মানৱতাৰ পৰিচয়

২৩ জুন ২০১০

কেইবাদিনো দিনলিপিত একো লিখা হোৱা নাই | গতানুগতিকভাৱে দিনবোৰ অতিবাহিত হৈছে | পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈকে ঘৰৰ বাহিৰত অৰ্থাত্‍ অহা-যোৱাৰ সময়খিনিকে ধৰি গৱেষণাগাৰত ব্যস্ত |

আজি ঘূৰি আহোঁতে প্ৰথমবাৰৰ কাৰণে এজন মগনীয়া দেখা পালো | বাছত উঠি মিছা কথা কৈ প‍ইচা নিদিয়াকৈ সাৰিব খুজিছিল | গাড়ী চালকে অনুমতি নিদিয়াত নামি গ’ল | অৱশ্যে আগতেও এদিন চাৰণৰ লগত গাড়ীৰে যাওঁতে কোনোবা এখন বজাৰৰ ওচৰত এগৰাকী মহিলাই প্লে'-কাৰ্ড এখন লৈ ৰৈ থকা দেখা পাইছিলো | লিখা আছিল - 'Need Help & Food' বুলি | চাৰণে কৈছিল যে ইয়াত ভিক্ষাৰী বিলাকে এইদৰে হাতত প্লে'-কাৰ্ড লৈ প‍ইচা খুজি ফূৰে | উন্নত দেশত ভিক্ষা খোজাৰো উন্নত কায়দা !

আজিৰ পৰা বাৰ্বিৰ ছমহীয়া পৰীক্ষা আৰম্ভ হৈছে| ভগবানে তাইক সহায় কৰক !

২৪ জুন ২০১০

পুৱা এটা নতুন অভিজ্ঞতা হ’ল | বাছত উঠিবলৈ ৰৈ থাকোঁতে ম‍ই উঠিব লগীয়া ষ্টপেজটোতে হুইল চেয়াৰত উপৱিষ্ট এগৰাকী মহিলা নামিল; লগত বোধকৰো তেওঁৰ গিৰীয়েক | প্ৰৌড়া মহিলাগৰাকী নমাৰ সময়ত বাছখনৰ উচ্চতা কমাই দি এখন হেলনীয়া তল (প্লেট্‌ফৰ্ম) দুৱাৰৰ পৰা বাহিৰলৈ উলিয়াই দিলে | সকলোবিলাক যান্ত্ৰিকভাৱে চালকজনে নিয়ন্ত্ৰণ কৰিছিল | কি সুন্দৰ স্বয়ংক্ৰিয় ব্যৱস্থা ! বাছৰ চালকগৰাকী এগৰাকী মহিলা | তেওঁ নিজৰ আসনৰ পৰা উঠি আহি শাৰীৰিকভাৱে অক্ষম মহিলাগৰাকীক বাছৰ পৰা নমোৱাত সহায় কৰি দিলে | মানৱীয়তাৰ কি এক সুন্দৰ পৰিচয় এইখন দেশত ! সকলোবোৰ যান্ত্ৰিক যেন লাগিলেও মানৱীয়তা দেখোন আমাৰ ভাৰতীয় সকলতকৈ অধিকহে ! অভিভূত হ’লো |

২৫ জুন ২০১০

 আজিও এক ব্যতিক্ৰমী অভিজ্ঞতা হ’ল | ১২ বজাত আমাৰ গৱেষাণাগাৰত এক অতিথি বক্তাৰ দ্বাৰা বক্তৃতা প্ৰদানৰ ঘোষণা হ’ল | ডঃ মাইকেলে সকলোকে আহ্বান জনালে আলোচনা কক্ষলৈ আহিবলৈ | উল্লেখ কৰা প্ৰয়োজন যে আমাৰ গৱেষণাগাৰৰ সকলো কোঠা সংযোগ কৰি মাইক্ৰফোনত ঘোষণা দিয়াৰ ব্যৱস্থা আছে | অনাহকত কাগজ আৰু সময় খৰচ কৰি কোনো জাননী আদি দিয়া নহয় |

অতিথি বক্তাজন ডঃ ডব্লিউ য়ু (Dr. W. Yu) - কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চান ডিয়েগো (UCSD)ৰ বিজ্ঞানী | যেতিয়া তেওঁ কথা ক’বলৈ আৰম্ভ কৰিলে, আচৰিত হ’লো | তেওঁ শাৰীৰিকভাৱে বাধাগ্ৰস্ত | কথাও স্পষ্টকৈ ক’ব নোৱাৰে | তালুত ফুটা (Cleft pallate) থকা লোকৰ দৰে কথা কয় | কিন্তু ইংৰাজী ক’লে বুজাটো কঠিন হয় | দৈহিকভাৱেও তেওঁ সম্পূৰ্ণ স্বাভাৱিক নহয় | অতি নিশকতীয়া | কাণত শ্ৰৱণ যন্ত্ৰ | কিন্তু তেওঁ প্ৰাকৄতিক দ্ৰব্য (Natural products)ৰ প্ৰ’টিয়মিক্‌চ (Proteomics)ৰ বিষয়ত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰিলে |  

আচৰিত হ’বলগীয়া কথাটো হ’ল উচ্চাৰণৰ অসুবিধাৰ বাবে তেওঁৰ বক্তব্য বুজা অতি কঠিন হৈছিল যদিও ডঃ মাইকেলে তেওঁৰ বক্তব্য বুজিবলৈ আৰু তেওঁৰ সৈতে মত বিনিময় কৰিবলৈ যত্‍পৰোনাস্তি চেষ্টা কৰিলে | প্ৰকৃততে এনে এজন ব্যক্তিক অতিথি বক্তা হিচাবে মাতি অনাটোৱেই তেওঁৰ মহানুভৱতাৰ অসামান্য পৰিচয় নহয়জানো ? 


২৮ জুন ২০১০

আজিৰ পৰা মোৰ মুখ্য উদ্দেশ্যৰ দিশত আগবাঢ়িছোঁ যেন লাগিছে | মাইক্ৰ’এৰে (Microarray)ৰ প্ৰশিক্ষণ আজিৰ পৰা আৰম্ভ হৈছে | হংকঙৰ পৰা আহি বিগত ২৩ বছৰে আমেৰিকাত কৰ্মৰত বয়স্ক মহিলা য়লাণ্ডে চেঙে (Yollande Cheng) তেওঁৰ মাইক্ৰ’এৰেৰ কাম আৰম্ভ কৰিছে আৰু লগে লগে মোক শিকাই গৈছে | মহিলাগৰাকীৰ কাম বৰ পৰিপাটি আৰু প্ৰতিটো কামতে তেওঁৰ পাৰদৰ্শিতা প্ৰতিফলিত হয় | নিয়াৰিকৈ কৰা কামৰ প্ৰতিটো পৰ্যায় সুন্দৰকৈ বুজাই গৈছে |

মোৰ গৱেষণাৰ কাৰণে নিজে ডিজাইন (design) কৰা নতুন প্ৰাইমাৰ (Primer) খিনিও আজি আহিল | শুক্ৰবাৰে অৰ্ডাৰ কৰা বস্তু সোমবাৰেই আহিল ! কি ক্ষিপ্ৰ ব্যৱস্থা !

২৯ জুন ২০১০

ম‍ই আমেৰিকাত ভৰি দিয়া আজি এমাহ পূৰ্ণ হ’ল | প্ৰথম মাহৰ ফেল’শ্বিপো আজি ভাৰত চৰকাৰৰ পৰা পালো | মোৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা দিছে |

No comments:

Post a Comment