অৱশেষত মোৰ আমেৰিকাৰ পৰা বিদায় লোৱাৰ সময় আহি উপস্থিত হ’ল। যোৱা ছটা মাহ পৰিয়াল, বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ পৰা বহুদূৰত ইয়াত অতিবাহিত কৰাৰ পাছত কালিলৈ নিচেই পুৱাতে চান ডিয়েগো এৰি মোৰ ওভতনি যাত্ৰা আৰম্ভ কৰিম। চিকাগোৰ পৰা নতুন দিল্লী হৈ গুৱাহাটী পামগৈ অহা শুকুৰবাৰে আবেলি ১:৪০ বজাত।
যোৱা সপ্তাহটো এফালে চাৰণ, নূৰ আৰু আনফালে ক্ষীৰোদ গগৈ আৰু তেওঁৰ নৱ-বিবাহিতা পত্নী পল্লৱীৰ সৈতে বেছ ফুৰা-মেলা কৰিলো। অগা-পিছাকৈ দুদিন নিশাৰ আহাৰ ক্ষীৰোদহঁতৰ ঘৰতে কৰিলো। লগত আছিল পাঞ্জাৱৰ লুধিয়ানাৰ পৰা অহা ভাতৃপ্ৰতিম অমনজোট সিং। অমনৰ পত্নী ডিম্পল ভনীয়েকৰ বিয়াৰ কাৰণে ঘৰলৈ গৈছে। পৰহিলৈ তেৱোঁ যাব। দুয়ো ইয়াত প’ষ্ট ডক্টৰেল গৱেষক হিছাপে কৰ্মৰত।
কালি আছিল মোৰ গৱেষণাগাৰত শেষৰ দিন। অৱশ্যে শেষৰ দিনটোতো মোৰ গৱেষণাৰ কাম অব্যাহত ৰাখিব লগীয়া হ’ল। আবেলি ৪ বজাতহে মোৰ বাকী থকা কামখিনি শেষ কৰিলো। অৱশ্যে গৱেষণাগাৰৰ বিজ্ঞানী সকলে মোক যোৱা ২৩ তাৰিখেই আনুষ্ঠানিক ভাৱে বিদায় জনাইছিল, কাৰণ ২৫ৰ পৰা ২৮ তাৰিখলৈকে বন্ধৰ দিন আছিল। কালি সকলোৰে পৰা বিদায় লৈ আহিবৰ সময়ত মনটো বেছ গধূৰ-গধূৰ লাগিছিল। আৰম্ভণিতে যদিও মোৰ গৱেষণাগাৰত মন বহা নাছিল, পাছলৈ সকলো আপোন যেন হৈ পৰিছিল ! সন্ধিয়া আমাৰ চীনা বাইদেউ পুই (য়লাণ্ডি) চেঙে তেওঁৰ গাড়ীৰে মোক ঘৰত থৈ গৈছিলহি।
অজস্ৰ অভিজ্ঞতা আৰু মধুৰ স্মৃতি কঢ়িয়াই বিষাদ আৰু আনন্দৰ এক মিশ্ৰিত অনুভূতিৰে চান ডিয়েগো চহৰ এৰি যাবলৈ ওলাইছোঁ। পৰিয়াল-পৰিজনৰ সৈতে ইমান দিনৰ মূৰত পুনৰ লগ হোৱাৰ ব্যাকুলতাই মন কিছু উগুল-থুগুল কৰি তুলিছে!
যি গভীৰ প্ৰত্যাশাৰে এদিন ইয়ালৈ আহিছিলো সেয়া সফলভাৱে সমাপন কৰিব পৰাৰ বাবে ভগবানক শতকোটি ধন্যবাদ জনাইছোঁ। এতিয়া দুচকুত এটাই সপোন - যোৱা ছটা মাহত আহৰণ কৰা অভিজ্ঞতা আৰু কৰ্ম-কৌশল সাৰোগত কৰি কেনেকৈ মোৰ নিজৰ শিক্ষানুষ্ঠানটিক, বিশেষকৈ মোৰ ছাত্ৰ-ছাত্ৰী সকলক অলপ হ’লেও উপকৃত কৰিব পাৰোঁ!
বিদায় চান ডিয়েগো, বিদায়! বিদায় আমেৰিকা, বিদায়!!
Sir,
ReplyDeleteCongratulations on successfully completing this wonderful blog! It is our request that you kindly bring it out in the form of a book.
Congrats once again!