T.G.I. Friday
আজি শুকুৰ বাৰ; আৰু এটা কৰ্মব্যস্ত সপ্তাহৰ অন্ত ! এইবাৰ তিনিদিনীয়া সপ্তাহান্তিক বন্ধ, কিয়নো অহা সোমবাৰে শ্ৰমিক দিৱসৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন | অৱশ্যে এনেয়েও শুকুৰবাৰে মনটো সকলোৰে ভাল লাগি থাকে - দুটা দিন কৰ্ম ব্যস্ততাৰ পৰা আহৰি লৈ সকলোৱে বিনোদনৰ বাবে বিভিন্ন ঠাইলৈ যায় |
মোৰ ভাড়াঘৰৰ ওচৰতে T.G.I. Friday নামৰ এখন ডাঙৰ ৰেষ্টুৰাঁ আছে | নামটো অলপ ব্যতিক্ৰমী যেন দেখি এদিন চিজাৰক সুধিছিলো, T.G.I. Friday মানে কি? তেওঁ ক’লে যে এই ৰেষ্টুৰাঁখন মেকড'নাল্ডৰ দৰে আমেৰিকাৰ বিভিন্ন ঠাইত আছে | T.G.I. Friday ৰ অৰ্থ হ’ল Thanks God It's Friday !

Safety First
ডুলিয়াজানৰ অইল ইণ্ডিয়াত কাম কৰা মোৰ দাদাৰ ঘৰলৈ যাওঁতে দেখা পাওঁ অইলৰ প্ৰায়বিলাক গাড়ীতে লিখা থাকে - Safety First, অৰ্থাত্ প্ৰথমে সুৰক্ষা | অইলৰ কাম-কাজত অৱশ্যে সুৰক্ষাই প্ৰকৃততে অগ্ৰাধিকাৰ পাইনে নাপাই মই নাজানো | এই বিষয়ে মোৰ কোনো মতামত নাই !
কিন্তু চান ডিয়েগোৰ চৰকাৰী চিটিবাছ সমূহত এইদৰে লিখা নাথাকিলেও সুৰক্ষাক বিশেষ গুৰুত্ব দিয়া সিদিনা নিজে প্ৰত্যক্ষ কৰিলো | ৰাতিপুৱা বাছত আহি থাকোঁতে মাজতে চালকজনে তেওঁৰ মাইক্ৰ’ফোনত ঘোষণা কৰিলে যে পাছফালে বহা কোনোবা এজনে হাত এখন খিৰিকিৰে বাহিৰলৈ উলিয়াই থৈছে; গতিকে অনতিপলমে সুৰক্ষাৰ স্বাৰ্থত হাতখন ভিতৰলৈ আনিব লাগে ! প্ৰকৃততে বাছৰ আগৰ আৰু পাচৰ দুয়োখন দুৱাৰৰ ওচৰত কোণীয়াকৈ এনেধৰণে দুখন আইনা লগোৱা থাকে যে তাৰ সহায়ত চালকজনে তেওঁৰ সন্মুখত থকা আন এখন আইনাত গোটেই বাছখনৰ যাত্ৰীসকলৰ গতিবিধি লক্ষ্য কৰি থাকিব পাৰে | এইদৰে কেইবাবাৰো ঘোষণা কৰাৰ পাচতো যেতিয়া উক্ত যাত্ৰীজন নিৰ্বিকাৰ হৈ থাকিল (আচলতে তেওঁ এজন জাপানী ছাত্ৰ আছিল আৰু চালকৰ ঘোষণাটো বোধকৰো ভালকৈ বুজি পোৱা নাছিল !), অৱশেষত চালকে বাছখন ৰখাই নামি গ’ল আৰু বাহিৰেদি গৈ যাত্ৰীজনৰ হাতখন ভিতৰলৈ ভৰাই দিলে আৰু তেওঁক সাৱধান হ’বলৈ সতৰ্ক কৰি দিলে | যাত্ৰীৰ সুৰক্ষাক ইয়াত কিমান গুৰুত্ব দিয়া হয় তেতিয়াহে উপলব্ধি কৰিলো |
Civic Sense
চান ডিয়েগো চহৰৰ প্ৰায়বিলাক বাসিন্দাৰে ঘৰত দেখিছোঁ এটা বা ততোধিক পোহনীয়া কুকুৰ আছে | অৱশ্যে আমাৰ গুৱাহাটী মহানগৰীৰ দৰে কিন্তু ৰাস্তাৰ মুকলি কুকুৰ নাই | পুৱা-গধূলি ৰাস্তাত প্ৰায়ে দেখা যায় কুকুৰৰ মালিকসকলে নিজৰ নিজৰ কুকুৰবোৰক শিকলি লগাই বাহিৰত ফুৰাবলৈ নিয়ে | তেওঁলোকৰ হাতত সাধাৰণতে দেখা পোৱা যায় হাত-মোজাৰ দৰে পিন্ধি থকা একোটা প’লিথিনৰ মোনা | কাৰণটো হ’ল - সাধাৰণতে এইদৰে বাহিৰ ফুৰাওঁতে কুকুৰবোৰে ৰাস্তাৰ কাষতে বিষ্ঠা ত্যাগ কৰে | গতিকে লগে লগে মালিকসকলে হাতত থকা প’লিথিনৰ মোনাটো সত্ ব্যৱহাৰ কৰি বিষ্ঠাখিনি চাফ কৰি লৈ গৈ ৰাস্তাৰ দাঁতিত থকা ঢাকনি-যুক্ত জাবৰৰ পাত্ৰত পেলাই দিয়ে | এইটো দৃশ্য গুৱাহাটীত কাহানিবা আশা কৰিব পাৰোঁনে বাৰু !
চিটিবাছৰ অন্য এক অভিজ্ঞতা
আজি কেইদিনমানৰ আগতে পুৱা গৱেষণাগাৰলৈ গৈ থাকোতে মাজতে এঠাইত আমাৰ বাছখনত এহাল পৌঢ় দম্পতি উঠিল | বয়স বোধকৰো দুয়োজনৰে ৭৫ বছৰমান হ’ব | পুৰুষজন দেখাত আমেৰিকান যেন লাগিলেও মহিলাগৰাকী বোধকৰো মেক্সিকান আছিল, কাৰণ তেওঁৰ গাৰ বৰণ আমাৰ দৰে | দুয়ো একেলগে কথা পাতি পাতি বাছত উঠিল | তেওঁলোকৰ মাজত সম্পৰ্ক কি জনাৰ উপায় নাছিল | কিন্তু দুয়োৰে বোধকৰো আৰ্থিক অৱস্থা বৰ টনকিয়াল নাছিল | তেওঁলোকৰ কাপোৰ-কানি আৰু শাৰীৰিক অৱস্থাৰ পৰা তেনে যেন অনুমান হৈছিল | দুয়ো একেলগে সমুখৰ পথালিকৈ থকা আসন এখনতে বহিল | কিছু সময়ৰ পাচত বুঢ়াৰ পিঠিখন খজুওৱাত বুঢ়ীক ক’লে খজুৱাই দিবলৈ | বুঢ়ীয়ে নিজৰ পিন্ধি থকা জৰা-জীৰ্ণ জেকেটটোৰ জেপৰ পৰা খেপিয়াই খেপিয়াই এটা সৰু শিল উলিয়ালে আৰু মই বাছৰ পৰা নামি নোযোৱালৈকে দেখিলো শিলটোৰে বুঢ়াৰ পিঠিখন খজুৱাই থাকিল | আৰামত ইতিমধ্যে বুঢ়াই চকু দুটা মুদি দিছিল | দুয়োৰে কি সুন্দৰ বুজা-বুজি !

No comments:
Post a Comment