মেক্সিকো নহয়, মেসিকো


মেসিকোৰ চেইচ’
১৩ জুলাই ২০১০

কেইবাদিন ধৰি দিনলিপিত একো লিখা হোৱা নাই | সকলোখিনি গতানুগতিকভাৱে চলি আছে | লিখিবলৈ বিশেষ একো নাই |

আজি পুৱা বাছত ভাৰতীয় যুৱক এজনৰ সৈতে চিনাকি হ’লো | নাম অমনজোট সিং, পাঞ্জাৱী যুৱক, বিবাহিত | পত্নীয়ে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ চান ডিয়েগো চৌহদত পঢ়ি আছে  আৰু তেওঁ নিজে স্ক্ৰিপ্‌চ গৱেষণা প্ৰতিষ্ঠান (Scripps Research Institute)ত প’ষ্ট ডক্টৰেল ফেল’ (Post-doctoral fellow) হিচাবে যোৱা ছমাহ মান আগৰ পৰা কাম কৰি আছে | সদ্যহতে দুবছৰৰ কাৰণে আহিছে যদিও তেওঁৰ ফেল’শ্বিপ (Fellowship)টো পাঁচ বছৰলৈকে সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে | অমনে মোক কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ চান ডিয়েগো চৌহদত
প’ষ্ট ডক্টৰেল ফেল’ হিচাবে কৰ্মৰত ক্ষীৰোদ গগৈ নামৰ অসমীয়া ল’ৰা এজনৰ কথা ক’লে | মোক পৰিচয় কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিলে | খবৰটো শুনি ভালেই লাগিল |

মোৰ গৱেষণাৰ কাম কালিৰে পৰা পূৰ্ণ গতিত আৰম্ভ হৈছে | চাৰিযোৰা প্ৰাইমাৰ (Primer) লৈ কৰা প্ৰথমটো পি, চি, আৰ্‌ (PCR) পৰীক্ষা আজি সফলতাৰে মান্যতা প্ৰদান (standardize) কৰা হ’ল | এতিয়া পৰ্যায়ক্ৰমে বাকী ১৫ যোৰা প্ৰা‍ইমাৰৰ কামখিনি কৰিব লাগিব |

১৬ জুলাই ২০১০

আজি ৰাতিপুৱা ৰাস্তাত এটা বৰ মনপৰশা অভিজ্ঞতা হ’ল | বাছ ধৰিবলৈ খোজ কাঢ়ি গৈ থাকোঁতে ৰাস্তাতে মোৰ হাঁচি অহাত জেপৰ পৰা ৰুমালখন উলিয়াই নাক-মুখত সোপা দি হাঁচি এটা মাৰিলো | সিফালৰ পৰা আহি থকা এগৰাকী বয়োজ্যেষ্ঠা ভদ্ৰ মহিলাই তপৰাই মাত লগালে, "God bless you !" অচিনাকি মহিলাৰ কি সৌজন্যসূচক আত্মীয়তা ! অভিভূত হ’লো |

আজি দুদিনমানৰ আগেয়ে আন এটা বৰ ভাল লগা অভিজ্ঞতা হৈছিল | একেদৰে ৰাতিপুৱা গৱেষণাগাৰলৈ বুলি খোজ কাঢ়ি গৈ থাকোঁতে বিপৰীত দিশৰ পৰা আহি থকা এজন ভদ্ৰলোকে কাষেৰে পাৰ হৈ যাওঁতে "গুড্‌ মৰ্ণিং" দিয়াত ময়ো প্ৰত্যুত্তৰ দিলো | এইদৰে অচিনাকি ব্যক্তিৰ অভিবাদন ইয়াত এক প্ৰচলিত সাধাৰণ ভদ্ৰতা | কিন্তু ভদ্ৰলোকজন কিছুদূৰ আগুৱাই যো
ৱাৰ পিচত পুণৰ ঘূৰি আহি মোক সুধিলে, "Are you an Indian?" ম‍ই হয় বুলি কোৱাত তেওঁ মোৰ ফালে হালি মোৰ দোঁৱাই ক’লে, " নমস্তে বাবা !, Is it correct ?" ম‍ই প্ৰতি নমস্কাৰ দিলো; আচৰিত আৰু অভিভূত নহৈ নোৱাৰিলো !

১৮ জুলাই ২০১০

এই কেইদিন সপ্তাহৰ শেষৰ সময়খিনি ভাল কাম এটাত ক
টাবলৈ পাই বৰ সুখী হৈছোঁ | গুগ’ল (Google)ৰ অসমীয়া সংস্কৰণটোৰ কাৰণে খণ্ডবাক্যবোৰ অনুবাদ আৰু সম্পাদনা কৰাৰ কামত লাগিছোঁ | এতিয়ালৈকে ম‍ই প্ৰায় পাঁচশতকৈ অধিক খণ্ডবাক্য সম্পাদনা কৰিলো | আজি কেইদিনমানৰ আগেয়ে ম‍ই নতুনকৈ যোগদান কৰা অনলাইন অসমীয়া অভিধান শব্দ (www. xobdo.org)ৰ ই-দল (e-group)টো ভিন ভিন সদস্যৰ সৈতে যোগাযোগ কৰি একলগে কাম কৰি বৰ ভাল লাগিছে !

আজি দেওবাৰে আবেলি মোৰ ভাৰাঘৰটোতে আন এটা কোঠাত থকা মেক্সিকোৰ ল’ৰা
চিজাৰ (Cesar)ৰ লগত ওচৰৰ বজাৰলৈ গ’লো | তেওঁ যদিও ইয়ালৈ স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা স্ক্ৰিপ্‌চ গৱেষণা প্ৰতিষ্ঠানত ৰসায়ন বিজ্ঞানৰ গৱেষণাৰ কাৰণে আহিছে, প্ৰকৃততে তেওঁ মেক্সিকোৰ ল’ৰা | তিনিমাহৰ বাবে ইয়ালৈ আহিছে | প্ৰ’টিন সংশ্লেষণ (Protein synthesis)ৰ বিষয়ত গৱেষণা কৰি আছে | তেওঁৰ সৈতে গৈ আমাৰ ভাৰাঘৰৰ ওচৰৰ বজাৰখনত থকা মেক্সিকান ৰেস্তুৰাঁ এখনত বুৰিট’ (Burrito) নামৰ এবিধ সুস্বাদু খাদ্য খালো | এখন ডাঙৰ ৰুটিৰ ভিতৰত মগু দাইল, বুট ভজা, সেউজীয়া শাকৰ চালাদ, মুৰ্গীৰ মাংস, পাচলিৰ ভাজি, ক্ৰিম আদি ভৰাই থোৱাৰ নিচিনা; আমাৰ চিকেন ৰ’ল (Chicken roll)ৰ যেন এক বৃহত্‍ সংস্কৰণহে | তাৰ লগত যিকোনো এবিধ ক’ল্ড দ্ৰিংক (Cold drink) ৰ এগিলাচ খাব পাৰি | বুৰিট’ মেক্সিকোৰ এবিধ অতি জনপ্ৰিয় খাদ্য | খাই বেচ্‌ ভালেই লাগিল |

এটা কথা ইয়ালৈ আহি গম পালো যে মেক্সিকো, আৰ্জেন্টিনা আৰু স্পেইন এই তিনিওখন দেশতে প্ৰচলিত প্ৰধান ভাষা হ’ল স্পেনীচ্‌ (Spanish) ভাষা | এই ভাষাৰ এটা অন্যতম বৈশিষ্ট হ’ল আমাৰ অসমীয়া ভাষাৰ নিচিনাকৈ এই ভাষাতো ‘স’ উচ্চাৰণটো আছে | তেওঁলোকে মেক্সিকো (Mexico)ৰ উচ্চাৰণ কৰে ‘মেসিকো’ বুলিহে | ‘স’ উচ্চাৰণৰ বাবে তেওঁলোকে ইংৰাজী ‘x’ আখৰটো ব্যৱহাৰ কৰে | তাৰ মানে গুৱাহাটীৰ চেন্টিনেল (The Sentinel) কাকতৰ ভূতপূৰ্ব সম্পাদক ধীৰেণ বেজবৰুৱা ডাঙৰীয়াই অসমীয়াৰ ‘স’ উচ্চাৰণৰ বাবে ‘x’ ব্যৱহাৰ কৰা নিয়মটো প্ৰৱৰ্তন কৰাৰ কাৰণে যি উদ্যোগ হাতত লৈছিল তাৰ যথেষ্ট গ্ৰহণযোগ্য ভিত্তি আছে !
চিজাৰে অসম আৰু অসমীয়া শব্দকেইটা সম্পূৰ্ণ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে |

No comments:

Post a Comment