বিদায় আমেৰিকা !

অৱশেষত মোৰ আমেৰিকাৰ পৰা বিদায় লোৱাৰ সময় আহি উপস্থিত হ’ল | যোৱা ছটা মাহ পৰিয়াল, বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ পৰা বহুদূৰত ইয়াত অতিবাহিত কৰাৰ পাছত কালিলৈ নিচেই পুৱাতে চান ডিয়েগো এৰি মোৰ ওভতনি যাত্ৰা আৰম্ভ কৰিম | চিকাগোৰ পৰা নতুন দিল্লী হৈ গুৱাহাটী পামগৈ অহা শুকুৰবাৰে আবেলি ১:৪০ বজাত |

যোৱা সপ্তাহটো এফালে চাৰণ, নূৰ আৰু আনফালে ক্ষীৰোদ গগৈ আৰু তেওঁৰ নৱ-বিবাহিতা পত্নী পল্লৱীৰ সৈতে বেছ ফুৰা-মেলা কৰিলো | অগা-পিছাকৈ দুদিন নিশাৰ আহাৰ ক্ষীৰোদহঁতৰ ঘৰতে কৰিলো | লগত আছিল পাঞ্জাৱৰ লুধিয়ানাৰ পৰা অহা ভাতৃপ্ৰতিম অমনজোট সিং | অমনৰ পত্নী ডিম্পল ভনীয়েকৰ বিয়াৰ কাৰণে ঘৰলৈ গৈছে | পৰহিলৈ তেৱোঁ যাব | দুয়ো ইয়াত প’ষ্ট ডক্টৰেল গৱেষক হিছাপে কৰ্মৰত |

কালি আছিল মোৰ গৱেষণাগাৰত শেষৰ দিন | অৱশ্যে শেষৰ দিনটোতো মোৰ গৱেষণাৰ কাম অব্যাহত ৰাখিব লগীয়া হ’ল | আবেলি ৪ বজাতহে মোৰ বাকী থকা কামখিনি শেষ কৰিলো | অৱশ্যে গৱেষণাগাৰৰ বিজ্ঞানী সকলে মোক যোৱা ২৩ তাৰিখেই আনুষ্ঠানিক ভাৱে বিদায় জনাইছিল, কাৰণ ২৫ৰ পৰা ২৮ তাৰিখলৈকে বন্ধৰ দিন আছিল | কালি সকলোৰে পৰা বিদায় লৈ আহিবৰ সময়ত মনটো বেছ গধূৰ-গধূৰ লাগিছিল | আৰম্ভণিতে যদিও মোৰ গৱেষণাগাৰত মন বহা নাছিল, পাছলৈ সকলো আপোন যেন হৈ পৰিছিল ! সন্ধিয়া আমাৰ চীনা বাইদেউ পুই (য়লাণ্ডি) চেঙে তেওঁৰ গাড়ীৰে মোক ঘৰত থৈ গৈছিলহি |

অজস্ৰ অভিজ্ঞতা আৰু মধুৰ স্মৃতি কঢ়িয়াই বিষাদ আৰু আনন্দৰ এক মিশ্ৰিত অনুভূতিৰে চান ডিয়েগো চহৰ এৰি যাবলৈ ওলাইছো | পৰিয়াল-পৰিজনৰ সৈতে ইমান দিনৰ মূৰত পুনৰ লগ হোৱাৰ ব্যাকুলতাই মন কিছু উগুল-থুগুল কৰি তুলিছে !

যি গভীৰ প্ৰত্যাশাৰে এদিন ইয়ালৈ আহিছিলো সেয়া সফলভাৱে সমাপন কৰিব পৰাৰ বাবে ভগবানক শতকোটি ধন্যবাদ জনাইছোঁ | এতিয়া দুচকুত এটাই সপোন - যোৱা ছটা মাহত আহৰণ কৰা অভিজ্ঞতা আৰু কৰ্ম-কৌশল সাৰোগত কৰি কেনেকৈ মোৰ নিজৰ শিক্ষানুষ্ঠানটিক, বিশেষকৈ মোৰ ছাত্ৰ-ছাত্ৰী সকলক অলপ হ’লেও উপকৃত কৰিব পাৰোঁ !

বিদায় চান ডিয়েগো, বিদায় ! বিদায় আমেৰিকা, বিদায় !!

বিদেশত অসমীয়া ব্যঞ্জনৰ জুতি

চান ডিয়েগোত স্থায়ীভাৱে বসতি কৰা শ্ৰীযুত পান্না হাজৰিকাৰ পৰিয়ালৰ কথা আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ | যোৱা দেওবাৰে তেখেতসকলে চাৰণৰ জৰিয়তে  মোক তেওঁলোকৰ ঘৰলৈ নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিলে | সেইমতে আমি সন্ধিয়া ৫ বজাত গৈ তেখেতসকলৰ ঘৰত উপস্থিত হ’লোগৈ |

শ্ৰীযুত হাজৰিকা ১৯৭৬ চনতে আমেৰিকালৈ পঢ়িবলৈ আহিছিল | Wisconsin-ত আভিযান্ত্ৰিক আৰু মেনেজমেণ্টৰ শিক্ষা সাং কৰাৰ পাছত প্ৰথমে মিছিগান ৰাজ্যৰ ডেট্ৰ‍ইট চহৰত কিছুবছৰ চাকৰি কৰাৰ পাছত ১৯৮৬ চনত চান ডিয়েগো চহৰলৈ আহি ইয়াতে স্থায়ীভাৱে থাকিবলৈ লয় | ইয়াৰ ৰেন্স’ বাৰ্ণাৰ্দ’ নামৰ ঠাইত চাৰণৰ ঘৰৰ পৰা কিছু দূৰত তেওঁলোকৰ মুঠ ২৬,০০০ বৰ্গফূটৰ দুটা বিশাল ঘৰ আছে | কিন্তু আজি ৫ মাহমানৰ আগৰ পৰা সেই ঘৰ-দুৱাৰ ভাড়ালৈ দি ডাউন-টাউন অঞ্চলত তেওঁলোকে নতুনকৈ ক্ৰয় কৰা এক আটকধুনীয়া ফ্লেটত থাকিবলৈ লৈছে | তেওঁলোকৰ ফ্লেটটো ৪০ মহলীয়া সুবিশাল অট্টালিকা এটাৰ ২৩ তম মহলাত অৱস্থিত | হাজৰিকাদাই আমাক তলৰ পৰাই আদৰি লৈ গ’ল | লিফ্টৰ জৰিয়তে ২৩ তলাৰ ওপৰলৈ উঠিবলৈ কেৱল ৫/৬ ছেকেণ্ডমানহে সময় লাগিল |

তেওঁলোকৰ দুটি সন্তানেৰে এটা সুখী পৰিয়াল | ডাঙৰ ল’ৰা ৰাহুলে এম,বি,এ পাছ কৰি চান ডিয়েগোতে এটা কোম্পানীত চাকৰি কৰে আৰু একমাত্ৰ কন্যা চোনিয়া Western University-ত পশু চিকিত্‍সা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম (D.V.M)ৰ চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰী | বৰ্ত্তমানে পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে ঘৰতে আছেহি | ৰাহুল অৱশ্যে তেওঁলোকৰ সৈতে নাথাকে; অলপ দূৰৈত বেলেগে থাকে | আমেৰিকাত সাধাৰণতে এইটোৱেই নিয়ম | প্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালী সাধাৰণতে মাক-দেউতাকৰ পৰা বেলেগে স্বতন্ত্ৰভাৱে থাকে | চোনিয়া বৰ মৰম লগা - যেন অসমতে ডাঙৰ-দীঘল হোৱা এজনী অসমীয়া ছোৱালী, যদিও তাইৰ জন্ম চান ডিয়েগোতে | অতি নম্ৰ, শান্ত আৰু স্বল্পভাষী | অসমীয়া ভালকৈ ক’ব নোৱাৰে যদিও পূৰা বুজি পায় | মাক-দেউতাকে প্ৰায়ভাগ অসমীয়াতে কথা পাতে |

আমাৰ লগতে, অৰ্থাত্‍ ম‍ই, চাৰণ আৰু নূৰৰ বাহিৰেও সেইনিশা তেওঁলোকৰ আন এগৰাকী অতিথি আছিল গুৱাহাটীৰ জীয়ৰী মণিষা বৰুৱা | তেওঁ গুৱাহাটী নিবাসী অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত মৃণাল বৰুৱাৰ সন্তান | ২০০০ চনত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাই ইলেক্টনিক্স বিষয়ত আভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰম সাং কৰি মণিষাই কেইবছৰমান বাঙ্গালোৰত চাকৰি কৰাৰ পাছত আজিৰ পৰা ডেৰ বছৰমানৰ আগতে ইয়ালৈ আহি চাকৰিত যোগ দিয়ে | বৰ্তমান এক ব্যক্তিগত প্ৰতিষ্ঠানত software engineeer হিচাপে কৰ্মৰত | তেওঁৰ ককায়েকো আমেৰিকাতে কৰ্মৰত |

হাজৰিকা দম্পত্তিয়ে আমাক নিমন্ত্ৰণ কৰি অসমীয়া ব্যঞ্জনেৰে নিশাৰ আহাৰৰ বৰ সুন্দৰ ব্যৱস্থা কৰিছিল | ইয়াত একেবাৰে আশা নকৰা ধৰণে আনকি মাছৰ বিলাহী দি ৰন্ধা টেঙা আঞ্জাৰ উপৰিও কঁঠালৰ মুছিৰ তৰকাৰী খাবলৈ পাই আচৰিত হ’লো | ভাত খাই উঠাৰ পাছত আকৌ ভাৰতীয় মিঠাপান/জৰ্দাপানৰো ব্যৱস্থা আছিল | চান ডিয়েগো  চহৰত বিছাৰিলে সকলো বস্তুৱেই পোৱা যায় | ভাৰতীয় গেলামালৰ দোকানত আনকি পূজা আদিৰ বাবে কলপাতো বিক্ৰী কৰা দেখিছোঁ |

ৰাতি তাৰ পৰা ঘূৰি আহোঁতে প্ৰায় ১০:৩০ মান বাজিছিল | নূৰ বেছেৰী চাৰণৰ কোলাতে শুই গ’ল | পিছদিনা সোমবাৰ; স্কুললৈ যাবলৈ ৰাতিপুৱাতে উঠিব লাগিব | মোক ঘৰত থৈ চাৰণে নিজৰ ঘৰ পায়গৈ মানে ছাগৈ নিশা ১১:৩০ মান বাজিছিল |

চান ডিয়েগো বন্যপ্ৰাণী উদ্যানত এদিন

চান ডিয়েগোৰ চান পাস্কেল উপত্যকাত অৱস্থিত চান ডিয়েগো বন্যপ্ৰাণী উদ্যানখন দক্ষিণ কেলিফ’ৰ্ণিয়াৰ পৰ্য্যটকৰ বাবে এক অন্যতম আকৰ্ষণ | প্ৰতি বছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই নিযুত পৰ্য্যটকে এই উদ্যান পৰিদৰ্শন কৰে | উদ্যানখন ১,৮০০ একৰ মাটিত এক অৰ্ধ-অনাৰ্দ্ৰ (semi-arid) পৰিৱেশত অৱস্থিত | চাৰিওফালে শুকান পাহাৰৰ মাজত মুকলিমূৰীয়াকৈ বন্য জীৱ-জন্তু বিচৰণ কৰি থাকিব পৰাকৈ কৃত্ৰিমভাৱে এক মনোৰম প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলা হৈছে | বৰ্ত্তমানে ইয়াত ২৬০টা প্ৰজাতিৰ প্ৰায় ৩৫০০ জীৱ-জন্তু আছে | তাৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ হৰিণ-জাতীয় জন্তু (antelopes), চিটা, সিংহ, জিৰাফ, হাতী, জেব্ৰা, বনৰীয়া ঘোঁৰা, গঁড়, গৰিলা আদি অন্যতম | আফ্ৰিকা মহাদেশত পোৱা বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই উদ্যানখনৰ এক মুখ্য আকৰ্ষণ | এই জীৱ-জন্তু বিলাক নিচেই ওচৰৰ পৰা চোৱাৰ সুবিধাৰ বাবে ট্ৰাম-গাড়ীৰে ফুৰোৱাৰ সুন্দৰ ব্যৱস্থা আছে | তদুপৰি দৰ্শকে ইচ্ছা কৰিলে অলপ অধিক মাচুল দি সৰু গাড়ীৰে কেতবোৰ জীৱ-জন্তুৰ নিচেই ওচৰলৈ গৈ হাতেৰে চুই চাব পাৰে অথবা জন্তুবোৰক আহাৰ আদি যোগান দিয়া কাৰ্যতো ভাগ ল’ব পাৰে |

ঋতুৰ ওপৰত নিৰ্ভৰ কৰি উদ্যানখনত ৪০০-ৰ পৰা ৬০০-লৈকে কৰ্মচাৰীয়ে কাম কৰে | পৃথিৱীৰ সৰ্ব-বৃহত্‍ পশু চিকিত্‍সালয়খনো এই উদ্যানতে অৱস্থিত | চিকিত্‍সালয়খনৰ ওচৰতে আছে সংৰক্ষণ গৱেষণা প্ৰতিষ্ঠান, য’ত এখন শীতলীকৃত চিৰিয়াখানা (Frozen Zoo)ও আছে |
চান ডিয়েগো চিৰিয়াখানাৰ উপৰিও এই উদ্যানখন চান ডিয়েগোৰ প্ৰাণীবিজ্ঞান সমাজে (Zoologixal Society of San Diego) পৰিচালনা কৰে | ১৯৬৪ চনতে এই উদ্যান প্ৰতিষ্ঠাৰ কাম আৰম্ভ হয় যদিও ১৯৭২ চনৰ ১ এপ্ৰিলত প্ৰথম উদ্যানখনৰ দুৱাৰ দৰ্শকৰ বাবে মুকলি কৰা হয় | ২০১০ চনত ইয়াৰ পুৰণি নাম চান ডিয়েগো বন্যপ্ৰাণী উদ্যান (San Diego Wild Animal Park) সলনি কৰি চান ডিয়েগো চিৰিয়াখানা দৰ্শন উদ্যান (San Diego Zoo Safari Park) ৰখা হয় |
যোৱা ১৩ নৱেম্বৰ, ২০১০ তাৰিখে চাৰণৰ সৌজন্যত এই উদ্যানখন পৰিদৰ্শন কৰাৰ সৌভাগ্য হ’ল | আমাৰ লগত চাৰণৰ অতি মৰম লগা কণমানি কন্যা নূৰৰ উপৰিও আছিল চাৰণৰ বন্ধু এক আমেৰিকান দম্পতি – নীল (Neil) আৰু ডেলী (Delie) | দুয়ো প্ৰায় ৬০ বছৰ বয়সীয়া | বৃত্তিত নীল এজন অভিযন্তা আৰু ডেলী এগৰাকী অনুজীৱ বিজ্ঞানী | দুয়োৰে ব্যক্তিত্ব অতি আকৰ্ষণীয় | দুয়ো মিঠামুখীয়া কিন্তু স্বল্পভাষী | অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ | তেওঁলোকৰ সৈতে প্ৰায় গোটেই দিনটো একেলগে কটাই বৰ ভাল লাগিল |

বৃত্তিত নীল যদিও এজন অভিযন্তা, তেওঁ এজন পাৰদৰ্শী আলোক-চিত্ৰ শিল্পী (photographer) | বিশেষকৈ তেওঁৰ বন্যপ্ৰাণী আৰু পক্ষীৰ আলোকচিত্ৰৰ সংগ্ৰহে বিশেষজ্ঞ সকলৰ মাজত বেছ সমাদৰ লাভ কৰিছে | এই ক্ষেত্ৰত তেওঁৰ উত্‍কৃষ্ট অৱদানৰ আভাষ তেওঁৰ জালপঞ্জী (website) http://nsolomonphoto.com পৰিদৰ্শন কৰিলেই পাব পৰা যায় |

এই আদৰ্শ আমেৰিকান দম্পতি আৰু চাৰণ-নূৰৰ সৈতে কটোৱা এই দিনটোৰ কথা বোধকৰোঁ বহুদিনলৈ মোৰ মানস পটত সজীৱ হৈ থাকিব |

চান ডিয়েগোৰ সাগৰীয় জগত (SeaWorld San Diego)

চান ডিয়েগোত পদাৰ্পণ কৰা দিন ধৰি বহুজনৰ মুখত শুনি আছিলো - ইয়াৰ বিতোপন সাগৰীয় প্ৰাণীৰ উদ্যান চি-ৱৰ্ল্ডখনৰ বিষয়ে | যোৱা ৬ নৱেম্বৰ তাৰিখে চাৰণ আৰু তাইৰ কন্যা নূৰৰ সৈতে উদ্যানখন চাবলৈ যোৱাৰ সুযোগ ওলোৱাত মনটো আনন্দেৰে ভৰি পৰিল | পুৱা ১০:০০ বজাত তেওঁলোক আহি মোৰ ঘৰত উপস্থিত হ’ল | চাৰণৰ গাড়ীৰে আৰামত গৈ আমি ১০:৩৫ মান বজাত উদ্যানখ্ন পালোগৈ | উদ্যান খোলাৰ সময় ১০ বজা যদিও ইতিমধ্যে গাড়ী ৰখোৱা  ঠাইত যথেষ্ট ভিৰ | অৱশ্যে চাৰণে তিনি বছৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এখন প্লেটিনাম কাৰ্ড (Platinum card) কিনি থোৱাৰ কাৰণে গাড়ী ৰখোৱাৰ আঁচুতীয়া ঠাই পাবলৈ সক্ষম হ’ল | তাইৰ কাৰ্ডখনৰ কাৰণে মোৰ প্ৰৱেশপত্ৰৰ মূল্যতো কিছু ৰেহাই পালো | $ ৬০ ডলাৰৰ ঠাইত $ ৫৫ দি টিকট কিনিলো | দৰ্শকৰ ভিৰ যদিও টিকট কিনাৰ কাৰণে বহু সময় অপেক্ষা কৰিব নালাগে, কাৰণ আঠটাবেলেগ বেলেগ টিকট ঘৰত একে সময়তে টিকট বিক্ৰী কৰি থাকে | অতি সুশৃঙ্খলিত ব্যৱস্থা !

১৯৬৪ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লচ্‌ এঞ্জেলিছৰ চাৰিজন স্নাতকে লগ লাগি এই মনোমোহা চি-ৱৰ্ল্ডখন প্ৰতিস্থা কৰে |   প্ৰথমতে তেওঁলোকে এখন পানীৰ তলত ডুব গৈ থকা ৰেষ্টুৰাঁ নিৰ্মাণৰ কথা চিন্তা কৰিছিল | যিহেতু এই পৰিকল্পনাটো ৰূপায়্ণ কৰাটো কাৰিকৰী কাৰণত সম্ভৱ হৈ নুঠিল, তেওঁলোকে তাৰ সলনি চান ডিয়েগোৰ মিচন উপসাগৰ (Mission Bay) ৰ পাৰত ২২ একৰ (৮৯,০০০ বৰ্গমিটাৰ) মাটিত এখন সাগৰীয় প্ৰাণীৰ উদ্যান পতাৰ সিদ্ধান্ত ললে | মুঠ ১.৫ নিযুত মাৰ্কিন ডলাৰ খৰচ কৰি ৪৫ জন কৰ্মীৰ সহায়ত ডলফিন, সাগৰীয় সিংহ (Sea lion)  আৰু দুটা সাগৰীয় প্ৰাণীৰ একুৱেৰিয়ামেৰে এই কাম আৰম্ভ কৰা হল | প্ৰথম বছৰতে এই উদ্যানে চাৰি লাখতকৈও অধিক লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হল |
যদিও প্ৰথম অৱস্থাত ই সম্পূৰ্ণৰূপে এক ব্যক্তিগত খণ্ডৰ সম্পত্তি আছিল, ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে ৰাজহুৱা পূঁজি বিনিয়োগ কৰাৰ ব্যৱস্থা হল আৰু পৰৱৰ্ত্তী কালত ই কোম্পানীটোৰ বিকাশৰ বাট মুকলি কৰিলে |

বৰ্ত্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ অন্য দেশত কেইবাখনো এনে উদ্যান আছে | তাৰ ভিতৰত অৰ্লেণ্ডো, চেন্ট এন্ট’নিও, অ’হিওৰ উপৰিও ডুবাইত অৱস্থিত চি-ৱৰ্ল্ড কেইখনলৈ আঙুলিয়াব পাৰি |

চি-ৱৰ্ল্ডৰ মূল আকৰ্ষণৰ ভিতৰত অন্যতম হল ইয়াত থকা অৰ্কাছ (Orcas) বা ঘাটক তিমি (Killer Whale) - Orcinus orca | প্ৰায় ৭ নিযুত গেলন পানীৰে ভৰপূৰ জলাশয়ত বহু কেইটা এনে সাগৰীয় প্ৰাণী পোহা হৈছে | প্ৰদৰ্শনী থলিখনৰ নাম দিয়া হৈছে ছামু ষ্টেডিয়াম (Shamu stadium) | প্ৰকৃততে ১৯৬০ চনত প্ৰথমবাৰৰ কাৰণে চান-ডিয়েগো চি-ৱৰ্ল্ডলৈ অনা অৰ্কাছটোৰ নাম আছিল ছামু | এতিয়া এই নামটো প্ৰদৰ্শনীত ভাগ লোৱা যিকোনো প্ৰাপ্তবয়স্ক অৰ্কাছৰ ক্ষেত্ৰতে প্ৰয়োগ কৰা হয় | বৰ্ত্তমান চান-ডিয়েগো চি-ৱৰ্ল্ডত ছটা অৰ্কাছ আছে | সিহঁতৰ নাম হল- কৰ্কী (Corky), কাছাট্‌কা,(Kasatka), উলিছেছ (Ulises), অৰ্কিড (Orkid), নাকাই (Nakai) আৰু কালিয়া (Kalia) | যোৱা ৭ ছেপ্তেম্বৰত চুমাৰ (Sumar) নামৰ অৰ্কাছ এটাৰ মৃত্যু হয় |  
ইয়াৰ উপৰিও অন্য জীৱ-জন্তুৰ ভিতৰত উল্লেখযোগ্য হ’ল -  ডলফিন (Dolphin), সাগৰীয় সিংহ (Sea lion), প’লাৰ বিয়েৰ (Pollar bear) বা ব্গা ভালুক, পেঙ্গুইন, (Penguin) বগা বেলুগা তিমি (Beluga whale), ৱাল্‌ৰাছ (Walrus), চাৰ্ক (Shark), অটাৰ (otter) আদি | তাৰ উপৰিও বিভিন্ন প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিবলৈ ৰখা হৈছে প্ৰশিক্ষিত পোহনীয়া জন্তু, যেনে কুকুৰ, গাহৰি, মেকুৰী, বিভিন্ন প্ৰজাতিৰ চৰাই ইত্যাদি | অৱশ্যে এই জীৱ-জন্তুবিলাক কেৱল প্ৰদৰ্শনৰ বাবে চিৰিয়াখানাৰ নিচিনাকৈ ইয়াত গঁৰালৰ ভিতৰত ভৰাই ৰখা হোৱা নাই | বৰঞ্চ অৰ্কাছ, ডলফিন, সাগৰীয় সিংহ, অটাৰ আদিকে ধৰি প্ৰায়বিলাক জন্তুকে অভিনৱ দৰ্শনীত বিভিন্ন কলাত্মক প্ৰদৰ্শনত ভাগ লোৱাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে | এনে দৰ্শনী বোৰত এইবিলাক সাগৰীয় প্ৰাণীয়ে মানুহৰ আঙুলিৰ নিৰ্দেশত সঙ্গীতৰ তালে-তালে যিবিলাক আশ্চৰ্য্যজনক কছৰতত অংশ লয়, প্ৰকৃততে নেদেখিলে তাক বিশ্বাস কৰিব নোৱাৰি | স্বাভাৱিক বাসস্থানত সাধাৰণতে মানুহৰ সংস্পৰ্শত নথকা এনেবোৰ সাগৰীয় প্ৰাণীৰ পিঠিত উঠি সুদৰ্শন যুৱক-যুৱতীয়ে দেখুওৱা ক্ৰিয়া-কলাপ অতি বিস্ময়কৰ আৰু আনন্দদায়ক | 
চি-ৱৰ্ল্ডৰ আন এক আকৰ্ষণ হ’ল তাত থকা ৩২০ ফুট (৯৮ মিটাৰ) ওখ আকাশী-স্তম্ভ (Sky-tower) | ১৯৬৯ চনত ইয়াক প্ৰতিস্থা কৰা হৈছিল আৰু ২০০২ চনত ইয়াক ন-ৰূপত সজোৱা হয় | এতিয়া দৰ্শকে ইয়াত উঠি ছ্য় মিনিটৰ এক যাত্ৰাত চি-ৱৰ্ল্ডৰ লগতে সমগ্ৰ চান-ডিয়েগো চহৰৰ অপূৰ্ব শোভা উপভোগ কৰিব পাৰে | প্ৰতি মিনিটত ১৫০ ফুট বেগত চক্ৰাকাৰে ঘূৰি ঘূৰি ই দৰ্শকসকলক এটা সুৰক্ষিত কেপ্‌ছুলৰ ভিতৰত সুমাই ওপৰলৈ লৈ যায় |

স‍ঁচাকৈয়ে চান-ডিয়েগোৰ চি-ৱৰ্ল্ডত মোৰ এই দিনযোৰা অভিজ্ঞতা আছিল চিৰস্মৰণীয় !

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় (Natural History Museum)

চান ডিয়েগো চহৰৰ এক মূল আকৰ্ষণ হ’ল - বেল্‌বোৱা পাৰ্ক (Balboa Park) | প্ৰায় ৪.৯ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত ই এক বিশাল নগৰীয়া সাংস্কৃতিক উদ্যান (Urban Cultural Park) | স্পেইন দেশীয় পৰ্য্যটক ভাস্কো নুনেজ দি বেল্‌বোৱা (Vasco Nunez de Balboa)-ৰ নামেৰে এই উদ্যানখনৰ নামকৰণ কৰা হৈছে | ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন অন্যতম পুৰণি ৰাজহুৱা উদ্যান |

অপূৰ্ব প্ৰাকৃতিক শোভাৰ উপৰিও এই উদ্যানৰ ভিতৰত আছে - ১৫ টা সংগ্ৰহালয়, থিয়েটাৰ ঘৰ, ফুলৰ বাগিছা, বিপণী, ৰেষ্টুৰাঁ আৰু পৃথিৱীৰ সৰ্ববৃহত্‍ চিৰিয়াখানা - চান ডিয়েগো চিৰিয়াখানা | এই চিৰিয়াখানাখনৰ বিষয়ে ম‍ই ইতিমধ্যে স্তানান্তৰত লিখিছোঁ |

যোৱা ৩১ অক্টোবৰত চাৰণহঁতৰ লগত বেল্‌বোৱা পাৰ্কলৈ যোৱাৰ আন এক সৌভাগ্য হৈছিল | এইবাৰ উদ্দেশ্য আছিল বিশেষকৈ তাত থকা প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় (Natural History Museum) টো পৰিদৰ্শন কৰা | চাৰণে তাইৰ মৰম লগা কণমানি ছোৱালীজনী - নূৰক লগত লৈ বোলে প্ৰায়েই এই উদ্যানলৈ যায় | সেইকাৰণে তাই গোটেই বছৰটোৰ বাবে প্ৰযোজ্য হোৱাকৈ পৰিয়াল-প্ৰৱেশপত্ৰ (Family Pass)  এখন লৈ থৈছে | গতিকে আমি উদ্যানত সোমোৱাৰ বাবে প্ৰৱেশপত্ৰ লোৱাৰ প্ৰয়োজন নহ’ল |

বেল্‌বোৱা উদ্যানত থকা বিভিন্ন সংগ্ৰহালয়ৰ ভিতৰত উল্লেখযোগ্য হ’ল - সাংস্কৃতিক কলা কেন্দ্ৰ (Centro Cultural de la Raza), জাপানী বন্ধুত্ব উদ্যান (Japanese Friendship Garden), চান-ডিয়েগো বায়ু আৰু মহাকাশ সংগ্ৰহালয় (San Diego Air & Space Museum), আলোক চিত্ৰকলা সংগ্ৰহালয় (Museum of Photographic Arts), চান-ডিয়েগো মানৱ সংগ্ৰহালয় (San Diego Museum of Man) আৰু চান-ডিয়েগো প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় (San Diego Natural History Museum) আদি |

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ অন্যতম মুখ্য আকৰ্ষণ হ’ল - তাত থকা জীৱন্ত সৰীসৃপৰ প্ৰদৰ্শনী, অধুনালুপ্ত ডাইন’চৰৰ বিভিন্ন প্ৰজাতিৰ জঁকা, হাঁড়, কণী, জীৱাশ্ম আদিৰ সংগ্ৰহ আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা নানাবিধ মূল্যবান প্ৰাকৃতিক মণি-মুকুতা আৰু পাথৰ তথা অলংকাৰৰ বিশাল প্ৰদৰ্শনী | সংগৃহীত জীৱ-জন্তু আৰু আন মূল্যবান সামগ্ৰীসমূহ ইমান নিয়াৰিকৈ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হৈছে যে কেইবাঘণ্টা ধৰি চাই থাকিলেও হেঁপাহ নপলায় |
বিশেষকৈ জীৱন্ত সৰীসৃপৰ প্ৰদৰ্শনীখনে মোক বৰকৈ মোহিত কৰিলে | তাৰ ভিতৰত আছিল বিভিন্ন প্ৰজাতিৰ নানা-ৰঙী আৰু ভিন-ভিন আকাৰৰ জেঠী জাতীয় প্ৰাণীসমূহ আৰু ভিন্ন প্ৰজাতিৰ সাপ | পাৰিপাৰ্শ্বিকতাৰ সৈতে খাপ খুৱাই নিজৰ শৰীৰৰ ৰং সলনি (camouflage) কৰিব পৰা কেতবোৰ প্ৰাণীক প্ৰদৰ্শন বাকছৰ ভিতৰত বিছাৰি উলিয়াবলৈকে টান |

সেইসময়ত উদ্যানৰ ভিতৰত কেইবাটাও ভিন-ভিন দৰ্শনী (Show) চলি আছিল যদিও সময়ৰ অভাৱত আমি চোৱাৰ পৰা বিৰত থাকিলো , কাৰণ সেইদিনা আছিল Halloween উত্‍সৱৰ দিন | গতিকে গধূলিলৈ চাৰণহঁতৰ ঘৰত এই উত্‍সৱৰ আনন্দ উপভোগ কৰাৰ কথা !

হেল’উইন (Halloween) উত্‍সৱ

কালি আছিল ৩১ অক্টোবৰ | সমগ্ৰ উত্তৰ আমেৰিকাত উত্‍সৱৰ দিন | এই হেল’উইন (Halloween) উত্‍সৱ উত্তৰ আমেৰিকাৰ উপৰিও কানাডা, আয়াৰলেণ্ড, স্কটলেণ্ড আদি দেশতো পালন কৰা হয় |  লোকবিশ্বাস অনুসৰি এই উত্‍সৱ চেল্টিক চেম্‌হেইন (Samhain) উত্‍সৱৰ পৰা আৰম্ভ হৈছিল | চেম্‌হেইনৰ পুৰণি বানান আছিল Samuin (sow-an বা sow-in হিচাপে উচ্চাৰিত হয়), আইৰিছ ভাষাত যাৰ অৰ্থ হ’ল summer's end, অৰ্থাত্‍ জহকালিৰ সমাপ্তি | প্ৰাচীন লোকবিশ্বাস মতে এই সময়ত আমাৰ পৃথিৱী আৰু সিপুৰী (আন্ধাৰ জগত)ৰ মাজত দূৰত্ব কমি যায় আৰু ভাল-বেয়া, অৰ্থাত্‍ হিতকাৰী আৰু অনিষ্টকাৰী প্ৰেতাত্মাবোৰ পৃথিৱীলৈ নামি আহি মানুহৰ মাজত ঘূৰি ফূৰে | সেয়েহে নিজৰ স্বৰ্গগত আত্মীয়-স্বজনৰ আত্মাক আদৰণি জনোৱা হয় আৰু অনিষ্টকাৰী প্ৰেতাত্মাবোৰক খেদি পঠাবৰ বাবে এই উত্‍সৱ পালন কৰা হয় |

মানুহৰ ঘৰে-ঘৰে পদুলি মূৰত মকৰা-জাল, ভূত-প্ৰেতৰ মুখা, জীৱ-জন্তুৰ হাঁড় আদিৰে ভয় লগা পৰিৱেশৰ সৃষ্টি কৰা হয় আৰু ৰঙালাওৰ ভিতৰৰ শাহখিনি গুচাই মানুহৰ মুখৰ আকৃতিৰ ৰূপ দি চকু-নাক-মুখৰ ফুটা কৰি তাৰ ভিতৰত মমবাতি জ্বলাই ৰখা হয় | আয়াৰলেণ্ড, স্কটলেণ্ড আদিত এই কামৰ বাবে লাওৰ সলনি চালগোম (turnip)ৰ ব্যৱহাৰ কৰা হ্য় | সৰু ল’ৰা-ছোৱালী বিলাকে বিভিন্ন ধৰণৰ পোছাক  আৰু প্ৰেতাত্মা আদিৰ মুখা পৰিধান কৰি জাক পাতি পাতি মানুহৰ ঘৰে-ঘৰে ঘূৰি ফূৰে আৰু গৃহস্থক প্ৰশ্ন কৰে - `trick-or-treat`? প্ৰকৃততে trick শব্দটো threat ৰ পৰা আহিছে | অৰ্থাত্‍ আপোনালোকক ভয় খুৱাম নে আমাক কিবা খাবলৈ দিব? আয়াৰলেণ্ড, স্কটলেণ্ড আদিত ল’ৰা-ছোৱালীবোৰে ইয়াৰ সলনি অন্যধৰণৰ trick কৰে, অৰ্থাত্‍ নাচ-গান কৰে অথবা ভুত-পিঁশাচৰ ভয় লগা সাধু কয় | তাৰ বিনিময়ত গৃহস্থ‍ই সিহঁতক খোৱা-বস্তু বিশেষকৈ মৰ্টন, চক্‌লেট আদি দিয়ে |

কালি আগবেলাতে মোক মোৰ প্ৰাক্তন ছাত্ৰী (আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ) চাৰণে ফোন কৰিলে | দুপৰীয়া ১২ মান বজাত আহি মোক ঘৰৰ পৰা তাইৰ গাড়ীৰে লৈ গ’লহি | লগত তাইৰ একমাত্ৰ কন্যা-সন্তান নূৰ আৰু তাইৰ ভাৰাতীয়া তথা পৰিয়ালৰ বন্ধুৰ সন্তান আমেৰিকান ল’ৰা ডেনিয়েল | দিনটো তেওঁলোকৰ সৈতে বিভিন্ন ঠাইত ফূৰা-চকা কৰিলো | তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ পাৰ আৰু বেল্বোৱা পাৰ্ক অন্যতম | এইবিলাকৰ বিষয়ে পিছত বেলেগকৈ লিখিম |

সন্ধিয়া হোৱাৰ আগে-আগে আমি চাৰণৰ ঘৰ পালোগৈ | আন্ধাৰ হোৱাৰ লগে-লগে নূৰৰ ফূৰ্ত্তিৰ অন্ত নাই | ৰং-বিৰঙৰ পোছাক পিন্ধি হাতত সৰু ধুনীয়া মোনা এখন লৈ ওলাল | লগত আকৌ ভুতৰ বেশভূষাত ডেনিয়েল | প্ৰতিৱেশী ল’ৰা-ছোৱালীবোৰৰ লগ লাগি ঘৰে-ঘৰে চক্‌লেট (candy) বিছাৰি গ’ল | চাৰণহঁতৰ ঘৰৰো পদূলিখন ধুনীয়াকৈ সজাইছে | আমি চকী পাৰি বাৰাণ্ডাত বহি সকলোৰে আলেখ-লেখ চাই থাকি বৰ আনন্দ পালো | সৰু ল’ৰা-ছোৱালী বোৰৰ লগতে মাক-দেউতাকবোৰো যেন আনন্দত মতলীয়া; সিহঁতৰ লগে-লগেই ফূৰিছে | কোনো-কোনোৱে বিভিন্ন ধৰণৰ ভয় লগা বেশ-ভূষাও কৰিছে আৰু ল’ৰা-ছোৱালীহঁতক লগ দিছে |

গোটেই সন্ধিয়াটো বেছ আনন্দেৰে পাৰ কৰিলো | তাৰ মাজতে কিন্তু চাৰণে এটা কথা পাহৰা নাছিল যে কালি আছিল মোৰ জ্ন্মদিন | নিশা মোক ভাড়াঘৰত থ’বলৈ অহাৰ আগে-আগে জন্মদিনৰ কেক্‌ কটাৰো ব্যৱস্থা কৰি থৈছিল | ম‍ই অভিভূত হ’লো | হেল’উইনৰ এই উত্‍সৱে মোক আমাৰ কাতি বিহুলৈ মনত পেলাই দিলে | সৰুতে আমিও কাতি বিহুত এইদৰে পদূলিয়ে-পদূলিয়ে তুলসীৰ আগত নাম গাই-গাই ঘূৰি ফূৰিছিলো আৰু গৃহস্থ‍ই আমাক প্ৰসাদ আৰু আন খোৱা বস্তুৰে আপ্যায়িত কৰিছিল | ম‍ইতো আমাৰ প্ৰতিৱেশী ল’ৰা-ছোৱালী বিলাকৰ এক প্ৰকাৰ নেতাই আছিলো আৰু আনকি মেট্ৰিক পৰীক্ষা পাছ কৰালৈকে এইটো দলত নিজকে জড়িত কৰি ৰাখিছিলো | প্ৰতিৱেশী সকলেও মোক বৰ মৰম কৰিছিল |

জৈৱ-প্ৰযুক্তি আৰু উত্তৰ-পূৰ্বাঞ্চল

আজি মোৰ বাবে বৰ আনন্দৰ দিন | একেটা উত্‍সৰে পৰা অগা-পিছাকৈ অহা দুটা ভাল খবৰে মনটো ভৰাই তুলিছে !

যোৱা বছৰ মে’ মাহত ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এখন আলোচনা সভাৰ আয়োজন কৰিছিল | তাত ভাৰত চৰকাৰৰ ফালৰ পৰা উপস্থিত আছিল -  জৈৱ-প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান আৰু উপদেষ্টা ডঃ টি, মদনমোহন | আলোচনাৰ বিষয়-বস্তু আছিল - উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশ আৰু তাৰ বাবে ল’বলগীয়া ব্যৱস্থা | সৌভাগ্যক্ৰমে, সেই সভাৰ আৰম্ভণিতে বক্তব্য ৰখাৰ বাবে মাননীয় ডঃ টি, মদনমোহন ডাঙৰীয়াই মোক অনুৰোধ জনাইছিল | ম‍ই মোৰ বক্তব্যত উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশৰ সম্ভাৱনীয়তা, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আদি বিষয়ত আলোকপাত কৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা ল’ব পৰা এলানি আঁচনিৰ প্ৰস্তাৱ কৰিছিলো | সভাত উপস্থিত সকলোৱেই আনন্দিত হ’ল - যেতিয়া মোক এক প্ৰকাৰ আচৰিত কৰি এই প্ৰস্তাৱিত আঁচনিসমূহৰ প্ৰতি কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান ডাঙৰীয়াই অতি আগ্ৰহ দেখুৱালে আৰু মোক নিৰ্ধাৰিত ১৫ মিনিটৰ সলনি প্ৰায় ৪৫ মিনিট বক্তব্য ৰাখিবলৈ সুযোগ দি আঁচনি সমূহৰ বিষয়ে পূংখানুপূংখ ৰূপে আলোচনা কৰাৰ ব্যৱস্থা কৰিলে |

পৰৱৰ্ত্তী পৰ্য্যায়ত ভাৰত চৰকাৰৰ অনুৰোধ মৰ্মে ম‍ই আঁচনি সমূহৰ সৱিশেষ দাখিল কৰিলো আৰু সেই মৰ্মে আঁচনি সমূহ পৰ্য্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ জৈৱ-প্ৰযুক্তি বিভাগে সিদ্ধান্ত ল’লে আৰু ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ’ল |

তাৰে এখন আঁচনি অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিমকে ধৰি গোটেই কেইখন ৰাজ্যৰ কেতবোৰ বছা-বছা উচ্চশিক্ষাৰ অনুষ্ঠানত একোটাকৈ জৈৱ-প্ৰযুক্তি কেন্দ্ৰ (Biotech Hub) স্থাপন কৰি জৈৱ-প্ৰযুক্তি আৰু আধুনিক জীৱবিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ঠিক সেইদৰে আন এখন আঁচনি অনুসৰি নিৰ্বাচিত কেতবোৰ বিদ্যালয়ৰ পুথিভঁৰালত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা | পৰৱৰ্ত্তী সময়ত জৈৱ-প্ৰযুক্তি বিভাগৰ উচ্চ-ক্ষমতা সম্পন্ন এক বিশেষজ্ঞ সমিতিৰ অন্যতম সদস্য হিচাপে আঁচনি সমূহৰ ৰূপায়ণৰ দিশত লোৱা পদক্ষেপত অংশ গ্ৰহণ কৰাৰ কিছু সুযোগ পাওঁ | যোৱা প্ৰায় এবছৰ কাল বিভিন্ন স্তৰত কাম-কাজ চলি থকাৰ মূৰত শেহতীয়াকৈ দুয়োখন আঁচনি ৰূপায়িত কৰাৰ কাৰণে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে জাননী জাৰি কৰিছে |

এই অনুসৰি, প্ৰথম পৰ্য্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৩৫ খন উচ্চশিক্ষাৰ অনুষ্ঠানক প্ৰতিখনকে ২৭ লাখ টকাকৈ আগবঢ়োৱা হৈছে | তাৰ ভিতৰত আছে অসমৰ ২৩ খন শিক্ষানুষ্ঠান | আনহাতে, দ্বিতীয়খন আঁচনিৰ অধীনত ৪৭ খন বিদ্যালয়ৰ প্ৰতিখনলৈ আগবঢ়োৱা হৈছে ২.১ লাখ টকাকৈ |  তদুপৰি ইন্টাৰনেটৰ সুবিধা বাহাল ৰখাৰ বাবে প্ৰতিখন বিদ্যালয়ে প্ৰতিবছৰে বিশ হাজাৰ টকাকৈ লাভ কৰিব |

আশাকৰোঁ এই আঁচনি দুখনৰ সফল ৰূপায়ণে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক জগতত প্ৰচূৰ বৰঙণি যোগাবলৈ সক্ষম হ’ব ! অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ’ব কেন্দ্ৰসমূহৰ সৈতে জড়িত শিক্ষক তথা বিজ্ঞানীসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্ত্তব্যনিষ্ঠা |

ৰঙালাও

এতিয়া ইয়াত ৰঙালাওৰ বতৰ | চাৰিওফালে গেলামালৰ দোকানবোৰত (grocery stores)  ৰঙালাওৰ পয়োভৰ | পিছে ৰঙালাও বুলি ক’লে কি হ’ব ! কেৱল ৰঙাই নহয় বগা, হালধীয়া আনকি তীব্ৰ ৰঙা ৰঙৰ ৰঙালাও (?) দোকানবোৰত ভৰি আছে | কিনোতাৰো যথেষ্ট ভিৰ | আজি দেখিলো এগৰাকী মহিলাই নিজৰ গাড়ীত ৫/৬ টা মান ৰঙালাও তুলি ল’লে | এওঁলোকে ৰঙালাওৰেই বিভিন্ন ব্যঞ্জন ৰান্ধে | একো সাজ কেতিয়াবা কেৱল ৰঙালাওৰে ৰন্ধা ব্যঞ্জনেৰেই চলাই দিয়ে | মোৰ ভাড়াঘৰৰ মালিকনীয়ে সিদিনা তেনেকৈ ৰঙালাওৰ পুডিং ৰন্ধা দেখিলো | গিৰীয়েক-ঘৈণীয়েকে সেইদিনা তাকে খাই নিশাটো পাৰ কৰিলে | লগত কিছু ফলমূল আৰু সুৰা |

বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি দেখিছো যদিও আমাৰ দৰে বনশাক বা ৰঙালাওৰ আগ হ’লে দেখা নাই | আমাৰ ৰঙালাওৰ আগৰ লগত দীঘ্ল-দীঘলকৈ কটা তিতা-কেৰেলা, খৰুৱা বেঙেনা, আলু-পিঁয়াজ আদি মিহলাই ৰন্ধা ভাজিখনৰ সোৱাদ মনত পৰিলেই লোভ লাগি যায় | সৰুতে মোৰ আন এটা প্ৰিয় বস্তু আছিল মিঠাতেলত ভজা ৰঙালাওৰ ফুল | লগত মুৰ্গীৰ কণী এটা ভাঙি দিলেতো আৰু কথাই নাই ! এনেবোৰ সোৱাদ লোৱাৰ ভাগ্য এওঁলোকৰ ক’ত ! 

ভাৰতীয় খাদ্যৰ জুতিয়ে মোৰ ভাড়াঘৰৰ মালিক দম্পতীটোক ভালকৈয়ে মুহিছে | মোৰ সৈতে দুদিন গৈ `Little India'-ৰ ভাৰতীয় ৰেষ্টুৰাঁত খোৱাৰ পৰা তেওঁলোক দুয়ো ভাৰতীয় ব্যঞ্জনৰ প্ৰেমত পৰিল | কালি মোক পুণৰ কৈছে - ম‍ই ইয়াৰ পৰা ঘূৰি যোৱাৰ আগতে তেওঁলোকে অন্ততঃ আকৌ এবাৰ তালৈ যাব খোজে | কথাটো জানি মোৰো ভাল লাগিছে |

জোখ-মাখৰ পদ্ধতি


সমগ্ৰ বিশ্ব‍ই মানি লোৱা জোখ-মাখৰ বিজ্ঞান-সন্মত পদ্ধতিটো হ’ল মেট্ৰিক পদ্ধতি |  আমাৰ স্কুলীয়া পাঠ্যপুথিত এই বিষয়টো যথোপযুক্তভাৱে অন্তৰ্ভুক্ত কৰা হৈছে, যাতে শিশুসকলে সৰুকালৰ পৰাই এই পদ্ধতিৰ সৈতে পৰিচিত হ্য় | ব্যৱসায়ৰ সকলো ক্ষেত্ৰতে এই পদ্ধতিৰে সকলো জোখ-মাখ কৰাটো আমাৰ দেশত আইনমতে বাধ্যতামূলক | 

কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল - বিশ্বৰ ভিতৰতে বৈজ্ঞানিক উন্নতিৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া দেশ আমেৰিকাত এতিয়াও পুৰণি বৃটিছ পদ্ধতিৰেই জোখ-মাখ কৰা হ্য় | দোকান-বজাৰত বস্তু বিক্ৰী কৰা হয়, পাউণ্ডৰ জোখেৰে, কিলোগ্ৰামৰ জোখত নহয় | ঠিক তেনেদৰে দূৰত্ব জোখা হয় মাইলৰ হিচাপত, কিলোমিটাৰৰ হিচাপত নহয়; উষ্ণতাও প্ৰকাশ কৰা হয় ফাৰেণহাইটত, চেলচেয়াচত নহয় | ইও এক বুজিব নোৱাৰা সাঁ‍থৰ !

আমেৰিকান জীৱনধাৰা - ৪

সম্বোধন

আমেৰিকান সকল তেওঁলোকৰ কথা বতৰা আৰু আচৰণৰ ক্ষেত্ৰত যদিও বেছ সংয্মী আৰু অতিশয় শিষ্টাচাৰী, এটা কথাত আচৰিত লাগে যে নিজৰ মাক-দেউতাক বা পৰিয়ালৰ জ্যেষ্ঠ দুই-এজনৰ বাহিৰে সকলোকে তেওঁলোকে নাম ধৰি মাতে | আমাৰ দেশৰ দৰে সকলোৰে বাবে বেলেগ-বেলেগ সম্বোধনতো ব্যৱ্হাৰ নকৰেই, আনকি অফিচ-কাছাৰীতো নিজৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ বেলিকাও চাৰ সম্বোধন নকৰে, নাম ধৰিয়েই মাতে | পোনপ্ৰথমে এই ক্ষেত্ৰত মোৰ অলপ অসুবিধাই হৈছিল, কাৰণ আগেয়ে ই-মেইলৰ যোগেদি ডঃ মাইকেল মেকক্লিলেণ্ডৰ সৈতে যোগাযোগ কৰোঁতে তেওঁক চাৰ সম্বোধন কৰিছিলো; কিন্তু ইয়াত আহি পোৱাৰ পাছ্ত প্ৰথমবাৰ লগ পাওঁতেই তেওঁ মোক নাম ধৰি মাতিবলৈ ক’লে | অভ্যাস কৰোঁতে কেইদিনমান লাগিল | কিন্তু যেতিয়া দেখিলো আমাৰ প্ৰতিষ্ঠানৰ আটাইতকৈ কনিষ্ঠ তাৰ্কীৰ নেফিছে নামৰ ছোৱালী জনীৰ পৰা আৰম্ভ কৰি টেক্‌নিচিয়ান, ৰিচেপ্‌চনিষ্ট আদি সকলোৱে তেওঁক নাম ধৰিয়েই মাতে, লাহে-লাহে সকলো সহজ হৈ গ’ল |

সাজ-পোছাক

ব্ৰিটিছ্সকলৰ সৈতে আমেৰিকান সকলৰ এটা অন্যতম পাৰ্থক্য হ’ল তেওঁলোকৰ সাজ-পাৰ | আমেৰিকান সকল এই ক্ষেত্ৰত অতি অনানুষ্ঠানিক বা কেজুৱেল (casual) | আজিলৈকে যোৱা চাৰিটা মাহ্ত ম‍ই আমাৰ প্ৰতিষ্ঠানৰ কাকোৱেই চুট-টাই পৰিধান কৰা দেখা নাই, যদিওবা কেইবাটাও আনুষ্ঠানিক কাৰ্য্যসূচী ইতিমধ্যে পাৰ হৈ গৈছে | প্ৰায়ভাগ মানুহেই সাধাৰণ সাজ-পোছাক পিন্ধে | তেওঁলোকে কেৱল নিজৰ পছন্দ আৰু আৰামকহে প্ৰাধান্য দিয়ে | কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ প্ৰায়বিলাক ল’ৰা-ছোৱালীয়েই দেখিছো চুটি পেন্ট বা স্কাৰ্ট পৰিধান কৰি ক্লাছলৈ যায় | কাপোৰ-কানিৰ ক্ষেত্ৰত বহুতকে আনকি জধলা বুলি ক’লেও অত্যুক্তি কৰা নহয় | সৰহভাগ পুৰুষ-মহিলাই জিন্‌চৰ পেন্ট পিন্ধে; লগত পিন্ধে সাধাৰণ এটা টি-চাৰ্ট (T-shirt) | আমাৰ প্ৰতিষ্ঠানৰে দুজনমান বিজ্ঞানীয়ে অফিচলৈকো জিন্‌চৰ হাফ-পেন্ট এটা পিন্ধিয়েই আহে | বতৰ ঠাণ্ডা হ’লে সকলোৱে সাধাৰণতে টুপীৰে সৈতে থকা একোটা হলৌ-মলৌ জেকেট পৰিধান কৰে | উচ্চ পদবীত কৰ্মৰত পুৰুষ একোজনে এনে পোছাকো পিন্ধা দেখিছো, যিটো আমাৰ তাত পিন্ধিলে হয়তো সকলোৱে হাঁহিলেহেঁতেন | কিন্তু ইয়াত কোনেও কাৰো ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ নকৰে | হঁহাৰতো প্ৰশ্ন‍ই নুঠে ! দিনটোৰ যিকোনো সময়তে, বিশেষকৈ পুৱা-গধূলি ৰাস্তাত খালি গাৰে চুটি হাফ-পেন্ট এটা পিন্ধি চাইকেল চলাই বা দৌৰি ফুৰা যিকোনো বয়সৰ পুৰুষ দেখা পোৱাটো একেবাৰে নিত্য-নৈমিত্তিক কথা |

কাপোৰ ইস্ত্ৰি কৰি পিন্ধাৰো অভ্যাস কাৰোৱেই নাই বুলিব পাৰি | পোন প্ৰথমে ম‍ই মোৰ কাপোৰ-কানিবোৰ শনি বা দেওবাৰে ধোৱাৰ পাছ্ত মোৰ ভাড়াঘৰৰ মালিকৰ পৰা তেওঁলোকৰ ইস্ত্ৰিটো লৈ ইস্ত্ৰি কৰিছিলো আৰু একেদিনাই সেইটো ঘূৰাই দিছিলো | কিন্তু তেওঁলোকে ইস্ত্ৰিটো  মোৰ লগতে ৰাখিবলৈ ক’লে, কিয়নো তেওঁলোকে বোলে কোনোদিনেই ইয়াক ব্যৱহাৰ নকৰে | ম‍ই লক্ষ্য কৰি দেখিলো যে ইয়াত প্ৰায়বিলাক মানুহেই ইস্ত্ৰি নকৰাকৈয়ে কাপোৰ পিন্ধে, লাগিলে সি জপৰা হৈয়ে থাকক ! গতিকে আজিকালি ময়ো সেই পথকে অনুসৰণ কৰোঁ | ইয়ালৈ আহোঁতে মোৰ লগত চুট-টাই এযোৰো লৈ আহিছিলো - ভাবিছিলো কেতিয়াবা কোনো আনুষ্ঠানিক কাৰ্য্যসূচীত অংশ লোৱাৰ সময়ত প্ৰয়োজন হ’ব পাৰে | কিন্তু আজিলৈকে এদিনো ব্যৱ্হাৰ কৰিব লগীয়া হোৱা নাই | বোধকৰোঁ আগলৈও নহ’ব !

আমেৰিকান জীৱনধাৰা - ৩

উপৰুৱাকৈ চালে যদিওবা আমেৰিকান সকলৰ জীৱন অতি মধুময় আৰু সুখ-স্বাচ্ছন্দ্যৰে ভৰা, তেওঁলোকৰো সমস্যা আছে | স্থানান্তৰত এই বিষয়ে কিছু উল্লেখ কৰিছোঁৱেই |

ইয়াত চাৰিচকীয়া যান-বাহনৰ বাহুল্যৰ কথাও আগেয়ে উল্লেখ কৰিছোঁ | একোটা মধ্যবিত্ত পৰিয়ালত ঘৰৰ প্ৰাপ্তবয়স্ক প্ৰায় প্ৰতিজন মানুহৰে নিজা নিজা বাহন আছে | কিন্তু তাৰ বিপৰীতে একোটা থকা ঘৰত সাধাৰণতে এটা বা সৰ্বাধিক দুটা গেৰেজ বা গাড়ী থোৱা ঘৰ থাকে | গতিকে, ৰাতি-বিয়লি গাড়ী ৰখোৱা বা পাৰ্কিং কৰাটো প্ৰায়ভাগ মানুহৰে এটা বিৰাট সমস্যা | ফলত আপুনি দেখা পাব গধূলি ৰাস্তাৰ কাষত শাৰী শাৰী গাড়ী | চেভ্ৰলেট, টয়টা আদি বিভিন্ন কোম্পানীৰ ভিন ভিন মডেলৰ শ-শ গাড়ী ৰ’দে-বৰষুণে ৰাস্তাত পৰি থকা দেখি দুখেই লাগে ! স্বাভাৱিকতে প্ৰশ্ন হয়, ইয়াত গাড়ী চুৰি নহয়নেকি? খবৰ লৈ জানিবলৈ পোৱা মতে গাড়ী চুৰিৰ ঘটনা সংখ্যাত কম যদিও একেবাৰে নোহোৱা নহয় | আমাৰ প্ৰতিষ্ঠানৰ য়লাণ্ডি চেঙৰ গাড়ী এখনো যোৱা বছৰ তেওঁলোক দুদিনৰ বাবে লছ এঞ্জেলিছলৈ ফুৰিবলৈ যাওঁতে চুৰি হৈছিল | অৱশ্যে পিছত পুলিচে উদ্ধাৰ কৰিলে |

যোৱা সপ্তাহত মোৰ ভাড়াঘৰৰ ওচৰতে ৰাতি এটা ঘটনা হ’ল | ৰাস্তাত থোৱা দুখন গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্ত‍ই কিবা-কিবি গাড়ীৰ ভিতৰত থকা বস্তু লৈ গ’ল | 



অফিচ-কাছাৰী অথবা বজাৰ-সমাৰত অৱশ্যে গাড়ী ৰখাৰ সুন্দৰ ব্যৱস্থা আছে | প্ৰতিখন গাড়ী ৰখোৱাৰ ঠাই অঙ্কিত কৰি থোৱা থাকে, যাতে কোনেও ওপৰা-ওপৰিকৈ পাৰ্কিং নকৰে | লগতে প্ৰতিটো পাৰ্কিং এলেকাত এটা বা ততোধিক স্থান শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে সংৰক্ষিত থাকে | আৱাসিক এলেকা বিলাকত আকৌ অতিথিৰ গাড়ী ৰখাৰ বাবে স্থান নিৰ্দ্দিষ্টকৈ নিৰ্দ্ধাৰিত কৰা থাকে | তদুপৰি, মাজে-মাজে কেতবোৰ স্থান সংৰক্ষিত কৰা থাকে জৰুৰীকালীন অৱস্থাত জুই নুমুৱা গাড়ী ৰখোৱাৰ বাবে | সেইবাবে তেনে স্থানত লিখা থাকে - 'Fire Lane, No Parking' | আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সকলোৱে এই নিয়মবোৰ মানি চলে | আমাৰ গুৱাহাটীৰ দৰে কোনেও নিয়ম ভঙ্গ নকৰে | আৰু এটা কথা - ইয়াত সাধাৰণতে 'No Parking'-ৰ সলনি লিখা হয় - 'Tow Away' বুলি |

গ্ৰাহক সুৰক্ষা

আমেৰিকাত গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বৰ সুন্দৰ ব্যৱস্থা আছে | মোৰ সৈতে বম্বে বাজাৰ নামৰ ভাৰতীয় দোকানখনলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈ মোৰ ভাড়াঘৰৰ মালিকনীৰ ভৰি ভগাৰ কথা আগতে উল্লেখ কৰিছোঁ | এই ঘটনাৰ পাছত তেওঁলোকে ইতিমধ্যে দোকান কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ লাভৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে | তেওঁলোকে মোক কোৱামতে এনেদৰে উপযুক্ত ক্ষতিপূৰণ  পোৱাটো প্ৰায় খাটাং |

গ্ৰাহকসকলৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ হ’ল সকলো সামগ্ৰীৰে নিৰ্দ্ধাৰিত মূল্য জনাৰ অধিকাৰ | ইয়াত সকলো সামগ্ৰীৰে মুল্য গ্ৰাহকৰ বাবে স্পষ্টকৈ লিপিৱদ্ধ কৰা থাকে | আনকি শাক-পাচলি বা অন্যান্য খুচুৰা বস্তুৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় | একোখন গেলামালৰ দোকান আমাৰ গুৱাহাটীৰ ছয়মাইলত থকা ‘নয়নতৰা চুপাৰ মাৰ্কেট’ৰ দহগুণ মান ডাঙৰ হ’ব | কিন্তু প্ৰতিবিধ সামগ্ৰীৰে দাম স্পষ্টকৈ লিখা থাকে  আৰু কোনো দোকানতে সাধাৰণতে দৰ-
দাম নচলে অৰ্থাত্‍ burgain নহয়, ধৰা-বন্ধা দাম |

গ্ৰাহকসকলৰ আৰু এটা সুবিধা হ’ল - যিকোনো সামগ্ৰী কিনাৰ পাছত একোটা নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ঘূৰাই দিব পৰা যায় | এই সময়সীমা সামগ্ৰীৰ প্ৰকাৰ অনুসৰি ১৫ দিনৰ পৰা ৯০ দিন পৰ্যন্ত হ’ব পাৰে | ম‍ই নিজেই এই সুবিধাটো গ্ৰহণ কৰিছোঁ | ইয়ালৈ অহাৰ পাছতে ম‍ই চলা-ফুৰা কৰাৰ কাৰণে এখন চাইকেল কিনিছিলো | (ইয়াত আকৌ চাইকেলকহে বাইক বোলে, মটৰ চাইকেলক নহয় !) কিন্তু চান-ডিয়েগোৰ ওখ-চাপৰ ৰাস্তাত চলোৱা বৰ কষ্টকৰ | আমাৰ দৰে অভ্যাস নথকা মানুহে চাইকেল চলোৱা অসম্ভৱ যেন দেখি এমাহমানৰ পাছত ঘূৰাই দিলো | মুঠ $১০৭ ডলাৰত চাইকেলখন, পাম্প এটা আৰু তলা এটা কিনিছিলো | ঘূৰাই দিওঁতে অৱশ্যে $৮০ ডলাৰহে পালো | যি নহওক, এমাহৰ পাছতযে ঘূৰাই দিব পাৰিলো সেয়ে বহুত !

এই ব্যৱস্থাটোৰ কোনোৱে হয়তো সুবিধাও লয় ! মেডিছনৰ উইছকনচিন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা আমাৰ সহকৰ্মী ড: কিশোৰ কুমাৰ বৰুৱাই জনোৱা মতে তেওঁলোকৰ তাত কোনোবা এজন ভাৰতীয় ছাত্ৰ‍ই হেনো এই ব্যৱস্থাৰ সুযোগ লৈ বেলেগ বেলেগ দোকানৰ পৰা বিভিন্ন সময়ত ভাল ভাল কাপোৰ কিনি কেইদিনমান পিন্ধি পুণৰ ঘূৰাই দিয়ে ! যোৱা বিশ্বকাপ ফুটবলৰ সময়ত বোলে মেডিছনৰ এখন ইলেক্টনিক সামগ্ৰীৰ দোকান এই ব্যৱস্থাৰ পৰিণতিতে দেউলীয়া হ’ল | বিশ্বকাপৰ আগে আগে কিনি নিয়া ডাঙৰ ডাঙৰ দামী টেলিভিচন চেট বিলাক খেল শেষ হোৱাৰ পাছতে বহুতো গ্ৰাহকে ঘূৰাই দিয়াত দোকানীৰ নগুৰ-নাগতি হ’ল |


ব্যৱহৃত বস্তুৰ বজাৰ


আমেৰিকাত নতুন সামগ্রীৰ দাম ভাৰতৰ তুলনাত যদিও বহুত বেছি, আগেয়ে ব্যৱহৃত অৰ্থাৎ second hand বস্তুৰ মূল্য যথেষ্ট কম । মজলীয়া মানৰ একোখন নতুন গাড়ীৰ দাম ৩০,০০০-৩৫,০০০ ডলাৰ। ইয়াৰ বিপৰীতে second hand গাড়ী এখন ৩,০০০ ডলাৰ মানতে পোৱা যায়। Second hand  বস্তু বেচা কেতবোৰ বিশেষ দোকানেই আছে। চামৰা বা কাপোৰৰ মোনা আদি পোৱা তেনে দোকানত বেচ ডাঙৰ একোটা চুটকেচ্ ২/৩ ডলাৰতে কিনিবলৈ পোৱা যায়। মধ্যবিত্ত আমেৰিকান সকলৰ মাজত এনেবোৰ বস্তুৰ বেচ প্রচলন আছে।

দুদিন মানৰ আগেয়ে মোৰ ভাড়াঘৰৰ মালিকে নিজৰ পুৰণি কাঠৰ আলমিৰা এটা ২৫ ডলাৰত আন এজন লোকক বিক্রী কৰি পুণৰ অন্য এজনৰ পৰা ৪৫ ডলাৰত আগৰটোতকৈ ভাল আলমিৰা এটা কিনিলে।এইটো যথেষ্ট ডাঙৰ। তেওঁলোকে কোৱা মতে বজাৰত এনে একোটা নতুন আলমিৰাৰ মূল্য প্রায় ১২০০ ডলাৰ।গতিকে মধ্যবিত্ত সকলে এনেকৈয়ে Second hand বস্তু ব্যৱহাৰ কৰি চলি থাকে।

মানসিক অস্থিৰতা

আমেৰিকাৰ জীৱন ধাৰাৰ যান্ত্ৰিকতাৰ বলী হোৱাৰ বাবেই নে অন্য স্বাভাৱিক কাৰণত নাজানো ! এটা কথাত ম‍ই আচৰিত হৈছোঁ যে ইয়াত মানসিক অস্থিৰতাত ভোগা লোকৰ সংখ্যা বৰ কম নহয় | যোৱা তিনিমাহৰ ভিতৰতে কেৱল চিটিবাছৰ যাত্ৰীসকলৰ মাজতে ম‍ই এতিয়ালৈকে চাৰিজন এনে লোক লগ পাইছো | কেওজনেই পঞ্চাশোৰ্দ্ধৰ বগা আমেৰিকান পুৰুষ | তাৰে তিনিজনে নিজে নিজৰ সৈতে কথা পাতি-পাতি যায় অৰ্থাত্‍ স্বগতোক্তি কৰে আৰু আনজনে অতি অস্থিৰ ভাৱে চলা-ফুৰা কৰি থাকে | আজি পুৱাও তেওঁক লগ পাইছিলো | ম‍ই যিটো ষ্টেণ্ডত বাছত উঠো, সাধাৰণতে তেৱোঁ তাতে উঠে | বাছখন নহালৈকে তেওঁ চাটি-ফুটি কৰি থাকে - একোবাৰ ঘপহকৈ মাটিতে বহিও দিয়ে আৰু মাজে-মাজে অকলে অকলে হাঁহি থাকে | বেছেৰাক দেখি দুখেই লাগে ! ইমান কম দিনৰ ভিতৰত অত কেইজন তেনে লোক লগ পোৱাটো কাকতালীয় সংযোগ নে ইয়াত এনে ৰোগীৰ সংখ্যা প্ৰকৃততে বেছি সেইটো অৱশ্যে নাজানো !

চান ডিয়েগো চিৰিয়াখানা

যোৱা ২৬ আগষ্টত আমাৰ প্ৰতিষ্ঠান Vaccine Research Institute of San Diego-ৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে চান ডিয়েগো চিৰিয়াখানাত এক স্মৰণীয় অনুষ্ঠানৰ আয়োজন কৰিছিল | এই অনুষ্ঠানটিৰ বাবে প্ৰস্তুতি প্ৰায় এমাহমানৰ আগৰ পৰাই চলি আছিল | আবেলি প্ৰায় ৪ বজাত আমি গৱেষণগাৰৰ পৰা ওলাই পোনে-পোনে চিৰিয়াখানালৈ ৰাওনা হ’লো | মোৰ লগত চিজাৰো যোৱাৰ বাবে আগৰে পৰা বন্দোৱস্ত আছিল | সেইমতে চিজাৰে তেওঁৰ গৱেষণাগাৰৰ পৰা মোৰ তালৈ বাছেৰে আহি আগতীয়াকৈ উপস্থিত হৈছিলহি | আমাৰ দুয়োকে য়লাণ্ডি চেং নামৰ চীনা মহিলা গৰাকীয়ে তেওঁৰ গাড়ীৰে লৈ গৈছিল | লগতে আমাৰ লগৰ চীনদেশীয় বিজ্ঞানী মাৰ্ক আৰু শ্ৰীমতী চেঙৰ বৰ জীয়ৰী পলিন (Pauline) |

প্ৰায় ৫ বজাত আমি গৈ গন্তব্যস্থল পালোগৈ | দহমিনি মানৰ ভিতৰতে সকলো আহি তাত গোট খালেহি | সেই সময়ত তাত অৰ্থাত্‍ ঠিক চিৰিয়াখানাৰ পদূলিতে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ ফালৰ পৰা আয়োজিত এক অভিনৱ অনুষ্ঠান চলি আছিল | এগৰাকী শিল্পীয়ে সঙ্গীতৰ তালে তালে নাচি নাচি মঞ্চত এখন চিত্ৰ আঁকি আছিল | দেখাত এনে লাগিছিল যেন তেওঁ কিবা এখন সাংকেতিক ছবিহে আঁকিছে | অংকণ শেষ হ’লত যেতিয়া তেওঁ ছবিখন ওলোটাই দিলে তেতিয়াহে স্পষ্ট হ’ল যে তেওঁ প্ৰকৃততে এটা হাতীৰ মূৰহে আঁকিছিল | এইদৰে অঁকা আৰু ভালেমান চিত্ৰ সন্মুখত সজাই থোৱা আছিল | সকলোবোৰেই বিভিন্ন লুপ্তপ্ৰায় বন্য জন্তুৰ চিত্ৰ | আঁকি উঠাৰ পিচতে তেওঁ এটি চুটি বক্তব্যৰে সকলোকে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে দুৱাষাৰ কৈ তেওঁলোকৰ সংগঠনৰ কাম-কাজ সম্পৰ্কে জানিবলৈ দিলে আৰু সকলোৰে পৰা সহযোগিতা কামনা কৰিলে |বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ই সঁচাকৈয়ে এক ব্যতিক্ৰমী প্ৰচেষ্টা ! 
চান ডিয়েগো চিৰিয়াখানা বিশ্বৰ এক অন্যতম বৃহত্‍ চিৰিয়াখানা | ই ডাউন-টাউন চান ডিয়েগোৰ ১০০ একৰ মাটিত বিস্তৃত আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা ৮০০ তকৈও অধিক প্ৰজাতিৰ প্ৰায় ৪০০০ জীৱ-জন্তু আছে |জীৱ-জন্তু বিলাক চাবৰ কাৰণে খোজ কাঢ়ি ফুৰাৰ ব্যৱস্থাৰ উপৰিও দুখলপীয়া বাছৰ সুবিধা আছে | আমাৰ দলটোৰ বাবে ইতিমধ্যে এখন বাছৰ ব্যৱস্থা কৰা আছিল | আমি সকলোৱে ওপৰৰ খোলা আসন সমূহতে বহিলো | প্ৰায় ৪৫ মিনিটত গোটেই চিৰিয়াখানা খন এপাক ঘূৰালে | লগত মাইক্ৰফোন লৈ এগৰাকী পৰিচাৰিকাই সুন্দৰকৈ সকলো বুজাই গ’ল | লগত যোৱা ল’ৰা-ছোৱালী বোৰক নানান প্ৰশ্ন কৰি পৰিচাৰিকা গৰাকীয়ে বেছ মনোগ্ৰাহীকৈ কথাবোৰ কৈ গৈছিল আৰু সকলোকে মুগ্ধ কৰিছিল |
অৱশ্যে বাছেৰে যাওঁতে ডাঙৰ জন্তু বিলাক দেখা পাই যদিও সৰু সৰু প্ৰাণীবোৰ চাবলৈ হ’লে খোজ কাঢ়ি যোৱাহে ভাল | বাছৰ পৰা ভালকৈ দেখা পোৱা নাযায় | প্ৰকৃততে তেওঁলোকে বাছেৰে প্ৰথমতে চিৰিয়াখানা খনৰ সৈতে পৰিচয়হে কৰি দিয়ে | তাৰ পাচত নিজে খোজ কাঢ়ি বিভিন্ন জন্তু চাব পাৰি | আমাৰ সময় কম থকাৰ কাৰণে আমি অৱশ্যে বাছ-যাত্ৰাৰেই সামৰণি মাৰিলো | অসমৰ গঁড় আৰু এচীয় হাতীৰ উপৰিও নানা তৰহৰ চৰাই, জিৰাফ, জেব্ৰা, হৰিণ আদি প্ৰাকৃতিক পৰিৱেশত চাই ভাল লাগিল | মোৰ বাৰে-বাৰে গুৱাহাটীৰ চিৰিয়াখানালৈ মনত পৰিল | আচলতে আমাৰ গুৱাহাটীৰ চিৰিয়াখানাখনো কম ধুনীয়া নহয় ! কিন্তু এওঁলোকৰ সামৰ্থ্য আছে বাবে ইমান আক-ধুনীয়াকৈ গোটেইখন সজাই-পৰাই ৰাখিছে যে ই অতি আকৰ্ষণীয় হৈ উঠিছে | জীৱ-জন্তুৰ গঁড়াল বিলাক ইমান ধুনীয়াকৈ বনাইছে যে দেখাত একেবাৰে প্ৰাকৃতিক পৰিৱেশতে জীৱ-জন্তুবোৰক ৰখা যেন লাগে |

চিৰিয়াখানাৰ ভিতৰতে এখন বেছ ডাঙৰ ৰেষ্টুৰাঁ আছে | তাতেই আমাৰ নিশাৰ আহাৰৰ আয়োজন কৰা হৈছিল | প্ৰথমতে ফলাহাৰৰ ব্যৱস্থা - কমলা, আঙুৰ, অমিতা, চিৰাল, টিয়ঁহ, আপেল,মাটি-কঁঠাল আদিৰ লগতে গাজৰ, কণ-বিলাহী আৰু নহৰু-পিঁয়াজৰ কেঁচা পাতৰ ঠাৰি | লগত আছিল চিজ আৰু ক্ৰিম | একে সময়তে অন্য এটা কাউন্টাৰত পৰিৱেশন কৰিছিল পানীয় | আমাক সকলোকে একোগিলাছকৈ লঘূ পানীয় বিনামূল্যে যোগান ধৰিছিল | ওপৰঞ্চি কোনোবাই সুৰা বা বিয়েৰ খাবলৈ বিচাৰিলে কিন্তু তাৰ বাবে নিজে দাম ভৰিব লাগিব | এটা কথা দেখি ভাল লাগিল যে মাত্ৰ তিনি-চাৰিজন মান লোকেহে সুৰাজাতীয় পানীয় গ্ৰহণ কৰিলে |

ফলাহাৰ আৰু পানীয়ৰ পাচত সকলোৱে বেলেগ বেলেগ টেবুলত বহিল | এইবাৰ পৰিৱেশন হ’ল - চালাড | আমেৰিকান সকলে প্ৰতিসাজত (ম‍ই আগতেও দেখিছো) যথেষ্ট পৰিমাণৰ সেউজীয়া পাচলি চালাড হিচাবে খায় | কিন্তু তেওঁলোকে আমাৰ দৰে কাটি-কুটি বা খুন্দি মিহলি কৰি চালাড পৰিৱেশন নকৰে | পালেং বা অন্য শাকৰ পাত, বন্ধা কবিৰ কোমল পাত আদি গোটে গোটে একোটা সৰু পাছি বা গোটোং পাত্ৰত পৰিৱেশন কৰে | লগত নিজৰ ইচ্ছামতে ল’ব পৰাকৈ নিমখ, ক্ৰিম আৰু জেলী |


Seared Salmon & Roasted Red Potatoes
এইখিনি খাই উঠে মানে আধা-আধি ভোক গুচেই ! এইবাৰ আহিল চিকেন আৰু ভেজিটেবোল চুপ | এইদৰে প্ৰায় ডেৰ ঘন্টা মান সময় পাৰেই হ’ল | তাৰ পিচতহে আহিল আচল আহাৰ | আগেয়ে আমাক নিশাৰ আহাৰৰ তিনিটা বিকল্পৰ পৰা এটাকৈ বাচি লবলৈ দিছিল | সেইমতে মোৰ বাবে চালমন মাছৰ এবিধ ব্যঞ্জন আৰু চিজাৰৰ বাবে গৰুৰ মাংসৰ এবিধ ব্যঞ্জনৰ ব্যৱস্থা আছিল | খোৱা-বোৱাৰ মাজতে দুই-একে চমু বক্তব্যও আগবঢ়ালে | প্ৰতিষ্ঠানটোৰ কেইগৰাকীমান নিষ্ঠাবান টেক্‌নিচিয়ানক উপহাৰো প্ৰদান কৰিলে | এইদৰে সন্ধিয়াটো বেছ সুন্দৰকৈ পাৰ কৰিলো |

ৰাতি প্ৰায় ৯:৩০ বজাত য়লাণ্ডি চেঙে চিজাৰ আৰু মোক আমাৰ ভাড়াঘৰত নমাই থৈ গ’ল |

ইটো-সিটো বহুতো


T.G.I. Friday

আজি শুকুৰ বাৰ; আৰু এটা কৰ্মব্যস্ত সপ্তাহৰ অন্ত ! এইবাৰ তিনিদিনীয়া সপ্তাহান্তিক বন্ধ, কিয়নো অহা সোমবাৰে শ্ৰমিক দিৱসৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন | অৱশ্যে এনেয়েও শুকুৰবাৰে মনটো সকলোৰে ভাল লাগি থাকে - দুটা দিন কৰ্ম ব্যস্ততাৰ পৰা আহৰি লৈ সকলোৱে বিনোদনৰ বাবে বিভিন্ন ঠাইলৈ যায় |

মোৰ ভাড়াঘৰৰ ওচৰতে T.G.I. Friday নামৰ এখন ডাঙৰ ৰেষ্টুৰাঁ আছে | নামটো অলপ ব্যতিক্ৰমী যেন দেখি এদিন চিজাৰক সুধিছিলো, T.G.I. Friday মানে কি? তেওঁ ক’লে যে এই ৰেষ্টুৰাঁখন মেকড'নাল্ডৰ দৰে আমেৰিকাৰ বিভিন্ন ঠাইত আছে | T.G.I. Friday ৰ অৰ্থ হ’ল Thanks God  It's Friday !

Safety First

ডুলিয়াজানৰ অ‍ইল ইণ্ডিয়াত কাম কৰা মোৰ দাদাৰ ঘৰলৈ যাওঁতে দেখা পাওঁ অ‍ইলৰ প্ৰায়বিলাক গাড়ীতে লিখা থাকে - Safety First, অৰ্থাত্‍ প্ৰথমে সুৰক্ষা | অ‍ইলৰ কাম-কাজত অৱশ্যে সুৰক্ষাই প্ৰকৃততে অগ্ৰাধিকাৰ পাইনে নাপাই ম‍ই নাজানো | এই বিষয়ে মোৰ কোনো মতামত নাই !

কিন্তু চান ডিয়েগোৰ চৰকাৰী চিটিবাছ সমূহত এইদৰে লিখা নাথাকিলেও সুৰক্ষাক বিশেষ গুৰুত্ব দিয়া সিদিনা নিজে প্ৰত্যক্ষ কৰিলো | ৰাতিপুৱা বাছত আহি থাকোঁতে মাজতে চালকজনে তেওঁৰ মাইক্ৰ’ফোনত ঘোষণা কৰিলে যে পাছফালে বহা কোনোবা এজনে হাত এখন খিৰিকিৰে বাহিৰলৈ উলিয়াই থৈছে; গতিকে অনতিপলমে সুৰক্ষাৰ স্বাৰ্থত হাতখন ভিতৰলৈ আনিব লাগে ! প্ৰকৃততে বাছৰ আগৰ আৰু পাচৰ দুয়োখন দুৱাৰৰ ওচৰত কোণীয়াকৈ এনেধৰণে দুখন আইনা লগোৱা থাকে যে তাৰ সহায়ত চালকজনে তেওঁৰ সন্মুখত থকা আন এখন আইনাত গোটেই বাছখনৰ যাত্ৰীসকলৰ গতিবিধি লক্ষ্য কৰি থাকিব পাৰে | এইদৰে কেইবাবাৰো ঘোষণা কৰাৰ পাচতো যেতিয়া উক্ত যাত্ৰীজন নিৰ্বিকাৰ হৈ থাকিল (আচলতে তেওঁ এজন জাপানী ছাত্ৰ আছিল আৰু চালকৰ ঘোষণাটো বোধকৰো ভালকৈ বুজি পোৱা নাছিল !), অৱশেষত চালকে বাছখন ৰখাই নামি গ’ল আৰু বাহিৰেদি গৈ যাত্ৰীজনৰ হাতখন ভিতৰলৈ ভৰাই দিলে আৰু তেওঁক সাৱধান হ’বলৈ সতৰ্ক কৰি দিলে | যাত্ৰীৰ সুৰক্ষাক ইয়াত কিমান গুৰুত্ব দিয়া হয় তেতিয়াহে উপলব্ধি কৰিলো |

Civic Sense

চান ডিয়েগো চহৰৰ প্ৰায়বিলাক বাসিন্দাৰে ঘৰত দেখিছোঁ এটা বা ততোধিক পোহনীয়া কুকুৰ আছে | অৱশ্যে আমাৰ গুৱাহাটী মহানগৰীৰ দৰে কিন্তু ৰাস্তাৰ মুকলি কুকুৰ নাই | পুৱা-গধূলি ৰাস্তাত প্ৰায়ে দেখা যায় কুকুৰৰ মালিকসকলে নিজৰ নিজৰ কুকুৰবোৰক শিকলি লগাই বাহিৰত ফুৰাবলৈ নিয়ে | তেওঁলোকৰ হাতত সাধাৰণতে দেখা পোৱা যায় হাত-মোজাৰ দৰে পিন্ধি থকা একোটা প’লিথিনৰ মোনা | কাৰণটো হ’ল - সাধাৰণতে এইদৰে বাহিৰ ফুৰাওঁতে কুকুৰবোৰে ৰাস্তাৰ কাষতে বিষ্ঠা ত্যাগ কৰে | গতিকে লগে লগে মালিকসকলে হাতত থকা প’লিথিনৰ মোনাটো সত্‍ ব্যৱহাৰ কৰি বিষ্ঠাখিনি চাফ কৰি লৈ গৈ ৰাস্তাৰ দাঁতিত থকা ঢাকনি-যুক্ত জাবৰৰ পাত্ৰত পেলাই দিয়ে | এইটো দৃশ্য গুৱাহাটীত কাহানিবা আশা কৰিব পাৰোঁনে বাৰু !

চিটিবাছৰ অন্য এক অভিজ্ঞতা

আজি কেইদিনমানৰ আগতে পুৱা গৱেষণাগাৰলৈ গৈ থাকোতে মাজতে এঠাইত আমাৰ বাছখনত এহাল পৌঢ় দম্পতি উঠিল | বয়স বোধকৰো দুয়োজনৰে ৭৫ বছৰমান হ’ব | পুৰুষজন দেখাত আমেৰিকান যেন লাগিলেও মহিলাগৰাকী বোধকৰো মেক্সিকান আছিল, কাৰণ তেওঁৰ গাৰ বৰণ আমাৰ দৰে | দুয়ো একেলগে কথা পাতি পাতি বাছত উঠিল | তেওঁলোকৰ মাজত সম্পৰ্ক কি জনাৰ উপায় নাছিল | কিন্তু দুয়োৰে বোধকৰো আৰ্থিক অৱস্থা বৰ টনকিয়াল নাছিল | তেওঁলোকৰ কাপোৰ-কানি আৰু শাৰীৰিক অৱস্থাৰ পৰা তেনে যেন অনুমান হৈছিল | দুয়ো একেলগে সমুখৰ পথালিকৈ থকা আসন এখনতে বহিল | কিছু সময়ৰ পাচত বুঢ়াৰ পিঠিখন খজুওৱাত বুঢ়ীক ক’লে খজুৱাই দিবলৈ | বুঢ়ীয়ে নিজৰ পিন্ধি থকা জৰা-জীৰ্ণ জেকেটটোৰ জেপৰ পৰা খেপিয়াই খেপিয়াই এটা সৰু শিল উলিয়ালে আৰু ম‍ই বাছৰ পৰা নামি নোযোৱালৈকে দেখিলো শিলটোৰে বুঢ়াৰ পিঠিখন খজুৱাই থাকিল | আৰামত ইতিমধ্যে বুঢ়াই চকু দুটা মুদি 
দিছিল | দুয়োৰে কি সুন্দৰ বুজা-বুজি !

স্বাৰ্থপৰ আমেৰিকান !


স্থানান্তৰত ম‍ই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াত লগ পোৱা সৰহভাগ আমেৰিকান লোকেই উদাৰ-চিতীয়া আৰু তেওঁলোকৰ ব্যৱহাৰ-পাতি বেছ সৌজন্যমূলক আৰু বন্ধুত্বপূৰ্ণ | কিন্তু ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয় | তাৰে এটা উদাহৰণ দিব খুজিছোঁ | 
ম‍ই কাম কৰা প্ৰতিষ্ঠানটোৰ এগৰাকী সহযোগী অধ্যাপক হ’ল ডঃ জন ৱেল্‌চ | ম‍ই এই প্ৰতিষ্ঠানত যোগদান কৰাৰ দুদিনমানৰ পাচতে লি পেং নামৰ চীনদেশীয় বিজ্ঞানী এজনে আমাৰ গৱেষণাগাৰৰ পৰা বিদায় লৈ বেলেগ চাকৰিলৈ যোৱাৰ কথা আগতে উল্লেখ কৰিছো | তেওঁৰ বিদায় উপলক্ষে সকলোৱে মিলি এখন জাপানী ৰেষ্টুৰাঁত দুপৰীয়াৰ আহাৰ খোৱাৰ আয়োজন কৰিছিল | ম‍ই তেতিয়া তেনেই নতুন কাৰণে কথাটো গম পোৱা নাছিলো | কিন্তু দুপৰীয়া যেতিয়া সকলোৱে যাবলৈ ওলাল, তেতিয়া হঠাত্‍ ডঃ জন আহি মোৰ কোঠাত উপস্থিত হ’ল আৰু মোক ৰেষ্টুৰাঁখনলৈ যাবলৈ লগ ধৰিলে | তেওঁৰ এই সৌজন্যতা দেখি ভাল লাগিল আৰু ম‍ই তেওঁৰ গাড়ীৰে গৈ লান্স পাৰ্টিত যোগ দিলোগৈ | ৰাস্তাত আহোঁতে-যাওঁতে আমি দুয়োজনে ভালদৰে চিনাকি হ’লো আৰু নানান কথা পাতিলো | তেওঁ মোক গৱেষণাগাৰলৈ দৈনিক কেনেকৈ অহা-যোৱা কৰিম সুধিলে | ম‍ই একো ঠিক নোহোৱা বুলি কোৱাত তেওঁ মোক নিজৰ গাড়ী এখন এনেই থকাৰ কথা ক’লে আৰু প্ৰয়োজন হ’লে মাহিলি $৩০০ ডলাৰ মান দি ভাড়ালৈ লোৱাৰ বাবে মোক প্ৰস্তাৱ দিলে | ম‍ই ধন্যবাদ জনাই প্ৰয়োজন হ’লে যোগাযোগ কৰাৰ প্ৰতিশ্ৰুতি দিলো | কিন্তু পিচত যেতিয়া ম‍ই বাছেৰেই অহা-যোৱা কৰাৰ সিদ্ধান্ত ল’লো, তেওঁক আৰু একো কোৱা নহ’ল |

তেওঁ কিন্তু বোধকৰো বৰ আশা কৰিছিল ম‍ই তেওঁৰ এনেয়ে পৰি থকা গাড়ীখন ভাড়ালৈ লৈ তেওঁক অলপ অতিৰিক্ত উপাৰ্জনৰ বাট উলিয়াই দিম বুলি ! কিয়নো যদিও তেওঁ প্ৰথমদিনা মোৰ সৈতে বেছ বন্ধুত্বপূৰ্ণ ভাৱে কথা পাতিছিল, তাৰ পাচৰ পৰা লাহে লাহে তেওঁ মোৰ সৈতে বিশেষ কথা বতৰা নপতা হ’ল | পাচত মেলে-মিটিঙে লক্ষ্য কৰি ম‍ই দেখিলো যে মানুহজন যদিও অলপ খুঁহুতীয়া প্ৰকৃতিৰ, তেওঁ আনক ব্যঙ্গ কৰি ভাল পায়, যিটো ম‍ই বৰ ভাল নাপাওঁ |

 আজি দুপৰীয়া গৱেষণাগাৰত কাম কৰি থাকোঁতে মাজতে এবাৰ তেওঁ আন এজন ব্যক্তিৰ সৈতে মোৰ কাম কৰা টেবুলৰ ওচৰলৈ আহিল | ব্যক্তিজন বোধকৰো আমাৰ গৱেষণাগাৰৰ ঘৰটোৰ মালিক অথবা ইঞ্জিনিয়াৰ; ম‍ই আগতে লগ পোৱা নাই | মোৰ টেবুলৰ ওপৰত এটা বিজুলী বাতি বেয়া হৈ থকাৰ কাৰণে পোহৰ অলপ কম আছিল | তাকে সম্ভৱ ডঃ জনে তেওঁক দেখুৱাই আছিল | হঠাতে তেওঁ অপ্ৰাসংগিক ভাৱে মোক তেওঁলোকৰ মাজত চলি থকা কথাটোত সাঙুৰি ক’বলৈ ধৰিলে, "এওঁ যিহেতু ভাৰতৰ পৰা আহিছে, সেইবাবে বোধকৰো এওঁৰ কোনো অভিযোগ নাই আৰু কম পোহৰতে তেওঁ সন্তুষ্ট হৈ আছে |" তাৰ পিচতে তেওঁ সম্পূৰ্ণ অদৰকাৰী ভাৱে ভাৰতবৰ্ষৰ বিষয়ে বিৰূপ মন্তব্য কৰা আৰম্ভ কৰিলে | তেওঁৰ মতে ভাৰত এখন অতি জঘন্য, লেতেৰা দেশ , য’ত চাৰিওফালে কদৰ্য পৰিৱেশ আৰু স্লাম (Slum) এলেকাৰে ভৰা | ম‍ই কথাখিনি শুনি আছিলো যদিও তেওঁলোকৰ কথাৰ মাজত মন্তব্য নিদিয়াটোৱেই সমীচিন হ’ব বুলি ভাবি মনে মনে আছিলো | কিন্তু তেওঁ মোক প্ৰৰোচিত কৰাৰ কাৰণে পুণৰ ক’লে, " ম‍ই তোৰ দেশৰ বিষয়ে ইমান বেয়াকৈ কৈ আছো আৰু ত‍ই একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিয়?" তেতিয়াহে ম‍ই অলপ হাঁহি উত্তৰ দিলো, "When I know about your mindset and your perception about India, why should I react? " (ম‍ই যিহেতু তোমাৰ মনোবৃত্তিৰ বিষয়ে ভালদৰে জানো আৰু ভাৰতবৰ্ষ সম্পৰ্কে তোমাৰ এনেধৰণৰ ভ্ৰান্ত ধাৰণা আছে, ম‍ইনো কিয় ক‌ওঁ ?" তেওঁ আৰু একো নক’লে |

আজি ম‍ই এই কথাত নিশ্চিত হ’লো যে তেওঁৰ গাড়ীখন ভাড়ালৈ নোলোৱাত ডঃ জন মহাশয় প্ৰকৃততে মোৰ ওপৰত নাৰাজ ! স্বাৰ্থসিদ্ধিৰ বাবেহে আচলতে তেওঁ প্ৰথমতে মোৰ সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ কৰিছিল !

আমেৰিকান জীৱনধাৰা - ২


গোলকীয় অৰ্থনৈতিক মন্দাৱস্থাৰ পৰৱৰ্তী সময়ত আমেৰিকানসকলৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে আগেয়ে কিছু উল্লেখ কৰিছোঁ | প্ৰকৃততে বৰ্তমান আমেৰিকাৰ সাধাৰণ নাগৰিকে এতিয়াও এই প্ৰভাৱৰ পৰা মুক্তি বিচাৰি অ'বামা চৰকাৰৰ পৰা ধনাত্মক পদক্ষেপ আশা কৰি ধৈৰ্য্য সহকাৰে বাট চাই আছে | বৰ্তমান অৱস্থাত সম-পৰ্য্যায়ৰ ভাৰতীয় সকলৰ সৈতে তুলনা কৰিলে মধ্যবিত্ত আমেৰিকান সকলৰ সামগ্ৰিক অৱস্থাটোৰ বৰ বেছি পাৰ্থক্য নাই |

চৰকাৰীভাৱে আৰোপিত বিভিন্ন কৰ-কাটল, উচ্চ হাৰত বাধ্যতামূলক বীমাকৰণ আৰু ৰাজহুৱা নিয়ন্ত্ৰণ ব্যৱস্থা আদিক লৈ সৰহভাগ লোকেই সন্তুষ্ট নহয় | বিদ্যুত্‍ শক্তি, পানীযোগান, অনাময় ব্যৱস্থা আৰু অন্যান্য যাৱতীয় সা-সুবিধা যদিও ইয়াত অতি সুচাৰুৰূপে আৰু অবিৰতভাৱে উপলব্ধ, ইয়াৰ বাবে দিব লগীয়া বৰ্দ্ধিত মাচুলে সাধাৰণ নাগৰিকক যথেষ্ট অসুবিধাত পেলাইছে | ঘৰৰ ইন্টাৰ্‌নেট আৰু কেবল্‌ টিভিৰ সংযোগৰ বাবেই এটা পৰিয়ালে দিবলগীয়া হয় গড় হিচাপত ১০০-১২০ ডলাৰ | পানীৰ ব্যৱহাৰত চৰকাৰী নিয়ন্ত্ৰণ মন কৰিবলগীয়া | কোনো নাগৰিকে  ঘৰুৱা অথবা কাৰ্যালয় বা ব্যৱসায়িক স্থানত পানীৰ অপব্যৱহাৰ বা অপচয় কৰাটো আইন-বিৰুদ্ধ | আনকি সাধাৰণভাৱে আমাৰ নিচিনাকৈ ঘৰতে গাড়ী বা অন্য বাহন ধোৱা-পখলা কৰাটোও নিষেধ | পানীৰ অপচয় নিৰীক্ষণ কৰাৰ কাৰণে আৰক্ষীৰ এক বিশেষ শাখা ২৪ ঘন্টা কৰ্মৰত | আনকি মাজে মাজে ম‍ই কাম কৰা গৱেষণাগাৰতো পদাৰ্পণ কৰি নিৰীক্ষণ কৰে |

আমাৰ দেশৰ দৰে ইয়াত ঘৰত কাম কৰাৰ বাবে সস্তীয়া বন কৰা ল’ৰা-ছোৱালী বা কাম্‌লা ৰখাৰ কোনো ব্যৱস্থা প্ৰচলিত নাই | সকলো মানুহেই নিজৰ কাম নিজেই কৰি লয় | অৱশ্যে প্ৰয়োজন হ’লে ঘৰ চাফ কৰিবলৈ বা ঘৰৰ যিকোনো কাম কৰিবলৈ মহিলা বা পুৰুষ নিয়োগ কৰিব পাৰি | তাৰ কাৰণে কিছুমান ব্যক্তিগত
এজেন্সী আছে; তেওঁলোকক ফোন কৰি মাতি দিলেই গাড়ীৰে আহি ঘৰত উপস্থিত হয় | বিশেষকৈ চান্‌ ডিয়েগো চহৰত এনে ধৰণৰ একোটা এজেন্সী কেইবাগৰাকীও মেক্সিকান মহিলাই একেলগে মিলি চলায় | কিন্তু তাৰ বাবে ঘৰৰ গৃহস্থ‍ই দুই-তিনি ঘন্টাতে অন্ততঃ ১০০ ৰ পৰা ১২০ ডলাৰ ভৰিব লগীয়া হয় | গতিকে কিমানজনে এই মূল্য ভৰিব পাৰে ?

চান্‌ ডিয়েগো চহৰত দেখিছো ঘৰৰ বাহিৰৰ প্ৰায়ভাগ কঠোৰ পৰিশ্ৰম সাধাৰণতে মেক্সিকান সকলে কৰে | ৰাস্তাত কাম কৰি থকা চাফাই কৰ্মী বা অন্যান্য শ্ৰমিকসকলৰ মাজত কাচিত্‌হে এজন-দুজন আমেৰিকান চকুত পৰে | আনকি চিটিবাছৰ চালক পুৰুষ আৰু মহিলা প্ৰায়ভাগেই হয় আফ্ৰিকান আমেৰিকান নহয় মেক্সিকান | মোৰ প্ৰতিৱেশী চিজাৰৰ মতে হেনো এইবোৰ সৰু কাম কৰিবলৈ আমেৰিকান সকলে ভাল নাপায় | আমাৰ অসমীয়াৰ দৰেই ‘বাবু’ মনোবৃত্তি এটা অলপ আছেনেকি !

অৱশ্যে নিজৰ ঘৰৰ সকলোখিনি কামেই সকলোৱে নিজেই কৰি লয় | এই ক্ষেত্ৰত মোৰ ভাৰাঘৰৰ গৃহস্থ পৰিয়ালটোৰ কথাই ক’ব পাৰি | পুৰুষ-মহিলা দুয়োজনেই ব্যৱসায় কৰে | পুৰুষজনে গাড়ীৰ অযান্ত্ৰিক অৰ্থাত্‍ শাৰীৰিক অংশ
মেৰামতি  আৰু ৰং কৰা কাৰখানাত কাম কৰে, আৰু মহিলা গৰাকীয়ে সা-সম্পত্তি বেচা-কিনা কৰাৰ মধ্যভোগী হিচাবে ব্যৱসায় কৰে | কিন্তু বিশেষকৈ মহিলা গৰাকীয়ে ঘৰত থকা অৱস্থাত পাকঘৰৰ কাম, ঘৰ পৰিস্কাৰ কৰা কাম আৰু ঘৰ-সজোৱা, চিলাই কৰা আদি কামো ভাৰতীয় মহিলাসকলৰ নিচিনাকৈয়ে কৰে | আমাৰ সৰহ সংখ্যক লোকৰে থকা ভুল ধাৰণাৰ নিচিনাকৈ এওঁলোকে ঠেঙৰ ওপৰত ঠেং তুলি খাবলৈ নাপায় | মাজতে এদিন এওঁলোকৰ ঘৰলৈ পুতেক-বোৱাৰীয়েক (প্ৰায় ৪০ মাইলমান দূৰত থাকে) সন্ধিয়া ফুৰিবলৈ আহিছিল | সেইদিনা দেখিলো আমাৰ ভাৰতীয় মহিলাৰ দৰেই মাকে আবেলিৰে পৰা ভিন-ভিন খাদ্য ৰন্ধাত ব্যস্ত; পুতেক-বোৱাৰীয়েকক ৰাতিৰ আহাৰ খুৱাইহে পঠিয়ালে | আমাকো, অৰ্থাত্‍ মোক আৰু চিজাৰকো তাৰ কিছু ভাগ দিলে |

যোৱা শনিবাৰে বন্ধৰ দিনা আমাৰ ভাড়াঘৰৰ মালিকজনে ঘৰৰ কাম কৰা দেখি ম‍ই আচৰিত হ’লো | ৰাতিপুৱা ৭ মান বজাতে তেওঁ গেৰেজত এটা চেল্ফ (shelf) বনোৱাৰ কাম আৰম্ভ কৰিলে | গোটেই দিনটো অকলে কাঠৰ কাম কৰি গধূলি ৮ মান বজালৈ একেদিনাই কামটো শেষ কৰি উলিয়ালে | কাঠৰ কামতো তেওঁ অতি পাকৈত | পেচাদাৰী কাঠমিস্ত্ৰীৰ দৰেই ! আনহাতে তেওঁৰ পৰিবাৰে সময়ে সময়ে তেওঁ
ঠাইতে খোৱা বস্তুৰ যোগান ধৰি থকাৰ উপৰিও দিনটোৰ বাকীখিনি সময় তেওঁ কাষতে চকী এখনত বহি মনোবল বঢ়াই আছিল | কি এক আদৰ্শনীয় আন্তৰিক সম্পৰ্ক ? সঁচাকৈয়ে ম‍ই তেওঁলোকক প্ৰশংসা নকৰি নোৱাৰিলো |

আমাৰ ভাৰতীয় সমাজত আমেৰিকান সকলৰ বিষয়ে থকা আন এটা ভুল ধাৰণা হ’ল যে আমি ভাবো ইয়াত বুঢ়া মাক-দেউতাক বিলাক বৰ অসহায় আৰু তেওঁলোকৰ যত্ন পুত্ৰ
বা জীয়ে নলয় ! কিন্তু ই একেবাৰে সত্য নহয় | ম‍ই অন্ততঃ এতিয়ালৈকে কেইবাটাও পৰিয়ালত দেখিছো বৃদ্ধ পিতৃ-মাতৃ পুতেক-বোৱাৰীয়েকৰ লগত একেলগে বাস কৰা | উদাহৰণ স্বৰূপে মোৰ গাইড ডঃ মেক্‌ক্লিলেণ্ডলৈকে আঙুলিয়াব পাৰি | তেওঁ নিজে দুবাৰ বিয়া কৰাইছে | আগৰ গৰাকী পত্নীৰ সৈতে বিচ্ছেদ হোৱাৰ পাচত পুণৰ এগৰাকী বিয়া কৰায় | তেওঁ নিজে কোৱা মতে আগৰ গৰাকীক বোলে বিচ্ছেদৰ সময়ত বহুত কিবা-কিবি দিয়াৰ উপৰিও এটা ধুনীয়া থকাঘৰ দিবলগীয়া হ’ল | সেইকাৰণে তেওঁলোকে এতিয়া এটা সৰু ঘৰত থাকিবলগীয়া হৈছে | আগৰ গৰাকীৰ সন্তান তিনিটা আৰু বৰ্তমানে থকা গৰাকীৰ দুটা | বিচ্ছেদৰ সময়ত হোৱা আন এটা সিদ্ধান্ত মৰ্মে আগৰগৰাকীৰ তিনিটা সন্তানো তেওঁৰ ঘৰত সপ্তাহটোৰ তিনিদিন থাকে | ইয়াৰ উপৰিও তেওঁৰ সৈতে থাকে তেওঁৰ প্ৰায় ৭৫-৮০ বছৰীয়া বৃদ্ধ দেউতাক | দেউতাকৰ যদিও এটা নিজা ঘৰ আছে, বৰ্তমানে তেওঁৰ লগতে থাকে | আনকি সিদিনা আমাৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটিলৈকো পত্নী আৰু সন্তানকেইটিৰ লগতে দেউতাককো লৈ আহিছিল |

অন্য এজন ব্যক্তিৰ উদাহৰণো এইখিনিতে ডাঙি ধৰিব পাৰি | ম‍ই কাম কৰা প্ৰতিষ্ঠানটোৰ মুখ্য প্ৰশাসনিক বিষয়া ৰিচাৰ্ড ই ব্ৰেণ্ডট্‌ আগেয়ে নৌ বাহিনীৰ বিষয়া আছিল | ২০০০ চনত নৌ-বাহিনীৰ পৰা অৱসৰ লোৱাৰ পাচত তেওঁ ঘৰৰ একমাত্ৰ ল’ৰা হিচাবে
মিছিগানত সেই সময়ত খেতি-বাতি কৰি থকা বৃদ্ধ দেউতাকৰ সৈতে থকাৰ সিদ্ধান্ত লয় আৰু ২০০৩ চনলৈকে তেওঁক খেতি-খোলাৰ কামত সহায় কৰে | প্ৰকৃততে তেওঁ যদিও এইবাবে সুখী নাছিল, তথাপি দেউতাকক তাৰ পৰা স্থানান্তৰিত কৰাৰ বাবে মান্তি কৰাব নোৱাৰাত দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি তাতেই চাৰি বছৰমান কটালে | পাচত কোনোমতে দেউতাকক সন্মত কৰাই মিছিগানৰ সকলো সম্পত্তি লীজত দি চাকৰিৰ সন্ধানত ওলাই আহিল | আগতে বেলেগ দুটা প্ৰতিষ্ঠানত কমসময়ৰ কাৰণে কাম কৰাৰ পাচত অৱশেষত ২০০৪ চনত আমাৰ প্ৰতিষ্ঠানটোত যোগ দিয়ে | এতিয়া প্ৰায় ৮০ বছৰীয়া তেওঁৰ বৃদ্ধ পিতৃও তেওঁলোকৰ লগতে থাকে |   

চান্‌-ডিয়েগোৰ সৌন্দৰ্য্য : ৩


কালি আছিল দেওবাৰ | পৰহি ৰাতিয়েই ঠিক কৰি থৈছিলো যে পুৱা চিজাৰৰ সৈতে অলপ ফুৰিবলৈ ওলাই যাম | সেইমতে ৯ মান বজাতে ঘৰৰ পৰা ওলাই গৈ প্ৰথমতে চুলি কটোৱাৰ বাবে এখন চেলুন (নে চেলন?)ত সোমালো | তাতো আকৌ নাম পঞ্জীয়ন কৰিব লাগে | মোক গ্ৰাহক নম্বৰটো সোধাত ম‍ই যেতিয়া প্ৰথমবাৰৰ কাৰণে অহা বুলি ক’লো, কম্পিউটাৰত মোৰ নাম পঞ্জীভূক্ত কৰিলে আৰু মোক ২৫ মিনিট সময়ৰ পিচত আহিবলৈ অথবা সেইখিনি সময়ৰ বাবে তাতে বহিবলৈ ক’লে | শীত-তাপ নিয়ন্ত্ৰিত কোঠালীত বহাৰ সুন্দৰ সুবিধা আছিল যদিও আমি দুয়ো কথা পাতি ঠিক কৰিলো যে ইতিমধ্যে কিবা এটা খায়ে অহা যাওক; দুয়ো পুৱাৰ আহাৰ নোখোৱাকৈয়ে আহিছো | গতিকে কাষতে থকা ৰুবিঅ’ (Rubio) নামৰ মেক্সিকান ৰেষ্টুৰাঁ এখনলৈ গৈ ফিচ্‌ টাক’ (Fish Taco)বোলা এবিধ খাদ্যৰ নিৰ্দেশ দিলো | এইবিধ খাদ্যও হেনো মেক্সিকোত বৰ জনপ্ৰিয় | সোৱাদত অৱশ্যে ম‍ই কেইদিনমানৰ আগেয়ে খোৱা বুৰিট’(Burrito)ৰ লগত বহুত মিল আছে | এইবিধত যেনিবা দুখন লুচি দুভাঁজ কৰি তাৰ মাজত ক্ৰিম, বিলাহী, চালাড আৰু মছলা ভৰাই থোৱা থাকে | লগত দিয়ে আমাৰ ভজা পাপৰৰ দৰে টুকুৰা কিছুমান | অৱশ্যে ইয়াৰ লগত নিজৰ পছন্দ অনুসৰি যিকোনো এবিধ লঘূ পানীয় এগিলাছ বা দুগিলাছ খাব পাৰি | নিজ ইচ্ছা অনুসৰি তিনি-চাৰি বিধমান বিভিন্ন ধৰণৰ চাট্‌নি আৰু চছ্‌ আদিও লগত ল’ব পাৰি | খাই বেছ ভাল লাগিল আৰু ভোকো গুছিল | দুপৰীয়াৰ আহাৰ বেলেগে নাখালেও হ’ব !

ইতিমধ্যে মোৰ চুলি কটোৱাৰ সময়ো হৈছিল | চুলি কটাৰো বৰ সুন্দৰ ব্যৱস্থা ! ১৮-২০ বছৰীয়া ছোৱালী এজনীয়ে আগবঢ়াই নি আসনত বহুৱালে | প্ৰায় ১৫ মিনিট মানতে বৰ সুন্দৰকৈ কাটি অঁটালে | মোৰ কাটটোৰ নাম হ’ল - ভাৰচিটী কাট (Varsity cut), বোধকৰো কাষতে থকা কেলিফোৰ্ণিয়া বিশ্ববিদ্যালয়ৰ নামেৰেই এই নাম | এইটো কাটতে দাম আটাইতকৈ কম; কম-বয়সীয়া ল’ৰাৰ বাবে $ ১৪ ডলাৰ, বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে $ ১৬ ডলাৰ আৰু বাকীসকলৰ বাবে $ ১৮ ডলাৰ | গতিকে মোৰ বেলিকা শেষৰ হাৰটোৱেই প্ৰযোজ্য হ’ল, অৰ্থাত্‍ প্ৰায় ৯০০ টকা ! আয়ৈ, এইখিনি প‍ইচাৰে এবাৰত ২০ টকাকৈ গুৱাহাটীত মোৰ দৰে মানুহে কিমানবাৰযে চুলি কটাব পাৰিলোহেঁতেন ! বোধকৰোঁ এইটো কৰাণতে ইয়াত য’তে-ত’তে চুলি দীঘলকৈ ৰখা মানুহ দেখা পাওঁ ! মোৰ ভাড়াঘৰৰ মালিকৰ চুলিও বোলে তেওঁৰ ঘৈণীয়েকেহে কাটি দিয়ে |

তাৰ পৰা বাহিৰে বাহিৰে বাছেৰে ক্লেয়াৰমন্ট মেছা- Clairmont Mesa (মেছাৰ অৰ্থ সৰু বা কম ঠাইত বিস্তৃত, উপত্যকা) নামৰ এলেকাত থকা এখন বিশেষ দোকানলৈ গ’লো | দোকানখনৰ নামেই হ’ল ৯৯.৯৯ ষ্ট’ৰ, অৰ্থাত্‍ ইয়াত প্ৰতিটো বস্তুৰ দামেই হ’ল - ৯৯.৯৯ চেন্ট (প্ৰায় ৪৮ টকা)| এইখনৰ দৰে আৰু তাতোকৈও অলপ উন্নত ডলাৰ ৩ নামৰ বহু দোকান আমেৰিকাৰ বিভিন্ন ঠাইত আছে | আমাৰ তাৰ "হৰেক মাল ১০ ৰুপিয়া" বুলি ঘৰে ঘৰে ঘূৰি ফুৰা বেপাৰী বোৰৰ নিচিনা | ইয়াত জানিবা ই অতি শৃংখলাৱদ্ধভাৱে পতা বৃহদাকাৰ দোকানৰ ৰূপত ! চিজাৰ আৰু ম‍ই দুয়ো কিছু বস্তু কিনিলো | ঘূৰি ঘৰ আহি পাওঁতে প্ৰায় তিনি বাজিছিল |

সন্ধিয়া আমাৰ ভাড়াঘৰৰ গৰাকী আৰু তেখেতৰ পৰিবাৰে (কেভিন আৰু জিনা গুড্‌‍উইন) চিজাৰ আৰু মোক লগ ধৰিলে ব্লেক্‌ মাউন্টেইনৰ ভাৰতীয় ৰেষ্টুৰাঁখনত একেলগে ৰাতিৰ আহাৰ খাবলৈ যোৱাৰ কাৰণে | আচলতে সিদিনা চিজাৰ আৰু ম‍ই তাত খাই অহাৰ পাচত চিজাৰে তেওঁলোকৰ আগত যিটো বৰ্ণনা দিছিল, তাৰ প্ৰভাৱতে বোধকৰোঁ তেওঁলোকেও তালৈ গৈ এসাঁজ খাবলৈ মন কৰিলে | অহা শুকুৰবাৰে চিজাৰ একবাৰে যাবগৈ; গতিকে  সেইটো‍ও এটা কাৰণ | আমি তেওঁলোকৰ গাড়ীৰে ৭ মান বজাত ওলাই গ’লো | পিচে আমি সেইদিনাখন খোৱাৰ দৰে বুফে (buffet) খানা খাবলৈ নাপালো; সেইটো মাত্ৰ দুপৰীয়াহে উপলব্ধ | যি কি নহওক, চুইট কৰ্ণ চুপ (Sweet corn soup), ভেজিটেব্‌ল পক’ৰা, (Vegetable pakora) ভাত, বাটাৰ নান্‌ (Butter nun), তণ্ডুৰী ৰুটি, শাকৰ সৈতে মুৰ্গীৰ আঞ্জা (Chicken saag), পনীৰ বাটাৰ মছলা (Paneer butter masala) আদিৰে সৈতে বৰ বঢ়িয়াকৈ এসাঁজ চাৰিওজনে মিলি খালো | মোৰ বেছি ভাল লাগিল তেওঁলোকে ভাৰতীয় খাদ্য অতি পৰিতৃপ্তিৰে খোৱা দেখি | অসমীয়া ব্যঞ্জনেৰে এসাঁজ খুৱাব পৰা হ’লে আৰু ভাল লাগিলহেঁতেন !

খোৱা-বোৱা হোৱাৰ পাচত আমি গোটেইকেইজন ওচৰতে থকা ‘বম্বে বাজাৰ’ নামৰ ভাৰতীয় গেলামালৰ দোকানখনত সোমালো | পিচে তাতহে এটা অঘটন হ’ল | যিমানেই নহওক, আমাৰ ভাৰতীয় মানুহৰ দোকানতো ! সিমান পৰিপাটী আৰু চিজিল নহয়; গ্ৰাহকে চলা-ফুৰা কৰা ঠাইখিনিৰ মাজতে এটা কাৰ্টন  (Carton) থোৱা আছিল | আমি মন কৰা নাছিলো | বস্তু চাই চাই আগবাঢ়ি গৈ থাকোঁতে আমাৰ ভাড়াঘৰৰ মালিকৰ পৰিবাৰ উজুতি খাই পকাত বাগৰি পৰিল | কিছু সময়ৰ বাবে হুৱা-দুৱা লাগিল | বৰফ দিয়া হ’ল; অলপ সৰু-গাঁঠিৰ ওচৰত ফূলি উঠিল | বোধকৰো হাঁড় নাভাগিলেও বেয়াকৈ মোছোকা খালে | পিচতহে গম পোৱা যাব ! সদ্যহতে দোকানৰ কৰ্মচাৰীয়ে আনি দিয়াত আৰু আমাৰ মালিকৰ অনুৰোধত ময়ে এটা ক্ৰেপ্‌ বেণ্ডেজ বান্ধি দিলো | মহিলাগৰাকী কিন্তু অলপো হতাশ হোৱা নাছিল | বৰঞ্চ তেৱেঁই আগভাগ লৈ দোকানৰ কৰ্মচাৰীৰ পৰা তেওঁলোকৰ দোকানৰ সৱিশেষ লিখাই ল’লে | প্ৰয়োজন হ’লে তেওঁলোকে ক্ষতিপূৰণ দাবী কৰিব !

চিজাৰ আৰু ম‍ই সিমানতে ঘৰলৈ ঘূৰি আহিব খুজিছিলো | কিন্তু তেওঁলোক মান্তি নহ’ল | তাৰ পৰা বাহিৰে বাহিৰে আকৌ আমাক ফুৰাবলৈ লৈ গ’ল - চান্‌ ডিয়েগো ক’ভ্‌চ (San Diego Coves) নামৰ এলেকাটোলৈ | সাগৰৰ পাৰত অৱস্থিত এই এলেকাটো অতি ধুনীয়া আৰু চহকী মানুহৰ বাসস্থান | বৰ ধুনীয়া ধুনীয়া ঘৰবোৰ, চালে চকু ৰোৱা ! আমাক কোৱামতে একোটা ঘৰৰ দাম ২০০ নিযুত ডলাৰতকৈও অধিক | প্ৰথমতে তাতে এখন ৰেষ্টুৰাঁত সোমাই একাপ একাপ কফি আৰু পেষ্ট্ৰি (Pastry) খালো | কফি খোৱাৰ বিষয়েও এটা কথা কৈ থওঁ - আমেৰিকানসকলে যথেষ্ট সঘনাই কফি খায় | একোটা কফি কাপত (নে গিলাছত !) আধা লিটাৰ মান ধৰে | তেনেকুৱা কাগজৰ বা প্লাষ্টিকৰ বন্ধ কাপত গাঢ়, ফিকা কফি (Black coffee) লৈ ফুৰা মানুহ বজাৰে-সমাৰে দেখাৰ উপৰিও ৰাস্তাত, আনকি বাছতো প্ৰায়ে দেখা যায় | আমাৰ কফি কেইকাপ ইমানেই কাঢ়া আছিল যে ম‍ই দুশোহা মান মৰাৰ পাচতে মুখ দেৰ্‌দেৰাই গ’ল | আৰু খোৱাৰ ইচ্ছা নগ’ল | অলপ গাখীৰ মিহলাইও চালো; পিচে নোৱাৰিলো | আচৰিত  কথা কি - চিজাৰে ম‍ই আধা খোৱা কফি কাপো খোৱাৰ ইচ্ছা কৰি মোৰ অনুমতি বিচাৰিলে | কফি খোৱাৰ লোভ দেখিলো মেক্সিকানৰো কম নহয় ! জুঠা কফিও নেৰে !

ৰেষ্টুৰাঁৰ পৰা ওলাই আহি সাগৰৰ পাৰত কিছু সময় কটালো | ৰাতিৰ আন্ধাৰত সাগৰৰ নাও আৰু জাহাজ চাই আপ্লুত হ’লো | ঘূৰি আহোতে ৰাস্তাত এখন বিখ্যাত ফেৰাৰী (Ferari) গাড়ীৰ শ্ব’-ৰুম (Show room) দেখা পাই চিজাৰে গাড়ী ৰখোৱাই মোৰ লগত নামি গৈ ফটো তুলিলে | তেওঁৰ গাড়ীৰ হেঁপাহ অতি বেছি - সৰু ল’ৰাতো !

ঘৰ আহি সোমাওঁতে ৰাতি প্ৰায় ১০:৩০ বাজিল | মুখ-হাত ধুই উঠাৰ পাছতে গুৱাহাটীৰ আমাৰ কলেজৰ পৰা স্কাইপৰ জড়িয়তে ফোন কৰিলে | ৰাতুলদা আৰু অৰুণাভৰ লগত বহু সময় কথা পাতিলো | শোওঁতে প্ৰায় ১২:৩০ বাজিছিল |

আমেৰিকান জীৱনধাৰা

ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত কাম কৰা চাকৰিয়ালসকল তেওঁলোকৰ বেতন তথা আনুষঙ্গিক সা-সুবিধা সম্পৰ্কে সাধাৰণতে সন্তুষ্ট নহয় | বিশেষকৈ ভাৰতত নিয়মীয়া মুদ্ৰাস্ফীতি আৰু নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ বৰ্দ্ধিত মূল্যৰ হেঁচাত পৰি সৰহ সংখ্যক ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়েই জীৱনৰ নিম্নতম প্ৰয়োজনীয়খিনি আহৰণ কৰাটোও দূৰূহ হৈ পৰে | কিন্তু আমেৰিকা হ’ল বিশ্বৰ সবাতোকৈ চহকী আৰু প্ৰতিপত্তিশালী দেশ | আমাৰ দেশত শিক্ষিত লোকসকলৰ মাজত এটা সাধাৰণ ধাৰণা যে আমেৰিকাৰ দৰে দেশত সাধাৰণ নাগৰিক আৰু বিশেষকৈ চাকৰিয়ালসকল আৰ্থিক অৱস্থা অতি টনকিয়াল আৰু তেওঁলোক আপাততঃ সুখী | প্ৰকৃততে এই ধাৰণা সত্যনে? আনহাতে এই কথা ইতিমধ্যে সৰ্বজনবিদিত যে বিগত কেইবছৰমানৰ পৰা চলি থকা গোলকীয় আৰ্থিক মন্দাৱস্থাৰ ঋণাত্মক প্ৰভাৱ ভাৰতবৰ্ষৰ তুলনাত আমেৰিকা আৰু ইউৰোপৰ চহকী দেশসমূহৰ ওপৰত অধিক প্ৰবল ৰূপত পৰিস্ফুট হৈছে | এই পৰিপ্ৰেক্ষিতত মোৰ নিতান্ত‍ই জানিবলৈ আগ্ৰহ হৈছিল বৰ্ত্তমান আমেৰিকাৰ নাগৰিকসকলৰ, বিশেষকৈ চাকৰিয়ালসকলৰ জীৱনধাৰা কেনে আৰু আৰ্থিকভাৱে তেওঁলোক কিমান স্বচ্ছল?

বিগত তিনিটা মাহত এই সম্পৰ্কে ম‍ই যিখিনি তথ্য আৰু মতামত আহৰণ কৰিবলৈ সক্ষম হৈছো, তাৰ ওপৰত ভিত্তি কৰি মোৰ ধাৰণা হৈছে যে আমাৰ দেশত সাধাৰণতে ভবাৰ দৰে আমেৰিকানসকলৰ জীৱন বৰ্ত্তমান সিমান সুখ আৰু স্বাচ্ছন্দ্য ভৰা নহয় |

মোৰ জানিবলৈ আগ্ৰহ হৈছিল - এজন সাধাৰণ বৰ্গৰ বিষয়া বা কৰ্মচাৰীয়ে বাৰু ইয়াত কিমান দৰমহা পায়? এটা কথা কৈ থোৱা ভাল যে ইয়াৰ প্ৰায়বিলাক প্ৰতিষ্ঠানতে সাধাৰণতে সাপ্তাহিক হিচাপত বা পষেকীয়া হিচাপত বেতন দিয়াৰ ব্যৱস্থা আছে | সেই হিচাপত বিচাৰ কৰিলে এজন সাধাৰণ বৰ্গৰ কৰ্মচাৰীয়ে $২৫০০ ৰ পৰা $৩৫০০ মান বেতন মাহিলি আৰ্জে | ভাৰতীয় মুদ্ৰালৈ সলনি কৰিলে এই বেতন হ’বগৈ - ১,২০০০০ ৰ পৰা ১,৬৮,০০০ টকা | আপাত দৃষ্টিত এই পৰিমাণ আমাৰ দেশৰ তুলনাত যথেষ্ট বেছি | কিন্তু সাম্প্ৰতিক মূল্যমানলৈ যদি মন কৰোঁ, তেতিয়া দেখা পাওঁ ভাৰতীয় বজাৰৰ তুলনাত অত্যাৱশ্যকীয় সামগ্ৰীৰ সাধাৰণ মূল্য ইয়াত বহুত বেছি | উদাহৰণ স্বৰূপে, ইয়াত এটা ডাঙৰ আকাৰৰ পাওৰুটিৰ দাম $ ৪ অৰ্থাত্‍ প্ৰায় ২০০ টকা, এক কিলো বাচ্‌মতি চাউলৰ দাম $ ৩ অৰ্থাত্‍ প্ৰায় ১৫০ টকা, এক পেকেট মজলীয়া আকাৰৰ ভাল বিস্কুটৰ দাম $ ৩ অৰ্থাত্‍ প্ৰায় ১৫০ টকা ইত্যাদি | এবাৰ চুলি কটোৱাৰ খৰচ অতি কমেও $ ১৫, অৰ্থাত্‍ প্ৰায় ৭০০.০০ টকা | ঠিক সেইদৰে, মধ্যবিত্ত চাকৰিয়ালৰ ইপ্সিত এখন মজলীয়া মানদণ্ডৰ গাড়ীৰ দাম $৩২,০০০ অৰ্থাত্‍ প্ৰায় ১৫,৩৬,০০০.০০ টকা | 

অন্যহাতে, ঘৰ, মাটিকে আদি কৰি স্থাৱৰ সম্পত্তিৰ মূল্য ইয়াত ভাবিব নোৱাৰা ধৰণে বেছি | চান্‌ ডিয়েগোৰ দৰে চহৰততো কথাই নাই | ইয়াত একোটা দুই বা তিনিটা শোৱা কোঠা থকা সাধাৰণ মানদণ্ডৰ ঘৰৰ বৰ্তমান মূল্য প্ৰায় ৩০০- ৫০০ হাজাৰ ডলাৰ আৰু চাৰিওফালে বাৰীৰে আবৃত একোটা বঙলাৰ মূল্য প্ৰায় ২০০ নিযুত ডলাৰ | 


আকৌ, চান্‌ ডিয়েগো চহৰত ভাড়াঘৰৰ বৰ্তমানে চলি থকা ভাড়াৰ নিৰিখলৈ যদি মন কৰা যায়, একোটা দুটা শোৱা কোঠালি-যুক্ত ঘৰৰ মাহিলি ভাড়া প্ৰায় $ ১৫০০-২৫০০, এটা শোৱা কোঠালি-যুক্ত ঘৰৰ মাহিলি ভাড়া প্ৰায় $ ১০০০-১৪০০ | এটা পৰিয়ালৰ সৈতে ৰান্ধনিশাল আৰু অন্যান্য সা-সুবিধা বাতোৱাৰা কৰি চলাৰ চৰ্তত ম‍ই থকা একমাত্ৰ কোঠাটোৰ ভাড়াই হ’ল $ ৬৭৫, অৰ্থাত্‍ প্ৰায় ৩২,৪০০.০০ টকা | এই মূল্যমানলৈ মন কৰিলে সহজেই বুজিব পাৰি যে আমেৰিকান কৰ্মচাৰী এজনৰ মাহিলি বেতনেৰে বৰ্ত্তমান অৱস্থাত কোনোপধ্যে‍ই এক সুখ-স্বাচ্ছন্দ্যৰ বিলাসী জীৱন কটোৱা সম্ভৱ নহয় |

মোৰ জানিবলৈ মন যোৱা আৰু এটা কথা আছিল - আমেৰিকাত এগৰাকী অধ্যাপকে বাৰু কিমান দৰমহা পায় ! আমেৰিকাৰ বিশ্ববিদ্যালয় অধ্যাপকৰ এটা সংগঠন American Association of University Professors ৰ মতে এজন আমেৰিকান অধ্যাপকৰ বছৰি গড় আয় প্ৰায় $ ৯৮,০০০ অৰ্থাত্‍ ৪৭,০৪,০০০.০০ টকা | মাহিলি হিচাপত এই বেতন প্ৰায় ৩,৯২,০০০.০০ টকা | বিভিন্ন স্তৰৰ অধ্যাপকসকলৰ দৰমহাৰ পাৰ্থক্য বিচাৰ নকৰাকৈয়ে এই কথা অৱশ্যে সহজেই বোধগম্য যে অধ্যাপকসকলে আমেৰিকাত এক অতি স্বাচ্ছন্দ্যৰ জীৱন অতিবাহিত কৰিব পাৰে |   

অন্যহাতে, গড় হিচাপত আমেৰিকাত বিদ্যালয় পৰ্যায়ৰ একোজন শিক্ষকৰ বছৰি দৰমহা প্ৰায় $ ৪০,০০০ অৰ্থাত্‍ মাহিলি প্ৰায় ১,৬০,০০০ টকা | [আগলৈ...]

ইংৰাজী ভাষা আৰু শিক্ষাৰ মাধ্যম

ম‍ই আমেৰিকালৈ অহাৰ কিছুদিনৰ আগেয়ে অসমৰ বাতৰি কাকতত, বিশেষকৈ ‘আমাৰ অসম’ত শিক্ষাৰ মাধ্যম সম্পৰ্কে এক দীঘলীয়া আলোচনা আৰু বিতৰ্ক চলিছিল | এইটো বিষয় বিতৰ্ক কেৱল আজিৰ নহয় | যোৱা ৩০ বছৰমান ধৰি এই বিতৰ্ক বিভিন্ন সময়ত ভিন ভিন মাধ্যমত চলিয়েই আছে বুলিব পাৰি | কিন্তু সঁচা কথা ক’বলৈ গ’লে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত অন্ততঃ আৰু বহুতো অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ নুঠা পৰ্য্যন্ত আৰু লগতে অসম মাধ্যমিক শিক্ষা পৰিষদে সঘনাই পাঠ্যক্ৰম আৰু পাঠ্যপুথি সলনি কৰি চলাই থকা পৰীক্ষা-নিৰীক্ষাৰ অন্ত পেলাই সকলোৰে গ্ৰহণযোগ্য এক বিকাশধৰ্মী, বিজ্ঞানসন্মত পাঠ্যক্ৰম প্ৰৱৰ্ত্তন কৰিব নোৱাৰালৈকে এই বিতৰ্কত এটা নিৰ্দ্দিষ্ট পক্ষ লোৱাতো বোধকৰো যুক্তিসঙ্গত নহ’ব | এতিয়া এই সম্পৰ্কে সিদ্ধান্ত লোৱাটো সম্পূৰ্ণ ব্যক্তিগত দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰিব | ম‍ই অৱশ্যে নিজে ভাবি-চিন্তি অসমীয়া মাধ্যমৰ সপক্ষেই সিদ্ধান্তটো লৈ মোৰ একমাত্ৰ সন্তানটিক অসমীয়া মাধ্যমতে পঢ়ুৱাইছোঁ | বাৰু যি কি নহওক, আজি ম‍ই এই বিষয়টো অৱতাৰণা কৰাৰ কাৰণটো অলপ বেলেগ |

আমেৰিকাৰ চান্‌ ডিয়েগো চহৰলৈ অহাৰ সময়লৈকে মোৰ এটা ধাৰণা আছিল যে ইয়াত হয়তো ফৰফৰাই ইংৰাজী ক’ব নোৱাৰা বিলাকৰ অৱস্থা অলপ বেয়াই হয় ! যদিও যোৱা ২৫ টা বছৰে ইংৰাজী মাধ্যমত শিক্ষাদান কৰি থকাৰ কাৰণে মোৰ নিজৰ সেই আশংকা নাছিল, তথাপি ভাবিছিলো আমাৰ তুলনাত ইয়াত লগ পোৱা প্ৰায়বিলাক বিজ্ঞানীয়েই হয়তো আমাতকৈ বেছি সলসলীয়াকৈ ইংৰাজী ক’ব | কিন্তু ইয়াত যোৱা তিনিটা মাহত লগ পোৱা হাজাৰ নহ’লেও
অন্ততঃ কেইবাশ মানুহৰ সৈতে কথা-বতৰা পাতি মোৰ ধাৰণা ভুল বুলি প্ৰমাণ পালো |

চান্‌ ডিয়েগো চহৰ আমেৰিকাৰ শিক্ষা আৰু বৈদ্যুতিন উদ্যোগ (Electronic industry)ৰ এক অন্যতম প্ৰাণকেন্দ্ৰ | ইয়াত প্ৰায় ৩০ হাজাৰতকৈ
অধিক বিদেশী ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানীয়ে অধ্যয়ন কৰি আছে | ১২০ খনতকৈও অধিক দেশৰ অথবা একে সংখ্যক ভাষা কোৱা মানুহ এই চহৰতে আছে | ক’বলৈ গ’লে ই এখন ক্ষুদ্ৰ পৃথিৱী | ম‍ই আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ যে আমাৰ গৱেষণাগাৰতে মুঠ ১০ খন মান বেলেগ বেলেগ দেশৰ বিজ্ঞানীয়ে কাম কৰি আছে | সংখ্যাৰ হিচাবত চান্‌ ডিয়েগোত আটাইতকৈ বেছি বিদেশী মানুহ আছে চীনদেশ, জাপান, ভাৰত আৰু মেক্সিকোৰ | তাৰ পিচতে আছে ফিলিপাইন্‌চ, আৰ্জেন্টিনা, ব্ৰাজিল আদি দেশৰ | কিন্তু এই বিভিন্ন দেশৰ পৰা অহা লোকসকলৰ সৈতে কথা পাতি মোৰ যি অভিজ্ঞতা হৈছে তাৰ পৰা ম‍ই বুজিব পাৰিছোঁ যে বাকীসকলতকৈ বোধকৰো আমি ভাৰতীয় সকলে ইংৰাজী ভাষা বেছি শুদ্ধকৈ আৰু অধিক সলসলীয়াকৈ ক’ব পাৰোঁ | আচলতে ভাৰতত প্ৰচলিত দ্বি-ভাষিক বা ত্ৰি-ভাষিক শিক্ষাৰ বিপৰীতে ম‍ই আগতে উল্লেখ কৰা প্ৰায়বোৰ দেশতে মূলতঃ একভাষিক অৰ্থাত্‍ তেওঁলোকৰ কেৱল নিৰ্দ্দিষ্ট ৰাষ্ট্ৰীয় ভাষাতহে শিক্ষা প্ৰদান কৰে | ফলত ইংৰাজী শুদ্ধকৈ লিখা আৰু বিশেষকৈ কোৱাৰ বাবে তেওঁলোকে ওপৰঞ্চি প্ৰশিক্ষণ ল’ব লগীয়া হয় |

কিন্তু অন্য এটা কথাও বিশেষভাৱে মন কৰিব লগীয়া | ইয়ালৈ উচ্চ শিক্ষা বা গৱেষণাৰ বাবে অহা লোকসকলে কিমান ভালকৈ ইংৰাজী জানে সেইটো কোনেও কেতিয়াও বিচাৰ নকৰে বা আমাৰ অসমৰ দৰে ইজনে সিজনক কেতিয়াও নাহাঁহে | বৰঞ্চ সকলোৱে বুজিবলৈ বা বুজাবলৈ আন্তৰিকভাৱে চেষ্টা কৰে | শাৰীৰিক ভাৱে অসক্ষম এগৰাকী বিজ্ঞানীয়ে কিদৰে আমাৰ গৱেষণাগাৰত বক্তৃতা প্ৰদান কৰিছিল ম‍ই স্থানান্তৰত উল্লেখ কৰিছোঁৱেই | আটাইতকৈ ডাঙৰ কথা আমেৰিকাত সকলোৰে সমান মৰ্যাদা - কোনোৱে কাকো হীন জ্ঞান নকৰে ! বৰঞ্চ সকলোৱে সততা আৰু সহযোগিতাৰে দুৰ্বলজনক সৰ্বতোপ্ৰকাৰে সহায়হে কৰা দেখিছোঁ | আমি এই শিক্ষাহে ল’ব লাগে |

মুঠৰ ওপৰত অসমীয়া বা অন্যান্য মাতৃভাষাৰ মাধ্যমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে ভাবিব নালাগে যে তেওঁলোকে আমেৰিকাৰ দৰে বিদেশী ৰাষ্ট্ৰলৈ পঢ়া-শুনা অথবা চাকৰি কৰিবলৈ আহিলে ভৱিষ্যতে কিবা অসুবিধা পাব | এই ধাৰণা সম্পূৰ্ণ অমূলক | অৱশ্যে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এটা বিষয় হিচাবে সকলোৱে ইংৰাজী লিখা আৰু কোৱাৰ জ্ঞান লাভৰ বাবে যত্‍-পৰোনাস্তি চেষ্টা কৰিব লাগে | ইংৰাজী ভাষা হ’ল জ্ঞানৰ ভঁৰাল | ইংৰাজী ভাষাত বিভিন্ন বিষয়ৰ যিমানবিলাক পুথি ৰচিত হৈছে, বোধকৰো পৃথিৱীৰ অন্য কোনো ভাষাতে এতিয়ালৈকে ৰচিত হোৱা নাই |     

চিজাৰৰ সান্নিধ্যত

৭ আগষ্ট ২০১০

আজি শনিবাৰ | দুপৰীয়া ১২ বজাত মোৰ প্ৰতিৱেশী মেক্সিকোৰ চিজাৰ (Cesar)ৰ লগত বাছেৰে ফুৰিবলৈ বুলি ওলাই গ’লো | প্ৰথমে আমি দুয়ো ব্লেক্‌ মাউন্টেইন এলেকাত থকা ভাৰতীয়  ৰেষ্টুৰাঁখনলৈ গৈ তাত দুপৰীয়াৰ আহাৰ খালো | প্ৰথমবাৰৰ কাৰণে ভাৰতীয় আহাৰ খাই চিজাৰে বৰ ভাল পালে | অৱশ্যে সঁচাকৈয়ে খোৱাখিনি বৰ ভাল আছিল | মুঠতে ২০ বিধমান ভিন ভিন ব্যঞ্জনেৰে বৰ সুন্দৰকৈ পৰিৱেশন কৰিছিল | যেয়ে যিমান ইচ্ছা সিমান খাব পাৰে | প্ৰতিজনৰ খোৱাৰ বাবে দিব লাগে ১৪.২৮ ডলাৰ | দুয়ো দগৰি খালো | সেই মিঠা ব্যঞ্জনৰ সোৱাদ বহুদিনলৈ মনত থাকিব !

যি নহওক, তাত এঘন্টামান কটোৱাৰ পাচত তাৰ পৰা বাহিৰে বাহিৰে ডাউন্টাউন চান্‌ ডিয়েগো (Downtown San Diego)লৈ গ’লো | প্ৰথমে বাছেৰে ফেশ্বন ভেলী (Fashion Valley) নামৰ ঠাইলৈ গৈ তাৰ পৰা দুখন ট্ৰ’লী (Trolley) সলাই এঘন্টামানৰ পাচত গন্তব্যস্থান পালোগৈ | ট্ৰ’লীত প্ৰথমবাৰৰ বাবে উঠিলো | 

এটা কথা ভাল যে আমাৰ দুয়োজনৰে হাতত চিটিবাছৰ কাৰণে থকা মাহেকীয়া কাৰ্ডকেইখনেৰেই যিকোনো বাছৰ উপৰিও ট্ৰ’লীতো উঠিব পাৰি | তাৰ বাবে বেলেগে প‍ইচা দিব নালাগে | এইটো এটা বৰ সুবিধা | অৱশ্যে অহা-যোৱা কৰোঁতে চাৰিখন ট্ৰ’লী ক’তো কোনেও টিকট পৰীক্ষা কৰা দেখা নাপালো | নাগৰিকৰ সততাৰ ওপৰত দেখিছোঁ চৰকাৰৰো অপৰিসীম বিশ্বাস !

ডাউন্টাউনত চিজাৰে এখন বাৰত সোমাই অলপ সুৰাপান কৰিলে | মোক সোধোঁতে ম‍ই সুৰাপান নকৰোঁ বুলি কোৱাত তেওঁ তাত সোমাব খোজা নাছিল | কিন্ত্ত ম‍ই ক’লো যে ম‍ই নিজে নাখাওঁ যদিও তেওঁক এনেয়ে লগ দিম, তেওঁ মান্তি হ’ল | বাৰৰ ভিতৰত হ’লিউডৰ চিনেমাত দেখা ধৰণৰ পৰিৱেশ - চাৰিওফালে কেইবা শ মানুহে একেলগে মদ্যপান কৰি আছে | সুন্দৰ ব্যৱহাৰ  আৰু মাৰ্জিত সাজ-পোচাকেৰে গাভৰু কেইগৰাকীমানে পানীয় পৰিৱেশন কৰিছে | কিন্ত্ত ক’তো কোনো বিশৃংখলতা চকুত নপৰিল | এটা দীঘলীয়া গিলাচত ১৩ ডলাৰ দি কিনা সুৰা চিজাৰে অকলে শেষ কৰিব নোৱাৰি বটলত ভৰাই লৈ আহিব পৰা যাবনেকি সুধিছিল | কিন্ত্ত পৰিচাৰিকা গৰাকীয়ে জনালে যে চান্‌ ডিয়েগোত সেইটো নিষিদ্ধ | 

আৰু এটা কথা দেখিলো বাৰখন সোমোৱাৰ সময়ত প্ৰতিজন ব্যক্তি ১৮ বছৰ বয়সৰ ওপৰৰ হয়নে নহয় সন্দেহ হ’লেই পৰীক্ষা কৰাৰ ব্যৱস্থা আছে | প্ৰয়োজন বোধ কৰিলে তেওঁলোকে উপযুক্ত প্ৰমাণৰ বাবে নথিপত্ৰও বিচাৰিব পাৰে | আনহাতে চিজাক সুৰাপান কৰিবলৈ দিয়াৰ আগতে তেওঁলোকে পৰিচয় পত্ৰখন বিচাৰিছিল | তেওঁ আমেৰিকান নহয় বুলি কোৱাত তেওঁৰ পাচপ’ৰ্টখন পৰীক্ষা কৰিছিল | এটা কথা জানি থোৱা ভাল যে বিদেশত থাকোতে সদায় লগত পাচপ’ৰ্টখন ৰাখিব লাগে | যিকোনো সময়ত নিজৰ পৰিচয় পত্ৰ হিচাবে দেখুৱাবলৈ এইখনেই হ’ল গ্ৰহণযোগ্য নথি |

দিনত ইমানেই খালো যে ৰাতি ছেইছ’ আৰু ম‍ই দুয়োজনে একো খাবলৈ মন নকৰিলো |

৮ আগষ্ট ২০১০


আজি দেওবাৰ যদিও দিনটো ক’তো ওলাই যোৱা নহ’ল | সন্ধিয়া
চিজাৰে প্ৰস্তাৱ দিলে - তেওঁ মেক্সিকান খানা ৰান্ধি খুৱাব | আমাৰ ঘৰৰ মালিকে কালিয়েই আমি দুয়োজনে খাবৰ কাৰণে ভালেখিনি তাৰ্কিৰ মাংস দিছিল | সেই মাংসৰ সত্‍ ব্যৱহাৰ হ’ল | তেওঁ ৰন্ধা প্ৰকৰণ বিধৰ নাম আছিল খেচাৰিয়া | ইংৰাজীত (Khesarilla) বুলি লিখে যদিও ম‍ই আগেয়ে এঠাইত উল্লেখ কৰাৰ দৰে দুটা `l' থাকিলে ‘য়’ উচ্চাৰণ হয় | এখন বহল ৰুটিৰ নিচিনা টৰ্টিয়া (Tortilla)ৰ ভিতৰত মাংস, চিজ্‌ (Cheese), কটা পিয়াঁজ আৰু চাল্‌ছা (Salsa) নামৰ মেক্সিকান মছলা ভৰাই তেৱাত সেকি এইবিধ খাদ্য তৈয়াৰ কৰে | চাল্‌ছা হ’ল বিলাহী, পিয়াঁজ আৰু অন্যান্য মছলাৰ এক মিশ্ৰণ | খেচাৰিয়া খাই বেছ ভালেই লাগিল | দুটা খাই ভোক গুচি গ’ল |  

৯ আগষ্ট ২০১০

আনদিনাৰ দৰে পুৱা ৮:১০ বজাত ঘৰৰ পৰা খোজ কাঢ়ি ওলাই গৈ ম‍ই সদায় ৰোৱা নিৰ্দ্দিষ্ট বাছ ৰোৱা ঠাইত গৈ ৰৈ আছিলো | বাছৰ সঠিক সময় ৮:৩২ বজা | ঠিক সময়তে বাছ আহি পালে - কিন্তু দেখোন ৰখোৱাৰ নাম নাই ! ওপৰলৈ চাইহে দেখিলো সন্মুখৰ বৈদ্যুতিন ফলক (Electronic Board)ত লিখা আছে - "Bus full" বুলি, গতিকে নৰখালে | ইয়াত সকলোবোৰ বাছতে সন্মুখৰ ফলকত এইদৰে বাছৰ নম্বৰ অৰ্থাত্‍ পথ
নম্বৰ আৰু গন্তব্যস্থানৰ বিষয়ে লিখা থাকে | কিন্তু এনেকৈ "Bus full" বুলি লিখা থকা আজিহে দেখিলো | আমাৰ গুৱাহাটীৰ চিটিবাছৰ নিচিনাকৈ পাণ জপাদি যাত্ৰী নাজাপে ! আচলতে আগষ্ট মাহৰ পৰা প্ৰায়বিলাক শিক্ষানুস্থানতে নতুন শিক্ষা বছৰ আৰম্ভ হৈছে; গতিকে বহুতো নতুন ছাত্ৰ-ছাত্ৰী, বিশেষকৈ বিদেশৰ ছাত্ৰ-ছাত্ৰী আহি চান্‌ ডিয়েগো চহৰ ভৰি পৰিছে | জাক পাতি-পাতি চীনদেশীয় আৰু জাপানী ল’ৰা-ছোৱালী এইকেইদিন একোখন বাছত উঠে | মোৰ গৱেষণাগাৰটো পোৱাৰ আগে আগে ৰেডি মেনেজ্‌মেন্ট ইন্‌ষ্টিটিউট (Redi Management Institute) নামৰ এটা শিক্ষানুষ্ঠান পায় | তাত সিদিনা দেখিলো একেলগে কথা পাতি পাতি প্ৰায় ২০-২৫ জনমান চীনদেশীয় ছাত্ৰ-ছাত্ৰী বাছৰ পৰা নামিছে | দেখিলে এনে ভাৱ হয় যেন এইখন চীনদেশৰহে শিক্ষানুষ্ঠান !

ৰাস্তাত বাছ নৰখোৱাত মোৰহে নগুৰ-নাগটি হ’ল | পিচৰখন বাছ আহিব ৯:০৭ বজাত, অৰ্থাত্‍ আধাঘন্টামানৰ পাচত | ইমান সময় ৰাস্তাত থিয় হৈ থকাতো
মস্কিল ! গতিকে খোজকাঢ়ি আগৰ ষ্টপেজটোলৈ বুলি আগবাঢ়িলো | এইটো ষ্টপেজ আকৌ এক ফাৰ্লংমান আঁতৰত - টিলা এটাৰ ওপৰত অৱস্থিত - VA Medical Centre নামৰ চিকিত্‍সালয় এখনৰ সন্মুখত | তাত যাত্ৰীসকলৰ বহাৰ কাৰণে আসনৰ ব্যৱস্থা আছে | গতিকে তালৈকে আগবাঢ়িলো |