VRISDৰ গৱেষণা সম্পৰ্কে

৮ জুন ২০১০

আজি দুপৰীয়া ১২ বজাত আমাৰ গৱেষণাগাৰৰ সকলো বিজ্ঞানীৰ উপস্থিতিত মোৰ গৱেষণাৰ বিষয়ে এক বক্তব্য ৰাখিলোঁ | আৰম্ভণিতে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক দিশ সম্পৰ্কে তেওঁলোকক কিছু আভাস দিয়াৰ প্ৰয়াস কৰিলোঁ | প্ৰায় ৪৫ মিনিট জোৰা মোৰ বক্তব্যৰ পিচত বৰ্তমান এই গৱেষণাগাৰত কৰিবলগীয়া কামৰ বিষয়ে কিছু আলোচনা হ’ল | এই গৱেষণাগাৰত সম্প্ৰতি চলি থকা বিভিন্ন গৱেষণা সম্পৰ্কে ডঃ মাইকেলে বক্তব্য ডাঙি ধৰিলে | ইয়াত পাৰমাণৱিক স্তৰত যিবিলাক উচ্চ স্তৰৰ গৱেষণা চলি আছে, ভাৰতৰ বোধকৰো আঙুলিমূৰত লিখিব পৰা দুই-এক গৱেষণাগাৰতহে তেনে কাম চলিছে | এনেবিলাক কামৰ সৈতে নিজকে জড়িত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব লাগিব, যাতে ইয়াৰ সুফল আমাৰ শিক্ষানুষ্ঠানলৈ কঢ়িয়াই লৈ যাব পাৰো !

আমেৰিকাত গৱেষণাৰ ক্ষেত্ৰখনলৈ চৰকাৰী-বেচৰকাৰী ভাৱে আগবঢ়োৱা আৰ্থিক অনুদানৰ ধৰণ আমাৰ দেশৰ দৰে নহয় | ইয়াত একোজন বিজ্ঞানী অথবা বিজ্ঞানীৰ একোটা দল বা সংস্থালৈ গৱেষণাৰ আঁচনি ৰূপায়িত কৰাৰ কাৰণে পোনপটীয়াকৈ অথবা আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তে অনুদান আগবঢ়ায় | আমাৰ গৱেষণাগাৰটো মূলতঃ ডঃ মাইকেল আৰু কেইজনমান সহযোগী বিজ্ঞানীৰ ৭ টা বিভিন্ন গৱেষণা প্ৰকল্পৰ কাৰণে পোৱা আৰ্থিক অনুদানৰ ভিত্তিত প্ৰতিষ্ঠিত এক স্বতন্ত্ৰ প্ৰতিষ্ঠান | আজি প্ৰায় দহ বছৰৰ আগেয়ে ই প্ৰতিষ্ঠিত হৈছিল | ইয়াৰ আগেয়ে ডঃ মাইকেলে কেন্সাৰ গৱেষণাৰ অন্য এক প্ৰতিষ্ঠানত আছিল। কিন্তু সেই প্ৰতিষ্ঠানটো হঠাতে বন্ধ হৈ যোৱাত তেওঁলোকে এই গৱেষণাগাৰটো নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰিলে |


বৰ্তমানে এই গৱেষণাগাৰত বিজ্ঞানীৰ দুটা দলে দুটা প্ৰধান বিষয়ত গৱেষণা কৰি আছে | এটা দলে কেন্সাৰ চিনাক্তকৰণ আৰু চিকিত্‍সা (Cancer detection and therapy), আৰু অন্যটো দলে চাল্‌ম’নেল্লা জাতীয় অনুজীৱৰ পাৰমাণৱিক বংশগতি (Molecular Genetics) সম্পৰ্কে গৱেষণা কৰি আছে | ইয়াত স্থায়ীভাৱে কৰ্মৰত ৯ জন মান বিজ্ঞানীৰ বাহিৰেও পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা কেইবাজনো বিজ্ঞানীয়ে গৱেষণা কৰি আছে | স্থায়ীভাৱে কৰ্মৰত সকলৰ ভিতৰতো জাৰ্মান, চীনদেশ আৰু আৰ্জেণ্টিনাৰ বিজ্ঞানী আছে | ঠিক সেইদৰে, ডঃ মাইকেলৰ তত্বাৱধানত আমাৰ দলত গৱেষণা কৰি থকা লোকসকলৰ মাজত এজন চীন দেশৰ, এজন আৰ্জেণ্টিনাৰ আৰু এগৰাকী তাৰ্কিৰ পৰা অহা বিজ্ঞানী আছে | তদুপৰি বৰ্তমানে চান ডিয়েগোৰ বাসিন্দা, পূৰ্বতে দিল্লীবাসী বিনীতা নামৰ এগৰাকী দিল্লী আই, আই, টিৰ পৰা জৈৱ প্ৰযুক্তি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলাই বৰ্তমানে ইয়াত ইণ্টাৰ্ণশ্বিপ্‌ (Internship) কৰি আছে |

3 comments:

  1. VRISDt cali thaka prakalpa samuhar bisaye janibaloi pai bhal lagil aru particularly eikhini padhi "এনেবিলাক কামৰ সৈতে নিজকে জড়িত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব লাগিব, যাতে ইয়াৰ সুফল আমাৰ শিক্ষানুস্থানলৈ কঢ়িয়াই লৈ যাব পাৰো !"
    anandita o anupranita hoiso.

    ReplyDelete
  2. আপুনি ব্যৱহাৰ কৰা বৈজ্ঞানিক শব্দবোৰ যেনে - 'অনুজীৱৰ পাৰমানৱিক বংশগতি', 'জৈৱ প্ৰযুক্তি' আদিয়ে অসমীয়া ভাষা চহকী কৰাত সহায় কৰিব বুলি মই নিশ্চিত৷ এনে বৈজ্ঞানিক শব্দ থকা আৰু বহু জালপঞ্জী পঢ়িব পাম বুলি আশা কৰিলো৷

    ReplyDelete
  3. মন্তব্যৰ বাবে ধন্যবাদ

    ReplyDelete