জৈৱ-প্ৰযুক্তি আৰু উত্তৰ-পূৰ্বাঞ্চল

আজি মোৰ বাবে বৰ আনন্দৰ দিন | একেটা উত্‍সৰে পৰা অগা-পিছাকৈ অহা দুটা ভাল খবৰে মনটো ভৰাই তুলিছে !

যোৱা বছৰ মে’ মাহত ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এখন আলোচনা সভাৰ আয়োজন কৰিছিল | তাত ভাৰত চৰকাৰৰ ফালৰ পৰা উপস্থিত আছিল -  জৈৱ-প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান আৰু উপদেষ্টা ডঃ টি, মদনমোহন | আলোচনাৰ বিষয়-বস্তু আছিল - উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশ আৰু তাৰ বাবে ল’বলগীয়া ব্যৱস্থা | সৌভাগ্যক্ৰমে, সেই সভাৰ আৰম্ভণিতে বক্তব্য ৰখাৰ বাবে মাননীয় ডঃ টি, মদনমোহন ডাঙৰীয়াই মোক অনুৰোধ জনাইছিল | ম‍ই মোৰ বক্তব্যত উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশৰ সম্ভাৱনীয়তা, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আদি বিষয়ত আলোকপাত কৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা ল’ব পৰা এলানি আঁচনিৰ প্ৰস্তাৱ কৰিছিলো | সভাত উপস্থিত সকলোৱেই আনন্দিত হ’ল - যেতিয়া মোক এক প্ৰকাৰ আচৰিত কৰি এই প্ৰস্তাৱিত আঁচনিসমূহৰ প্ৰতি কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান ডাঙৰীয়াই অতি আগ্ৰহ দেখুৱালে আৰু মোক নিৰ্ধাৰিত ১৫ মিনিটৰ সলনি প্ৰায় ৪৫ মিনিট বক্তব্য ৰাখিবলৈ সুযোগ দি আঁচনি সমূহৰ বিষয়ে পূংখানুপূংখ ৰূপে আলোচনা কৰাৰ ব্যৱস্থা কৰিলে |

পৰৱৰ্ত্তী পৰ্য্যায়ত ভাৰত চৰকাৰৰ অনুৰোধ মৰ্মে ম‍ই আঁচনি সমূহৰ সৱিশেষ দাখিল কৰিলো আৰু সেই মৰ্মে আঁচনি সমূহ পৰ্য্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ জৈৱ-প্ৰযুক্তি বিভাগে সিদ্ধান্ত ল’লে আৰু ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ’ল |

তাৰে এখন আঁচনি অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিমকে ধৰি গোটেই কেইখন ৰাজ্যৰ কেতবোৰ বছা-বছা উচ্চশিক্ষাৰ অনুষ্ঠানত একোটাকৈ জৈৱ-প্ৰযুক্তি কেন্দ্ৰ (Biotech Hub) স্থাপন কৰি জৈৱ-প্ৰযুক্তি আৰু আধুনিক জীৱবিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ঠিক সেইদৰে আন এখন আঁচনি অনুসৰি নিৰ্বাচিত কেতবোৰ বিদ্যালয়ৰ পুথিভঁৰালত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা | পৰৱৰ্ত্তী সময়ত জৈৱ-প্ৰযুক্তি বিভাগৰ উচ্চ-ক্ষমতা সম্পন্ন এক বিশেষজ্ঞ সমিতিৰ অন্যতম সদস্য হিচাপে আঁচনি সমূহৰ ৰূপায়ণৰ দিশত লোৱা পদক্ষেপত অংশ গ্ৰহণ কৰাৰ কিছু সুযোগ পাওঁ | যোৱা প্ৰায় এবছৰ কাল বিভিন্ন স্তৰত কাম-কাজ চলি থকাৰ মূৰত শেহতীয়াকৈ দুয়োখন আঁচনি ৰূপায়িত কৰাৰ কাৰণে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে জাননী জাৰি কৰিছে |

এই অনুসৰি, প্ৰথম পৰ্য্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৩৫ খন উচ্চশিক্ষাৰ অনুষ্ঠানক প্ৰতিখনকে ২৭ লাখ টকাকৈ আগবঢ়োৱা হৈছে | তাৰ ভিতৰত আছে অসমৰ ২৩ খন শিক্ষানুষ্ঠান | আনহাতে, দ্বিতীয়খন আঁচনিৰ অধীনত ৪৭ খন বিদ্যালয়ৰ প্ৰতিখনলৈ আগবঢ়োৱা হৈছে ২.১ লাখ টকাকৈ |  তদুপৰি ইন্টাৰনেটৰ সুবিধা বাহাল ৰখাৰ বাবে প্ৰতিখন বিদ্যালয়ে প্ৰতিবছৰে বিশ হাজাৰ টকাকৈ লাভ কৰিব |

আশাকৰোঁ এই আঁচনি দুখনৰ সফল ৰূপায়ণে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক জগতত প্ৰচূৰ বৰঙণি যোগাবলৈ সক্ষম হ’ব ! অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ’ব কেন্দ্ৰসমূহৰ সৈতে জড়িত শিক্ষক তথা বিজ্ঞানীসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্ত্তব্যনিষ্ঠা |

ৰঙালাও

এতিয়া ইয়াত ৰঙালাওৰ বতৰ | চাৰিওফালে গেলামালৰ দোকানবোৰত (grocery stores)  ৰঙালাওৰ পয়োভৰ | পিছে ৰঙালাও বুলি ক’লে কি হ’ব ! কেৱল ৰঙাই নহয় বগা, হালধীয়া আনকি তীব্ৰ ৰঙা ৰঙৰ ৰঙালাও (?) দোকানবোৰত ভৰি আছে | কিনোতাৰো যথেষ্ট ভিৰ | আজি দেখিলো এগৰাকী মহিলাই নিজৰ গাড়ীত ৫/৬ টা মান ৰঙালাও তুলি ল’লে | এওঁলোকে ৰঙালাওৰেই বিভিন্ন ব্যঞ্জন ৰান্ধে | একো সাজ কেতিয়াবা কেৱল ৰঙালাওৰে ৰন্ধা ব্যঞ্জনেৰেই চলাই দিয়ে | মোৰ ভাড়াঘৰৰ মালিকনীয়ে সিদিনা তেনেকৈ ৰঙালাওৰ পুডিং ৰন্ধা দেখিলো | গিৰীয়েক-ঘৈণীয়েকে সেইদিনা তাকে খাই নিশাটো পাৰ কৰিলে | লগত কিছু ফলমূল আৰু সুৰা |

বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি দেখিছো যদিও আমাৰ দৰে বনশাক বা ৰঙালাওৰ আগ হ’লে দেখা নাই | আমাৰ ৰঙালাওৰ আগৰ লগত দীঘ্ল-দীঘলকৈ কটা তিতা-কেৰেলা, খৰুৱা বেঙেনা, আলু-পিঁয়াজ আদি মিহলাই ৰন্ধা ভাজিখনৰ সোৱাদ মনত পৰিলেই লোভ লাগি যায় | সৰুতে মোৰ আন এটা প্ৰিয় বস্তু আছিল মিঠাতেলত ভজা ৰঙালাওৰ ফুল | লগত মুৰ্গীৰ কণী এটা ভাঙি দিলেতো আৰু কথাই নাই ! এনেবোৰ সোৱাদ লোৱাৰ ভাগ্য এওঁলোকৰ ক’ত ! 

ভাৰতীয় খাদ্যৰ জুতিয়ে মোৰ ভাড়াঘৰৰ মালিক দম্পতীটোক ভালকৈয়ে মুহিছে | মোৰ সৈতে দুদিন গৈ `Little India'-ৰ ভাৰতীয় ৰেষ্টুৰাঁত খোৱাৰ পৰা তেওঁলোক দুয়ো ভাৰতীয় ব্যঞ্জনৰ প্ৰেমত পৰিল | কালি মোক পুণৰ কৈছে - ম‍ই ইয়াৰ পৰা ঘূৰি যোৱাৰ আগতে তেওঁলোকে অন্ততঃ আকৌ এবাৰ তালৈ যাব খোজে | কথাটো জানি মোৰো ভাল লাগিছে |

জোখ-মাখৰ পদ্ধতি


সমগ্ৰ বিশ্ব‍ই মানি লোৱা জোখ-মাখৰ বিজ্ঞান-সন্মত পদ্ধতিটো হ’ল মেট্ৰিক পদ্ধতি |  আমাৰ স্কুলীয়া পাঠ্যপুথিত এই বিষয়টো যথোপযুক্তভাৱে অন্তৰ্ভুক্ত কৰা হৈছে, যাতে শিশুসকলে সৰুকালৰ পৰাই এই পদ্ধতিৰ সৈতে পৰিচিত হ্য় | ব্যৱসায়ৰ সকলো ক্ষেত্ৰতে এই পদ্ধতিৰে সকলো জোখ-মাখ কৰাটো আমাৰ দেশত আইনমতে বাধ্যতামূলক | 

কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল - বিশ্বৰ ভিতৰতে বৈজ্ঞানিক উন্নতিৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া দেশ আমেৰিকাত এতিয়াও পুৰণি বৃটিছ পদ্ধতিৰেই জোখ-মাখ কৰা হ্য় | দোকান-বজাৰত বস্তু বিক্ৰী কৰা হয়, পাউণ্ডৰ জোখেৰে, কিলোগ্ৰামৰ জোখত নহয় | ঠিক তেনেদৰে দূৰত্ব জোখা হয় মাইলৰ হিচাপত, কিলোমিটাৰৰ হিচাপত নহয়; উষ্ণতাও প্ৰকাশ কৰা হয় ফাৰেণহাইটত, চেলচেয়াচত নহয় | ইও এক বুজিব নোৱাৰা সাঁ‍থৰ !

আমেৰিকান জীৱনধাৰা - ৪

সম্বোধন

আমেৰিকান সকল তেওঁলোকৰ কথা বতৰা আৰু আচৰণৰ ক্ষেত্ৰত যদিও বেছ সংয্মী আৰু অতিশয় শিষ্টাচাৰী, এটা কথাত আচৰিত লাগে যে নিজৰ মাক-দেউতাক বা পৰিয়ালৰ জ্যেষ্ঠ দুই-এজনৰ বাহিৰে সকলোকে তেওঁলোকে নাম ধৰি মাতে | আমাৰ দেশৰ দৰে সকলোৰে বাবে বেলেগ-বেলেগ সম্বোধনতো ব্যৱ্হাৰ নকৰেই, আনকি অফিচ-কাছাৰীতো নিজৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ বেলিকাও চাৰ সম্বোধন নকৰে, নাম ধৰিয়েই মাতে | পোনপ্ৰথমে এই ক্ষেত্ৰত মোৰ অলপ অসুবিধাই হৈছিল, কাৰণ আগেয়ে ই-মেইলৰ যোগেদি ডঃ মাইকেল মেকক্লিলেণ্ডৰ সৈতে যোগাযোগ কৰোঁতে তেওঁক চাৰ সম্বোধন কৰিছিলো; কিন্তু ইয়াত আহি পোৱাৰ পাছ্ত প্ৰথমবাৰ লগ পাওঁতেই তেওঁ মোক নাম ধৰি মাতিবলৈ ক’লে | অভ্যাস কৰোঁতে কেইদিনমান লাগিল | কিন্তু যেতিয়া দেখিলো আমাৰ প্ৰতিষ্ঠানৰ আটাইতকৈ কনিষ্ঠ তাৰ্কীৰ নেফিছে নামৰ ছোৱালী জনীৰ পৰা আৰম্ভ কৰি টেক্‌নিচিয়ান, ৰিচেপ্‌চনিষ্ট আদি সকলোৱে তেওঁক নাম ধৰিয়েই মাতে, লাহে-লাহে সকলো সহজ হৈ গ’ল |

সাজ-পোছাক

ব্ৰিটিছ্সকলৰ সৈতে আমেৰিকান সকলৰ এটা অন্যতম পাৰ্থক্য হ’ল তেওঁলোকৰ সাজ-পাৰ | আমেৰিকান সকল এই ক্ষেত্ৰত অতি অনানুষ্ঠানিক বা কেজুৱেল (casual) | আজিলৈকে যোৱা চাৰিটা মাহ্ত ম‍ই আমাৰ প্ৰতিষ্ঠানৰ কাকোৱেই চুট-টাই পৰিধান কৰা দেখা নাই, যদিওবা কেইবাটাও আনুষ্ঠানিক কাৰ্য্যসূচী ইতিমধ্যে পাৰ হৈ গৈছে | প্ৰায়ভাগ মানুহেই সাধাৰণ সাজ-পোছাক পিন্ধে | তেওঁলোকে কেৱল নিজৰ পছন্দ আৰু আৰামকহে প্ৰাধান্য দিয়ে | কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ প্ৰায়বিলাক ল’ৰা-ছোৱালীয়েই দেখিছো চুটি পেন্ট বা স্কাৰ্ট পৰিধান কৰি ক্লাছলৈ যায় | কাপোৰ-কানিৰ ক্ষেত্ৰত বহুতকে আনকি জধলা বুলি ক’লেও অত্যুক্তি কৰা নহয় | সৰহভাগ পুৰুষ-মহিলাই জিন্‌চৰ পেন্ট পিন্ধে; লগত পিন্ধে সাধাৰণ এটা টি-চাৰ্ট (T-shirt) | আমাৰ প্ৰতিষ্ঠানৰে দুজনমান বিজ্ঞানীয়ে অফিচলৈকো জিন্‌চৰ হাফ-পেন্ট এটা পিন্ধিয়েই আহে | বতৰ ঠাণ্ডা হ’লে সকলোৱে সাধাৰণতে টুপীৰে সৈতে থকা একোটা হলৌ-মলৌ জেকেট পৰিধান কৰে | উচ্চ পদবীত কৰ্মৰত পুৰুষ একোজনে এনে পোছাকো পিন্ধা দেখিছো, যিটো আমাৰ তাত পিন্ধিলে হয়তো সকলোৱে হাঁহিলেহেঁতেন | কিন্তু ইয়াত কোনেও কাৰো ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ নকৰে | হঁহাৰতো প্ৰশ্ন‍ই নুঠে ! দিনটোৰ যিকোনো সময়তে, বিশেষকৈ পুৱা-গধূলি ৰাস্তাত খালি গাৰে চুটি হাফ-পেন্ট এটা পিন্ধি চাইকেল চলাই বা দৌৰি ফুৰা যিকোনো বয়সৰ পুৰুষ দেখা পোৱাটো একেবাৰে নিত্য-নৈমিত্তিক কথা |

কাপোৰ ইস্ত্ৰি কৰি পিন্ধাৰো অভ্যাস কাৰোৱেই নাই বুলিব পাৰি | পোন প্ৰথমে ম‍ই মোৰ কাপোৰ-কানিবোৰ শনি বা দেওবাৰে ধোৱাৰ পাছ্ত মোৰ ভাড়াঘৰৰ মালিকৰ পৰা তেওঁলোকৰ ইস্ত্ৰিটো লৈ ইস্ত্ৰি কৰিছিলো আৰু একেদিনাই সেইটো ঘূৰাই দিছিলো | কিন্তু তেওঁলোকে ইস্ত্ৰিটো  মোৰ লগতে ৰাখিবলৈ ক’লে, কিয়নো তেওঁলোকে বোলে কোনোদিনেই ইয়াক ব্যৱহাৰ নকৰে | ম‍ই লক্ষ্য কৰি দেখিলো যে ইয়াত প্ৰায়বিলাক মানুহেই ইস্ত্ৰি নকৰাকৈয়ে কাপোৰ পিন্ধে, লাগিলে সি জপৰা হৈয়ে থাকক ! গতিকে আজিকালি ময়ো সেই পথকে অনুসৰণ কৰোঁ | ইয়ালৈ আহোঁতে মোৰ লগত চুট-টাই এযোৰো লৈ আহিছিলো - ভাবিছিলো কেতিয়াবা কোনো আনুষ্ঠানিক কাৰ্য্যসূচীত অংশ লোৱাৰ সময়ত প্ৰয়োজন হ’ব পাৰে | কিন্তু আজিলৈকে এদিনো ব্যৱ্হাৰ কৰিব লগীয়া হোৱা নাই | বোধকৰোঁ আগলৈও নহ’ব !

আমেৰিকান জীৱনধাৰা - ৩

উপৰুৱাকৈ চালে যদিওবা আমেৰিকান সকলৰ জীৱন অতি মধুময় আৰু সুখ-স্বাচ্ছন্দ্যৰে ভৰা, তেওঁলোকৰো সমস্যা আছে | স্থানান্তৰত এই বিষয়ে কিছু উল্লেখ কৰিছোঁৱেই |

ইয়াত চাৰিচকীয়া যান-বাহনৰ বাহুল্যৰ কথাও আগেয়ে উল্লেখ কৰিছোঁ | একোটা মধ্যবিত্ত পৰিয়ালত ঘৰৰ প্ৰাপ্তবয়স্ক প্ৰায় প্ৰতিজন মানুহৰে নিজা নিজা বাহন আছে | কিন্তু তাৰ বিপৰীতে একোটা থকা ঘৰত সাধাৰণতে এটা বা সৰ্বাধিক দুটা গেৰেজ বা গাড়ী থোৱা ঘৰ থাকে | গতিকে, ৰাতি-বিয়লি গাড়ী ৰখোৱা বা পাৰ্কিং কৰাটো প্ৰায়ভাগ মানুহৰে এটা বিৰাট সমস্যা | ফলত আপুনি দেখা পাব গধূলি ৰাস্তাৰ কাষত শাৰী শাৰী গাড়ী | চেভ্ৰলেট, টয়টা আদি বিভিন্ন কোম্পানীৰ ভিন ভিন মডেলৰ শ-শ গাড়ী ৰ’দে-বৰষুণে ৰাস্তাত পৰি থকা দেখি দুখেই লাগে ! স্বাভাৱিকতে প্ৰশ্ন হয়, ইয়াত গাড়ী চুৰি নহয়নেকি? খবৰ লৈ জানিবলৈ পোৱা মতে গাড়ী চুৰিৰ ঘটনা সংখ্যাত কম যদিও একেবাৰে নোহোৱা নহয় | আমাৰ প্ৰতিষ্ঠানৰ য়লাণ্ডি চেঙৰ গাড়ী এখনো যোৱা বছৰ তেওঁলোক দুদিনৰ বাবে লছ এঞ্জেলিছলৈ ফুৰিবলৈ যাওঁতে চুৰি হৈছিল | অৱশ্যে পিছত পুলিচে উদ্ধাৰ কৰিলে |

যোৱা সপ্তাহত মোৰ ভাড়াঘৰৰ ওচৰতে ৰাতি এটা ঘটনা হ’ল | ৰাস্তাত থোৱা দুখন গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্ত‍ই কিবা-কিবি গাড়ীৰ ভিতৰত থকা বস্তু লৈ গ’ল | 



অফিচ-কাছাৰী অথবা বজাৰ-সমাৰত অৱশ্যে গাড়ী ৰখাৰ সুন্দৰ ব্যৱস্থা আছে | প্ৰতিখন গাড়ী ৰখোৱাৰ ঠাই অঙ্কিত কৰি থোৱা থাকে, যাতে কোনেও ওপৰা-ওপৰিকৈ পাৰ্কিং নকৰে | লগতে প্ৰতিটো পাৰ্কিং এলেকাত এটা বা ততোধিক স্থান শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে সংৰক্ষিত থাকে | আৱাসিক এলেকা বিলাকত আকৌ অতিথিৰ গাড়ী ৰখাৰ বাবে স্থান নিৰ্দ্দিষ্টকৈ নিৰ্দ্ধাৰিত কৰা থাকে | তদুপৰি, মাজে-মাজে কেতবোৰ স্থান সংৰক্ষিত কৰা থাকে জৰুৰীকালীন অৱস্থাত জুই নুমুৱা গাড়ী ৰখোৱাৰ বাবে | সেইবাবে তেনে স্থানত লিখা থাকে - 'Fire Lane, No Parking' | আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সকলোৱে এই নিয়মবোৰ মানি চলে | আমাৰ গুৱাহাটীৰ দৰে কোনেও নিয়ম ভঙ্গ নকৰে | আৰু এটা কথা - ইয়াত সাধাৰণতে 'No Parking'-ৰ সলনি লিখা হয় - 'Tow Away' বুলি |

গ্ৰাহক সুৰক্ষা

আমেৰিকাত গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বৰ সুন্দৰ ব্যৱস্থা আছে | মোৰ সৈতে বম্বে বাজাৰ নামৰ ভাৰতীয় দোকানখনলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈ মোৰ ভাড়াঘৰৰ মালিকনীৰ ভৰি ভগাৰ কথা আগতে উল্লেখ কৰিছোঁ | এই ঘটনাৰ পাছত তেওঁলোকে ইতিমধ্যে দোকান কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ লাভৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে | তেওঁলোকে মোক কোৱামতে এনেদৰে উপযুক্ত ক্ষতিপূৰণ  পোৱাটো প্ৰায় খাটাং |

গ্ৰাহকসকলৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ হ’ল সকলো সামগ্ৰীৰে নিৰ্দ্ধাৰিত মূল্য জনাৰ অধিকাৰ | ইয়াত সকলো সামগ্ৰীৰে মুল্য গ্ৰাহকৰ বাবে স্পষ্টকৈ লিপিৱদ্ধ কৰা থাকে | আনকি শাক-পাচলি বা অন্যান্য খুচুৰা বস্তুৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় | একোখন গেলামালৰ দোকান আমাৰ গুৱাহাটীৰ ছয়মাইলত থকা ‘নয়নতৰা চুপাৰ মাৰ্কেট’ৰ দহগুণ মান ডাঙৰ হ’ব | কিন্তু প্ৰতিবিধ সামগ্ৰীৰে দাম স্পষ্টকৈ লিখা থাকে  আৰু কোনো দোকানতে সাধাৰণতে দৰ-
দাম নচলে অৰ্থাত্‍ burgain নহয়, ধৰা-বন্ধা দাম |

গ্ৰাহকসকলৰ আৰু এটা সুবিধা হ’ল - যিকোনো সামগ্ৰী কিনাৰ পাছত একোটা নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ঘূৰাই দিব পৰা যায় | এই সময়সীমা সামগ্ৰীৰ প্ৰকাৰ অনুসৰি ১৫ দিনৰ পৰা ৯০ দিন পৰ্যন্ত হ’ব পাৰে | ম‍ই নিজেই এই সুবিধাটো গ্ৰহণ কৰিছোঁ | ইয়ালৈ অহাৰ পাছতে ম‍ই চলা-ফুৰা কৰাৰ কাৰণে এখন চাইকেল কিনিছিলো | (ইয়াত আকৌ চাইকেলকহে বাইক বোলে, মটৰ চাইকেলক নহয় !) কিন্তু চান-ডিয়েগোৰ ওখ-চাপৰ ৰাস্তাত চলোৱা বৰ কষ্টকৰ | আমাৰ দৰে অভ্যাস নথকা মানুহে চাইকেল চলোৱা অসম্ভৱ যেন দেখি এমাহমানৰ পাছত ঘূৰাই দিলো | মুঠ $১০৭ ডলাৰত চাইকেলখন, পাম্প এটা আৰু তলা এটা কিনিছিলো | ঘূৰাই দিওঁতে অৱশ্যে $৮০ ডলাৰহে পালো | যি নহওক, এমাহৰ পাছতযে ঘূৰাই দিব পাৰিলো সেয়ে বহুত !

এই ব্যৱস্থাটোৰ কোনোৱে হয়তো সুবিধাও লয় ! মেডিছনৰ উইছকনচিন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা আমাৰ সহকৰ্মী ড: কিশোৰ কুমাৰ বৰুৱাই জনোৱা মতে তেওঁলোকৰ তাত কোনোবা এজন ভাৰতীয় ছাত্ৰ‍ই হেনো এই ব্যৱস্থাৰ সুযোগ লৈ বেলেগ বেলেগ দোকানৰ পৰা বিভিন্ন সময়ত ভাল ভাল কাপোৰ কিনি কেইদিনমান পিন্ধি পুণৰ ঘূৰাই দিয়ে ! যোৱা বিশ্বকাপ ফুটবলৰ সময়ত বোলে মেডিছনৰ এখন ইলেক্টনিক সামগ্ৰীৰ দোকান এই ব্যৱস্থাৰ পৰিণতিতে দেউলীয়া হ’ল | বিশ্বকাপৰ আগে আগে কিনি নিয়া ডাঙৰ ডাঙৰ দামী টেলিভিচন চেট বিলাক খেল শেষ হোৱাৰ পাছতে বহুতো গ্ৰাহকে ঘূৰাই দিয়াত দোকানীৰ নগুৰ-নাগতি হ’ল |


ব্যৱহৃত বস্তুৰ বজাৰ


আমেৰিকাত নতুন সামগ্রীৰ দাম ভাৰতৰ তুলনাত যদিও বহুত বেছি, আগেয়ে ব্যৱহৃত অৰ্থাৎ second hand বস্তুৰ মূল্য যথেষ্ট কম । মজলীয়া মানৰ একোখন নতুন গাড়ীৰ দাম ৩০,০০০-৩৫,০০০ ডলাৰ। ইয়াৰ বিপৰীতে second hand গাড়ী এখন ৩,০০০ ডলাৰ মানতে পোৱা যায়। Second hand  বস্তু বেচা কেতবোৰ বিশেষ দোকানেই আছে। চামৰা বা কাপোৰৰ মোনা আদি পোৱা তেনে দোকানত বেচ ডাঙৰ একোটা চুটকেচ্ ২/৩ ডলাৰতে কিনিবলৈ পোৱা যায়। মধ্যবিত্ত আমেৰিকান সকলৰ মাজত এনেবোৰ বস্তুৰ বেচ প্রচলন আছে।

দুদিন মানৰ আগেয়ে মোৰ ভাড়াঘৰৰ মালিকে নিজৰ পুৰণি কাঠৰ আলমিৰা এটা ২৫ ডলাৰত আন এজন লোকক বিক্রী কৰি পুণৰ অন্য এজনৰ পৰা ৪৫ ডলাৰত আগৰটোতকৈ ভাল আলমিৰা এটা কিনিলে।এইটো যথেষ্ট ডাঙৰ। তেওঁলোকে কোৱা মতে বজাৰত এনে একোটা নতুন আলমিৰাৰ মূল্য প্রায় ১২০০ ডলাৰ।গতিকে মধ্যবিত্ত সকলে এনেকৈয়ে Second hand বস্তু ব্যৱহাৰ কৰি চলি থাকে।

মানসিক অস্থিৰতা

আমেৰিকাৰ জীৱন ধাৰাৰ যান্ত্ৰিকতাৰ বলী হোৱাৰ বাবেই নে অন্য স্বাভাৱিক কাৰণত নাজানো ! এটা কথাত ম‍ই আচৰিত হৈছোঁ যে ইয়াত মানসিক অস্থিৰতাত ভোগা লোকৰ সংখ্যা বৰ কম নহয় | যোৱা তিনিমাহৰ ভিতৰতে কেৱল চিটিবাছৰ যাত্ৰীসকলৰ মাজতে ম‍ই এতিয়ালৈকে চাৰিজন এনে লোক লগ পাইছো | কেওজনেই পঞ্চাশোৰ্দ্ধৰ বগা আমেৰিকান পুৰুষ | তাৰে তিনিজনে নিজে নিজৰ সৈতে কথা পাতি-পাতি যায় অৰ্থাত্‍ স্বগতোক্তি কৰে আৰু আনজনে অতি অস্থিৰ ভাৱে চলা-ফুৰা কৰি থাকে | আজি পুৱাও তেওঁক লগ পাইছিলো | ম‍ই যিটো ষ্টেণ্ডত বাছত উঠো, সাধাৰণতে তেৱোঁ তাতে উঠে | বাছখন নহালৈকে তেওঁ চাটি-ফুটি কৰি থাকে - একোবাৰ ঘপহকৈ মাটিতে বহিও দিয়ে আৰু মাজে-মাজে অকলে অকলে হাঁহি থাকে | বেছেৰাক দেখি দুখেই লাগে ! ইমান কম দিনৰ ভিতৰত অত কেইজন তেনে লোক লগ পোৱাটো কাকতালীয় সংযোগ নে ইয়াত এনে ৰোগীৰ সংখ্যা প্ৰকৃততে বেছি সেইটো অৱশ্যে নাজানো !

চান ডিয়েগো চিৰিয়াখানা

যোৱা ২৬ আগষ্টত আমাৰ প্ৰতিষ্ঠান Vaccine Research Institute of San Diego-ৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে চান ডিয়েগো চিৰিয়াখানাত এক স্মৰণীয় অনুষ্ঠানৰ আয়োজন কৰিছিল | এই অনুষ্ঠানটিৰ বাবে প্ৰস্তুতি প্ৰায় এমাহমানৰ আগৰ পৰাই চলি আছিল | আবেলি প্ৰায় ৪ বজাত আমি গৱেষণগাৰৰ পৰা ওলাই পোনে-পোনে চিৰিয়াখানালৈ ৰাওনা হ’লো | মোৰ লগত চিজাৰো যোৱাৰ বাবে আগৰে পৰা বন্দোৱস্ত আছিল | সেইমতে চিজাৰে তেওঁৰ গৱেষণাগাৰৰ পৰা মোৰ তালৈ বাছেৰে আহি আগতীয়াকৈ উপস্থিত হৈছিলহি | আমাৰ দুয়োকে য়লাণ্ডি চেং নামৰ চীনা মহিলা গৰাকীয়ে তেওঁৰ গাড়ীৰে লৈ গৈছিল | লগতে আমাৰ লগৰ চীনদেশীয় বিজ্ঞানী মাৰ্ক আৰু শ্ৰীমতী চেঙৰ বৰ জীয়ৰী পলিন (Pauline) |

প্ৰায় ৫ বজাত আমি গৈ গন্তব্যস্থল পালোগৈ | দহমিনি মানৰ ভিতৰতে সকলো আহি তাত গোট খালেহি | সেই সময়ত তাত অৰ্থাত্‍ ঠিক চিৰিয়াখানাৰ পদূলিতে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ ফালৰ পৰা আয়োজিত এক অভিনৱ অনুষ্ঠান চলি আছিল | এগৰাকী শিল্পীয়ে সঙ্গীতৰ তালে তালে নাচি নাচি মঞ্চত এখন চিত্ৰ আঁকি আছিল | দেখাত এনে লাগিছিল যেন তেওঁ কিবা এখন সাংকেতিক ছবিহে আঁকিছে | অংকণ শেষ হ’লত যেতিয়া তেওঁ ছবিখন ওলোটাই দিলে তেতিয়াহে স্পষ্ট হ’ল যে তেওঁ প্ৰকৃততে এটা হাতীৰ মূৰহে আঁকিছিল | এইদৰে অঁকা আৰু ভালেমান চিত্ৰ সন্মুখত সজাই থোৱা আছিল | সকলোবোৰেই বিভিন্ন লুপ্তপ্ৰায় বন্য জন্তুৰ চিত্ৰ | আঁকি উঠাৰ পিচতে তেওঁ এটি চুটি বক্তব্যৰে সকলোকে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে দুৱাষাৰ কৈ তেওঁলোকৰ সংগঠনৰ কাম-কাজ সম্পৰ্কে জানিবলৈ দিলে আৰু সকলোৰে পৰা সহযোগিতা কামনা কৰিলে |বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ই সঁচাকৈয়ে এক ব্যতিক্ৰমী প্ৰচেষ্টা ! 
চান ডিয়েগো চিৰিয়াখানা বিশ্বৰ এক অন্যতম বৃহত্‍ চিৰিয়াখানা | ই ডাউন-টাউন চান ডিয়েগোৰ ১০০ একৰ মাটিত বিস্তৃত আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা ৮০০ তকৈও অধিক প্ৰজাতিৰ প্ৰায় ৪০০০ জীৱ-জন্তু আছে |জীৱ-জন্তু বিলাক চাবৰ কাৰণে খোজ কাঢ়ি ফুৰাৰ ব্যৱস্থাৰ উপৰিও দুখলপীয়া বাছৰ সুবিধা আছে | আমাৰ দলটোৰ বাবে ইতিমধ্যে এখন বাছৰ ব্যৱস্থা কৰা আছিল | আমি সকলোৱে ওপৰৰ খোলা আসন সমূহতে বহিলো | প্ৰায় ৪৫ মিনিটত গোটেই চিৰিয়াখানা খন এপাক ঘূৰালে | লগত মাইক্ৰফোন লৈ এগৰাকী পৰিচাৰিকাই সুন্দৰকৈ সকলো বুজাই গ’ল | লগত যোৱা ল’ৰা-ছোৱালী বোৰক নানান প্ৰশ্ন কৰি পৰিচাৰিকা গৰাকীয়ে বেছ মনোগ্ৰাহীকৈ কথাবোৰ কৈ গৈছিল আৰু সকলোকে মুগ্ধ কৰিছিল |
অৱশ্যে বাছেৰে যাওঁতে ডাঙৰ জন্তু বিলাক দেখা পাই যদিও সৰু সৰু প্ৰাণীবোৰ চাবলৈ হ’লে খোজ কাঢ়ি যোৱাহে ভাল | বাছৰ পৰা ভালকৈ দেখা পোৱা নাযায় | প্ৰকৃততে তেওঁলোকে বাছেৰে প্ৰথমতে চিৰিয়াখানা খনৰ সৈতে পৰিচয়হে কৰি দিয়ে | তাৰ পাচত নিজে খোজ কাঢ়ি বিভিন্ন জন্তু চাব পাৰি | আমাৰ সময় কম থকাৰ কাৰণে আমি অৱশ্যে বাছ-যাত্ৰাৰেই সামৰণি মাৰিলো | অসমৰ গঁড় আৰু এচীয় হাতীৰ উপৰিও নানা তৰহৰ চৰাই, জিৰাফ, জেব্ৰা, হৰিণ আদি প্ৰাকৃতিক পৰিৱেশত চাই ভাল লাগিল | মোৰ বাৰে-বাৰে গুৱাহাটীৰ চিৰিয়াখানালৈ মনত পৰিল | আচলতে আমাৰ গুৱাহাটীৰ চিৰিয়াখানাখনো কম ধুনীয়া নহয় ! কিন্তু এওঁলোকৰ সামৰ্থ্য আছে বাবে ইমান আক-ধুনীয়াকৈ গোটেইখন সজাই-পৰাই ৰাখিছে যে ই অতি আকৰ্ষণীয় হৈ উঠিছে | জীৱ-জন্তুৰ গঁড়াল বিলাক ইমান ধুনীয়াকৈ বনাইছে যে দেখাত একেবাৰে প্ৰাকৃতিক পৰিৱেশতে জীৱ-জন্তুবোৰক ৰখা যেন লাগে |

চিৰিয়াখানাৰ ভিতৰতে এখন বেছ ডাঙৰ ৰেষ্টুৰাঁ আছে | তাতেই আমাৰ নিশাৰ আহাৰৰ আয়োজন কৰা হৈছিল | প্ৰথমতে ফলাহাৰৰ ব্যৱস্থা - কমলা, আঙুৰ, অমিতা, চিৰাল, টিয়ঁহ, আপেল,মাটি-কঁঠাল আদিৰ লগতে গাজৰ, কণ-বিলাহী আৰু নহৰু-পিঁয়াজৰ কেঁচা পাতৰ ঠাৰি | লগত আছিল চিজ আৰু ক্ৰিম | একে সময়তে অন্য এটা কাউন্টাৰত পৰিৱেশন কৰিছিল পানীয় | আমাক সকলোকে একোগিলাছকৈ লঘূ পানীয় বিনামূল্যে যোগান ধৰিছিল | ওপৰঞ্চি কোনোবাই সুৰা বা বিয়েৰ খাবলৈ বিচাৰিলে কিন্তু তাৰ বাবে নিজে দাম ভৰিব লাগিব | এটা কথা দেখি ভাল লাগিল যে মাত্ৰ তিনি-চাৰিজন মান লোকেহে সুৰাজাতীয় পানীয় গ্ৰহণ কৰিলে |

ফলাহাৰ আৰু পানীয়ৰ পাচত সকলোৱে বেলেগ বেলেগ টেবুলত বহিল | এইবাৰ পৰিৱেশন হ’ল - চালাড | আমেৰিকান সকলে প্ৰতিসাজত (ম‍ই আগতেও দেখিছো) যথেষ্ট পৰিমাণৰ সেউজীয়া পাচলি চালাড হিচাবে খায় | কিন্তু তেওঁলোকে আমাৰ দৰে কাটি-কুটি বা খুন্দি মিহলি কৰি চালাড পৰিৱেশন নকৰে | পালেং বা অন্য শাকৰ পাত, বন্ধা কবিৰ কোমল পাত আদি গোটে গোটে একোটা সৰু পাছি বা গোটোং পাত্ৰত পৰিৱেশন কৰে | লগত নিজৰ ইচ্ছামতে ল’ব পৰাকৈ নিমখ, ক্ৰিম আৰু জেলী |


Seared Salmon & Roasted Red Potatoes
এইখিনি খাই উঠে মানে আধা-আধি ভোক গুচেই ! এইবাৰ আহিল চিকেন আৰু ভেজিটেবোল চুপ | এইদৰে প্ৰায় ডেৰ ঘন্টা মান সময় পাৰেই হ’ল | তাৰ পিচতহে আহিল আচল আহাৰ | আগেয়ে আমাক নিশাৰ আহাৰৰ তিনিটা বিকল্পৰ পৰা এটাকৈ বাচি লবলৈ দিছিল | সেইমতে মোৰ বাবে চালমন মাছৰ এবিধ ব্যঞ্জন আৰু চিজাৰৰ বাবে গৰুৰ মাংসৰ এবিধ ব্যঞ্জনৰ ব্যৱস্থা আছিল | খোৱা-বোৱাৰ মাজতে দুই-একে চমু বক্তব্যও আগবঢ়ালে | প্ৰতিষ্ঠানটোৰ কেইগৰাকীমান নিষ্ঠাবান টেক্‌নিচিয়ানক উপহাৰো প্ৰদান কৰিলে | এইদৰে সন্ধিয়াটো বেছ সুন্দৰকৈ পাৰ কৰিলো |

ৰাতি প্ৰায় ৯:৩০ বজাত য়লাণ্ডি চেঙে চিজাৰ আৰু মোক আমাৰ ভাড়াঘৰত নমাই থৈ গ’ল |

ইটো-সিটো বহুতো


T.G.I. Friday

আজি শুকুৰ বাৰ; আৰু এটা কৰ্মব্যস্ত সপ্তাহৰ অন্ত ! এইবাৰ তিনিদিনীয়া সপ্তাহান্তিক বন্ধ, কিয়নো অহা সোমবাৰে শ্ৰমিক দিৱসৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন | অৱশ্যে এনেয়েও শুকুৰবাৰে মনটো সকলোৰে ভাল লাগি থাকে - দুটা দিন কৰ্ম ব্যস্ততাৰ পৰা আহৰি লৈ সকলোৱে বিনোদনৰ বাবে বিভিন্ন ঠাইলৈ যায় |

মোৰ ভাড়াঘৰৰ ওচৰতে T.G.I. Friday নামৰ এখন ডাঙৰ ৰেষ্টুৰাঁ আছে | নামটো অলপ ব্যতিক্ৰমী যেন দেখি এদিন চিজাৰক সুধিছিলো, T.G.I. Friday মানে কি? তেওঁ ক’লে যে এই ৰেষ্টুৰাঁখন মেকড'নাল্ডৰ দৰে আমেৰিকাৰ বিভিন্ন ঠাইত আছে | T.G.I. Friday ৰ অৰ্থ হ’ল Thanks God  It's Friday !

Safety First

ডুলিয়াজানৰ অ‍ইল ইণ্ডিয়াত কাম কৰা মোৰ দাদাৰ ঘৰলৈ যাওঁতে দেখা পাওঁ অ‍ইলৰ প্ৰায়বিলাক গাড়ীতে লিখা থাকে - Safety First, অৰ্থাত্‍ প্ৰথমে সুৰক্ষা | অ‍ইলৰ কাম-কাজত অৱশ্যে সুৰক্ষাই প্ৰকৃততে অগ্ৰাধিকাৰ পাইনে নাপাই ম‍ই নাজানো | এই বিষয়ে মোৰ কোনো মতামত নাই !

কিন্তু চান ডিয়েগোৰ চৰকাৰী চিটিবাছ সমূহত এইদৰে লিখা নাথাকিলেও সুৰক্ষাক বিশেষ গুৰুত্ব দিয়া সিদিনা নিজে প্ৰত্যক্ষ কৰিলো | ৰাতিপুৱা বাছত আহি থাকোঁতে মাজতে চালকজনে তেওঁৰ মাইক্ৰ’ফোনত ঘোষণা কৰিলে যে পাছফালে বহা কোনোবা এজনে হাত এখন খিৰিকিৰে বাহিৰলৈ উলিয়াই থৈছে; গতিকে অনতিপলমে সুৰক্ষাৰ স্বাৰ্থত হাতখন ভিতৰলৈ আনিব লাগে ! প্ৰকৃততে বাছৰ আগৰ আৰু পাচৰ দুয়োখন দুৱাৰৰ ওচৰত কোণীয়াকৈ এনেধৰণে দুখন আইনা লগোৱা থাকে যে তাৰ সহায়ত চালকজনে তেওঁৰ সন্মুখত থকা আন এখন আইনাত গোটেই বাছখনৰ যাত্ৰীসকলৰ গতিবিধি লক্ষ্য কৰি থাকিব পাৰে | এইদৰে কেইবাবাৰো ঘোষণা কৰাৰ পাচতো যেতিয়া উক্ত যাত্ৰীজন নিৰ্বিকাৰ হৈ থাকিল (আচলতে তেওঁ এজন জাপানী ছাত্ৰ আছিল আৰু চালকৰ ঘোষণাটো বোধকৰো ভালকৈ বুজি পোৱা নাছিল !), অৱশেষত চালকে বাছখন ৰখাই নামি গ’ল আৰু বাহিৰেদি গৈ যাত্ৰীজনৰ হাতখন ভিতৰলৈ ভৰাই দিলে আৰু তেওঁক সাৱধান হ’বলৈ সতৰ্ক কৰি দিলে | যাত্ৰীৰ সুৰক্ষাক ইয়াত কিমান গুৰুত্ব দিয়া হয় তেতিয়াহে উপলব্ধি কৰিলো |

Civic Sense

চান ডিয়েগো চহৰৰ প্ৰায়বিলাক বাসিন্দাৰে ঘৰত দেখিছোঁ এটা বা ততোধিক পোহনীয়া কুকুৰ আছে | অৱশ্যে আমাৰ গুৱাহাটী মহানগৰীৰ দৰে কিন্তু ৰাস্তাৰ মুকলি কুকুৰ নাই | পুৱা-গধূলি ৰাস্তাত প্ৰায়ে দেখা যায় কুকুৰৰ মালিকসকলে নিজৰ নিজৰ কুকুৰবোৰক শিকলি লগাই বাহিৰত ফুৰাবলৈ নিয়ে | তেওঁলোকৰ হাতত সাধাৰণতে দেখা পোৱা যায় হাত-মোজাৰ দৰে পিন্ধি থকা একোটা প’লিথিনৰ মোনা | কাৰণটো হ’ল - সাধাৰণতে এইদৰে বাহিৰ ফুৰাওঁতে কুকুৰবোৰে ৰাস্তাৰ কাষতে বিষ্ঠা ত্যাগ কৰে | গতিকে লগে লগে মালিকসকলে হাতত থকা প’লিথিনৰ মোনাটো সত্‍ ব্যৱহাৰ কৰি বিষ্ঠাখিনি চাফ কৰি লৈ গৈ ৰাস্তাৰ দাঁতিত থকা ঢাকনি-যুক্ত জাবৰৰ পাত্ৰত পেলাই দিয়ে | এইটো দৃশ্য গুৱাহাটীত কাহানিবা আশা কৰিব পাৰোঁনে বাৰু !

চিটিবাছৰ অন্য এক অভিজ্ঞতা

আজি কেইদিনমানৰ আগতে পুৱা গৱেষণাগাৰলৈ গৈ থাকোতে মাজতে এঠাইত আমাৰ বাছখনত এহাল পৌঢ় দম্পতি উঠিল | বয়স বোধকৰো দুয়োজনৰে ৭৫ বছৰমান হ’ব | পুৰুষজন দেখাত আমেৰিকান যেন লাগিলেও মহিলাগৰাকী বোধকৰো মেক্সিকান আছিল, কাৰণ তেওঁৰ গাৰ বৰণ আমাৰ দৰে | দুয়ো একেলগে কথা পাতি পাতি বাছত উঠিল | তেওঁলোকৰ মাজত সম্পৰ্ক কি জনাৰ উপায় নাছিল | কিন্তু দুয়োৰে বোধকৰো আৰ্থিক অৱস্থা বৰ টনকিয়াল নাছিল | তেওঁলোকৰ কাপোৰ-কানি আৰু শাৰীৰিক অৱস্থাৰ পৰা তেনে যেন অনুমান হৈছিল | দুয়ো একেলগে সমুখৰ পথালিকৈ থকা আসন এখনতে বহিল | কিছু সময়ৰ পাচত বুঢ়াৰ পিঠিখন খজুওৱাত বুঢ়ীক ক’লে খজুৱাই দিবলৈ | বুঢ়ীয়ে নিজৰ পিন্ধি থকা জৰা-জীৰ্ণ জেকেটটোৰ জেপৰ পৰা খেপিয়াই খেপিয়াই এটা সৰু শিল উলিয়ালে আৰু ম‍ই বাছৰ পৰা নামি নোযোৱালৈকে দেখিলো শিলটোৰে বুঢ়াৰ পিঠিখন খজুৱাই থাকিল | আৰামত ইতিমধ্যে বুঢ়াই চকু দুটা মুদি 
দিছিল | দুয়োৰে কি সুন্দৰ বুজা-বুজি !