VRISDৰ গৱেষণা সম্পৰ্কে

৮ জুন ২০১০

আজি দুপৰীয়া ১২ বজাত আমাৰ গৱেষণাগাৰৰ সকলো বিজ্ঞানীৰ উপস্থিতিত মোৰ গৱেষণাৰ বিষয়ে এক বক্তব্য ৰাখিলোঁ | আৰম্ভণিতে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক দিশ সম্পৰ্কে তেওঁলোকক কিছু আভাস দিয়াৰ প্ৰয়াস কৰিলোঁ | প্ৰায় ৪৫ মিনিট জোৰা মোৰ বক্তব্যৰ পিচত বৰ্তমান এই গৱেষণাগাৰত কৰিবলগীয়া কামৰ বিষয়ে কিছু আলোচনা হ’ল | এই গৱেষণাগাৰত সম্প্ৰতি চলি থকা বিভিন্ন গৱেষণা সম্পৰ্কে ডঃ মাইকেলে বক্তব্য ডাঙি ধৰিলে | ইয়াত পাৰমাণৱিক স্তৰত যিবিলাক উচ্চ স্তৰৰ গৱেষণা চলি আছে, ভাৰতৰ বোধকৰো আঙুলিমূৰত লিখিব পৰা দুই-এক গৱেষণাগাৰতহে তেনে কাম চলিছে | এনেবিলাক কামৰ সৈতে নিজকে জড়িত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব লাগিব, যাতে ইয়াৰ সুফল আমাৰ শিক্ষানুষ্ঠানলৈ কঢ়িয়াই লৈ যাব পাৰো !

আমেৰিকাত গৱেষণাৰ ক্ষেত্ৰখনলৈ চৰকাৰী-বেচৰকাৰী ভাৱে আগবঢ়োৱা আৰ্থিক অনুদানৰ ধৰণ আমাৰ দেশৰ দৰে নহয় | ইয়াত একোজন বিজ্ঞানী অথবা বিজ্ঞানীৰ একোটা দল বা সংস্থালৈ গৱেষণাৰ আঁচনি ৰূপায়িত কৰাৰ কাৰণে পোনপটীয়াকৈ অথবা আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তে অনুদান আগবঢ়ায় | আমাৰ গৱেষণাগাৰটো মূলতঃ ডঃ মাইকেল আৰু কেইজনমান সহযোগী বিজ্ঞানীৰ ৭ টা বিভিন্ন গৱেষণা প্ৰকল্পৰ কাৰণে পোৱা আৰ্থিক অনুদানৰ ভিত্তিত প্ৰতিষ্ঠিত এক স্বতন্ত্ৰ প্ৰতিষ্ঠান | আজি প্ৰায় দহ বছৰৰ আগেয়ে ই প্ৰতিষ্ঠিত হৈছিল | ইয়াৰ আগেয়ে ডঃ মাইকেলে কেন্সাৰ গৱেষণাৰ অন্য এক প্ৰতিষ্ঠানত আছিল। কিন্তু সেই প্ৰতিষ্ঠানটো হঠাতে বন্ধ হৈ যোৱাত তেওঁলোকে এই গৱেষণাগাৰটো নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰিলে |


বৰ্তমানে এই গৱেষণাগাৰত বিজ্ঞানীৰ দুটা দলে দুটা প্ৰধান বিষয়ত গৱেষণা কৰি আছে | এটা দলে কেন্সাৰ চিনাক্তকৰণ আৰু চিকিত্‍সা (Cancer detection and therapy), আৰু অন্যটো দলে চাল্‌ম’নেল্লা জাতীয় অনুজীৱৰ পাৰমাণৱিক বংশগতি (Molecular Genetics) সম্পৰ্কে গৱেষণা কৰি আছে | ইয়াত স্থায়ীভাৱে কৰ্মৰত ৯ জন মান বিজ্ঞানীৰ বাহিৰেও পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা কেইবাজনো বিজ্ঞানীয়ে গৱেষণা কৰি আছে | স্থায়ীভাৱে কৰ্মৰত সকলৰ ভিতৰতো জাৰ্মান, চীনদেশ আৰু আৰ্জেণ্টিনাৰ বিজ্ঞানী আছে | ঠিক সেইদৰে, ডঃ মাইকেলৰ তত্বাৱধানত আমাৰ দলত গৱেষণা কৰি থকা লোকসকলৰ মাজত এজন চীন দেশৰ, এজন আৰ্জেণ্টিনাৰ আৰু এগৰাকী তাৰ্কিৰ পৰা অহা বিজ্ঞানী আছে | তদুপৰি বৰ্তমানে চান ডিয়েগোৰ বাসিন্দা, পূৰ্বতে দিল্লীবাসী বিনীতা নামৰ এগৰাকী দিল্লী আই, আই, টিৰ পৰা জৈৱ প্ৰযুক্তি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলাই বৰ্তমানে ইয়াত ইণ্টাৰ্ণশ্বিপ্‌ (Internship) কৰি আছে |

চান ডিয়েগোৰ সৌন্দৰ্য - ১


৬ জুন ২০১০
আজি দেওবাৰ | পুৱা ১০ মান বজাত প্ৰথমবাৰৰ বাবে স্কাইপ (Skype)ৰ জৰিয়তে পৰিবাৰৰ লগত কথা পাতিলো | বাবলি-বাৰ্বিৰ লগতে আমাৰ ওচৰ-চুবুৰীয়া চুমু, বিকি আৰু শ্ৰীযুতা ৰুণু বৰাৰ সৈতে কথা পাতি বৰ ভাল লাগিল |

আবেলি চাৰণৰ সৈতে ফুৰিবলৈ ওলাই গ’লো | নিউয়ৰ্কৰ পৰা ডেনিয়েল আহি পাই বাহিৰে বাহিৰে আমাক ডাউন্‌টাউন চান ডিয়েগো (Downtown San Diego)ত লগ ধৰিলে | সন্ধিয়াটো বেচ উপভোগ কৰিলো |

ডাউন্‌টাউন চান ডিয়েগোত, সাগৰৰ পাৰ (San Diego Bay) আৰু ক’ৰ’নাডো দ্বীপ (Coronado Island) লৈ গ’লো | ক’ৰ’নাডো দলঙ (Coronado Bridge)ৰ ওপৰেদি সন্ধিয়া কৰা যাত্ৰাৰ কি মনোৰম অভিজ্ঞতা ! San Diego Bayৰ চালে-চকুৰোৱা দৃশ্য অতি মনোমোহা | আমেৰিকান নৌ-সেনাৰ জাহাজ আৰু স্মাৰকসমূহ, আৰু History Capsule পৰিদৰ্শন কৰি আপ্লুত হ’লো | Coronado Islandত থকা Del Coronado Hotelৰ কি মনোৰম সৌন্দৰ্য - বিশ্বৰ ভিতৰত থাকি ভাল লগা ১০ নং ঠাই হেনো এইখন হোটেল | ঘূৰি ঘৰ পাওঁতে প্ৰায় ৯ বাজিছিল |

আগেয়ে আজি দুপৰীয়া চাৰণৰ বন্ধু গৌৰৱ আৰু কিকু আহিছিল | বাঙালী যুৱক গৌৰৱে জাপানী ছোৱালী কিকুক বিয়া কৰাইছে - প্ৰায় ৭ বছৰ হ’ল আমেৰিকাত থকা | আগতে মিচিগানত আছিল - এতিয়া ইয়াত | এই বছৰৰ শেষৰ ফালে কলিকতালৈ ঘূৰি যোৱাৰ কথা | গৌৰৱৰ দেউতাকৰ অসুখ | মাক-দেউতাক অকলে থাকে তাত | ঘৰৰ ডাঙৰ ল’ৰা হিচাবে দায়িত্ব পালন কৰিব বিচাৰে | ভাল লাগিল দম্পতিটোক লগ পাই |



৭ জুন ২০১০


পুৱা ৭ বজাতে ঘৰৰ পৰা ওলাই ৭:৩০ বজাত গৱেষণাগাৰ গৈ পালোগৈ | দুৱাৰ বন্ধ থকাৰ বাবে অলপ সময় ইফালে সিফালে ঘূৰি কটাবলগীয়া হ’ল | ইয়াত সুৰক্ষাৰ কটকটীয়া ব্যৱস্থা | সকলো দুৱাৰতে ইলেক্ট্ৰনিক তলা (Electronic lock) ৰ ব্যৱস্থা আছে | মোৰ সুৰক্ষা কাৰ্ড (Security card) খন এতিয়ালৈকে পোৱা নাই | সেই কাৰণে বাহিৰতে ৰৈ কোনোবা অহালৈ বাট চালো |


ইয়াত প্ৰায়বিলাক কাৰ্য্যালয়, আনকি বাছ, হাট-বজাৰ আদিও কেন্দ্ৰীয়ভাৱে শীত-তাপ নিয়ন্ত্ৰিত (Centrally air-conditioned)| ম‍ই কেইবাটাও হাত-কটা চোলা (T-shirt) লৈ আহিছিলো যদিও সম্ভৱতঃ ব্যৱহাৰ কৰিব‍ই নোৱাৰিম | বজাৰ-সমাৰলৈ যাওঁতে যদিও প্ৰায়বিলাক মানুহে কেজুৱেল দ্ৰেছ্‌ (Casual dress) কৰে অফিচ-কাছাৰীলৈ আহোঁতে সকলোৱে দ্ৰেছ্‌ ক’ড (Dress code) পালন কৰাটো বাধ্যতামূলক | তদুপৰি, কথা-বতৰাত সংযম ৰখাটো অতি প্ৰয়োজন | সোঁহাতৰ মধ্যমা আঙুলিটো কোনো কাৰণতে কালৈকো টোঁৱাব নালাগে | ই অতি অপমানজনক বুলি ধৰা হয় | নিগ্ৰোসকলক বুজাবলৈ ব্লেক (Black) শব্দৰ সলনি আফ্ৰিকান আমেৰিকান (African American) প্ৰয়োগ কৰিব লাগে | কোনো বৰ্ণ বৈষম্যমূলক মন্তব্য (Racial remarks) দিয়াটো অপৰাধ বুলি গণ্য কৰা হয় | মহিলাসকলৰ সৈতে ব্যৱহাৰ অতি শালীন হোৱা উচিত |


ইয়াত প্ৰায়বিলাক ৰাস্তাৰ ক্ৰছিঙত underground sensor আছে | যিটো দিশত গাড়ীৰ শাৰী দীঘলীয়া হয়, underground sensor-এ সেইটো detect কৰি সেউজীয়া সংকেত প্ৰদান কৰে | প্ৰতিটো ৰাস্তাত গাড়ী চলোৱাৰ বাবে গতিবেগৰ উচ্চতম সীমা বান্ধি দিয়া আছে | সোঁফালৰ শেষৰ লে’ন (Lane) টোৱেদি পুলিচৰ গাড়ীবোৰ মাজে মাজে ঘূৰি ফূৰে আৰু গাড়ীবোৰৰ চলন নিৰীক্ষণ কৰি থাকে | প্ৰয়োজন হ’লে সংকেত দি গাড়ী ৰখাই শাস্তিমূলকভাৱে লিখিত টিকেট প্ৰদান কৰে | সংকেত অৱমাননা কৰিলে মুহূৰ্তৰ ভিতৰতে পুলিচৰ গাড়ীয়ে আগুৰি ধৰি উপযুক্ত ব্যৱস্থা লয় |

আজি পোন প্ৰথমবাৰৰ বাবে গৱেষণাগাৰৰ ৰান্ধনিশালত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলো | অৱশ্যে আগতে এদিন ক’ফি একাপ খাইছিলো | তাৰ্কীৰ পৰা অহা গৱেষক ছোৱালীজনী (নাম - নেফিচে, Nefise)য়ে সহায় কৰি দিলে | তাই ছমাহৰ কাৰণে ইয়ালৈ আহিছে |

ঘৰ ওঙ্কাৰা চহৰত | পি, এইচ্‌, ডি কৰি আছে | আৰু মাত্ৰ দুমাহ বাকী আছে | চিনাকি হৈ ভাল লাগিল | মোক মাইক্ৰ’ৱেভটো ব্যৱহাৰ কৰাত সহায় কৰি দিলে | আৰু এগৰাকী মহিলা আছিল | কিন্তু তেওঁৰ সৈতে চিনাকি হ’বলৈ নৌপাওঁতেই তেওঁ ৰান্ধনিশালৰ পৰা ওলাই গ’ল | কাৰো কথা পাতিবলৈ সময় নাই | সকলোৱেই ব্যস্ত !

চান ডিয়েগোবাসী হাজৰিকা পৰিয়াল

৫ জুন ২০১০


আজি শনিবাৰ | গৱেষণাগাৰৰ সাধাৰণ কাম-কাজ বন্ধ | অৱশ্যে কাৰোবাৰ কাম থাকিলে যোৱাত বাধা নাই | মোৰ গৱেষণাৰ কাম যিহেতু আৰম্ভ হ’বলৈ এতিয়াও বাকী, গতিকে যোৱাৰ প্ৰশ্ন নুঠে | ১০-৩০ মান বজাত চাৰণে ফোন কৰিলে | ১১ বজাত তাই হোটেল আহি পোৱাত বজাৰলৈ ওলাই গৈ অলপমান সাধাৰণতে প্ৰয়োজন হোৱা দৰৱ-জাতি কিনিলো | লগতে অন্য দুই-এটা সৰু-সুৰা বস্তু | বজাৰ কৰি ঘূৰি অহাৰ পিচত পুণৰ তাই মোক জোৰ কৰি তাইৰ ঘৰলৈ লৈ গ’ল | হোটেলত অকলশৰে থাকি আমনি পোৱাটো তাই বেয়া পালে | ম‍ই যিহেতু তাইৰ একালৰ শিক্ষক, সেয়ে তাই মোৰ নিজৰ ছোৱালীৰ নিচিনা | গতিকে তাইৰ মতে ম‍ই কিয় ইমান খৰচ কৰি হোটেলত অকলে থাকিব লাগে !


সন্ধিয়া ৭:৩০ মান বজাত চাৰণৰ ঘৰলৈ চান ডিয়েগোত স্থায়ীভাৱে বসবাস কৰি থকা শ্ৰীযুত পান্না হাজৰিকা আৰু তেওঁৰ পৰিবাৰ লনী হাজৰিকা আহিল | তেওঁলোক যোৱা প্ৰায় ৩৫ বছৰ ধৰি আমেৰিকাত আছে | তেওঁ বৃত্তিত এজন ইঞ্জিনিয়াৰ আৰু লগতে এম, বি, এ | কেইবাটাও কোম্পানীত কাম কৰাৰ পাচত যোৱা ৭ বছৰমানৰ আগেয়ে অৱসৰ ল’লে | এতিয়া printing sector ৰ franchise business কৰি আছে | তেওঁৰ পৰিবাৰে ন’কিয়া (Nokia) কোম্পানীত চাকৰি কৰি আছে | ল’ৰা-ছোৱালী দুটা - ল’ৰাটো এম, বি, এ আৰু Consultancy Firm এখনত কাম কৰে | ছোৱালীজনী পশু চিকিত্‍সা বিজ্ঞানৰ স্নাতক ৩য় বাৰ্ষিকৰ ছাত্ৰী | নিশাৰ আহাৰ একেলগে কৰি দম্পতিটোৰ সৈতে নানান বিষয়ত কথা পাতিলো | বেচ ভাল লাগিল |


নিশা ১২ বজাৰ পাচত তেওঁলোক গ’লগৈ |

হিল্টন হোটেলত

৩ জুন, ২০১০

পুৱা ৮-৪৫ বজাত চাৰণে গৱেষণাগাৰত থৈ গ’লহি মোৰ কোঠাত এটা নতুন কম্পিউটাৰ দেখি ভাল লাগিল | লগতে ডঃ মাইকেলৰ এখন চিঠি | তেওঁলৈ ফোন কৰি ম‍ই আহি পোৱাৰ বিষয়ে জনোৱাত কিছু সময়ৰ পাচত তেওঁ মোৰ কোঠালৈ আহিল | আমি দুয়ো তেওঁৰ গাড়ীৰে আৰ্ভাইনত অৱস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ গ’লো | চা ডিয়েগোৰ পৰা প্ৰায় ১০০ মাইল আঁতৰত | দুঘণ্টামানৰ পাচত গৈ পালো | কি সুন্দৰ পৰিপাটি চৌহদ ! ডঃ মাইকেলৰ সহায়ত অতি সহজে বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিকতাবোৰ পূৰা কৰি ভিজিটিং গৱেষক হিচাবে যোগদান কৰিলো | মোৰ যোগদান কৰা বিভাগটো যদিও ইয়াত, ম‍ই প্ৰকৃততে কাম কৰিম ডঃ মাইকেলৰ গৱেষণাগাৰত অৰ্থাত্‍ চান ডিয়েগোত | তেখেতে মোক বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপকৰ লগত চিনাকিও কৰি দিলে |

বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত যাৱতীয় আনুষ্ঠানিকতা পূৰা কৰিবলৈ যাওঁতে দেখিলো  - তাত একে ঠাইতে আঁৰি থোৱা চাৰিটা ঘড়ীত বিশ্বৰ চাৰিখন মহানগৰৰ স্থানীয় সময় দেখুৱাই থৈছে | তাৰ ভিতৰত এটাত দেখুওৱা হৈছে মুম্বাইৰ সময় |

আঁহোতে-যাওঁতে বাটত নানান কথাৰ আলোচনা হ’ল | ভাৰত তথা প্ৰতিৱেশী দেশ, বিশেষকৈ অসমৰ ভৌগোলিক, ৰাজনৈতিক আৰু ঐতিহাসিক বিষয় সংক্ৰান্তত তেখেতৰ জ্ঞান-গভীৰতাৰ কথা জানিব পাৰি ম‍ই আচৰিত হ’লো | অসমৰ বিদেশী সমস্যা, উগ্ৰপন্থীৰ সমস্যা আদি সকলো বিষয়তে মোক নানানটা প্ৰশ্ন কৰিলে | ভাৰতৰ নক্সালবাদীসকলৰ বিষয়েও তেখেত অৱগত | মোৰ তেতিয়া মনত পৰিল বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন স্থানত সন্মুখীন হোৱা  বিভিন্নজনৰ অসম সম্পৰ্কীয় প্ৰশ্নবোৰলৈ | এনেবোৰ বিষয়ত ডঃ মাইকেল ইমান অৱগত, অথচ অসমৰ বিষয়ত ভাৰতৰ উচ্চ শিক্ষিত লোকৰ পৰা আমি শুনিবলগীয়া হয় কেনেবোৰ অদ্ভুত প্ৰশ্ন |

ডঃ মাইকেল মেক্‌ক্লিলেণ্ড প্ৰকৃততে জন্মসূত্ৰে আইৰিছ | তেওঁৰ দেউতাকৰ চাকৰিসূত্ৰে আফ্ৰিকাৰ ঘানাত শৈশৱ আৰু কৈশোৰৰ কিছু বছৰ পাৰ কৰিছিল | পাচলৈ উচ্চশিক্ষা লাভ কৰে ইংলেণ্ডত | প্ৰথম অৱস্থাত ইংলেণ্ড আৰু পাচত দুবছৰমান কাল হংকঙত চাকৰি কৰাৰ পাচত আশীৰ দশকত আমেৰিকালৈ আহে | বৰ্তমানৰ গৱেষণাগাৰটো নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰাৰ আগেয়ে তেওঁ চিড্‌নী কিমেল কেন্সাৰ চেন্টাৰ (Sidney Kimmel Cancer Center) নামৰ এক গৱেষণা প্ৰতিষ্ঠানত কাম কৰিছিল | তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চান্‌ ডিয়েগোৰ কেন্সাৰ চেণ্টাৰ আৰু বাৰ্ণহাম প্ৰতিষ্ঠানৰ স্নাতক শিক্ষাৰ সৈতে জৰিত থকাৰ উপৰিও কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, আৰ্ভাইনৰ অংশকালীন অধ্যাপক |

১৯৮৩ চনত তেওঁ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ পৰা জনসংখ্যাৰ বংশগতি তত্ত্ব (Population Genetics) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে | পাচত তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা প’ষ্ট-ডক্টৰেল ডিপ্লমা লয় আৰু ১৯৮৬ চনত চিকাগো বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাবে যোগদান কৰে | পাচত ১৯৮৯ চনত তেওঁ চান্‌ ডিয়েগোলৈ আহি চিড্‌নী কিমেল কেন্সাৰ চেন্টাৰত যোগদান কৰে | তেওঁ নিউক্লিক এচিড ৰিচাৰ্চ আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (National Insstitute of Health)ৰ জিনীয় অধ্যয়ন (Genomic Study)ৰ সম্পাদক মণ্ডলীৰ এজন সদস্য হিচাবেও কাৰ্য নিৰ্বাহ কৰে | এতিয়ালৈকে তেওঁ ২০০ তকৈও অধিক গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ উপৰিও তেওঁৰ গৱেষণা পত্ৰ‍ই ১০,০০০ তকৈও অধিকবাৰ উদ্ধৃতি লাভ কৰিবলৈ সক্ষম হৈছে |   

আবেলি ৩ বজাত চাৰণ আহি হিল্টন হোটেলত থৈ গ’ল | পুণৰ ৬ বজাত তাই আহি কিছু বজাৰ-সমাৰ কৰি দি থৈ গ’ল, যাতে ম‍ই কেইটামান দিন সুকলমে চলিব পাৰো | আজিৰ পৰা সম্পূৰ্ণ নিজাকৈ থাকিব লাগিব | খৰচো হ’ব বহুত ! কিন্তু নিৰূপায় !

৪ জুন ২০১০

আজি প্ৰথমবাৰৰ বাবে অকলশৰীয়া অনুভৱ কৰিছোঁ | হিল্টন হোটেলৰ পৰা ৰাতিপুৱা খোজকাঢ়ি গৈ গৱেষণাগাৰ পালোগৈ ৯-১৫ বজাত | আজি ৫ বজালৈকে তাত আছিলো যদিও ডঃ মাইকেলক লগ নাপালো | অৱশ্যে তেওঁ ই-মেইলত যোগাযোগ কৰিছিল আৰু ইমান খৰচ কৰি হোটেলত থকাৰ পৰিৱৰ্তে তেওঁৰ দেউতাকৰ ঘৰত কেইদিনমানৰ বাবে থকাৰ প্ৰস্তাৱ দিছিল | সেই মতে তেওঁ পুৱা-গধূলি মোক তেওঁৰ গাড়ীৰে অনা-নিয়া কৰাৰ কথা | কিন্তু তেওঁক ইমানখিনি অসুবিধা দিবলৈ মোৰ মন নগ’ল | সেয়ে ধন্যবাদ জনাই প্ৰস্তাৱটো সৌজন্যতাৰে প্ৰত্যাখান কৰিলো | আবেলিটো অকলশৰে হোটেলতে কটালো |

মোৰ গৱেষণাগাৰত প্ৰথম দিন

২ জুন ২০১০
মোৰ কাৰণে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন | পুৱা ১০ বজাত ডেনিয়েলে তেওঁৰ গাড়ীৰে মোক গৱেষণাগাৰত থৈ আহিল | গৱেষণাগাৰটো চান্‌ ডিয়েগো চহৰৰ মাজ মজিয়াত নৰ্থ ট’ৰি পাইন্‌চ অঞ্চলত অৱস্থিত | সমগ্ৰ অঞ্চলটো ট’ৰি পাইন নামৰ এবিধ পাইন প্ৰজাতিৰ গছেৰে ভৰা; সেয়ে ঠাইখনৰ নাম হ’ল ট’ৰি পাইন্‌চ | ঠাইখনৰ প্ৰাকৃতিক শোভা আৰু বায়ুমণ্ডলীয় উষ্ণতা আমাৰ শ্বিলঙৰ লগত তুলনা কৰিব পাৰি | অৱশ্যে সামগ্ৰিকভাৱে জলবায়ু সম্পূৰ্ণ বেলেগ | কাৰণ চান ডিয়েগোত বৰষুণৰ পৰিমাণ অতি কম; বছৰি ৩০ চেণ্টিমিটাৰতকৈও কম |

প্ৰশান্ত মহাসাগৰৰ পৰা মাত্ৰ আধা মাইল মান আঁতৰত এক অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত গৱেষণাগাৰটোত সোমায়েই ভাল লাগিল | ডঃ মেক্‌ক্লিলেণ্ডক প্ৰথম বাৰৰ কাৰণে লগ পাই বৰ ভাল পালো | তেওঁৰ বন্ধুসুলভ ব্যৱহাৰত অভিভূত হ’লো | গৱেষণাগাৰৰ সকলোৰে সৈতে তেখেতে মোক চিনাকি কৰি দিলে | এগৰাকী বিজ্ঞানী ডঃ পিটাৰে গৱেষণাগাৰত ল’ব লগীয়া সাৱধানতা সম্পৰ্কে আধাঘণ্টামানৰ এটা প্ৰশিক্ষণ দিয়াৰ পাচত কিছু যাৱতীয় কাগজ-পত্ৰত চহী কৰিলোঁ | ডঃ মেক্‌ক্লিলেণ্ডে মোক বহিবলৈ এটা সৰু কোঠালী ঠিক কৰি দিলে | কোঠালীটোত এটা নতুন কম্পিউটাৰ আৰু মোৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ আদিৰ ব্যৱস্থা কৰি দিলে | তেওঁ আনকি মোৰ কাৰণে সেইদিনাৰ বাবে দুপৰীয়াৰ আহাৰো যোগান ধৰিবলৈ নাপাহৰিলে |

আবেলি পুণৰ চাৰণৰ লগত ভাড়াঘৰৰ বন্দোৱস্ত চূড়ান্ত কৰাৰ উদ্দেশ্যে ওলালো | অৱশেষত আজি ঘৰটোৰ বাবে চুক্তি স্বাক্ষৰিত কৰা হ’ল | ১২ জুনৰ পৰা থকাৰ বন্দোৱস্ত হ’ল, কাৰণ ১১ তাৰিখলৈকে ব্ৰাজিল
ল’ৰা এজনে ম‍ই ল’বলগীয়া কোঠালীটো অধিকাৰ কৰি থাকিব | ৩ ৰ পৰা ১১ তাৰিখলৈ থাকিবলৈ মোৰ কৰ্মক্ষেত্ৰৰ ওচৰতে থকা হিল্টন হোটেলত এটা কোঠালী ঠিক কৰা হ’ল | মুঠ $ ১১১৬ ডলাৰত ৯ দিনৰ বাবে কোঠালীটো ভাড়ালৈ ল’ব লাগিব | উপায় নাই, ইয়াতকৈ কম ভাড়াত অন্য কোনো হোটেলতে নাপালো | চাৰণ ইয়াৰ চৰকাৰী চাকৰিয়াল হোৱাৰ কাৰণে বেচ্‌ কিছু কন্‌শ্বেচন (concession) পোৱাৰ পাচতহে এইটো ভাড়া |

চান্‌ ডিয়েগোত প্ৰথম তিনিটা দিন






৩০ মে’ ২০১০


পুৱা ব্ৰেক্‌ফাষ্ট কৰাৰ পাচত প্ৰায় ১০-৩০ বজাত চাৰণৰ লগত গাড়ীৰে ওলাই গ’লো | চাৰণৰ ঘৰত মোৰ সৈতে ৮ জন আলহী | বাকী ৭ জনৰ ২ জন প্ৰাপ্তবয়স্ক, বাকী ৫ টা ল’ৰা-ছোৱালী | চাৰণৰ সম্বন্ধীয় ভনীয়্ক এগৰাকীৰ আত্মীয় | তেওঁলোক আহিছে ইয়াত অনুস্থিত এক বাস্কেট বল প্ৰতিযোগিতাত ভাগ ল’বলৈ | প্ৰথমে তেওঁলোকক থ’বৰ বাবে ইন্‌ড’ৰ ষ্টেডিয়ামলৈ গ’লো | বাঃ কি সুন্দৰ ব্যৱস্থা ! ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ কাৰণে কেনে সা-সুবিধা দেখিলে আচৰিত হ’ লাগে | দুখনমান খেল উপভোগ কৰাৰ পাচত চাৰণৰ গাড়ীৰে বজাৰলৈ গৈ এটা লেপটপ কিনিলো - $৫০৫ ডলাৰত | চেল ফোন এটা কিনাৰ বাবেও কিছু খা-খবৰ ল’লো | কিন্তু চাৰণৰ মতে তেওঁৰ পুৰণা চেল ফোন এটা এনেয়ে পৰি আছে; বোধকৰো সেইটোৰেই কাম চলাব পৰা যাব ! গতিকে সদ্যহতে কিনাটো স্থগিত ৰাখিলো |


৩১ মে’ ২০১০

আজি এটা মোবাইল ফোনৰ নতুন সংযোগৰ ব্যৱস্থা কৰা হ’ল | চাৰণৰ পুৰণি ব্লেক্‌বেৰী মোবাইলটোৰ বাবে এখন প্ৰি-পেইড্‌ চিম্‌ কাৰ্ড কিনা হ’ল | মাহিলী প্ৰায় $৩ ডলাৰকৈ দিব লাগিব |


পাচবেলা চাৰণ আৰু তেওঁৰ পেয়িং-গেষ্ট ডেনিয়েলৰ লগত মোৰ কাৰণে থকা ঘৰ এটা বিচৰা আৰু লগতে অলপ ফুৰাৰ উদ্দেশ্যে ওলাই গ’লো | ডেনিয়েল এজন পাইলট | তেওঁৰ চাকৰি নিউয়ৰ্কত | মাজে-সময়ে আহি ইয়াত থাকে | চাৰণৰ গিৰীয়েকৰ পৰিয়ালৰ বন্ধুৰ ঘৰৰ ল’ৰা | La Jolla -ৰ পৰা Ocean View ৰ ফাললৈ গ’লো | La Jolla ক ইয়াত 'লা-হ’ইয়া’ বুলিহে উচ্চাৰণ কৰা হয় | যিহেতু চান্‌ ডিয়েগো মেক্সিকোৰ সীমান্তৱৰ্তী অঞ্চল, সেয়ে মেক্সিকান স্পেনিচ্‌ ভাষাৰ ইয়াত যথেষ্ট প্ৰভাৱ | তেওঁলোকৰ ভাষাত J ক 'হ’ আৰু ll ক ’য়’ হিচাবে উচ্চাণ কৰা হয় | Ocean View-ৰ প্ৰাকৃতিক দৃশ্য কি মনোৰম ! অতি পৰিষ্কাৰ সাগৰৰ পাৰ, সুন্দৰ গছ-গছনি আৰু ঘাঁহনিৰে আৱৰা | পকী ফুটপাথ আৰু ৰেলিঙেৰে বন্ধা সাগৰৰ পাৰ | বহুতো চৰাই-চিৰিকতি আৰু বিশেষকৈ চীল (Seal) দেখা পালো | চীলবিলাকে মানুহলৈ অলপো ভয় নকৰে, শান্ত-শিষ্ট প্ৰাণী | নিজৰ প্ৰাকৃতিক আবাসত ইহঁতৰ সুসংৰক্ষণৰ ব্যৱস্থা !


ভাড়াঘৰৰহে এতিয়ালৈকে একো ব্যৱস্থা হোৱা নাই | যিমান সোনকালে পৰা যায় কিবা এটা ঠিক কৰি নিজা ব্যৱস্থা এটা কৰিব লাগিব ! ব্যস্ত চাৰণৰ বাবে বেচিদিন বোজা হৈ থকাটো উচিত নহ’ব ! ইয়াৰ পৰা বাহিৰলৈ অহা-যোৱা কৰাৰ বাবে কোনো ৰাজহুৱা পৰিবহনৰ ব্যৱস্থা নাই | গতিকে চাৰণৰ সহায় অবিহনে মোৰ এখোজো লৰচৰ কৰাৰ উপায় নাই |


নিশা ৯ বজাত ৰাতিৰ আহাৰ খাই চাৰণহঁত শুবলৈ গ’ল | ১১-৩০ বজালৈকে সাৰে থাকি ম‍ই কেইখনমান ই-মেইল কৰিলো |


১ জুন, ২০১০


আজি আগবেলাটো এনেয়ে কটালো | কাপোৰ ধূলো | পাচবেলা চাৰণৰ লগত পুণৰ ঘৰ বিচাৰি ওলালো | এটা ঘৰৰ সন্ধান পালো | ঘৰৰ মালিক মহিলা গৰাকীৰ সৈতে কথা-বতৰা হ’ল | কালিলৈ সিদ্ধান্ত দিব | বেয়া লগা নাই | ডঃ মাইকেল মেক্‌ক্লিলেণ্ডৰ সৈতে প্ৰথম বাৰৰ বাবে টেলিফোনত কথা-বতৰা হ’ল | তেখেতৰ গৱেষণাগাৰতে ম‍ই ইয়াত থকাৰ সময় চোৱাত গৱেষণা কৰিম | তেখেত Vaccine Research Institute of San Diego (VRISD)ৰ Scientific Director আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, আৰ্ভাইনৰ ব্যাধিবিজ্ঞান আৰু গৱেষণাগাৰিক চিকিত্‍সা বিভাগ (Department of Pathology and Laboratory Medicine)ৰ অংশকালীন অধ্যাপক (Part-time Professor) | তেখেত Molecular Genetics বিষয়ৰ এগৰাকী অন্যতম বিশ্ববিখ্যাত গৱেষক | কালিলৈ ৰাতিপুৱা তেখেতক গৱেষণাগাৰত লগ ধৰাৰ বন্দোৱস্ত হ’ল |

চান্‌ ডিয়েগোত পদাৰ্পণ

২৯ মে’ ২০১০

স্থানীয় সময় অনুসৰি প্ৰায় ৮-৩০ বজাত বিমান আহি চান্‌ ডিয়েগোত অৱতৰণ কৰিলে | মোৰ হাত ঘড়ীটোৰ সময় পুণৰ এবাৰ মিলাবলগীয়া হ’ল, কিয়নো ইয়াৰ স্থানীয় সময় নিউয়ৰ্কতকৈ দুই ঘণ্টা পিচ পৰা | নিৰ্ধাৰিত সময়তকৈ বিমানখন কিছুসময় আগেয়ে আহি পোৱাৰ কাৰণে এয়াৰপ’ৰ্টৰ বাহিৰলৈ আহি মোৰ প্ৰাক্তন ছাত্ৰী চাৰণক দেখা নাপালো | গতিকে ম‍ই অলপ বিমোৰত পৰিলো | ফোন এটা কৰিবলৈকো মোৰ হাতত মোবাইল ফোন নাই | ওচৰে-পাজৰে ক’তো কোনো টেলিফোন-বুথও দেখা নাপালো | উপায়হীন হৈ অৱশেষত এজন নিগ্ৰো (পিচতহে জানিলো ইয়াত বোলে তেওঁলোকক আফ্ৰিকান আমেৰিকান বুলিহে কোৱা হয় |) যুৱকক অনুৰোধ কৰিলো - তেওঁৰ মোবাইল ফোনটো ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰি | অতি ভদ্ৰভাৱে নিঃসঙ্কোচে তেওঁ মোলৈ ফোনটো আগবঢ়াই দিলে | ফোনটো পাই চাৰণ এক প্ৰকাৰ আচৰিত হ’ল (কাৰণ তেওঁ ভবাতকৈ বহু আগতে
ম‍ই আহি পালোহি |) তেওঁ মোক এয়াৰপ’ৰ্টতে আধাঘণ্টামান অপেক্ষা কৰিবলৈ ক’লে |

ঠিক আধা ঘণ্টাৰ পাচত তেওঁ আহি পালে | নিজৰ গাড়ীৰে তেওঁ মোক ঘৰলৈ লৈ গ’ল | আচৰিত হৈছিলো - তেতিয়া স্থানীয় সময় অনুসৰি প্ৰায় ৯ বাজিছিল যদিও সন্ধিয়া লাগিছিলহে মাত্ৰ | ৰাতিটো ইয়াত বৰ চুটি - ৮-৩০ বজা মানলৈকে পোহৰ হৈয়ে থাকে | পুণৰ ৫ মান বজাতে ৰাতি পুৱায় | বোধকৰোঁ দেশখনৰ প্ৰগতিৰ ইয়ো অন্যতম কাৰণ !

গা-পা ধুই খাই-বৈ উঠি চাৰণৰ ফোনৰ পৰা প্ৰথম বাৰৰ বাবে বাব্‌লি-বাৰ্বি (মোৰ সহধৰ্মিনী আৰু একমাত্ৰ কণ্যা)ৰ সৈতে কথা পাতিলো | বাৰ্বিৰ মাত ইমান দূৰৰ পৰা শুনিবলৈ পাই খন্তেকৰ বাবে আবেগিক হৈ পৰিলো | মোৰ মাতটো যেন কিছু থোকা-থুকি হ’ল | নিশা ১১ বজাত শোৱা পাটিত পৰিলো |

নিউয়ৰ্ক অভিমুখে



২৮ মে’, ২০১০

গুৱাহাটীৰ পৰা দিল্লীলৈ ৩:১০ বজাত যাত্ৰা আৰম্ভ কৰি প্ৰায় ৯ বজাত আহি দিল্লী পালোহি | দিল্লী বিমান বন্দৰৰ ডমেষ্টিক টাৰ্মিনেলৰ পৰা ৯:৪০ বজাত ইণ্টাৰ-টাৰ্মিনেল বাছ (Coach)ৰ যোগেৰে আন্তৰ্জাতিক টাৰ্মিনেললৈ গ’লো - ২০ মিনিট সময় লাগিল | ৰাতি ১২:২৫ বজাৰ এ আই ১০১ নং বিমানখন কিছু পলমকৈ প্ৰায় ১:৩০ বজাত নিউয়ৰ্ক অভিমুখে ৰাওনা হ’ল |



বিমান্খন যথেষ্ট ডাঙৰ - চাৰিটা কোঠালীত বিভক্ত | প্ৰতিটোতে ৩ x ৩ কৈ ৯ টা শাৰী | আসনবিলাক আমাৰ নৈশ বাছৰ নিচিনা | অৱশ্যে ভৰি-হাত মেলাৰ বাবে যথেষ্ট ঠাই আছে | প্ৰতিখন আসনৰ সন্মুখত একোটাকৈ টাচ্‌-স্ক্ৰিন কম্পিউটাৰ, য’ত বিনোদনৰ বাবে বোলছবি, সঙ্গীত, ভিডিঅ’ গেম্‌চ আদিৰ ব্যৱস্থা আছে | বিমানত অপৰ্যাপ্ত খোৱা-বোৱাৰ যোগান ধৰে |


আমাৰ বিমানখনত সৰহভাগেই ভাৰতীয় যাত্ৰী | মোৰ কাষৰ আসনখন খালী থকাৰ কাৰণে বৰ সুবিধা হ’ল | খিৰিকীৰ কাষৰ আসনত এগৰাকী ভাৰতীয় মহিলা |


ভাৰতীয় সময় অনুসৰি আবেলি প্ৰায় ৩:৩০ বজাত বিমান আহি নিউয়ৰ্কত উপস্থিত হ’ল | প্ৰায় ২ বজাত (ভাৰতীয় সময় অনুসৰি) আমাক দুপৰীয়াৰ আহাৰ খাবলৈ দিলে | বাকী খাদ্যৰ লগতে একাপ দৈও দিছিল | খোৱা হোৱাৰ পাচত চাহ দিবলৈ আহোঁতে এয়াৰ হ’ষ্টেচ্‌ গৰাকীয়ে কাপটো বিচাৰিছিল | মোৰ চাহ খোৱাৰ মন নাছিল যদিও কাষৰ যাত্ৰীজনলৈ চালোঁ | কাপটো বা ক’ত? দেখিলো - দৈৰ কাপটোৰ মাজৰ কাগজৰ কাপটো আঁতৰাই দিলেই চাহৰ কাপটো ওলাই পৰে | বিদেশ যাত্ৰাৰ প্ৰথম পাঠ ! নজনাজনৰ কাপ বিচাৰি হাঁহাকাৰ! নিউয়ৰ্কৰ স্থানীয় সময় অনুসৰি প্ৰায় ৬:৩০ বজাত বিমানৰ পৰা নামিলো | নামিয়েই হাতঘড়ীত সময় মিলাই ল’লো | আগতে আমেৰিকা ভ্ৰমণৰ অভিজ্ঞতা থকা দুই-একক সোঁধোতেও মোক কৈছিল যে ইয়াত বিশেষকৈ নিউয়ৰ্কত বোলে কাষ্টম ক্লিয়েৰেন্সতে বহুত সময় লাগে আৰু এটা টাৰ্মিনেলৰ পৰা আনটোলৈ যাওঁতে বৰ অসুবিধা হয় | কিন্তু ইমিগ্ৰেশ্বন আৰু কাষ্টম ক্লিয়েৰেন্সৰ বাবে ম‍ই অলপো অসুবিধা নাপালো | মানুহবিলাক বৰ কৰ্ত্তব্যপৰায়ণ আৰু সহায়কাৰী | এঘণ্টাৰ ভিতৰতে সকলোখিনি কাম সম্পূৰ্ণ হ’ল | কানেক্টিং ফ্লাইটৰ কাৰণে থকা সুকীয়া কাউণ্টাৰত ডাঙৰ বাকচটো জমা দি প্ৰথম মহলাৰ পৰা ইণ্টাৰ-টাৰ্মিনেল চাৰ্ভিছৰ এয়াৰ-ৰেইলত বিনামূলীয়াকৈ আহি ১৫ মিনিটৰ ভিতৰতে ৮ নং টাৰ্মিনেল পালোহি | আমেৰিকান এয়াৰলাইন্‌চৰ মোৰ পৰৱৰ্তী যাত্ৰা এই টাৰ্মিনেলৰ পৰাই স্থানীয় সময়মতে বিয়লি ৫:০৫ বজাত |


নিউয়ৰ্কমুখী বিমান যাত্ৰাৰ এটা অভিজ্ঞতাৰ কথা লিখিবলৈ পাহৰিলো | নিউয়ৰ্ক পোৱাৰ আগে আগে পৰিৱেশন কৰা দুপৰীয়াৰ আহাৰৰ আগেয়ে যাত্ৰীসকলক পানীয় পৰিৱেশন কৰা হৈছিল - ক’ল্ড ড্ৰিংকচ্ (Cold drinks)‌, ফলৰ ৰস, বিয়েৰৰ পৰা আৰম্ভ কৰি হুইস্কি (whisky), ব্ৰেণ্ডি (brandy)লৈকে সকলো ধৰণৰ পানীয় আছিল | ম‍ই সুৰাপান নকৰোঁ বুলি ধন্যবাদ এটা দি সৌজন্যতা প্ৰকাশ কৰাত পৰিচাৰকজন যেন কিছু আচৰিত হ’ল | তেওঁ মোৰ ফালে প্ৰশ্নবোধক চাৱনিৰে কিছুপৰ চাই থাকিল | সেই মূহুৰ্তত মোৰ আমাৰ লগৰীয়া কেইজনমানৰ কথা মনত পৰিল | তেওঁলোকৰ বাবে বোধকৰোঁ এই যাত্ৰা অধিক সুখকৰ হ’লহেঁতেন !


নিউয়ৰ্ক বিমানবন্দৰত আৰু এটা আমোদজনক অভিজ্ঞতা হ’ল | তাত প্ৰায় ১১ ঘণ্টা সময় অতিবাহিত কৰিব লগীয়া হোৱাত প্ৰথমতে জিৰণি লোৱাৰ বাবে বিশ্ৰামঘৰ এটা বিচাৰি আছিলো | ভাবিছিলো দূৰণিবটীয়া যাত্ৰীৰ কাৰণে নিশ্চয় এনে কোনো ব্যৱস্থা থাকিব | বিশ্ৰামঘৰ বিচাৰি ফুৰোঁতে দেখা পালো এঠাইত লিখা আছে - ‘ৰেষ্ট ৰুম্‌চ’ (Rest Rooms) | আগ্ৰহেৰে সোমাই গৈ দেখিলো সেইটো প্ৰকৃততে এটা ট‍ইলেট (Toilet) হে | তেতিয়াহে জানিলো আমেৰিকাত ট‍ইলেটক ৰেষ্ট ৰুম্‌চ বোলা হয় |


নিউয়ৰ্ক বিমানবন্দৰৰ লাউঞ্জত অকলে বহি থাকোঁতে এগৰাকী চেলোৱাৰ-পৰিহিতা ভাৰতীয় মহিলাক লগ পালো | উপযাচি চিনাকি হৈ জানিব পাৰিলো - তেওঁৰ নাম লক্ষ্মী গোপালাকৃষ্ণন | আট্‌লাণ্টাৰ বাসিন্দা, চফ্‌টৱেৰ ইঞ্জিনিয়াৰ | এটি আঢ়ৈ বছৰীয়া ল’ৰা সন্তানৰ মাতৃ | গিৰীয়েক হৃদৰোগ বিশেষজ্ঞ - প্ৰাইভেট প্ৰেক্টিচনাৰ (Private Practioner) | খুৰাকৰ ছোৱালীৰ বিয়া উপলক্ষে চেন্নাইৰ ঘৰলৈ যাব অকলে | তেওঁৰ জেট এয়াৰৱেজৰ বিমানৰ সময় বিয়লি ৬:১০ বজা | মোক লগ পাই তেওঁ ভালেই পালে - অন্ততঃ কথা পাতি সময় কটাবলৈ এটা লগ ওলাল | ২ বজাত আমি এৰা-এৰি হ’লো | তেওঁৰ পৰামৰ্শ মতেই ম‍ই পোনে পোনে চিকিউৰিটী চেক্‌-আপৰ বাবে আগ বাঢ়িলো | ভিতৰতো আন এখন পৃথিৱী | মুঠ ৪৭ টা গেইটৰ ভিতৰত মোৰ গেইট নং ৩৮ | এতিয়া বিমানৰ অপেক্ষাত |

প্ৰস্তাৱনা : মোৰ অনুভৱ

পৃথিৱীৰ বিভিন্ন ভাষাত ৰচিত ভালেমান কালজয়ী সাহিত্যৰ ৰচনা বোধকৰো সম্ভৱ নহ’লহেঁতেন, যদিহে এনে সৃষ্টিৰ আঁৰত থকা লিখকসকলৰ জীৱনলৈ গভীৰ বিষাদ অথবা বুকুৰ আপোনজনক হেৰুৱাৰ বেদনা নামি নাহিলহেঁতেন | ঠিক সেইদৰে আন বহুতো মহত্‍ লিখনিৰ সৃষ্টি লিখকৰ কাৰাবন্দী অৱস্থাত | নিঃসঙ্গতাই যিদৰে মানুহক ব্যথিত কৰি তোলে, সেইদৰে আত্মোপলব্ধি আৰু আত্ম-বিশ্লেষণৰো সুযোগ দিয়ে | অকলশৰীয়া জীৱনত ব্যক্তিৰ অন্তৰাত্মাই যেতিয়া প্ৰকাশৰ বাট বিচাৰি নাপায়, তেতিয়া নিজৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে আৰু হিয়াত দোলা দিয়া মনৰ ভাৱ আপোনা-আপুনি ওলাই আহে সাহিত্যৰ ৰূপত | যাৰ হাতত কলম তুলি লোৱাৰ শক্তি আৰু সামৰ্থ্য থাকে তেওঁৰ কাপৰ পৰা সৃষ্টি হয় কালজয়ী সাহিত্যৰ |

২০১০ চনৰ মে’ মাহত গৱেষণাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিতোপন চান্‌ ডিয়েগো চহৰলৈ আহি প্ৰথম কিছুদিন সম্পূৰ্ণ অকলশৰীয়া জীৱন যাপন কৰিবলগীয়া হোৱাত মোৰো অৱস্থা কাৰাবন্দীৰ দৰেই হৈছিল | আমেৰিকাৰ বিলাসিতা আৰু স্বাচ্ছন্দ্যৰে ভৰা যান্ত্ৰিক জীৱন ধাৰাৰ মাজত হোৱা নিত্য নতুন অভিজ্ঞতা আৰু মনৰ মাজত দোলা দিয়া ভাৱ প্ৰকাশৰ বাবে বাচি ল’লো এটাই উপায় - নিতৌ দিনলিপি লিপিৱদ্ধ কৰা |

পাচলৈ ভাবিলো -মোৰ এই অভিজ্ঞতা কেৱল দিনলিপিতে সীমাৱদ্ধ কৰি ৰখাতকৈ যদি এটা ব্লগৰ জৰিয়তে প্ৰকাশ কৰোঁ মোৰ দৰে ভৱিষ্যতে আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে আহিবলৈ বিচৰা কাৰোবাৰ যদি অলপো সহায় হয়, তেন্তে এক মহত্‍ কাম হ’ব| সেই উদ্দেশ্য আগত ৰাখিয়েই মূলতঃ এই ব্লগটি সৃষ্টি কৰা হৈছে | ই কোনো সাহিত্য অথবা ভ্ৰমণ কাহিনী নহয় | ইয়াত কেৱল লিখিছোঁ - যি মন যায় .....