জৈৱ-প্ৰযুক্তি আৰু উত্তৰ-পূৰ্বাঞ্চল

আজি মোৰ বাবে বৰ আনন্দৰ দিন | একেটা উত্‍সৰে পৰা অগা-পিছাকৈ অহা দুটা ভাল খবৰে মনটো ভৰাই তুলিছে !

যোৱা বছৰ মে’ মাহত ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এখন আলোচনা সভাৰ আয়োজন কৰিছিল | তাত ভাৰত চৰকাৰৰ ফালৰ পৰা উপস্থিত আছিল -  জৈৱ-প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান আৰু উপদেষ্টা ডঃ টি, মদনমোহন | আলোচনাৰ বিষয়-বস্তু আছিল - উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশ আৰু তাৰ বাবে ল’বলগীয়া ব্যৱস্থা | সৌভাগ্যক্ৰমে, সেই সভাৰ আৰম্ভণিতে বক্তব্য ৰখাৰ বাবে মাননীয় ডঃ টি, মদনমোহন ডাঙৰীয়াই মোক অনুৰোধ জনাইছিল | ম‍ই মোৰ বক্তব্যত উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-প্ৰযুক্তিৰ বিকাশৰ সম্ভাৱনীয়তা, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আদি বিষয়ত আলোকপাত কৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা ল’ব পৰা এলানি আঁচনিৰ প্ৰস্তাৱ কৰিছিলো | সভাত উপস্থিত সকলোৱেই আনন্দিত হ’ল - যেতিয়া মোক এক প্ৰকাৰ আচৰিত কৰি এই প্ৰস্তাৱিত আঁচনিসমূহৰ প্ৰতি কেন্দ্ৰীয় সচিব ডঃ এম, কে, ভান ডাঙৰীয়াই অতি আগ্ৰহ দেখুৱালে আৰু মোক নিৰ্ধাৰিত ১৫ মিনিটৰ সলনি প্ৰায় ৪৫ মিনিট বক্তব্য ৰাখিবলৈ সুযোগ দি আঁচনি সমূহৰ বিষয়ে পূংখানুপূংখ ৰূপে আলোচনা কৰাৰ ব্যৱস্থা কৰিলে |

পৰৱৰ্ত্তী পৰ্য্যায়ত ভাৰত চৰকাৰৰ অনুৰোধ মৰ্মে ম‍ই আঁচনি সমূহৰ সৱিশেষ দাখিল কৰিলো আৰু সেই মৰ্মে আঁচনি সমূহ পৰ্য্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ জৈৱ-প্ৰযুক্তি বিভাগে সিদ্ধান্ত ল’লে আৰু ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ’ল |

তাৰে এখন আঁচনি অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিমকে ধৰি গোটেই কেইখন ৰাজ্যৰ কেতবোৰ বছা-বছা উচ্চশিক্ষাৰ অনুষ্ঠানত একোটাকৈ জৈৱ-প্ৰযুক্তি কেন্দ্ৰ (Biotech Hub) স্থাপন কৰি জৈৱ-প্ৰযুক্তি আৰু আধুনিক জীৱবিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ঠিক সেইদৰে আন এখন আঁচনি অনুসৰি নিৰ্বাচিত কেতবোৰ বিদ্যালয়ৰ পুথিভঁৰালত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা | পৰৱৰ্ত্তী সময়ত জৈৱ-প্ৰযুক্তি বিভাগৰ উচ্চ-ক্ষমতা সম্পন্ন এক বিশেষজ্ঞ সমিতিৰ অন্যতম সদস্য হিচাপে আঁচনি সমূহৰ ৰূপায়ণৰ দিশত লোৱা পদক্ষেপত অংশ গ্ৰহণ কৰাৰ কিছু সুযোগ পাওঁ | যোৱা প্ৰায় এবছৰ কাল বিভিন্ন স্তৰত কাম-কাজ চলি থকাৰ মূৰত শেহতীয়াকৈ দুয়োখন আঁচনি ৰূপায়িত কৰাৰ কাৰণে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে জাননী জাৰি কৰিছে |

এই অনুসৰি, প্ৰথম পৰ্য্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৩৫ খন উচ্চশিক্ষাৰ অনুষ্ঠানক প্ৰতিখনকে ২৭ লাখ টকাকৈ আগবঢ়োৱা হৈছে | তাৰ ভিতৰত আছে অসমৰ ২৩ খন শিক্ষানুষ্ঠান | আনহাতে, দ্বিতীয়খন আঁচনিৰ অধীনত ৪৭ খন বিদ্যালয়ৰ প্ৰতিখনলৈ আগবঢ়োৱা হৈছে ২.১ লাখ টকাকৈ |  তদুপৰি ইন্টাৰনেটৰ সুবিধা বাহাল ৰখাৰ বাবে প্ৰতিখন বিদ্যালয়ে প্ৰতিবছৰে বিশ হাজাৰ টকাকৈ লাভ কৰিব |

আশাকৰোঁ এই আঁচনি দুখনৰ সফল ৰূপায়ণে উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক জগতত প্ৰচূৰ বৰঙণি যোগাবলৈ সক্ষম হ’ব ! অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ’ব কেন্দ্ৰসমূহৰ সৈতে জড়িত শিক্ষক তথা বিজ্ঞানীসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্ত্তব্যনিষ্ঠা |

1 comment:

  1. Sir,
    Congratulations!
    We are very happy that both schemes have materialized.

    ReplyDelete