চান ডিয়েগোৰ চান পাস্কেল উপত্যকাত অৱস্থিত চান ডিয়েগো বন্যপ্ৰাণী উদ্যানখন দক্ষিণ কেলিফ’ৰ্ণিয়াৰ পৰ্য্যটকৰ বাবে এক অন্যতম আকৰ্ষণ | প্ৰতি বছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই নিযুত পৰ্য্যটকে এই উদ্যান পৰিদৰ্শন কৰে | উদ্যানখন ১,৮০০ একৰ মাটিত এক অৰ্ধ-অনাৰ্দ্ৰ (semi-arid) পৰিৱেশত অৱস্থিত | চাৰিওফালে শুকান পাহাৰৰ মাজত মুকলিমূৰীয়াকৈ বন্য জীৱ-জন্তু বিচৰণ কৰি থাকিব পৰাকৈ কৃত্ৰিমভাৱে এক মনোৰম প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলা হৈছে | বৰ্ত্তমানে ইয়াত ২৬০টা প্ৰজাতিৰ প্ৰায় ৩৫০০ জীৱ-জন্তু আছে |
তাৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ হৰিণ-জাতীয় জন্তু (antelopes), চিটা, সিংহ, জিৰাফ, হাতী, জেব্ৰা, বনৰীয়া ঘোঁৰা, গঁড়, গৰিলা আদি অন্যতম | আফ্ৰিকা মহাদেশত পোৱা বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই উদ্যানখনৰ এক মুখ্য আকৰ্ষণ | এই জীৱ-জন্তু বিলাক নিচেই ওচৰৰ পৰা চোৱাৰ সুবিধাৰ বাবে ট্ৰাম-গাড়ীৰে ফুৰোৱাৰ সুন্দৰ ব্যৱস্থা আছে | তদুপৰি দৰ্শকে ইচ্ছা কৰিলে অলপ অধিক মাচুল দি সৰু গাড়ীৰে কেতবোৰ জীৱ-জন্তুৰ নিচেই ওচৰলৈ গৈ হাতেৰে চুই চাব পাৰে অথবা জন্তুবোৰক আহাৰ আদি যোগান দিয়া কাৰ্যতো ভাগ ল’ব পাৰে |

ঋতুৰ ওপৰত নিৰ্ভৰ কৰি উদ্যানখনত ৪০০-ৰ পৰা ৬০০-লৈকে কৰ্মচাৰীয়ে কাম কৰে | পৃথিৱীৰ সৰ্ব-বৃহত্ পশু চিকিত্সালয়খনো এই উদ্যানতে অৱস্থিত | চিকিত্সালয়খনৰ ওচৰতে আছে সংৰক্ষণ গৱেষণা প্ৰতিষ্ঠান, য’ত এখন শীতলীকৃত চিৰিয়াখানা (Frozen Zoo)ও আছে |

যোৱা ১৩ নৱেম্বৰ, ২০১০ তাৰিখে চাৰণৰ সৌজন্যত এই উদ্যানখন পৰিদৰ্শন কৰাৰ সৌভাগ্য হ’ল | আমাৰ লগত চাৰণৰ অতি মৰম লগা কণমানি কন্যা নূৰৰ উপৰিও আছিল চাৰণৰ বন্ধু এক আমেৰিকান দম্পতি – নীল (Neil) আৰু ডেলী (Delie) | দুয়ো প্ৰায় ৬০ বছৰ বয়সীয়া | বৃত্তিত নীল এজন অভিযন্তা আৰু ডেলী এগৰাকী অনুজীৱ বিজ্ঞানী | দুয়োৰে ব্যক্তিত্ব অতি আকৰ্ষণীয় | দুয়ো মিঠামুখীয়া কিন্তু স্বল্পভাষী | অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ | তেওঁলোকৰ সৈতে প্ৰায় গোটেই দিনটো একেলগে কটাই বৰ ভাল লাগিল |

No comments:
Post a Comment