হিল্টন হোটেলত

৩ জুন, ২০১০

পুৱা ৮-৪৫ বজাত চাৰণে গৱেষণাগাৰত থৈ গ’লহি মোৰ কোঠাত এটা নতুন কম্পিউটাৰ দেখি ভাল লাগিল | লগতে ডঃ মাইকেলৰ এখন চিঠি | তেওঁলৈ ফোন কৰি ম‍ই আহি পোৱাৰ বিষয়ে জনোৱাত কিছু সময়ৰ পাচত তেওঁ মোৰ কোঠালৈ আহিল | আমি দুয়ো তেওঁৰ গাড়ীৰে আৰ্ভাইনত অৱস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ গ’লো | চা ডিয়েগোৰ পৰা প্ৰায় ১০০ মাইল আঁতৰত | দুঘণ্টামানৰ পাচত গৈ পালো | কি সুন্দৰ পৰিপাটি চৌহদ ! ডঃ মাইকেলৰ সহায়ত অতি সহজে বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিকতাবোৰ পূৰা কৰি ভিজিটিং গৱেষক হিচাবে যোগদান কৰিলো | মোৰ যোগদান কৰা বিভাগটো যদিও ইয়াত, ম‍ই প্ৰকৃততে কাম কৰিম ডঃ মাইকেলৰ গৱেষণাগাৰত অৰ্থাত্‍ চান ডিয়েগোত | তেখেতে মোক বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপকৰ লগত চিনাকিও কৰি দিলে |

বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত যাৱতীয় আনুষ্ঠানিকতা পূৰা কৰিবলৈ যাওঁতে দেখিলো  - তাত একে ঠাইতে আঁৰি থোৱা চাৰিটা ঘড়ীত বিশ্বৰ চাৰিখন মহানগৰৰ স্থানীয় সময় দেখুৱাই থৈছে | তাৰ ভিতৰত এটাত দেখুওৱা হৈছে মুম্বাইৰ সময় |

আঁহোতে-যাওঁতে বাটত নানান কথাৰ আলোচনা হ’ল | ভাৰত তথা প্ৰতিৱেশী দেশ, বিশেষকৈ অসমৰ ভৌগোলিক, ৰাজনৈতিক আৰু ঐতিহাসিক বিষয় সংক্ৰান্তত তেখেতৰ জ্ঞান-গভীৰতাৰ কথা জানিব পাৰি ম‍ই আচৰিত হ’লো | অসমৰ বিদেশী সমস্যা, উগ্ৰপন্থীৰ সমস্যা আদি সকলো বিষয়তে মোক নানানটা প্ৰশ্ন কৰিলে | ভাৰতৰ নক্সালবাদীসকলৰ বিষয়েও তেখেত অৱগত | মোৰ তেতিয়া মনত পৰিল বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন স্থানত সন্মুখীন হোৱা  বিভিন্নজনৰ অসম সম্পৰ্কীয় প্ৰশ্নবোৰলৈ | এনেবোৰ বিষয়ত ডঃ মাইকেল ইমান অৱগত, অথচ অসমৰ বিষয়ত ভাৰতৰ উচ্চ শিক্ষিত লোকৰ পৰা আমি শুনিবলগীয়া হয় কেনেবোৰ অদ্ভুত প্ৰশ্ন |

ডঃ মাইকেল মেক্‌ক্লিলেণ্ড প্ৰকৃততে জন্মসূত্ৰে আইৰিছ | তেওঁৰ দেউতাকৰ চাকৰিসূত্ৰে আফ্ৰিকাৰ ঘানাত শৈশৱ আৰু কৈশোৰৰ কিছু বছৰ পাৰ কৰিছিল | পাচলৈ উচ্চশিক্ষা লাভ কৰে ইংলেণ্ডত | প্ৰথম অৱস্থাত ইংলেণ্ড আৰু পাচত দুবছৰমান কাল হংকঙত চাকৰি কৰাৰ পাচত আশীৰ দশকত আমেৰিকালৈ আহে | বৰ্তমানৰ গৱেষণাগাৰটো নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰাৰ আগেয়ে তেওঁ চিড্‌নী কিমেল কেন্সাৰ চেন্টাৰ (Sidney Kimmel Cancer Center) নামৰ এক গৱেষণা প্ৰতিষ্ঠানত কাম কৰিছিল | তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চান্‌ ডিয়েগোৰ কেন্সাৰ চেণ্টাৰ আৰু বাৰ্ণহাম প্ৰতিষ্ঠানৰ স্নাতক শিক্ষাৰ সৈতে জৰিত থকাৰ উপৰিও কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, আৰ্ভাইনৰ অংশকালীন অধ্যাপক |

১৯৮৩ চনত তেওঁ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ পৰা জনসংখ্যাৰ বংশগতি তত্ত্ব (Population Genetics) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে | পাচত তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা প’ষ্ট-ডক্টৰেল ডিপ্লমা লয় আৰু ১৯৮৬ চনত চিকাগো বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাবে যোগদান কৰে | পাচত ১৯৮৯ চনত তেওঁ চান্‌ ডিয়েগোলৈ আহি চিড্‌নী কিমেল কেন্সাৰ চেন্টাৰত যোগদান কৰে | তেওঁ নিউক্লিক এচিড ৰিচাৰ্চ আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (National Insstitute of Health)ৰ জিনীয় অধ্যয়ন (Genomic Study)ৰ সম্পাদক মণ্ডলীৰ এজন সদস্য হিচাবেও কাৰ্য নিৰ্বাহ কৰে | এতিয়ালৈকে তেওঁ ২০০ তকৈও অধিক গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ উপৰিও তেওঁৰ গৱেষণা পত্ৰ‍ই ১০,০০০ তকৈও অধিকবাৰ উদ্ধৃতি লাভ কৰিবলৈ সক্ষম হৈছে |   

আবেলি ৩ বজাত চাৰণ আহি হিল্টন হোটেলত থৈ গ’ল | পুণৰ ৬ বজাত তাই আহি কিছু বজাৰ-সমাৰ কৰি দি থৈ গ’ল, যাতে ম‍ই কেইটামান দিন সুকলমে চলিব পাৰো | আজিৰ পৰা সম্পূৰ্ণ নিজাকৈ থাকিব লাগিব | খৰচো হ’ব বহুত ! কিন্তু নিৰূপায় !

৪ জুন ২০১০

আজি প্ৰথমবাৰৰ বাবে অকলশৰীয়া অনুভৱ কৰিছোঁ | হিল্টন হোটেলৰ পৰা ৰাতিপুৱা খোজকাঢ়ি গৈ গৱেষণাগাৰ পালোগৈ ৯-১৫ বজাত | আজি ৫ বজালৈকে তাত আছিলো যদিও ডঃ মাইকেলক লগ নাপালো | অৱশ্যে তেওঁ ই-মেইলত যোগাযোগ কৰিছিল আৰু ইমান খৰচ কৰি হোটেলত থকাৰ পৰিৱৰ্তে তেওঁৰ দেউতাকৰ ঘৰত কেইদিনমানৰ বাবে থকাৰ প্ৰস্তাৱ দিছিল | সেই মতে তেওঁ পুৱা-গধূলি মোক তেওঁৰ গাড়ীৰে অনা-নিয়া কৰাৰ কথা | কিন্তু তেওঁক ইমানখিনি অসুবিধা দিবলৈ মোৰ মন নগ’ল | সেয়ে ধন্যবাদ জনাই প্ৰস্তাৱটো সৌজন্যতাৰে প্ৰত্যাখান কৰিলো | আবেলিটো অকলশৰে হোটেলতে কটালো |

No comments:

Post a Comment