আমেৰিকান জীৱনধাৰা - ৩

উপৰুৱাকৈ চালে যদিওবা আমেৰিকান সকলৰ জীৱন অতি মধুময় আৰু সুখ-স্বাচ্ছন্দ্যৰে ভৰা, তেওঁলোকৰো সমস্যা আছে | স্থানান্তৰত এই বিষয়ে কিছু উল্লেখ কৰিছোঁৱেই |

ইয়াত চাৰিচকীয়া যান-বাহনৰ বাহুল্যৰ কথাও আগেয়ে উল্লেখ কৰিছোঁ | একোটা মধ্যবিত্ত পৰিয়ালত ঘৰৰ প্ৰাপ্তবয়স্ক প্ৰায় প্ৰতিজন মানুহৰে নিজা নিজা বাহন আছে | কিন্তু তাৰ বিপৰীতে একোটা থকা ঘৰত সাধাৰণতে এটা বা সৰ্বাধিক দুটা গেৰেজ বা গাড়ী থোৱা ঘৰ থাকে | গতিকে, ৰাতি-বিয়লি গাড়ী ৰখোৱা বা পাৰ্কিং কৰাটো প্ৰায়ভাগ মানুহৰে এটা বিৰাট সমস্যা | ফলত আপুনি দেখা পাব গধূলি ৰাস্তাৰ কাষত শাৰী শাৰী গাড়ী | চেভ্ৰলেট, টয়টা আদি বিভিন্ন কোম্পানীৰ ভিন ভিন মডেলৰ শ-শ গাড়ী ৰ’দে-বৰষুণে ৰাস্তাত পৰি থকা দেখি দুখেই লাগে ! স্বাভাৱিকতে প্ৰশ্ন হয়, ইয়াত গাড়ী চুৰি নহয়নেকি? খবৰ লৈ জানিবলৈ পোৱা মতে গাড়ী চুৰিৰ ঘটনা সংখ্যাত কম যদিও একেবাৰে নোহোৱা নহয় | আমাৰ প্ৰতিষ্ঠানৰ য়লাণ্ডি চেঙৰ গাড়ী এখনো যোৱা বছৰ তেওঁলোক দুদিনৰ বাবে লছ এঞ্জেলিছলৈ ফুৰিবলৈ যাওঁতে চুৰি হৈছিল | অৱশ্যে পিছত পুলিচে উদ্ধাৰ কৰিলে |

যোৱা সপ্তাহত মোৰ ভাড়াঘৰৰ ওচৰতে ৰাতি এটা ঘটনা হ’ল | ৰাস্তাত থোৱা দুখন গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্ত‍ই কিবা-কিবি গাড়ীৰ ভিতৰত থকা বস্তু লৈ গ’ল | 



অফিচ-কাছাৰী অথবা বজাৰ-সমাৰত অৱশ্যে গাড়ী ৰখাৰ সুন্দৰ ব্যৱস্থা আছে | প্ৰতিখন গাড়ী ৰখোৱাৰ ঠাই অঙ্কিত কৰি থোৱা থাকে, যাতে কোনেও ওপৰা-ওপৰিকৈ পাৰ্কিং নকৰে | লগতে প্ৰতিটো পাৰ্কিং এলেকাত এটা বা ততোধিক স্থান শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে সংৰক্ষিত থাকে | আৱাসিক এলেকা বিলাকত আকৌ অতিথিৰ গাড়ী ৰখাৰ বাবে স্থান নিৰ্দ্দিষ্টকৈ নিৰ্দ্ধাৰিত কৰা থাকে | তদুপৰি, মাজে-মাজে কেতবোৰ স্থান সংৰক্ষিত কৰা থাকে জৰুৰীকালীন অৱস্থাত জুই নুমুৱা গাড়ী ৰখোৱাৰ বাবে | সেইবাবে তেনে স্থানত লিখা থাকে - 'Fire Lane, No Parking' | আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সকলোৱে এই নিয়মবোৰ মানি চলে | আমাৰ গুৱাহাটীৰ দৰে কোনেও নিয়ম ভঙ্গ নকৰে | আৰু এটা কথা - ইয়াত সাধাৰণতে 'No Parking'-ৰ সলনি লিখা হয় - 'Tow Away' বুলি |

গ্ৰাহক সুৰক্ষা

আমেৰিকাত গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বৰ সুন্দৰ ব্যৱস্থা আছে | মোৰ সৈতে বম্বে বাজাৰ নামৰ ভাৰতীয় দোকানখনলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈ মোৰ ভাড়াঘৰৰ মালিকনীৰ ভৰি ভগাৰ কথা আগতে উল্লেখ কৰিছোঁ | এই ঘটনাৰ পাছত তেওঁলোকে ইতিমধ্যে দোকান কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ লাভৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে | তেওঁলোকে মোক কোৱামতে এনেদৰে উপযুক্ত ক্ষতিপূৰণ  পোৱাটো প্ৰায় খাটাং |

গ্ৰাহকসকলৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ হ’ল সকলো সামগ্ৰীৰে নিৰ্দ্ধাৰিত মূল্য জনাৰ অধিকাৰ | ইয়াত সকলো সামগ্ৰীৰে মুল্য গ্ৰাহকৰ বাবে স্পষ্টকৈ লিপিৱদ্ধ কৰা থাকে | আনকি শাক-পাচলি বা অন্যান্য খুচুৰা বস্তুৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় | একোখন গেলামালৰ দোকান আমাৰ গুৱাহাটীৰ ছয়মাইলত থকা ‘নয়নতৰা চুপাৰ মাৰ্কেট’ৰ দহগুণ মান ডাঙৰ হ’ব | কিন্তু প্ৰতিবিধ সামগ্ৰীৰে দাম স্পষ্টকৈ লিখা থাকে  আৰু কোনো দোকানতে সাধাৰণতে দৰ-
দাম নচলে অৰ্থাত্‍ burgain নহয়, ধৰা-বন্ধা দাম |

গ্ৰাহকসকলৰ আৰু এটা সুবিধা হ’ল - যিকোনো সামগ্ৰী কিনাৰ পাছত একোটা নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ঘূৰাই দিব পৰা যায় | এই সময়সীমা সামগ্ৰীৰ প্ৰকাৰ অনুসৰি ১৫ দিনৰ পৰা ৯০ দিন পৰ্যন্ত হ’ব পাৰে | ম‍ই নিজেই এই সুবিধাটো গ্ৰহণ কৰিছোঁ | ইয়ালৈ অহাৰ পাছতে ম‍ই চলা-ফুৰা কৰাৰ কাৰণে এখন চাইকেল কিনিছিলো | (ইয়াত আকৌ চাইকেলকহে বাইক বোলে, মটৰ চাইকেলক নহয় !) কিন্তু চান-ডিয়েগোৰ ওখ-চাপৰ ৰাস্তাত চলোৱা বৰ কষ্টকৰ | আমাৰ দৰে অভ্যাস নথকা মানুহে চাইকেল চলোৱা অসম্ভৱ যেন দেখি এমাহমানৰ পাছত ঘূৰাই দিলো | মুঠ $১০৭ ডলাৰত চাইকেলখন, পাম্প এটা আৰু তলা এটা কিনিছিলো | ঘূৰাই দিওঁতে অৱশ্যে $৮০ ডলাৰহে পালো | যি নহওক, এমাহৰ পাছতযে ঘূৰাই দিব পাৰিলো সেয়ে বহুত !

এই ব্যৱস্থাটোৰ কোনোৱে হয়তো সুবিধাও লয় ! মেডিছনৰ উইছকনচিন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা আমাৰ সহকৰ্মী ড: কিশোৰ কুমাৰ বৰুৱাই জনোৱা মতে তেওঁলোকৰ তাত কোনোবা এজন ভাৰতীয় ছাত্ৰ‍ই হেনো এই ব্যৱস্থাৰ সুযোগ লৈ বেলেগ বেলেগ দোকানৰ পৰা বিভিন্ন সময়ত ভাল ভাল কাপোৰ কিনি কেইদিনমান পিন্ধি পুণৰ ঘূৰাই দিয়ে ! যোৱা বিশ্বকাপ ফুটবলৰ সময়ত বোলে মেডিছনৰ এখন ইলেক্টনিক সামগ্ৰীৰ দোকান এই ব্যৱস্থাৰ পৰিণতিতে দেউলীয়া হ’ল | বিশ্বকাপৰ আগে আগে কিনি নিয়া ডাঙৰ ডাঙৰ দামী টেলিভিচন চেট বিলাক খেল শেষ হোৱাৰ পাছতে বহুতো গ্ৰাহকে ঘূৰাই দিয়াত দোকানীৰ নগুৰ-নাগতি হ’ল |


ব্যৱহৃত বস্তুৰ বজাৰ


আমেৰিকাত নতুন সামগ্রীৰ দাম ভাৰতৰ তুলনাত যদিও বহুত বেছি, আগেয়ে ব্যৱহৃত অৰ্থাৎ second hand বস্তুৰ মূল্য যথেষ্ট কম । মজলীয়া মানৰ একোখন নতুন গাড়ীৰ দাম ৩০,০০০-৩৫,০০০ ডলাৰ। ইয়াৰ বিপৰীতে second hand গাড়ী এখন ৩,০০০ ডলাৰ মানতে পোৱা যায়। Second hand  বস্তু বেচা কেতবোৰ বিশেষ দোকানেই আছে। চামৰা বা কাপোৰৰ মোনা আদি পোৱা তেনে দোকানত বেচ ডাঙৰ একোটা চুটকেচ্ ২/৩ ডলাৰতে কিনিবলৈ পোৱা যায়। মধ্যবিত্ত আমেৰিকান সকলৰ মাজত এনেবোৰ বস্তুৰ বেচ প্রচলন আছে।

দুদিন মানৰ আগেয়ে মোৰ ভাড়াঘৰৰ মালিকে নিজৰ পুৰণি কাঠৰ আলমিৰা এটা ২৫ ডলাৰত আন এজন লোকক বিক্রী কৰি পুণৰ অন্য এজনৰ পৰা ৪৫ ডলাৰত আগৰটোতকৈ ভাল আলমিৰা এটা কিনিলে।এইটো যথেষ্ট ডাঙৰ। তেওঁলোকে কোৱা মতে বজাৰত এনে একোটা নতুন আলমিৰাৰ মূল্য প্রায় ১২০০ ডলাৰ।গতিকে মধ্যবিত্ত সকলে এনেকৈয়ে Second hand বস্তু ব্যৱহাৰ কৰি চলি থাকে।

মানসিক অস্থিৰতা

আমেৰিকাৰ জীৱন ধাৰাৰ যান্ত্ৰিকতাৰ বলী হোৱাৰ বাবেই নে অন্য স্বাভাৱিক কাৰণত নাজানো ! এটা কথাত ম‍ই আচৰিত হৈছোঁ যে ইয়াত মানসিক অস্থিৰতাত ভোগা লোকৰ সংখ্যা বৰ কম নহয় | যোৱা তিনিমাহৰ ভিতৰতে কেৱল চিটিবাছৰ যাত্ৰীসকলৰ মাজতে ম‍ই এতিয়ালৈকে চাৰিজন এনে লোক লগ পাইছো | কেওজনেই পঞ্চাশোৰ্দ্ধৰ বগা আমেৰিকান পুৰুষ | তাৰে তিনিজনে নিজে নিজৰ সৈতে কথা পাতি-পাতি যায় অৰ্থাত্‍ স্বগতোক্তি কৰে আৰু আনজনে অতি অস্থিৰ ভাৱে চলা-ফুৰা কৰি থাকে | আজি পুৱাও তেওঁক লগ পাইছিলো | ম‍ই যিটো ষ্টেণ্ডত বাছত উঠো, সাধাৰণতে তেৱোঁ তাতে উঠে | বাছখন নহালৈকে তেওঁ চাটি-ফুটি কৰি থাকে - একোবাৰ ঘপহকৈ মাটিতে বহিও দিয়ে আৰু মাজে-মাজে অকলে অকলে হাঁহি থাকে | বেছেৰাক দেখি দুখেই লাগে ! ইমান কম দিনৰ ভিতৰত অত কেইজন তেনে লোক লগ পোৱাটো কাকতালীয় সংযোগ নে ইয়াত এনে ৰোগীৰ সংখ্যা প্ৰকৃততে বেছি সেইটো অৱশ্যে নাজানো !

No comments:

Post a Comment