চান ডিয়েগো চিৰিয়াখানা

যোৱা ২৬ আগষ্টত আমাৰ প্ৰতিষ্ঠান Vaccine Research Institute of San Diego-ৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে চান ডিয়েগো চিৰিয়াখানাত এক স্মৰণীয় অনুষ্ঠানৰ আয়োজন কৰিছিল | এই অনুষ্ঠানটিৰ বাবে প্ৰস্তুতি প্ৰায় এমাহমানৰ আগৰ পৰাই চলি আছিল | আবেলি প্ৰায় ৪ বজাত আমি গৱেষণগাৰৰ পৰা ওলাই পোনে-পোনে চিৰিয়াখানালৈ ৰাওনা হ’লো | মোৰ লগত চিজাৰো যোৱাৰ বাবে আগৰে পৰা বন্দোৱস্ত আছিল | সেইমতে চিজাৰে তেওঁৰ গৱেষণাগাৰৰ পৰা মোৰ তালৈ বাছেৰে আহি আগতীয়াকৈ উপস্থিত হৈছিলহি | আমাৰ দুয়োকে য়লাণ্ডি চেং নামৰ চীনা মহিলা গৰাকীয়ে তেওঁৰ গাড়ীৰে লৈ গৈছিল | লগতে আমাৰ লগৰ চীনদেশীয় বিজ্ঞানী মাৰ্ক আৰু শ্ৰীমতী চেঙৰ বৰ জীয়ৰী পলিন (Pauline) |

প্ৰায় ৫ বজাত আমি গৈ গন্তব্যস্থল পালোগৈ | দহমিনি মানৰ ভিতৰতে সকলো আহি তাত গোট খালেহি | সেই সময়ত তাত অৰ্থাত্‍ ঠিক চিৰিয়াখানাৰ পদূলিতে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ ফালৰ পৰা আয়োজিত এক অভিনৱ অনুষ্ঠান চলি আছিল | এগৰাকী শিল্পীয়ে সঙ্গীতৰ তালে তালে নাচি নাচি মঞ্চত এখন চিত্ৰ আঁকি আছিল | দেখাত এনে লাগিছিল যেন তেওঁ কিবা এখন সাংকেতিক ছবিহে আঁকিছে | অংকণ শেষ হ’লত যেতিয়া তেওঁ ছবিখন ওলোটাই দিলে তেতিয়াহে স্পষ্ট হ’ল যে তেওঁ প্ৰকৃততে এটা হাতীৰ মূৰহে আঁকিছিল | এইদৰে অঁকা আৰু ভালেমান চিত্ৰ সন্মুখত সজাই থোৱা আছিল | সকলোবোৰেই বিভিন্ন লুপ্তপ্ৰায় বন্য জন্তুৰ চিত্ৰ | আঁকি উঠাৰ পিচতে তেওঁ এটি চুটি বক্তব্যৰে সকলোকে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে দুৱাষাৰ কৈ তেওঁলোকৰ সংগঠনৰ কাম-কাজ সম্পৰ্কে জানিবলৈ দিলে আৰু সকলোৰে পৰা সহযোগিতা কামনা কৰিলে |বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ই সঁচাকৈয়ে এক ব্যতিক্ৰমী প্ৰচেষ্টা ! 
চান ডিয়েগো চিৰিয়াখানা বিশ্বৰ এক অন্যতম বৃহত্‍ চিৰিয়াখানা | ই ডাউন-টাউন চান ডিয়েগোৰ ১০০ একৰ মাটিত বিস্তৃত আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা ৮০০ তকৈও অধিক প্ৰজাতিৰ প্ৰায় ৪০০০ জীৱ-জন্তু আছে |জীৱ-জন্তু বিলাক চাবৰ কাৰণে খোজ কাঢ়ি ফুৰাৰ ব্যৱস্থাৰ উপৰিও দুখলপীয়া বাছৰ সুবিধা আছে | আমাৰ দলটোৰ বাবে ইতিমধ্যে এখন বাছৰ ব্যৱস্থা কৰা আছিল | আমি সকলোৱে ওপৰৰ খোলা আসন সমূহতে বহিলো | প্ৰায় ৪৫ মিনিটত গোটেই চিৰিয়াখানা খন এপাক ঘূৰালে | লগত মাইক্ৰফোন লৈ এগৰাকী পৰিচাৰিকাই সুন্দৰকৈ সকলো বুজাই গ’ল | লগত যোৱা ল’ৰা-ছোৱালী বোৰক নানান প্ৰশ্ন কৰি পৰিচাৰিকা গৰাকীয়ে বেছ মনোগ্ৰাহীকৈ কথাবোৰ কৈ গৈছিল আৰু সকলোকে মুগ্ধ কৰিছিল |
অৱশ্যে বাছেৰে যাওঁতে ডাঙৰ জন্তু বিলাক দেখা পাই যদিও সৰু সৰু প্ৰাণীবোৰ চাবলৈ হ’লে খোজ কাঢ়ি যোৱাহে ভাল | বাছৰ পৰা ভালকৈ দেখা পোৱা নাযায় | প্ৰকৃততে তেওঁলোকে বাছেৰে প্ৰথমতে চিৰিয়াখানা খনৰ সৈতে পৰিচয়হে কৰি দিয়ে | তাৰ পাচত নিজে খোজ কাঢ়ি বিভিন্ন জন্তু চাব পাৰি | আমাৰ সময় কম থকাৰ কাৰণে আমি অৱশ্যে বাছ-যাত্ৰাৰেই সামৰণি মাৰিলো | অসমৰ গঁড় আৰু এচীয় হাতীৰ উপৰিও নানা তৰহৰ চৰাই, জিৰাফ, জেব্ৰা, হৰিণ আদি প্ৰাকৃতিক পৰিৱেশত চাই ভাল লাগিল | মোৰ বাৰে-বাৰে গুৱাহাটীৰ চিৰিয়াখানালৈ মনত পৰিল | আচলতে আমাৰ গুৱাহাটীৰ চিৰিয়াখানাখনো কম ধুনীয়া নহয় ! কিন্তু এওঁলোকৰ সামৰ্থ্য আছে বাবে ইমান আক-ধুনীয়াকৈ গোটেইখন সজাই-পৰাই ৰাখিছে যে ই অতি আকৰ্ষণীয় হৈ উঠিছে | জীৱ-জন্তুৰ গঁড়াল বিলাক ইমান ধুনীয়াকৈ বনাইছে যে দেখাত একেবাৰে প্ৰাকৃতিক পৰিৱেশতে জীৱ-জন্তুবোৰক ৰখা যেন লাগে |

চিৰিয়াখানাৰ ভিতৰতে এখন বেছ ডাঙৰ ৰেষ্টুৰাঁ আছে | তাতেই আমাৰ নিশাৰ আহাৰৰ আয়োজন কৰা হৈছিল | প্ৰথমতে ফলাহাৰৰ ব্যৱস্থা - কমলা, আঙুৰ, অমিতা, চিৰাল, টিয়ঁহ, আপেল,মাটি-কঁঠাল আদিৰ লগতে গাজৰ, কণ-বিলাহী আৰু নহৰু-পিঁয়াজৰ কেঁচা পাতৰ ঠাৰি | লগত আছিল চিজ আৰু ক্ৰিম | একে সময়তে অন্য এটা কাউন্টাৰত পৰিৱেশন কৰিছিল পানীয় | আমাক সকলোকে একোগিলাছকৈ লঘূ পানীয় বিনামূল্যে যোগান ধৰিছিল | ওপৰঞ্চি কোনোবাই সুৰা বা বিয়েৰ খাবলৈ বিচাৰিলে কিন্তু তাৰ বাবে নিজে দাম ভৰিব লাগিব | এটা কথা দেখি ভাল লাগিল যে মাত্ৰ তিনি-চাৰিজন মান লোকেহে সুৰাজাতীয় পানীয় গ্ৰহণ কৰিলে |

ফলাহাৰ আৰু পানীয়ৰ পাচত সকলোৱে বেলেগ বেলেগ টেবুলত বহিল | এইবাৰ পৰিৱেশন হ’ল - চালাড | আমেৰিকান সকলে প্ৰতিসাজত (ম‍ই আগতেও দেখিছো) যথেষ্ট পৰিমাণৰ সেউজীয়া পাচলি চালাড হিচাবে খায় | কিন্তু তেওঁলোকে আমাৰ দৰে কাটি-কুটি বা খুন্দি মিহলি কৰি চালাড পৰিৱেশন নকৰে | পালেং বা অন্য শাকৰ পাত, বন্ধা কবিৰ কোমল পাত আদি গোটে গোটে একোটা সৰু পাছি বা গোটোং পাত্ৰত পৰিৱেশন কৰে | লগত নিজৰ ইচ্ছামতে ল’ব পৰাকৈ নিমখ, ক্ৰিম আৰু জেলী |


Seared Salmon & Roasted Red Potatoes
এইখিনি খাই উঠে মানে আধা-আধি ভোক গুচেই ! এইবাৰ আহিল চিকেন আৰু ভেজিটেবোল চুপ | এইদৰে প্ৰায় ডেৰ ঘন্টা মান সময় পাৰেই হ’ল | তাৰ পিচতহে আহিল আচল আহাৰ | আগেয়ে আমাক নিশাৰ আহাৰৰ তিনিটা বিকল্পৰ পৰা এটাকৈ বাচি লবলৈ দিছিল | সেইমতে মোৰ বাবে চালমন মাছৰ এবিধ ব্যঞ্জন আৰু চিজাৰৰ বাবে গৰুৰ মাংসৰ এবিধ ব্যঞ্জনৰ ব্যৱস্থা আছিল | খোৱা-বোৱাৰ মাজতে দুই-একে চমু বক্তব্যও আগবঢ়ালে | প্ৰতিষ্ঠানটোৰ কেইগৰাকীমান নিষ্ঠাবান টেক্‌নিচিয়ানক উপহাৰো প্ৰদান কৰিলে | এইদৰে সন্ধিয়াটো বেছ সুন্দৰকৈ পাৰ কৰিলো |

ৰাতি প্ৰায় ৯:৩০ বজাত য়লাণ্ডি চেঙে চিজাৰ আৰু মোক আমাৰ ভাড়াঘৰত নমাই থৈ গ’ল |

No comments:

Post a Comment