জৈৱ-প্ৰযুক্তি আৰু উত্তৰ-পূৰ্বাঞ্চল

আজি মোৰ বাবে বৰ আনন্দৰ দিন | একেটা উত্‍সৰে পৰা অগা-পিছাকৈ অহা দুটা ভাল খবৰে মনটো ভৰাই তুলিছে !

যোৱা বছৰ মে’ মাহত ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এখন আলোচনা সভাৰ আয়োজন কৰিছিল | তাত ভাৰত চৰকাৰৰ ফালৰ পৰা উপস্থিত আছিল -  জৈৱ-প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান আৰু উপদেষ্টা ডঃ টি, মদনমোহন | আলোচনাৰ বিষয়-বস্তু আছিল - উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশ আৰু তাৰ বাবে ল’বলগীয়া ব্যৱস্থা | সৌভাগ্যক্ৰমে, সেই সভাৰ আৰম্ভণিতে বক্তব্য ৰখাৰ বাবে মাননীয় ডঃ টি, মদনমোহন ডাঙৰীয়াই মোক অনুৰোধ জনাইছিল | ম‍ই মোৰ বক্তব্যত উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশৰ সম্ভাৱনীয়তা, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আদি বিষয়ত আলোকপাত কৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা ল’ব পৰা এলানি আঁচনিৰ প্ৰস্তাৱ কৰিছিলো | সভাত উপস্থিত সকলোৱেই আনন্দিত হ’ল - যেতিয়া মোক এক প্ৰকাৰ আচৰিত কৰি এই প্ৰস্তাৱিত আঁচনিসমূহৰ প্ৰতি কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান ডাঙৰীয়াই অতি আগ্ৰহ দেখুৱালে আৰু মোক নিৰ্ধাৰিত ১৫ মিনিটৰ সলনি প্ৰায় ৪৫ মিনিট বক্তব্য ৰাখিবলৈ সুযোগ দি আঁচনি সমূহৰ বিষয়ে পূংখানুপূংখ ৰূপে আলোচনা কৰাৰ ব্যৱস্থা কৰিলে |

পৰৱৰ্ত্তী পৰ্য্যায়ত ভাৰত চৰকাৰৰ অনুৰোধ মৰ্মে ম‍ই আঁচনি সমূহৰ সৱিশেষ দাখিল কৰিলো আৰু সেই মৰ্মে আঁচনি সমূহ পৰ্য্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ জৈৱ-প্ৰযুক্তি বিভাগে সিদ্ধান্ত ল’লে আৰু ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ’ল |

তাৰে এখন আঁচনি অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিমকে ধৰি গোটেই কেইখন ৰাজ্যৰ কেতবোৰ বছা-বছা উচ্চশিক্ষাৰ অনুষ্ঠানত একোটাকৈ জৈৱ-প্ৰযুক্তি কেন্দ্ৰ (Biotech Hub) স্থাপন কৰি জৈৱ-প্ৰযুক্তি আৰু আধুনিক জীৱবিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ঠিক সেইদৰে আন এখন আঁচনি অনুসৰি নিৰ্বাচিত কেতবোৰ বিদ্যালয়ৰ পুথিভঁৰালত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা | পৰৱৰ্ত্তী সময়ত জৈৱ-প্ৰযুক্তি বিভাগৰ উচ্চ-ক্ষমতা সম্পন্ন এক বিশেষজ্ঞ সমিতিৰ অন্যতম সদস্য হিচাপে আঁচনি সমূহৰ ৰূপায়ণৰ দিশত লোৱা পদক্ষেপত অংশ গ্ৰহণ কৰাৰ কিছু সুযোগ পাওঁ | যোৱা প্ৰায় এবছৰ কাল বিভিন্ন স্তৰত কাম-কাজ চলি থকাৰ মূৰত শেহতীয়াকৈ দুয়োখন আঁচনি ৰূপায়িত কৰাৰ কাৰণে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে জাননী জাৰি কৰিছে |

এই অনুসৰি, প্ৰথম পৰ্য্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৩৫ খন উচ্চশিক্ষাৰ অনুষ্ঠানক প্ৰতিখনকে ২৭ লাখ টকাকৈ আগবঢ়োৱা হৈছে | তাৰ ভিতৰত আছে অসমৰ ২৩ খন শিক্ষানুষ্ঠান | আনহাতে, দ্বিতীয়খন আঁচনিৰ অধীনত ৪৭ খন বিদ্যালয়ৰ প্ৰতিখনলৈ আগবঢ়োৱা হৈছে ২.১ লাখ টকাকৈ |  তদুপৰি ইন্টাৰনেটৰ সুবিধা বাহাল ৰখাৰ বাবে প্ৰতিখন বিদ্যালয়ে প্ৰতিবছৰে বিশ হাজাৰ টকাকৈ লাভ কৰিব |

আশাকৰোঁ এই আঁচনি দুখনৰ সফল ৰূপায়ণে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক জগতত প্ৰচূৰ বৰঙণি যোগাবলৈ সক্ষম হ’ব ! অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ’ব কেন্দ্ৰসমূহৰ সৈতে জড়িত শিক্ষক তথা বিজ্ঞানীসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্ত্তব্যনিষ্ঠা |

ৰঙালাও

এতিয়া ইয়াত ৰঙালাওৰ বতৰ | চাৰিওফালে গেলামালৰ দোকানবোৰত (grocery stores)  ৰঙালাওৰ পয়োভৰ | পিছে ৰঙালাও বুলি ক’লে কি হ’ব ! কেৱল ৰঙাই নহয় বগা, হালধীয়া আনকি তীব্ৰ ৰঙা ৰঙৰ ৰঙালাও (?) দোকানবোৰত ভৰি আছে | কিনোতাৰো যথেষ্ট ভিৰ | আজি দেখিলো এগৰাকী মহিলাই নিজৰ গাড়ীত ৫/৬ টা মান ৰঙালাও তুলি ল’লে | এওঁলোকে ৰঙালাওৰেই বিভিন্ন ব্যঞ্জন ৰান্ধে | একো সাজ কেতিয়াবা কেৱল ৰঙালাওৰে ৰন্ধা ব্যঞ্জনেৰেই চলাই দিয়ে | মোৰ ভাড়াঘৰৰ মালিকনীয়ে সিদিনা তেনেকৈ ৰঙালাওৰ পুডিং ৰন্ধা দেখিলো | গিৰীয়েক-ঘৈণীয়েকে সেইদিনা তাকে খাই নিশাটো পাৰ কৰিলে | লগত কিছু ফলমূল আৰু সুৰা |

বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি দেখিছো যদিও আমাৰ দৰে বনশাক বা ৰঙালাওৰ আগ হ’লে দেখা নাই | আমাৰ ৰঙালাওৰ আগৰ লগত দীঘ্ল-দীঘলকৈ কটা তিতা-কেৰেলা, খৰুৱা বেঙেনা, আলু-পিঁয়াজ আদি মিহলাই ৰন্ধা ভাজিখনৰ সোৱাদ মনত পৰিলেই লোভ লাগি যায় | সৰুতে মোৰ আন এটা প্ৰিয় বস্তু আছিল মিঠাতেলত ভজা ৰঙালাওৰ ফুল | লগত মুৰ্গীৰ কণী এটা ভাঙি দিলেতো আৰু কথাই নাই ! এনেবোৰ সোৱাদ লোৱাৰ ভাগ্য এওঁলোকৰ ক’ত ! 

ভাৰতীয় খাদ্যৰ জুতিয়ে মোৰ ভাড়াঘৰৰ মালিক দম্পতীটোক ভালকৈয়ে মুহিছে | মোৰ সৈতে দুদিন গৈ `Little India'-ৰ ভাৰতীয় ৰেষ্টুৰাঁত খোৱাৰ পৰা তেওঁলোক দুয়ো ভাৰতীয় ব্যঞ্জনৰ প্ৰেমত পৰিল | কালি মোক পুণৰ কৈছে - ম‍ই ইয়াৰ পৰা ঘূৰি যোৱাৰ আগতে তেওঁলোকে অন্ততঃ আকৌ এবাৰ তালৈ যাব খোজে | কথাটো জানি মোৰো ভাল লাগিছে |

জোখ-মাখৰ পদ্ধতি


সমগ্ৰ বিশ্ব‍ই মানি লোৱা জোখ-মাখৰ বিজ্ঞান-সন্মত পদ্ধতিটো হ’ল মেট্ৰিক পদ্ধতি |  আমাৰ স্কুলীয়া পাঠ্যপুথিত এই বিষয়টো যথোপযুক্তভাৱে অন্তৰ্ভুক্ত কৰা হৈছে, যাতে শিশুসকলে সৰুকালৰ পৰাই এই পদ্ধতিৰ সৈতে পৰিচিত হ্য় | ব্যৱসায়ৰ সকলো ক্ষেত্ৰতে এই পদ্ধতিৰে সকলো জোখ-মাখ কৰাটো আমাৰ দেশত আইনমতে বাধ্যতামূলক | 

কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল - বিশ্বৰ ভিতৰতে বৈজ্ঞানিক উন্নতিৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া দেশ আমেৰিকাত এতিয়াও পুৰণি বৃটিছ পদ্ধতিৰেই জোখ-মাখ কৰা হ্য় | দোকান-বজাৰত বস্তু বিক্ৰী কৰা হয়, পাউণ্ডৰ জোখেৰে, কিলোগ্ৰামৰ জোখত নহয় | ঠিক তেনেদৰে দূৰত্ব জোখা হয় মাইলৰ হিচাপত, কিলোমিটাৰৰ হিচাপত নহয়; উষ্ণতাও প্ৰকাশ কৰা হয় ফাৰেণহাইটত, চেলচেয়াচত নহয় | ইও এক বুজিব নোৱাৰা সাঁ‍থৰ !

আমেৰিকান জীৱনধাৰা - ৪

সম্বোধন

আমেৰিকান সকল তেওঁলোকৰ কথা বতৰা আৰু আচৰণৰ ক্ষেত্ৰত যদিও বেছ সংয্মী আৰু অতিশয় শিষ্টাচাৰী, এটা কথাত আচৰিত লাগে যে নিজৰ মাক-দেউতাক বা পৰিয়ালৰ জ্যেষ্ঠ দুই-এজনৰ বাহিৰে সকলোকে তেওঁলোকে নাম ধৰি মাতে | আমাৰ দেশৰ দৰে সকলোৰে বাবে বেলেগ-বেলেগ সম্বোধনতো ব্যৱ্হাৰ নকৰেই, আনকি অফিচ-কাছাৰীতো নিজৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ বেলিকাও চাৰ সম্বোধন নকৰে, নাম ধৰিয়েই মাতে | পোনপ্ৰথমে এই ক্ষেত্ৰত মোৰ অলপ অসুবিধাই হৈছিল, কাৰণ আগেয়ে ই-মেইলৰ যোগেদি ডঃ মাইকেল মেকক্লিলেণ্ডৰ সৈতে যোগাযোগ কৰোঁতে তেওঁক চাৰ সম্বোধন কৰিছিলো; কিন্তু ইয়াত আহি পোৱাৰ পাছ্ত প্ৰথমবাৰ লগ পাওঁতেই তেওঁ মোক নাম ধৰি মাতিবলৈ ক’লে | অভ্যাস কৰোঁতে কেইদিনমান লাগিল | কিন্তু যেতিয়া দেখিলো আমাৰ প্ৰতিষ্ঠানৰ আটাইতকৈ কনিষ্ঠ তাৰ্কীৰ নেফিছে নামৰ ছোৱালী জনীৰ পৰা আৰম্ভ কৰি টেক্‌নিচিয়ান, ৰিচেপ্‌চনিষ্ট আদি সকলোৱে তেওঁক নাম ধৰিয়েই মাতে, লাহে-লাহে সকলো সহজ হৈ গ’ল |

সাজ-পোছাক

ব্ৰিটিছ্সকলৰ সৈতে আমেৰিকান সকলৰ এটা অন্যতম পাৰ্থক্য হ’ল তেওঁলোকৰ সাজ-পাৰ | আমেৰিকান সকল এই ক্ষেত্ৰত অতি অনানুষ্ঠানিক বা কেজুৱেল (casual) | আজিলৈকে যোৱা চাৰিটা মাহ্ত ম‍ই আমাৰ প্ৰতিষ্ঠানৰ কাকোৱেই চুট-টাই পৰিধান কৰা দেখা নাই, যদিওবা কেইবাটাও আনুষ্ঠানিক কাৰ্য্যসূচী ইতিমধ্যে পাৰ হৈ গৈছে | প্ৰায়ভাগ মানুহেই সাধাৰণ সাজ-পোছাক পিন্ধে | তেওঁলোকে কেৱল নিজৰ পছন্দ আৰু আৰামকহে প্ৰাধান্য দিয়ে | কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ প্ৰায়বিলাক ল’ৰা-ছোৱালীয়েই দেখিছো চুটি পেন্ট বা স্কাৰ্ট পৰিধান কৰি ক্লাছলৈ যায় | কাপোৰ-কানিৰ ক্ষেত্ৰত বহুতকে আনকি জধলা বুলি ক’লেও অত্যুক্তি কৰা নহয় | সৰহভাগ পুৰুষ-মহিলাই জিন্‌চৰ পেন্ট পিন্ধে; লগত পিন্ধে সাধাৰণ এটা টি-চাৰ্ট (T-shirt) | আমাৰ প্ৰতিষ্ঠানৰে দুজনমান বিজ্ঞানীয়ে অফিচলৈকো জিন্‌চৰ হাফ-পেন্ট এটা পিন্ধিয়েই আহে | বতৰ ঠাণ্ডা হ’লে সকলোৱে সাধাৰণতে টুপীৰে সৈতে থকা একোটা হলৌ-মলৌ জেকেট পৰিধান কৰে | উচ্চ পদবীত কৰ্মৰত পুৰুষ একোজনে এনে পোছাকো পিন্ধা দেখিছো, যিটো আমাৰ তাত পিন্ধিলে হয়তো সকলোৱে হাঁহিলেহেঁতেন | কিন্তু ইয়াত কোনেও কাৰো ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ নকৰে | হঁহাৰতো প্ৰশ্ন‍ই নুঠে ! দিনটোৰ যিকোনো সময়তে, বিশেষকৈ পুৱা-গধূলি ৰাস্তাত খালি গাৰে চুটি হাফ-পেন্ট এটা পিন্ধি চাইকেল চলাই বা দৌৰি ফুৰা যিকোনো বয়সৰ পুৰুষ দেখা পোৱাটো একেবাৰে নিত্য-নৈমিত্তিক কথা |

কাপোৰ ইস্ত্ৰি কৰি পিন্ধাৰো অভ্যাস কাৰোৱেই নাই বুলিব পাৰি | পোন প্ৰথমে ম‍ই মোৰ কাপোৰ-কানিবোৰ শনি বা দেওবাৰে ধোৱাৰ পাছ্ত মোৰ ভাড়াঘৰৰ মালিকৰ পৰা তেওঁলোকৰ ইস্ত্ৰিটো লৈ ইস্ত্ৰি কৰিছিলো আৰু একেদিনাই সেইটো ঘূৰাই দিছিলো | কিন্তু তেওঁলোকে ইস্ত্ৰিটো  মোৰ লগতে ৰাখিবলৈ ক’লে, কিয়নো তেওঁলোকে বোলে কোনোদিনেই ইয়াক ব্যৱহাৰ নকৰে | ম‍ই লক্ষ্য কৰি দেখিলো যে ইয়াত প্ৰায়বিলাক মানুহেই ইস্ত্ৰি নকৰাকৈয়ে কাপোৰ পিন্ধে, লাগিলে সি জপৰা হৈয়ে থাকক ! গতিকে আজিকালি ময়ো সেই পথকে অনুসৰণ কৰোঁ | ইয়ালৈ আহোঁতে মোৰ লগত চুট-টাই এযোৰো লৈ আহিছিলো - ভাবিছিলো কেতিয়াবা কোনো আনুষ্ঠানিক কাৰ্য্যসূচীত অংশ লোৱাৰ সময়ত প্ৰয়োজন হ’ব পাৰে | কিন্তু আজিলৈকে এদিনো ব্যৱ্হাৰ কৰিব লগীয়া হোৱা নাই | বোধকৰোঁ আগলৈও নহ’ব !