বিদায় আমেৰিকা !

অৱশেষত মোৰ আমেৰিকাৰ পৰা বিদায় লোৱাৰ সময় আহি উপস্থিত হ’ল | যোৱা ছটা মাহ পৰিয়াল, বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ পৰা বহুদূৰত ইয়াত অতিবাহিত কৰাৰ পাছত কালিলৈ নিচেই পুৱাতে চান ডিয়েগো এৰি মোৰ ওভতনি যাত্ৰা আৰম্ভ কৰিম | চিকাগোৰ পৰা নতুন দিল্লী হৈ গুৱাহাটী পামগৈ অহা শুকুৰবাৰে আবেলি ১:৪০ বজাত |

যোৱা সপ্তাহটো এফালে চাৰণ, নূৰ আৰু আনফালে ক্ষীৰোদ গগৈ আৰু তেওঁৰ নৱ-বিবাহিতা পত্নী পল্লৱীৰ সৈতে বেছ ফুৰা-মেলা কৰিলো | অগা-পিছাকৈ দুদিন নিশাৰ আহাৰ ক্ষীৰোদহঁতৰ ঘৰতে কৰিলো | লগত আছিল পাঞ্জাৱৰ লুধিয়ানাৰ পৰা অহা ভাতৃপ্ৰতিম অমনজোট সিং | অমনৰ পত্নী ডিম্পল ভনীয়েকৰ বিয়াৰ কাৰণে ঘৰলৈ গৈছে | পৰহিলৈ তেৱোঁ যাব | দুয়ো ইয়াত প’ষ্ট ডক্টৰেল গৱেষক হিছাপে কৰ্মৰত |

কালি আছিল মোৰ গৱেষণাগাৰত শেষৰ দিন | অৱশ্যে শেষৰ দিনটোতো মোৰ গৱেষণাৰ কাম অব্যাহত ৰাখিব লগীয়া হ’ল | আবেলি ৪ বজাতহে মোৰ বাকী থকা কামখিনি শেষ কৰিলো | অৱশ্যে গৱেষণাগাৰৰ বিজ্ঞানী সকলে মোক যোৱা ২৩ তাৰিখেই আনুষ্ঠানিক ভাৱে বিদায় জনাইছিল, কাৰণ ২৫ৰ পৰা ২৮ তাৰিখলৈকে বন্ধৰ দিন আছিল | কালি সকলোৰে পৰা বিদায় লৈ আহিবৰ সময়ত মনটো বেছ গধূৰ-গধূৰ লাগিছিল | আৰম্ভণিতে যদিও মোৰ গৱেষণাগাৰত মন বহা নাছিল, পাছলৈ সকলো আপোন যেন হৈ পৰিছিল ! সন্ধিয়া আমাৰ চীনা বাইদেউ পুই (য়লাণ্ডি) চেঙে তেওঁৰ গাড়ীৰে মোক ঘৰত থৈ গৈছিলহি |

অজস্ৰ অভিজ্ঞতা আৰু মধুৰ স্মৃতি কঢ়িয়াই বিষাদ আৰু আনন্দৰ এক মিশ্ৰিত অনুভূতিৰে চান ডিয়েগো চহৰ এৰি যাবলৈ ওলাইছো | পৰিয়াল-পৰিজনৰ সৈতে ইমান দিনৰ মূৰত পুনৰ লগ হোৱাৰ ব্যাকুলতাই মন কিছু উগুল-থুগুল কৰি তুলিছে !

যি গভীৰ প্ৰত্যাশাৰে এদিন ইয়ালৈ আহিছিলো সেয়া সফলভাৱে সমাপন কৰিব পৰাৰ বাবে ভগবানক শতকোটি ধন্যবাদ জনাইছোঁ | এতিয়া দুচকুত এটাই সপোন - যোৱা ছটা মাহত আহৰণ কৰা অভিজ্ঞতা আৰু কৰ্ম-কৌশল সাৰোগত কৰি কেনেকৈ মোৰ নিজৰ শিক্ষানুষ্ঠানটিক, বিশেষকৈ মোৰ ছাত্ৰ-ছাত্ৰী সকলক অলপ হ’লেও উপকৃত কৰিব পাৰোঁ !

বিদায় চান ডিয়েগো, বিদায় ! বিদায় আমেৰিকা, বিদায় !!

বিদেশত অসমীয়া ব্যঞ্জনৰ জুতি

চান ডিয়েগোত স্থায়ীভাৱে বসতি কৰা শ্ৰীযুত পান্না হাজৰিকাৰ পৰিয়ালৰ কথা আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ | যোৱা দেওবাৰে তেখেতসকলে চাৰণৰ জৰিয়তে  মোক তেওঁলোকৰ ঘৰলৈ নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিলে | সেইমতে আমি সন্ধিয়া ৫ বজাত গৈ তেখেতসকলৰ ঘৰত উপস্থিত হ’লোগৈ |

শ্ৰীযুত হাজৰিকা ১৯৭৬ চনতে আমেৰিকালৈ পঢ়িবলৈ আহিছিল | Wisconsin-ত আভিযান্ত্ৰিক আৰু মেনেজমেণ্টৰ শিক্ষা সাং কৰাৰ পাছত প্ৰথমে মিছিগান ৰাজ্যৰ ডেট্ৰ‍ইট চহৰত কিছুবছৰ চাকৰি কৰাৰ পাছত ১৯৮৬ চনত চান ডিয়েগো চহৰলৈ আহি ইয়াতে স্থায়ীভাৱে থাকিবলৈ লয় | ইয়াৰ ৰেন্স’ বাৰ্ণাৰ্দ’ নামৰ ঠাইত চাৰণৰ ঘৰৰ পৰা কিছু দূৰত তেওঁলোকৰ মুঠ ২৬,০০০ বৰ্গফূটৰ দুটা বিশাল ঘৰ আছে | কিন্তু আজি ৫ মাহমানৰ আগৰ পৰা সেই ঘৰ-দুৱাৰ ভাড়ালৈ দি ডাউন-টাউন অঞ্চলত তেওঁলোকে নতুনকৈ ক্ৰয় কৰা এক আটকধুনীয়া ফ্লেটত থাকিবলৈ লৈছে | তেওঁলোকৰ ফ্লেটটো ৪০ মহলীয়া সুবিশাল অট্টালিকা এটাৰ ২৩ তম মহলাত অৱস্থিত | হাজৰিকাদাই আমাক তলৰ পৰাই আদৰি লৈ গ’ল | লিফ্টৰ জৰিয়তে ২৩ তলাৰ ওপৰলৈ উঠিবলৈ কেৱল ৫/৬ ছেকেণ্ডমানহে সময় লাগিল |

তেওঁলোকৰ দুটি সন্তানেৰে এটা সুখী পৰিয়াল | ডাঙৰ ল’ৰা ৰাহুলে এম,বি,এ পাছ কৰি চান ডিয়েগোতে এটা কোম্পানীত চাকৰি কৰে আৰু একমাত্ৰ কন্যা চোনিয়া Western University-ত পশু চিকিত্‍সা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম (D.V.M)ৰ চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰী | বৰ্ত্তমানে পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে ঘৰতে আছেহি | ৰাহুল অৱশ্যে তেওঁলোকৰ সৈতে নাথাকে; অলপ দূৰৈত বেলেগে থাকে | আমেৰিকাত সাধাৰণতে এইটোৱেই নিয়ম | প্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালী সাধাৰণতে মাক-দেউতাকৰ পৰা বেলেগে স্বতন্ত্ৰভাৱে থাকে | চোনিয়া বৰ মৰম লগা - যেন অসমতে ডাঙৰ-দীঘল হোৱা এজনী অসমীয়া ছোৱালী, যদিও তাইৰ জন্ম চান ডিয়েগোতে | অতি নম্ৰ, শান্ত আৰু স্বল্পভাষী | অসমীয়া ভালকৈ ক’ব নোৱাৰে যদিও পূৰা বুজি পায় | মাক-দেউতাকে প্ৰায়ভাগ অসমীয়াতে কথা পাতে |

আমাৰ লগতে, অৰ্থাত্‍ ম‍ই, চাৰণ আৰু নূৰৰ বাহিৰেও সেইনিশা তেওঁলোকৰ আন এগৰাকী অতিথি আছিল গুৱাহাটীৰ জীয়ৰী মণিষা বৰুৱা | তেওঁ গুৱাহাটী নিবাসী অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত মৃণাল বৰুৱাৰ সন্তান | ২০০০ চনত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাই ইলেক্টনিক্স বিষয়ত আভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰম সাং কৰি মণিষাই কেইবছৰমান বাঙ্গালোৰত চাকৰি কৰাৰ পাছত আজিৰ পৰা ডেৰ বছৰমানৰ আগতে ইয়ালৈ আহি চাকৰিত যোগ দিয়ে | বৰ্তমান এক ব্যক্তিগত প্ৰতিষ্ঠানত software engineeer হিচাপে কৰ্মৰত | তেওঁৰ ককায়েকো আমেৰিকাতে কৰ্মৰত |

হাজৰিকা দম্পত্তিয়ে আমাক নিমন্ত্ৰণ কৰি অসমীয়া ব্যঞ্জনেৰে নিশাৰ আহাৰৰ বৰ সুন্দৰ ব্যৱস্থা কৰিছিল | ইয়াত একেবাৰে আশা নকৰা ধৰণে আনকি মাছৰ বিলাহী দি ৰন্ধা টেঙা আঞ্জাৰ উপৰিও কঁঠালৰ মুছিৰ তৰকাৰী খাবলৈ পাই আচৰিত হ’লো | ভাত খাই উঠাৰ পাছত আকৌ ভাৰতীয় মিঠাপান/জৰ্দাপানৰো ব্যৱস্থা আছিল | চান ডিয়েগো  চহৰত বিছাৰিলে সকলো বস্তুৱেই পোৱা যায় | ভাৰতীয় গেলামালৰ দোকানত আনকি পূজা আদিৰ বাবে কলপাতো বিক্ৰী কৰা দেখিছোঁ |

ৰাতি তাৰ পৰা ঘূৰি আহোঁতে প্ৰায় ১০:৩০ মান বাজিছিল | নূৰ বেছেৰী চাৰণৰ কোলাতে শুই গ’ল | পিছদিনা সোমবাৰ; স্কুললৈ যাবলৈ ৰাতিপুৱাতে উঠিব লাগিব | মোক ঘৰত থৈ চাৰণে নিজৰ ঘৰ পায়গৈ মানে ছাগৈ নিশা ১১:৩০ মান বাজিছিল |

চান ডিয়েগো বন্যপ্ৰাণী উদ্যানত এদিন

চান ডিয়েগোৰ চান পাস্কেল উপত্যকাত অৱস্থিত চান ডিয়েগো বন্যপ্ৰাণী উদ্যানখন দক্ষিণ কেলিফ’ৰ্ণিয়াৰ পৰ্য্যটকৰ বাবে এক অন্যতম আকৰ্ষণ | প্ৰতি বছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই নিযুত পৰ্য্যটকে এই উদ্যান পৰিদৰ্শন কৰে | উদ্যানখন ১,৮০০ একৰ মাটিত এক অৰ্ধ-অনাৰ্দ্ৰ (semi-arid) পৰিৱেশত অৱস্থিত | চাৰিওফালে শুকান পাহাৰৰ মাজত মুকলিমূৰীয়াকৈ বন্য জীৱ-জন্তু বিচৰণ কৰি থাকিব পৰাকৈ কৃত্ৰিমভাৱে এক মনোৰম প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলা হৈছে | বৰ্ত্তমানে ইয়াত ২৬০টা প্ৰজাতিৰ প্ৰায় ৩৫০০ জীৱ-জন্তু আছে | তাৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ হৰিণ-জাতীয় জন্তু (antelopes), চিটা, সিংহ, জিৰাফ, হাতী, জেব্ৰা, বনৰীয়া ঘোঁৰা, গঁড়, গৰিলা আদি অন্যতম | আফ্ৰিকা মহাদেশত পোৱা বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই উদ্যানখনৰ এক মুখ্য আকৰ্ষণ | এই জীৱ-জন্তু বিলাক নিচেই ওচৰৰ পৰা চোৱাৰ সুবিধাৰ বাবে ট্ৰাম-গাড়ীৰে ফুৰোৱাৰ সুন্দৰ ব্যৱস্থা আছে | তদুপৰি দৰ্শকে ইচ্ছা কৰিলে অলপ অধিক মাচুল দি সৰু গাড়ীৰে কেতবোৰ জীৱ-জন্তুৰ নিচেই ওচৰলৈ গৈ হাতেৰে চুই চাব পাৰে অথবা জন্তুবোৰক আহাৰ আদি যোগান দিয়া কাৰ্যতো ভাগ ল’ব পাৰে |

ঋতুৰ ওপৰত নিৰ্ভৰ কৰি উদ্যানখনত ৪০০-ৰ পৰা ৬০০-লৈকে কৰ্মচাৰীয়ে কাম কৰে | পৃথিৱীৰ সৰ্ব-বৃহত্‍ পশু চিকিত্‍সালয়খনো এই উদ্যানতে অৱস্থিত | চিকিত্‍সালয়খনৰ ওচৰতে আছে সংৰক্ষণ গৱেষণা প্ৰতিষ্ঠান, য’ত এখন শীতলীকৃত চিৰিয়াখানা (Frozen Zoo)ও আছে |
চান ডিয়েগো চিৰিয়াখানাৰ উপৰিও এই উদ্যানখন চান ডিয়েগোৰ প্ৰাণীবিজ্ঞান সমাজে (Zoologixal Society of San Diego) পৰিচালনা কৰে | ১৯৬৪ চনতে এই উদ্যান প্ৰতিষ্ঠাৰ কাম আৰম্ভ হয় যদিও ১৯৭২ চনৰ ১ এপ্ৰিলত প্ৰথম উদ্যানখনৰ দুৱাৰ দৰ্শকৰ বাবে মুকলি কৰা হয় | ২০১০ চনত ইয়াৰ পুৰণি নাম চান ডিয়েগো বন্যপ্ৰাণী উদ্যান (San Diego Wild Animal Park) সলনি কৰি চান ডিয়েগো চিৰিয়াখানা দৰ্শন উদ্যান (San Diego Zoo Safari Park) ৰখা হয় |
যোৱা ১৩ নৱেম্বৰ, ২০১০ তাৰিখে চাৰণৰ সৌজন্যত এই উদ্যানখন পৰিদৰ্শন কৰাৰ সৌভাগ্য হ’ল | আমাৰ লগত চাৰণৰ অতি মৰম লগা কণমানি কন্যা নূৰৰ উপৰিও আছিল চাৰণৰ বন্ধু এক আমেৰিকান দম্পতি – নীল (Neil) আৰু ডেলী (Delie) | দুয়ো প্ৰায় ৬০ বছৰ বয়সীয়া | বৃত্তিত নীল এজন অভিযন্তা আৰু ডেলী এগৰাকী অনুজীৱ বিজ্ঞানী | দুয়োৰে ব্যক্তিত্ব অতি আকৰ্ষণীয় | দুয়ো মিঠামুখীয়া কিন্তু স্বল্পভাষী | অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ | তেওঁলোকৰ সৈতে প্ৰায় গোটেই দিনটো একেলগে কটাই বৰ ভাল লাগিল |

বৃত্তিত নীল যদিও এজন অভিযন্তা, তেওঁ এজন পাৰদৰ্শী আলোক-চিত্ৰ শিল্পী (photographer) | বিশেষকৈ তেওঁৰ বন্যপ্ৰাণী আৰু পক্ষীৰ আলোকচিত্ৰৰ সংগ্ৰহে বিশেষজ্ঞ সকলৰ মাজত বেছ সমাদৰ লাভ কৰিছে | এই ক্ষেত্ৰত তেওঁৰ উত্‍কৃষ্ট অৱদানৰ আভাষ তেওঁৰ জালপঞ্জী (website) http://nsolomonphoto.com পৰিদৰ্শন কৰিলেই পাব পৰা যায় |

এই আদৰ্শ আমেৰিকান দম্পতি আৰু চাৰণ-নূৰৰ সৈতে কটোৱা এই দিনটোৰ কথা বোধকৰোঁ বহুদিনলৈ মোৰ মানস পটত সজীৱ হৈ থাকিব |

চান ডিয়েগোৰ সাগৰীয় জগত (SeaWorld San Diego)

চান ডিয়েগোত পদাৰ্পণ কৰা দিন ধৰি বহুজনৰ মুখত শুনি আছিলো - ইয়াৰ বিতোপন সাগৰীয় প্ৰাণীৰ উদ্যান চি-ৱৰ্ল্ডখনৰ বিষয়ে | যোৱা ৬ নৱেম্বৰ তাৰিখে চাৰণ আৰু তাইৰ কন্যা নূৰৰ সৈতে উদ্যানখন চাবলৈ যোৱাৰ সুযোগ ওলোৱাত মনটো আনন্দেৰে ভৰি পৰিল | পুৱা ১০:০০ বজাত তেওঁলোক আহি মোৰ ঘৰত উপস্থিত হ’ল | চাৰণৰ গাড়ীৰে আৰামত গৈ আমি ১০:৩৫ মান বজাত উদ্যানখ্ন পালোগৈ | উদ্যান খোলাৰ সময় ১০ বজা যদিও ইতিমধ্যে গাড়ী ৰখোৱা  ঠাইত যথেষ্ট ভিৰ | অৱশ্যে চাৰণে তিনি বছৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এখন প্লেটিনাম কাৰ্ড (Platinum card) কিনি থোৱাৰ কাৰণে গাড়ী ৰখোৱাৰ আঁচুতীয়া ঠাই পাবলৈ সক্ষম হ’ল | তাইৰ কাৰ্ডখনৰ কাৰণে মোৰ প্ৰৱেশপত্ৰৰ মূল্যতো কিছু ৰেহাই পালো | $ ৬০ ডলাৰৰ ঠাইত $ ৫৫ দি টিকট কিনিলো | দৰ্শকৰ ভিৰ যদিও টিকট কিনাৰ কাৰণে বহু সময় অপেক্ষা কৰিব নালাগে, কাৰণ আঠটাবেলেগ বেলেগ টিকট ঘৰত একে সময়তে টিকট বিক্ৰী কৰি থাকে | অতি সুশৃঙ্খলিত ব্যৱস্থা !

১৯৬৪ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লচ্‌ এঞ্জেলিছৰ চাৰিজন স্নাতকে লগ লাগি এই মনোমোহা চি-ৱৰ্ল্ডখন প্ৰতিস্থা কৰে |   প্ৰথমতে তেওঁলোকে এখন পানীৰ তলত ডুব গৈ থকা ৰেষ্টুৰাঁ নিৰ্মাণৰ কথা চিন্তা কৰিছিল | যিহেতু এই পৰিকল্পনাটো ৰূপায়্ণ কৰাটো কাৰিকৰী কাৰণত সম্ভৱ হৈ নুঠিল, তেওঁলোকে তাৰ সলনি চান ডিয়েগোৰ মিচন উপসাগৰ (Mission Bay) ৰ পাৰত ২২ একৰ (৮৯,০০০ বৰ্গমিটাৰ) মাটিত এখন সাগৰীয় প্ৰাণীৰ উদ্যান পতাৰ সিদ্ধান্ত ললে | মুঠ ১.৫ নিযুত মাৰ্কিন ডলাৰ খৰচ কৰি ৪৫ জন কৰ্মীৰ সহায়ত ডলফিন, সাগৰীয় সিংহ (Sea lion)  আৰু দুটা সাগৰীয় প্ৰাণীৰ একুৱেৰিয়ামেৰে এই কাম আৰম্ভ কৰা হল | প্ৰথম বছৰতে এই উদ্যানে চাৰি লাখতকৈও অধিক লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হল |
যদিও প্ৰথম অৱস্থাত ই সম্পূৰ্ণৰূপে এক ব্যক্তিগত খণ্ডৰ সম্পত্তি আছিল, ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে ৰাজহুৱা পূঁজি বিনিয়োগ কৰাৰ ব্যৱস্থা হল আৰু পৰৱৰ্ত্তী কালত ই কোম্পানীটোৰ বিকাশৰ বাট মুকলি কৰিলে |

বৰ্ত্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ অন্য দেশত কেইবাখনো এনে উদ্যান আছে | তাৰ ভিতৰত অৰ্লেণ্ডো, চেন্ট এন্ট’নিও, অ’হিওৰ উপৰিও ডুবাইত অৱস্থিত চি-ৱৰ্ল্ড কেইখনলৈ আঙুলিয়াব পাৰি |

চি-ৱৰ্ল্ডৰ মূল আকৰ্ষণৰ ভিতৰত অন্যতম হল ইয়াত থকা অৰ্কাছ (Orcas) বা ঘাটক তিমি (Killer Whale) - Orcinus orca | প্ৰায় ৭ নিযুত গেলন পানীৰে ভৰপূৰ জলাশয়ত বহু কেইটা এনে সাগৰীয় প্ৰাণী পোহা হৈছে | প্ৰদৰ্শনী থলিখনৰ নাম দিয়া হৈছে ছামু ষ্টেডিয়াম (Shamu stadium) | প্ৰকৃততে ১৯৬০ চনত প্ৰথমবাৰৰ কাৰণে চান-ডিয়েগো চি-ৱৰ্ল্ডলৈ অনা অৰ্কাছটোৰ নাম আছিল ছামু | এতিয়া এই নামটো প্ৰদৰ্শনীত ভাগ লোৱা যিকোনো প্ৰাপ্তবয়স্ক অৰ্কাছৰ ক্ষেত্ৰতে প্ৰয়োগ কৰা হয় | বৰ্ত্তমান চান-ডিয়েগো চি-ৱৰ্ল্ডত ছটা অৰ্কাছ আছে | সিহঁতৰ নাম হল- কৰ্কী (Corky), কাছাট্‌কা,(Kasatka), উলিছেছ (Ulises), অৰ্কিড (Orkid), নাকাই (Nakai) আৰু কালিয়া (Kalia) | যোৱা ৭ ছেপ্তেম্বৰত চুমাৰ (Sumar) নামৰ অৰ্কাছ এটাৰ মৃত্যু হয় |  
ইয়াৰ উপৰিও অন্য জীৱ-জন্তুৰ ভিতৰত উল্লেখযোগ্য হ’ল -  ডলফিন (Dolphin), সাগৰীয় সিংহ (Sea lion), প’লাৰ বিয়েৰ (Pollar bear) বা ব্গা ভালুক, পেঙ্গুইন, (Penguin) বগা বেলুগা তিমি (Beluga whale), ৱাল্‌ৰাছ (Walrus), চাৰ্ক (Shark), অটাৰ (otter) আদি | তাৰ উপৰিও বিভিন্ন প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিবলৈ ৰখা হৈছে প্ৰশিক্ষিত পোহনীয়া জন্তু, যেনে কুকুৰ, গাহৰি, মেকুৰী, বিভিন্ন প্ৰজাতিৰ চৰাই ইত্যাদি | অৱশ্যে এই জীৱ-জন্তুবিলাক কেৱল প্ৰদৰ্শনৰ বাবে চিৰিয়াখানাৰ নিচিনাকৈ ইয়াত গঁৰালৰ ভিতৰত ভৰাই ৰখা হোৱা নাই | বৰঞ্চ অৰ্কাছ, ডলফিন, সাগৰীয় সিংহ, অটাৰ আদিকে ধৰি প্ৰায়বিলাক জন্তুকে অভিনৱ দৰ্শনীত বিভিন্ন কলাত্মক প্ৰদৰ্শনত ভাগ লোৱাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে | এনে দৰ্শনী বোৰত এইবিলাক সাগৰীয় প্ৰাণীয়ে মানুহৰ আঙুলিৰ নিৰ্দেশত সঙ্গীতৰ তালে-তালে যিবিলাক আশ্চৰ্য্যজনক কছৰতত অংশ লয়, প্ৰকৃততে নেদেখিলে তাক বিশ্বাস কৰিব নোৱাৰি | স্বাভাৱিক বাসস্থানত সাধাৰণতে মানুহৰ সংস্পৰ্শত নথকা এনেবোৰ সাগৰীয় প্ৰাণীৰ পিঠিত উঠি সুদৰ্শন যুৱক-যুৱতীয়ে দেখুওৱা ক্ৰিয়া-কলাপ অতি বিস্ময়কৰ আৰু আনন্দদায়ক | 
চি-ৱৰ্ল্ডৰ আন এক আকৰ্ষণ হ’ল তাত থকা ৩২০ ফুট (৯৮ মিটাৰ) ওখ আকাশী-স্তম্ভ (Sky-tower) | ১৯৬৯ চনত ইয়াক প্ৰতিস্থা কৰা হৈছিল আৰু ২০০২ চনত ইয়াক ন-ৰূপত সজোৱা হয় | এতিয়া দৰ্শকে ইয়াত উঠি ছ্য় মিনিটৰ এক যাত্ৰাত চি-ৱৰ্ল্ডৰ লগতে সমগ্ৰ চান-ডিয়েগো চহৰৰ অপূৰ্ব শোভা উপভোগ কৰিব পাৰে | প্ৰতি মিনিটত ১৫০ ফুট বেগত চক্ৰাকাৰে ঘূৰি ঘূৰি ই দৰ্শকসকলক এটা সুৰক্ষিত কেপ্‌ছুলৰ ভিতৰত সুমাই ওপৰলৈ লৈ যায় |

স‍ঁচাকৈয়ে চান-ডিয়েগোৰ চি-ৱৰ্ল্ডত মোৰ এই দিনযোৰা অভিজ্ঞতা আছিল চিৰস্মৰণীয় !

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় (Natural History Museum)

চান ডিয়েগো চহৰৰ এক মূল আকৰ্ষণ হ’ল - বেল্‌বোৱা পাৰ্ক (Balboa Park) | প্ৰায় ৪.৯ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত ই এক বিশাল নগৰীয়া সাংস্কৃতিক উদ্যান (Urban Cultural Park) | স্পেইন দেশীয় পৰ্য্যটক ভাস্কো নুনেজ দি বেল্‌বোৱা (Vasco Nunez de Balboa)-ৰ নামেৰে এই উদ্যানখনৰ নামকৰণ কৰা হৈছে | ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন অন্যতম পুৰণি ৰাজহুৱা উদ্যান |

অপূৰ্ব প্ৰাকৃতিক শোভাৰ উপৰিও এই উদ্যানৰ ভিতৰত আছে - ১৫ টা সংগ্ৰহালয়, থিয়েটাৰ ঘৰ, ফুলৰ বাগিছা, বিপণী, ৰেষ্টুৰাঁ আৰু পৃথিৱীৰ সৰ্ববৃহত্‍ চিৰিয়াখানা - চান ডিয়েগো চিৰিয়াখানা | এই চিৰিয়াখানাখনৰ বিষয়ে ম‍ই ইতিমধ্যে স্তানান্তৰত লিখিছোঁ |

যোৱা ৩১ অক্টোবৰত চাৰণহঁতৰ লগত বেল্‌বোৱা পাৰ্কলৈ যোৱাৰ আন এক সৌভাগ্য হৈছিল | এইবাৰ উদ্দেশ্য আছিল বিশেষকৈ তাত থকা প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় (Natural History Museum) টো পৰিদৰ্শন কৰা | চাৰণে তাইৰ মৰম লগা কণমানি ছোৱালীজনী - নূৰক লগত লৈ বোলে প্ৰায়েই এই উদ্যানলৈ যায় | সেইকাৰণে তাই গোটেই বছৰটোৰ বাবে প্ৰযোজ্য হোৱাকৈ পৰিয়াল-প্ৰৱেশপত্ৰ (Family Pass)  এখন লৈ থৈছে | গতিকে আমি উদ্যানত সোমোৱাৰ বাবে প্ৰৱেশপত্ৰ লোৱাৰ প্ৰয়োজন নহ’ল |

বেল্‌বোৱা উদ্যানত থকা বিভিন্ন সংগ্ৰহালয়ৰ ভিতৰত উল্লেখযোগ্য হ’ল - সাংস্কৃতিক কলা কেন্দ্ৰ (Centro Cultural de la Raza), জাপানী বন্ধুত্ব উদ্যান (Japanese Friendship Garden), চান-ডিয়েগো বায়ু আৰু মহাকাশ সংগ্ৰহালয় (San Diego Air & Space Museum), আলোক চিত্ৰকলা সংগ্ৰহালয় (Museum of Photographic Arts), চান-ডিয়েগো মানৱ সংগ্ৰহালয় (San Diego Museum of Man) আৰু চান-ডিয়েগো প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় (San Diego Natural History Museum) আদি |

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ অন্যতম মুখ্য আকৰ্ষণ হ’ল - তাত থকা জীৱন্ত সৰীসৃপৰ প্ৰদৰ্শনী, অধুনালুপ্ত ডাইন’চৰৰ বিভিন্ন প্ৰজাতিৰ জঁকা, হাঁড়, কণী, জীৱাশ্ম আদিৰ সংগ্ৰহ আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা নানাবিধ মূল্যবান প্ৰাকৃতিক মণি-মুকুতা আৰু পাথৰ তথা অলংকাৰৰ বিশাল প্ৰদৰ্শনী | সংগৃহীত জীৱ-জন্তু আৰু আন মূল্যবান সামগ্ৰীসমূহ ইমান নিয়াৰিকৈ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হৈছে যে কেইবাঘণ্টা ধৰি চাই থাকিলেও হেঁপাহ নপলায় |
বিশেষকৈ জীৱন্ত সৰীসৃপৰ প্ৰদৰ্শনীখনে মোক বৰকৈ মোহিত কৰিলে | তাৰ ভিতৰত আছিল বিভিন্ন প্ৰজাতিৰ নানা-ৰঙী আৰু ভিন-ভিন আকাৰৰ জেঠী জাতীয় প্ৰাণীসমূহ আৰু ভিন্ন প্ৰজাতিৰ সাপ | পাৰিপাৰ্শ্বিকতাৰ সৈতে খাপ খুৱাই নিজৰ শৰীৰৰ ৰং সলনি (camouflage) কৰিব পৰা কেতবোৰ প্ৰাণীক প্ৰদৰ্শন বাকছৰ ভিতৰত বিছাৰি উলিয়াবলৈকে টান |

সেইসময়ত উদ্যানৰ ভিতৰত কেইবাটাও ভিন-ভিন দৰ্শনী (Show) চলি আছিল যদিও সময়ৰ অভাৱত আমি চোৱাৰ পৰা বিৰত থাকিলো , কাৰণ সেইদিনা আছিল Halloween উত্‍সৱৰ দিন | গতিকে গধূলিলৈ চাৰণহঁতৰ ঘৰত এই উত্‍সৱৰ আনন্দ উপভোগ কৰাৰ কথা !

হেল’উইন (Halloween) উত্‍সৱ

কালি আছিল ৩১ অক্টোবৰ | সমগ্ৰ উত্তৰ আমেৰিকাত উত্‍সৱৰ দিন | এই হেল’উইন (Halloween) উত্‍সৱ উত্তৰ আমেৰিকাৰ উপৰিও কানাডা, আয়াৰলেণ্ড, স্কটলেণ্ড আদি দেশতো পালন কৰা হয় |  লোকবিশ্বাস অনুসৰি এই উত্‍সৱ চেল্টিক চেম্‌হেইন (Samhain) উত্‍সৱৰ পৰা আৰম্ভ হৈছিল | চেম্‌হেইনৰ পুৰণি বানান আছিল Samuin (sow-an বা sow-in হিচাপে উচ্চাৰিত হয়), আইৰিছ ভাষাত যাৰ অৰ্থ হ’ল summer's end, অৰ্থাত্‍ জহকালিৰ সমাপ্তি | প্ৰাচীন লোকবিশ্বাস মতে এই সময়ত আমাৰ পৃথিৱী আৰু সিপুৰী (আন্ধাৰ জগত)ৰ মাজত দূৰত্ব কমি যায় আৰু ভাল-বেয়া, অৰ্থাত্‍ হিতকাৰী আৰু অনিষ্টকাৰী প্ৰেতাত্মাবোৰ পৃথিৱীলৈ নামি আহি মানুহৰ মাজত ঘূৰি ফূৰে | সেয়েহে নিজৰ স্বৰ্গগত আত্মীয়-স্বজনৰ আত্মাক আদৰণি জনোৱা হয় আৰু অনিষ্টকাৰী প্ৰেতাত্মাবোৰক খেদি পঠাবৰ বাবে এই উত্‍সৱ পালন কৰা হয় |

মানুহৰ ঘৰে-ঘৰে পদুলি মূৰত মকৰা-জাল, ভূত-প্ৰেতৰ মুখা, জীৱ-জন্তুৰ হাঁড় আদিৰে ভয় লগা পৰিৱেশৰ সৃষ্টি কৰা হয় আৰু ৰঙালাওৰ ভিতৰৰ শাহখিনি গুচাই মানুহৰ মুখৰ আকৃতিৰ ৰূপ দি চকু-নাক-মুখৰ ফুটা কৰি তাৰ ভিতৰত মমবাতি জ্বলাই ৰখা হয় | আয়াৰলেণ্ড, স্কটলেণ্ড আদিত এই কামৰ বাবে লাওৰ সলনি চালগোম (turnip)ৰ ব্যৱহাৰ কৰা হ্য় | সৰু ল’ৰা-ছোৱালী বিলাকে বিভিন্ন ধৰণৰ পোছাক  আৰু প্ৰেতাত্মা আদিৰ মুখা পৰিধান কৰি জাক পাতি পাতি মানুহৰ ঘৰে-ঘৰে ঘূৰি ফূৰে আৰু গৃহস্থক প্ৰশ্ন কৰে - `trick-or-treat`? প্ৰকৃততে trick শব্দটো threat ৰ পৰা আহিছে | অৰ্থাত্‍ আপোনালোকক ভয় খুৱাম নে আমাক কিবা খাবলৈ দিব? আয়াৰলেণ্ড, স্কটলেণ্ড আদিত ল’ৰা-ছোৱালীবোৰে ইয়াৰ সলনি অন্যধৰণৰ trick কৰে, অৰ্থাত্‍ নাচ-গান কৰে অথবা ভুত-পিঁশাচৰ ভয় লগা সাধু কয় | তাৰ বিনিময়ত গৃহস্থ‍ই সিহঁতক খোৱা-বস্তু বিশেষকৈ মৰ্টন, চক্‌লেট আদি দিয়ে |

কালি আগবেলাতে মোক মোৰ প্ৰাক্তন ছাত্ৰী (আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ) চাৰণে ফোন কৰিলে | দুপৰীয়া ১২ মান বজাত আহি মোক ঘৰৰ পৰা তাইৰ গাড়ীৰে লৈ গ’লহি | লগত তাইৰ একমাত্ৰ কন্যা-সন্তান নূৰ আৰু তাইৰ ভাৰাতীয়া তথা পৰিয়ালৰ বন্ধুৰ সন্তান আমেৰিকান ল’ৰা ডেনিয়েল | দিনটো তেওঁলোকৰ সৈতে বিভিন্ন ঠাইত ফূৰা-চকা কৰিলো | তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ পাৰ আৰু বেল্বোৱা পাৰ্ক অন্যতম | এইবিলাকৰ বিষয়ে পিছত বেলেগকৈ লিখিম |

সন্ধিয়া হোৱাৰ আগে-আগে আমি চাৰণৰ ঘৰ পালোগৈ | আন্ধাৰ হোৱাৰ লগে-লগে নূৰৰ ফূৰ্ত্তিৰ অন্ত নাই | ৰং-বিৰঙৰ পোছাক পিন্ধি হাতত সৰু ধুনীয়া মোনা এখন লৈ ওলাল | লগত আকৌ ভুতৰ বেশভূষাত ডেনিয়েল | প্ৰতিৱেশী ল’ৰা-ছোৱালীবোৰৰ লগ লাগি ঘৰে-ঘৰে চক্‌লেট (candy) বিছাৰি গ’ল | চাৰণহঁতৰ ঘৰৰো পদূলিখন ধুনীয়াকৈ সজাইছে | আমি চকী পাৰি বাৰাণ্ডাত বহি সকলোৰে আলেখ-লেখ চাই থাকি বৰ আনন্দ পালো | সৰু ল’ৰা-ছোৱালী বোৰৰ লগতে মাক-দেউতাকবোৰো যেন আনন্দত মতলীয়া; সিহঁতৰ লগে-লগেই ফূৰিছে | কোনো-কোনোৱে বিভিন্ন ধৰণৰ ভয় লগা বেশ-ভূষাও কৰিছে আৰু ল’ৰা-ছোৱালীহঁতক লগ দিছে |

গোটেই সন্ধিয়াটো বেছ আনন্দেৰে পাৰ কৰিলো | তাৰ মাজতে কিন্তু চাৰণে এটা কথা পাহৰা নাছিল যে কালি আছিল মোৰ জ্ন্মদিন | নিশা মোক ভাড়াঘৰত থ’বলৈ অহাৰ আগে-আগে জন্মদিনৰ কেক্‌ কটাৰো ব্যৱস্থা কৰি থৈছিল | ম‍ই অভিভূত হ’লো | হেল’উইনৰ এই উত্‍সৱে মোক আমাৰ কাতি বিহুলৈ মনত পেলাই দিলে | সৰুতে আমিও কাতি বিহুত এইদৰে পদূলিয়ে-পদূলিয়ে তুলসীৰ আগত নাম গাই-গাই ঘূৰি ফূৰিছিলো আৰু গৃহস্থ‍ই আমাক প্ৰসাদ আৰু আন খোৱা বস্তুৰে আপ্যায়িত কৰিছিল | ম‍ইতো আমাৰ প্ৰতিৱেশী ল’ৰা-ছোৱালী বিলাকৰ এক প্ৰকাৰ নেতাই আছিলো আৰু আনকি মেট্ৰিক পৰীক্ষা পাছ কৰালৈকে এইটো দলত নিজকে জড়িত কৰি ৰাখিছিলো | প্ৰতিৱেশী সকলেও মোক বৰ মৰম কৰিছিল |