বেলেগ দোকানৰ পৰা বিভিন্ন সময়ত ভাল ভাল কাপোৰ কিনি কেইদিনমান পিন্ধি পুণৰ ঘূৰাই দিয়ে ! যোৱা বিশ্বকাপ ফুটবলৰ সময়ত বোলে মেডিছনৰ এখন ইলেক্টনিক সামগ্ৰীৰ দোকান এই ব্যৱস্থাৰ পৰিণতিতে দেউলীয়া হ’ল | বিশ্বকাপৰ আগে আগে কিনি নিয়া ডাঙৰ ডাঙৰ দামী টেলিভিচন চেট বিলাক খেল শেষ হোৱাৰ পাছতে বহুতো গ্ৰাহকে ঘূৰাই দিয়াত দোকানীৰ নগুৰ-নাগতি হ’ল |


ব্যৱহৃত বস্তুৰ বজাৰ


আমেৰিকাত নতুন সামগ্রীৰ দাম ভাৰতৰ তুলনাত যদিও বহুত বেছি, আগেয়ে ব্যৱহৃত অৰ্থাৎ second hand বস্তুৰ মূল্য যথেষ্ট কম । মজলীয়া মানৰ একোখন নতুন গাড়ীৰ দাম ৩০,০০০-৩৫,০০০ ডলাৰ। ইয়াৰ বিপৰীতে second hand গাড়ী এখন ৩,০০০ ডলাৰ মানতে পোৱা যায়। Second hand  বস্তু বেচা কেতবোৰ বিশেষ দোকানেই আছে। চামৰা বা কাপোৰৰ মোনা আদি পোৱা তেনে দোকানত বেচ ডাঙৰ একোটা চুটকেচ্ ২/৩ ডলাৰতে কিনিবলৈ পোৱা যায়। মধ্যবিত্ত আমেৰিকান সকলৰ মাজত এনেবোৰ বস্তুৰ বেচ প্রচলন আছে।

দুদিন মানৰ আগেয়ে মোৰ ভাড়াঘৰৰ মালিকে নিজৰ পুৰণি কাঠৰ আলমিৰা এটা ২৫ ডলাৰত আন এজন লোকক বিক্রী কৰি পুণৰ অন্য এজনৰ পৰা ৪৫ ডলাৰত আগৰটোতকৈ ভাল আলমিৰা এটা কিনিলে।এইটো যথেষ্ট ডাঙৰ। তেওঁলোকে কোৱা মতে বজাৰত এনে একোটা নতুন আলমিৰাৰ মূল্য প্রায় ১২০০ ডলাৰ।গতিকে মধ্যবিত্ত সকলে এনেকৈয়ে Second hand বস্তু ব্যৱহাৰ কৰি চলি থাকে।

মানসিক অস্থিৰতা

আমেৰিকাৰ জীৱন ধাৰাৰ যান্ত্ৰিকতাৰ বলী হোৱাৰ বাবেই নে অন্য স্বাভাৱিক কাৰণত নাজানো ! এটা কথাত ম‍ই আচৰিত হৈছোঁ যে ইয়াত মানসিক অস্থিৰতাত ভোগা লোকৰ সংখ্যা বৰ কম নহয় | যোৱা তিনিমাহৰ ভিতৰতে কেৱল চিটিবাছৰ যাত্ৰীসকলৰ মাজতে ম‍ই এতিয়ালৈকে চাৰিজন এনে লোক লগ পাইছো | কেওজনেই পঞ্চাশোৰ্দ্ধৰ বগা আমেৰিকান পুৰুষ | তাৰে তিনিজনে নিজে নিজৰ সৈতে কথা পাতি-পাতি যায় অৰ্থাত্‍ স্বগতোক্তি কৰে আৰু আনজনে অতি অস্থিৰ ভাৱে চলা-ফুৰা কৰি থাকে | আজি পুৱাও তেওঁক লগ পাইছিলো | ম‍ই যিটো ষ্টেণ্ডত বাছত উঠো, সাধাৰণতে তেৱোঁ তাতে উঠে | বাছখন নহালৈকে তেওঁ চাটি-ফুটি কৰি থাকে - একোবাৰ ঘপহকৈ মাটিতে বহিও দিয়ে আৰু মাজে-মাজে অকলে অকলে হাঁহি থাকে | বেছেৰাক দেখি দুখেই লাগে ! ইমান কম দিনৰ ভিতৰত অত কেইজন তেনে লোক লগ পোৱাটো কাকতালীয় সংযোগ নে ইয়াত এনে ৰোগীৰ সংখ্যা প্ৰকৃততে বেছি সেইটো অৱশ্যে নাজানো !

চান ডিয়েগো চিৰিয়াখানা

যোৱা ২৬ আগষ্টত আমাৰ প্ৰতিষ্ঠান Vaccine Research Institute of San Diego-ৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে চান ডিয়েগো চিৰিয়াখানাত এক স্মৰণীয় অনুষ্ঠানৰ আয়োজন কৰিছিল | এই অনুষ্ঠানটিৰ বাবে প্ৰস্তুতি প্ৰায় এমাহমানৰ আগৰ পৰাই চলি আছিল | আবেলি প্ৰায় ৪ বজাত আমি গৱেষণগাৰৰ পৰা ওলাই পোনে-পোনে চিৰিয়াখানালৈ ৰাওনা হ’লো | মোৰ লগত চিজাৰো যোৱাৰ বাবে আগৰে পৰা বন্দোৱস্ত আছিল | সেইমতে চিজাৰে তেওঁৰ গৱেষণাগাৰৰ পৰা মোৰ তালৈ বাছেৰে আহি আগতীয়াকৈ উপস্থিত হৈছিলহি | আমাৰ দুয়োকে য়লাণ্ডি চেং নামৰ চীনা মহিলা গৰাকীয়ে তেওঁৰ গাড়ীৰে লৈ গৈছিল | লগতে আমাৰ লগৰ চীনদেশীয় বিজ্ঞানী মাৰ্ক আৰু শ্ৰীমতী চেঙৰ বৰ জীয়ৰী পলিন (Pauline) |

প্ৰায় ৫ বজাত আমি গৈ গন্তব্যস্থল পালোগৈ | দহমিনি মানৰ ভিতৰতে সকলো আহি তাত গোট খালেহি | সেই সময়ত তাত অৰ্থাত্‍ ঠিক চিৰিয়াখানাৰ পদূলিতে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ ফালৰ পৰা আয়োজিত এক অভিনৱ অনুষ্ঠান চলি আছিল | এগৰাকী শিল্পীয়ে সঙ্গীতৰ তালে তালে নাচি নাচি মঞ্চত এখন চিত্ৰ আঁকি আছিল | দেখাত এনে লাগিছিল যেন তেওঁ কিবা এখন সাংকেতিক ছবিহে আঁকিছে | অংকণ শেষ হ’লত যেতিয়া তেওঁ ছবিখন ওলোটাই দিলে তেতিয়াহে স্পষ্ট হ’ল যে তেওঁ প্ৰকৃততে এটা হাতীৰ মূৰহে আঁকিছিল | এইদৰে অঁকা আৰু ভালেমান চিত্ৰ সন্মুখত সজাই থোৱা আছিল | সকলোবোৰেই বিভিন্ন লুপ্তপ্ৰায় বন্য জন্তুৰ চিত্ৰ | আঁকি উঠাৰ পিচতে তেওঁ এটি চুটি বক্তব্যৰে সকলোকে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে দুৱাষাৰ কৈ তেওঁলোকৰ সংগঠনৰ কাম-কাজ সম্পৰ্কে জানিবলৈ দিলে আৰু সকলোৰে পৰা সহযোগিতা কামনা কৰিলে |বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ই সঁচাকৈয়ে এক ব্যতিক্ৰমী প্ৰচেষ্টা ! 
চান ডিয়েগো চিৰিয়াখানা বিশ্বৰ এক অন্যতম বৃহত্‍ চিৰিয়াখানা | ই ডাউন-টাউন চান ডিয়েগোৰ ১০০ একৰ মাটিত বিস্তৃত আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা ৮০০ তকৈও অধিক প্ৰজাতিৰ প্ৰায় ৪০০০ জীৱ-জন্তু আছে |জীৱ-জন্তু বিলাক চাবৰ কাৰণে খোজ কাঢ়ি ফুৰাৰ ব্যৱস্থাৰ উপৰিও দুখলপীয়া বাছৰ সুবিধা আছে | আমাৰ দলটোৰ বাবে ইতিমধ্যে এখন বাছৰ ব্যৱস্থা কৰা আছিল | আমি সকলোৱে ওপৰৰ খোলা আসন সমূহতে বহিলো | প্ৰায় ৪৫ মিনিটত গোটেই চিৰিয়াখানা খন এপাক ঘূৰালে | লগত মাইক্ৰফোন লৈ এগৰাকী পৰিচাৰিকাই সুন্দৰকৈ সকলো বুজাই গ’ল | লগত যোৱা ল’ৰা-ছোৱালী বোৰক নানান প্ৰশ্ন কৰি পৰিচাৰিকা গৰাকীয়ে বেছ মনোগ্ৰাহীকৈ কথাবোৰ কৈ গৈছিল আৰু সকলোকে মুগ্ধ কৰিছিল |
অৱশ্যে বাছেৰে যাওঁতে ডাঙৰ জন্তু বিলাক দেখা পাই যদিও সৰু সৰু প্ৰাণীবোৰ চাবলৈ হ’লে খোজ কাঢ়ি যোৱাহে ভাল | বাছৰ পৰা ভালকৈ দেখা পোৱা নাযায় | প্ৰকৃততে তেওঁলোকে বাছেৰে প্ৰথমতে চিৰিয়াখানা খনৰ সৈতে পৰিচয়হে কৰি দিয়ে | তাৰ পাচত নিজে খোজ কাঢ়ি বিভিন্ন জন্তু চাব পাৰি | আমাৰ সময় কম থকাৰ কাৰণে আমি অৱশ্যে বাছ-যাত্ৰাৰেই সামৰণি মাৰিলো | অসমৰ গঁড় আৰু এচীয় হাতীৰ উপৰিও নানা তৰহৰ চৰাই, জিৰাফ, জেব্ৰা, হৰিণ আদি প্ৰাকৃতিক পৰিৱেশত চাই ভাল লাগিল | মোৰ বাৰে-বাৰে গুৱাহাটীৰ চিৰিয়াখানালৈ মনত পৰিল | আচলতে আমাৰ গুৱাহাটীৰ চিৰিয়াখানাখনো কম ধুনীয়া নহয় ! কিন্তু এওঁলোকৰ সামৰ্থ্য আছে বাবে ইমান আক-ধুনীয়াকৈ গোটেইখন সজাই-পৰাই ৰাখিছে যে ই অতি আকৰ্ষণীয় হৈ উঠিছে | জীৱ-জন্তুৰ গঁড়াল বিলাক ইমান ধুনীয়াকৈ বনাইছে যে দেখাত একেবাৰে প্ৰাকৃতিক পৰিৱেশতে জীৱ-জন্তুবোৰক ৰখা যেন লাগে |

চিৰিয়াখানাৰ ভিতৰতে এখন বেছ ডাঙৰ ৰেষ্টুৰাঁ আছে | তাতেই আমাৰ নিশাৰ আহাৰৰ আয়োজন কৰা হৈছিল | প্ৰথমতে ফলাহাৰৰ ব্যৱস্থা - কমলা, আঙুৰ, অমিতা, চিৰাল, টিয়ঁহ, আপেল,মাটি-কঁঠাল আদিৰ লগতে গাজৰ, কণ-বিলাহী আৰু নহৰু-পিঁয়াজৰ কেঁচা পাতৰ ঠাৰি | লগত আছিল চিজ আৰু ক্ৰিম | একে সময়তে অন্য এটা কাউন্টাৰত পৰিৱেশন কৰিছিল পানীয় | আমাক সকলোকে একোগিলাছকৈ লঘূ পানীয় বিনামূল্যে যোগান ধৰিছিল | ওপৰঞ্চি কোনোবাই সুৰা বা বিয়েৰ খাবলৈ বিচাৰিলে কিন্তু তাৰ বাবে নিজে দাম ভৰিব লাগিব | এটা কথা দেখি ভাল লাগিল যে মাত্ৰ তিনি-চাৰিজন মান লোকেহে সুৰাজাতীয় পানীয় গ্ৰহণ কৰিলে |

ফলাহাৰ আৰু পানীয়ৰ পাচত সকলোৱে বেলেগ বেলেগ টেবুলত বহিল | এইবাৰ পৰিৱেশন হ’ল - চালাড | আমেৰিকান সকলে প্ৰতিসাজত (ম‍ই আগতেও দেখিছো) যথেষ্ট পৰিমাণৰ সেউজীয়া পাচলি চালাড হিচাবে খায় | কিন্তু তেওঁলোকে আমাৰ দৰে কাটি-কুটি বা খুন্দি মিহলি কৰি চালাড পৰিৱেশন নকৰে | পালেং বা অন্য শাকৰ পাত, বন্ধা কবিৰ কোমল পাত আদি গোটে গোটে একোটা সৰু পাছি বা গোটোং পাত্ৰত পৰিৱেশন কৰে | লগত নিজৰ ইচ্ছামতে ল’ব পৰাকৈ নিমখ, ক্ৰিম আৰু জেলী |


Seared Salmon & Roasted Red Potatoes
এইখিনি খাই উঠে মানে আধা-আধি ভোক গুচেই ! এইবাৰ আহিল চিকেন আৰু ভেজিটেবোল চুপ | এইদৰে প্ৰায় ডেৰ ঘন্টা মান সময় পাৰেই হ’ল | তাৰ পিচতহে আহিল আচল আহাৰ | আগেয়ে আমাক নিশাৰ আহাৰৰ তিনিটা বিকল্পৰ পৰা এটাকৈ বাচি লবলৈ দিছিল | সেইমতে মোৰ বাবে চালমন মাছৰ এবিধ ব্যঞ্জন আৰু চিজাৰৰ বাবে গৰুৰ মাংসৰ এবিধ ব্যঞ্জনৰ ব্যৱস্থা আছিল | খোৱা-বোৱাৰ মাজতে দুই-একে চমু বক্তব্যও আগবঢ়ালে | প্ৰতিষ্ঠানটোৰ কেইগৰাকীমান নিষ্ঠাবান টেক্‌নিচিয়ানক উপহাৰো প্ৰদান কৰিলে | এইদৰে সন্ধিয়াটো বেছ সুন্দৰকৈ পাৰ কৰিলো |

ৰাতি প্ৰায় ৯:৩০ বজাত য়লাণ্ডি চেঙে চিজাৰ আৰু মোক আমাৰ ভাড়াঘৰত নমাই থৈ গ’ল |

ইটো-সিটো বহুতো


T.G.I. Friday

আজি শুকুৰ বাৰ; আৰু এটা কৰ্মব্যস্ত সপ্তাহৰ অন্ত ! এইবাৰ তিনিদিনীয়া সপ্তাহান্তিক বন্ধ, কিয়নো অহা সোমবাৰে শ্ৰমিক দিৱসৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন | অৱশ্যে এনেয়েও শুকুৰবাৰে মনটো সকলোৰে ভাল লাগি থাকে - দুটা দিন কৰ্ম ব্যস্ততাৰ পৰা আহৰি লৈ সকলোৱে বিনোদনৰ বাবে বিভিন্ন ঠাইলৈ যায় |

মোৰ ভাড়াঘৰৰ ওচৰতে T.G.I. Friday নামৰ এখন ডাঙৰ ৰেষ্টুৰাঁ আছে | নামটো অলপ ব্যতিক্ৰমী যেন দেখি এদিন চিজাৰক সুধিছিলো, T.G.I. Friday মানে কি? তেওঁ ক’লে যে এই ৰেষ্টুৰাঁখন মেকড'নাল্ডৰ দৰে আমেৰিকাৰ বিভিন্ন ঠাইত আছে | T.G.I. Friday ৰ অৰ্থ হ’ল Thanks God  It's Friday !

Safety First

ডুলিয়াজানৰ অ‍ইল ইণ্ডিয়াত কাম কৰা মোৰ দাদাৰ ঘৰলৈ যাওঁতে দেখা পাওঁ অ‍ইলৰ প্ৰায়বিলাক গাড়ীতে লিখা থাকে - Safety First, অৰ্থাত্‍ প্ৰথমে সুৰক্ষা | অ‍ইলৰ কাম-কাজত অৱশ্যে সুৰক্ষাই প্ৰকৃততে অগ্ৰাধিকাৰ পাইনে নাপাই ম‍ই নাজানো | এই বিষয়ে মোৰ কোনো মতামত নাই !

কিন্তু চান ডিয়েগোৰ চৰকাৰী চিটিবাছ সমূহত এইদৰে লিখা নাথাকিলেও সুৰক্ষাক বিশেষ গুৰুত্ব দিয়া সিদিনা নিজে প্ৰত্যক্ষ কৰিলো | ৰাতিপুৱা বাছত আহি থাকোঁতে মাজতে চালকজনে তেওঁৰ মাইক্ৰ’ফোনত ঘোষণা কৰিলে যে পাছফালে বহা কোনোবা এজনে হাত এখন খিৰিকিৰে বাহিৰলৈ উলিয়াই থৈছে; গতিকে অনতিপলমে সুৰক্ষাৰ স্বাৰ্থত হাতখন ভিতৰলৈ আনিব লাগে ! প্ৰকৃততে বাছৰ আগৰ আৰু পাচৰ দুয়োখন দুৱাৰৰ ওচৰত কোণীয়াকৈ এনেধৰণে দুখন আইনা লগোৱা থাকে যে তাৰ সহায়ত চালকজনে তেওঁৰ সন্মুখত থকা আন এখন আইনাত গোটেই বাছখনৰ যাত্ৰীসকলৰ গতিবিধি লক্ষ্য কৰি থাকিব পাৰে | এইদৰে কেইবাবাৰো ঘোষণা কৰাৰ পাচতো যেতিয়া উক্ত যাত্ৰীজন নিৰ্বিকাৰ হৈ থাকিল (আচলতে তেওঁ এজন জাপানী ছাত্ৰ আছিল আৰু চালকৰ ঘোষণাটো বোধকৰো ভালকৈ বুজি পোৱা নাছিল !), অৱশেষত চালকে বাছখন ৰখাই নামি গ’ল আৰু বাহিৰেদি গৈ যাত্ৰীজনৰ হাতখন ভিতৰলৈ ভৰাই দিলে আৰু তেওঁক সাৱধান হ’বলৈ সতৰ্ক কৰি দিলে | যাত্ৰীৰ সুৰক্ষাক ইয়াত কিমান গুৰুত্ব দিয়া হয় তেতিয়াহে উপলব্ধি কৰিলো |

Civic Sense

চান ডিয়েগো চহৰৰ প্ৰায়বিলাক বাসিন্দাৰে ঘৰত দেখিছোঁ এটা বা ততোধিক পোহনীয়া কুকুৰ আছে | অৱশ্যে আমাৰ গুৱাহাটী মহানগৰীৰ দৰে কিন্তু ৰাস্তাৰ মুকলি কুকুৰ নাই | পুৱা-গধূলি ৰাস্তাত প্ৰায়ে দেখা যায় কুকুৰৰ মালিকসকলে নিজৰ নিজৰ কুকুৰবোৰক শিকলি লগাই বাহিৰত ফুৰাবলৈ নিয়ে | তেওঁলোকৰ হাতত সাধাৰণতে দেখা পোৱা যায় হাত-মোজাৰ দৰে পিন্ধি থকা একোটা প’লিথিনৰ মোনা | কাৰণটো হ’ল - সাধাৰণতে এইদৰে বাহিৰ ফুৰাওঁতে কুকুৰবোৰে ৰাস্তাৰ কাষতে বিষ্ঠা ত্যাগ কৰে | গতিকে লগে লগে মালিকসকলে হাতত থকা প’লিথিনৰ মোনাটো সত্‍ ব্যৱহাৰ কৰি বিষ্ঠাখিনি চাফ কৰি লৈ গৈ ৰাস্তাৰ দাঁতিত থকা ঢাকনি-যুক্ত জাবৰৰ পাত্ৰত পেলাই দিয়ে | এইটো দৃশ্য গুৱাহাটীত কাহানিবা আশা কৰিব পাৰোঁনে বাৰু !

চিটিবাছৰ অন্য এক অভিজ্ঞতা

আজি কেইদিনমানৰ আগতে পুৱা গৱেষণাগাৰলৈ গৈ থাকোতে মাজতে এঠাইত আমাৰ বাছখনত এহাল পৌঢ় দম্পতি উঠিল | বয়স বোধকৰো দুয়োজনৰে ৭৫ বছৰমান হ’ব | পুৰুষজন দেখাত আমেৰিকান যেন লাগিলেও মহিলাগৰাকী বোধকৰো মেক্সিকান আছিল, কাৰণ তেওঁৰ গাৰ বৰণ আমাৰ দৰে | দুয়ো একেলগে কথা পাতি পাতি বাছত উঠিল | তেওঁলোকৰ মাজত সম্পৰ্ক কি জনাৰ উপায় নাছিল | কিন্তু দুয়োৰে বোধকৰো আৰ্থিক অৱস্থা বৰ টনকিয়াল নাছিল | তেওঁলোকৰ কাপোৰ-কানি আৰু শাৰীৰিক অৱস্থাৰ পৰা তেনে যেন অনুমান হৈছিল | দুয়ো একেলগে সমুখৰ পথালিকৈ থকা আসন এখনতে বহিল | কিছু সময়ৰ পাচত বুঢ়াৰ পিঠিখন খজুওৱাত বুঢ়ীক ক’লে খজুৱাই দিবলৈ | বুঢ়ীয়ে নিজৰ পিন্ধি থকা জৰা-জীৰ্ণ জেকেটটোৰ জেপৰ পৰা খেপিয়াই খেপিয়াই এটা সৰু শিল উলিয়ালে আৰু ম‍ই বাছৰ পৰা নামি নোযোৱালৈকে দেখিলো শিলটোৰে বুঢ়াৰ পিঠিখন খজুৱাই থাকিল | আৰামত ইতিমধ্যে বুঢ়াই চকু দুটা মুদি 
দিছিল | দুয়োৰে কি সুন্দৰ বুজা-বুজি !

স্বাৰ্থপৰ আমেৰিকান !


স্থানান্তৰত ম‍ই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াত লগ পোৱা সৰহভাগ আমেৰিকান লোকেই উদাৰ-চিতীয়া আৰু তেওঁলোকৰ ব্যৱহাৰ-পাতি বেছ সৌজন্যমূলক আৰু বন্ধুত্বপূৰ্ণ | কিন্তু ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয় | তাৰে এটা উদাহৰণ দিব খুজিছোঁ | 
ম‍ই কাম কৰা প্ৰতিষ্ঠানটোৰ এগৰাকী সহযোগী অধ্যাপক হ’ল ডঃ জন ৱেল্‌চ | ম‍ই এই প্ৰতিষ্ঠানত যোগদান কৰাৰ দুদিনমানৰ পাচতে লি পেং নামৰ চীনদেশীয় বিজ্ঞানী এজনে আমাৰ গৱেষণাগাৰৰ পৰা বিদায় লৈ বেলেগ চাকৰিলৈ যোৱাৰ কথা আগতে উল্লেখ কৰিছো | তেওঁৰ বিদায় উপলক্ষে সকলোৱে মিলি এখন জাপানী ৰেষ্টুৰাঁত দুপৰীয়াৰ আহাৰ খোৱাৰ আয়োজন কৰিছিল | ম‍ই তেতিয়া তেনেই নতুন কাৰণে কথাটো গম পোৱা নাছিলো | কিন্তু দুপৰীয়া যেতিয়া সকলোৱে যাবলৈ ওলাল, তেতিয়া হঠাত্‍ ডঃ জন আহি মোৰ কোঠাত উপস্থিত হ’ল আৰু মোক ৰেষ্টুৰাঁখনলৈ যাবলৈ লগ ধৰিলে | তেওঁৰ এই সৌজন্যতা দেখি ভাল লাগিল আৰু ম‍ই তেওঁৰ গাড়ীৰে গৈ লান্স পাৰ্টিত যোগ দিলোগৈ | ৰাস্তাত আহোঁতে-যাওঁতে আমি দুয়োজনে ভালদৰে চিনাকি হ’লো আৰু নানান কথা পাতিলো | তেওঁ মোক গৱেষণাগাৰলৈ দৈনিক কেনেকৈ অহা-যোৱা কৰিম সুধিলে | ম‍ই একো ঠিক নোহোৱা বুলি কোৱাত তেওঁ মোক নিজৰ গাড়ী এখন এনেই থকাৰ কথা ক’লে আৰু প্ৰয়োজন হ’লে মাহিলি $৩০০ ডলাৰ মান দি ভাড়ালৈ লোৱাৰ বাবে মোক প্ৰস্তাৱ দিলে | ম‍ই ধন্যবাদ জনাই প্ৰয়োজন হ’লে যোগাযোগ কৰাৰ প্ৰতিশ্ৰুতি দিলো | কিন্তু পিচত যেতিয়া ম‍ই বাছেৰেই অহা-যোৱা কৰাৰ সিদ্ধান্ত ল’লো, তেওঁক আৰু একো কোৱা নহ’ল |

তেওঁ কিন্তু বোধকৰো বৰ আশা কৰিছিল ম‍ই তেওঁৰ এনেয়ে পৰি থকা গাড়ীখন ভাড়ালৈ লৈ তেওঁক অলপ অতিৰিক্ত উপাৰ্জনৰ বাট উলিয়াই দিম বুলি ! কিয়নো যদিও তেওঁ প্ৰথমদিনা মোৰ সৈতে বেছ বন্ধুত্বপূৰ্ণ ভাৱে কথা পাতিছিল, তাৰ পাচৰ পৰা লাহে লাহে তেওঁ মোৰ সৈতে বিশেষ কথা বতৰা নপতা হ’ল | পাচত মেলে-মিটিঙে লক্ষ্য কৰি ম‍ই দেখিলো যে মানুহজন যদিও অলপ খুঁহুতীয়া প্ৰকৃতিৰ, তেওঁ আনক ব্যঙ্গ কৰি ভাল পায়, যিটো ম‍ই বৰ ভাল নাপাওঁ |

 আজি দুপৰীয়া গৱেষণাগাৰত কাম কৰি থাকোঁতে মাজতে এবাৰ তেওঁ আন এজন ব্যক্তিৰ সৈতে মোৰ কাম কৰা টেবুলৰ ওচৰলৈ আহিল | ব্যক্তিজন বোধকৰো আমাৰ গৱেষণাগাৰৰ ঘৰটোৰ মালিক অথবা ইঞ্জিনিয়াৰ; ম‍ই আগতে লগ পোৱা নাই | মোৰ টেবুলৰ ওপৰত এটা বিজুলী বাতি বেয়া হৈ থকাৰ কাৰণে পোহৰ অলপ কম আছিল | তাকে সম্ভৱ ডঃ জনে তেওঁক দেখুৱাই আছিল | হঠাতে তেওঁ অপ্ৰাসংগিক ভাৱে মোক তেওঁলোকৰ মাজত চলি থকা কথাটোত সাঙুৰি ক’বলৈ ধৰিলে, "এওঁ যিহেতু ভাৰতৰ পৰা আহিছে, সেইবাবে বোধকৰো এওঁৰ কোনো অভিযোগ নাই আৰু কম পোহৰতে তেওঁ সন্তুষ্ট হৈ আছে |" তাৰ পিচতে তেওঁ সম্পূৰ্ণ অদৰকাৰী ভাৱে ভাৰতবৰ্ষৰ বিষয়ে বিৰূপ মন্তব্য কৰা আৰম্ভ কৰিলে | তেওঁৰ মতে ভাৰত এখন অতি জঘন্য, লেতেৰা দেশ , য’ত চাৰিওফালে কদৰ্য পৰিৱেশ আৰু স্লাম (Slum) এলেকাৰে ভৰা | ম‍ই কথাখিনি শুনি আছিলো যদিও তেওঁলোকৰ কথাৰ মাজত মন্তব্য নিদিয়াটোৱেই সমীচিন হ’ব বুলি ভাবি মনে মনে আছিলো | কিন্তু তেওঁ মোক প্ৰৰোচিত কৰাৰ কাৰণে পুণৰ ক’লে, " ম‍ই তোৰ দেশৰ বিষয়ে ইমান বেয়াকৈ কৈ আছো আৰু ত‍ই একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিয়?" তেতিয়াহে ম‍ই অলপ হাঁহি উত্তৰ দিলো, "When I know about your mindset and your perception about India, why should I react? " (ম‍ই যিহেতু তোমাৰ মনোবৃত্তিৰ বিষয়ে ভালদৰে জানো আৰু ভাৰতবৰ্ষ সম্পৰ্কে তোমাৰ এনেধৰণৰ ভ্ৰান্ত ধাৰণা আছে, ম‍ইনো কিয় ক‌ওঁ ?" তেওঁ আৰু একো নক’লে |

আজি ম‍ই এই কথাত নিশ্চিত হ’লো যে তেওঁৰ গাড়ীখন ভাড়ালৈ নোলোৱাত ডঃ জন মহাশয় প্ৰকৃততে মোৰ ওপৰত নাৰাজ ! স্বাৰ্থসিদ্ধিৰ বাবেহে আচলতে তেওঁ প্ৰথমতে মোৰ সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ কৰিছিল !