হেল’উইন (Halloween) উত্‍সৱ

কালি আছিল ৩১ অক্টোবৰ | সমগ্ৰ উত্তৰ আমেৰিকাত উত্‍সৱৰ দিন | এই হেল’উইন (Halloween) উত্‍সৱ উত্তৰ আমেৰিকাৰ উপৰিও কানাডা, আয়াৰলেণ্ড, স্কটলেণ্ড আদি দেশতো পালন কৰা হয় |  লোকবিশ্বাস অনুসৰি এই উত্‍সৱ চেল্টিক চেম্‌হেইন (Samhain) উত্‍সৱৰ পৰা আৰম্ভ হৈছিল | চেম্‌হেইনৰ পুৰণি বানান আছিল Samuin (sow-an বা sow-in হিচাপে উচ্চাৰিত হয়), আইৰিছ ভাষাত যাৰ অৰ্থ হ’ল summer's end, অৰ্থাত্‍ জহকালিৰ সমাপ্তি | প্ৰাচীন লোকবিশ্বাস মতে এই সময়ত আমাৰ পৃথিৱী আৰু সিপুৰী (আন্ধাৰ জগত)ৰ মাজত দূৰত্ব কমি যায় আৰু ভাল-বেয়া, অৰ্থাত্‍ হিতকাৰী আৰু অনিষ্টকাৰী প্ৰেতাত্মাবোৰ পৃথিৱীলৈ নামি আহি মানুহৰ মাজত ঘূৰি ফূৰে | সেয়েহে নিজৰ স্বৰ্গগত আত্মীয়-স্বজনৰ আত্মাক আদৰণি জনোৱা হয় আৰু অনিষ্টকাৰী প্ৰেতাত্মাবোৰক খেদি পঠাবৰ বাবে এই উত্‍সৱ পালন কৰা হয় |

মানুহৰ ঘৰে-ঘৰে পদুলি মূৰত মকৰা-জাল, ভূত-প্ৰেতৰ মুখা, জীৱ-জন্তুৰ হাঁড় আদিৰে ভয় লগা পৰিৱেশৰ সৃষ্টি কৰা হয় আৰু ৰঙালাওৰ ভিতৰৰ শাহখিনি গুচাই মানুহৰ মুখৰ আকৃতিৰ ৰূপ দি চকু-নাক-মুখৰ ফুটা কৰি তাৰ ভিতৰত মমবাতি জ্বলাই ৰখা হয় | আয়াৰলেণ্ড, স্কটলেণ্ড আদিত এই কামৰ বাবে লাওৰ সলনি চালগোম (turnip)ৰ ব্যৱহাৰ কৰা হ্য় | সৰু ল’ৰা-ছোৱালী বিলাকে বিভিন্ন ধৰণৰ পোছাক  আৰু প্ৰেতাত্মা আদিৰ মুখা পৰিধান কৰি জাক পাতি পাতি মানুহৰ ঘৰে-ঘৰে ঘূৰি ফূৰে আৰু গৃহস্থক প্ৰশ্ন কৰে - `trick-or-treat`? প্ৰকৃততে trick শব্দটো threat ৰ পৰা আহিছে | অৰ্থাত্‍ আপোনালোকক ভয় খুৱাম নে আমাক কিবা খাবলৈ দিব? আয়াৰলেণ্ড, স্কটলেণ্ড আদিত ল’ৰা-ছোৱালীবোৰে ইয়াৰ সলনি অন্যধৰণৰ trick কৰে, অৰ্থাত্‍ নাচ-গান কৰে অথবা ভুত-পিঁশাচৰ ভয় লগা সাধু কয় | তাৰ বিনিময়ত গৃহস্থ‍ই সিহঁতক খোৱা-বস্তু বিশেষকৈ মৰ্টন, চক্‌লেট আদি দিয়ে |

কালি আগবেলাতে মোক মোৰ প্ৰাক্তন ছাত্ৰী (আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ) চাৰণে ফোন কৰিলে | দুপৰীয়া ১২ মান বজাত আহি মোক ঘৰৰ পৰা তাইৰ গাড়ীৰে লৈ গ’লহি | লগত তাইৰ একমাত্ৰ কন্যা-সন্তান নূৰ আৰু তাইৰ ভাৰাতীয়া তথা পৰিয়ালৰ বন্ধুৰ সন্তান আমেৰিকান ল’ৰা ডেনিয়েল | দিনটো তেওঁলোকৰ সৈতে বিভিন্ন ঠাইত ফূৰা-চকা কৰিলো | তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ পাৰ আৰু বেল্বোৱা পাৰ্ক অন্যতম | এইবিলাকৰ বিষয়ে পিছত বেলেগকৈ লিখিম |

সন্ধিয়া হোৱাৰ আগে-আগে আমি চাৰণৰ ঘৰ পালোগৈ | আন্ধাৰ হোৱাৰ লগে-লগে নূৰৰ ফূৰ্ত্তিৰ অন্ত নাই | ৰং-বিৰঙৰ পোছাক পিন্ধি হাতত সৰু ধুনীয়া মোনা এখন লৈ ওলাল | লগত আকৌ ভুতৰ বেশভূষাত ডেনিয়েল | প্ৰতিৱেশী ল’ৰা-ছোৱালীবোৰৰ লগ লাগি ঘৰে-ঘৰে চক্‌লেট (candy) বিছাৰি গ’ল | চাৰণহঁতৰ ঘৰৰো পদূলিখন ধুনীয়াকৈ সজাইছে | আমি চকী পাৰি বাৰাণ্ডাত বহি সকলোৰে আলেখ-লেখ চাই থাকি বৰ আনন্দ পালো | সৰু ল’ৰা-ছোৱালী বোৰৰ লগতে মাক-দেউতাকবোৰো যেন আনন্দত মতলীয়া; সিহঁতৰ লগে-লগেই ফূৰিছে | কোনো-কোনোৱে বিভিন্ন ধৰণৰ ভয় লগা বেশ-ভূষাও কৰিছে আৰু ল’ৰা-ছোৱালীহঁতক লগ দিছে |

গোটেই সন্ধিয়াটো বেছ আনন্দেৰে পাৰ কৰিলো | তাৰ মাজতে কিন্তু চাৰণে এটা কথা পাহৰা নাছিল যে কালি আছিল মোৰ জ্ন্মদিন | নিশা মোক ভাড়াঘৰত থ’বলৈ অহাৰ আগে-আগে জন্মদিনৰ কেক্‌ কটাৰো ব্যৱস্থা কৰি থৈছিল | ম‍ই অভিভূত হ’লো | হেল’উইনৰ এই উত্‍সৱে মোক আমাৰ কাতি বিহুলৈ মনত পেলাই দিলে | সৰুতে আমিও কাতি বিহুত এইদৰে পদূলিয়ে-পদূলিয়ে তুলসীৰ আগত নাম গাই-গাই ঘূৰি ফূৰিছিলো আৰু গৃহস্থ‍ই আমাক প্ৰসাদ আৰু আন খোৱা বস্তুৰে আপ্যায়িত কৰিছিল | ম‍ইতো আমাৰ প্ৰতিৱেশী ল’ৰা-ছোৱালী বিলাকৰ এক প্ৰকাৰ নেতাই আছিলো আৰু আনকি মেট্ৰিক পৰীক্ষা পাছ কৰালৈকে এইটো দলত নিজকে জড়িত কৰি ৰাখিছিলো | প্ৰতিৱেশী সকলেও মোক বৰ মৰম কৰিছিল |

No comments:

Post a Comment