লচ্‌ এঞ্জেলিচ ভ্ৰমণ

২৪ জুলাই ২০১০

আজিৰ দিনটো বোধকৰো ম‍ই এতিয়ালৈকে ইয়াত কটোৱা আটাইতকৈ আনন্দৰ দিন আছিল | পুৱা ৭ বজাত ঘৰৰ পৰা ওলাই আৰ্জেণ্টিনাৰ লুকাচ্‌, চীনদেশৰ মাৰ্ক (আচল নাম- লি পাই, Li Pie) আৰু তুৰ্কীৰ নেফিচেৰ সৈতে লচ্‌ এঞ্জেলিচ Los Angeles)লৈ গ’লো | আগদিনাই ইন্টাৰনেটৰ যোগেদি আমি টিকট কাটি থৈছিলো | পুৱা ৭:৩০ বজাত স্থানীয় হায়াট্‌ হোটেল (Hyat Hotel)ৰ পৰা যাত্ৰা আৰম্ভ কৰিলো | যোৱাৰ আগেয়ে মাৰ্ক আৰু ম‍ই হায়াট্‌ হোটেলৰ সৌন্দৰ্যও চাৰিওফালে ঘূৰি-পকি চালো | কলকাতাত থকা এনে এখন হায়াট্‌ হোটেলতে ২০০১ চনত ১৫ দিন থকাৰ সৌভাগ্য হৈছিল | সপ্ত-তাৰকাযুক্ত (7-Star) হোটেল | সঁচা কথা ক’বলৈ গ’লে সেয়াও আছিল এক অতি স্মৰণীয় অভিজ্ঞতা ! জাপান চৰকাৰৰ পৃষ্ঠপোষকতাত কলকাতাত অৱস্থিত ৰাষ্ট্ৰীয় কলেৰা আৰু আন্ত্ৰিক ৰোগৰ গৱেষণা প্ৰতিষ্ঠান (National Institute of Cholera and Enteric Diseases) ত অনুস্থিত এক আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণত সেইবাৰ অংশ ল’বলৈ গৈছিলো |

যিখন শীত-তাপ নিয়ন্ত্ৰিত বিলাসী বাছেৰে আমাক লচ্‌ এঞ্জেলিচলৈ লৈ গৈছিল, তাতো এটা কথা দেখি আচৰিত হৈছিলো যে বাছখনৰ চালকজনে অকলেই সকলো চম্ভালে | অৰ্থাত্‍ বাছ চালনাৰ উপৰিও তেওঁ পৰিচাৰক হিচাবে টিকট পৰীক্ষা কৰে, যাত্ৰীসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ দিয়ে আৰু লগতে যাত্ৰীসকলৰ কাৰণে পথ-প্ৰদৰ্শক বা গাইড (guide) হিচাবেও কাম কৰে | গাড়ী চলাই গৈ থাকোঁতে তেওঁ ৰাস্তাত অতিক্ৰম কৰি যোৱা বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইবিলাকৰ বিষয়ে বহু কথা কৈ যায় | ইয়াত মানুহৰ কৰ্মদক্ষতা আৰু কৰ্ত্তব্যনিষ্ঠা দেখিলে সঁচাই আচৰিত হ’ব লাগে | আমি ভাৰতীয়সকলে, বিশেষকৈ অসমীয়াসকলে অনুকৰণ কৰিবলগীয়া বহু কথাই আছে !

চান্‌ ডিয়েগোৰ পৰা কিছুদূৰ গৈয়েই আমি অৰেঞ্জ কাউন্টি (Orange County)ৰ আৰ্ভাইন (Irvine) নামৰ অঞ্চলটো পাৰ হৈ গৈছিলো | ঠিক আৰ্ভাইন পোৱাৰ আগে আগে  আমেৰিকাৰ এটা নৌ-সেনাৰ ঘাটি (Naval Base) পায় | তাত আটাইতকৈ দেখি আচৰিত হ’বলগীয়া বিষয়টো আছিল এই যে ৰাস্তাৰ বাওঁফালে প্ৰায় দুই মাইলমান বিস্তৃত এলেকাত অৰ্থাত্‍ প্ৰায় হাজাৰবিঘা মাটিত নৌ-সেনাৰ জোৱানসকলে আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে আলু খেতি কৰি গঢ়ি তোলা বৃহত্‍ কৃষিপামখন | আমাৰ চালক-গাইডজনৰ মতে ইয়াত উত্‍পাদিত আলু নৌ-সেনা বাহিনীয়ে ব্যৱহাৰ কৰাৰ উপৰিও চান্ ডিয়েগো চহৰকে ধৰি সমগ্ৰ কেলিফৰ্ণিয়া ৰাজ্যক যোগান ধৰে |

প্ৰায় আঢ়ৈ ঘণ্টাৰ পাচত আমি গৈ লচ্‌ এঞ্জেলিচ পালোগৈ | প্ৰথমতে আমি ইংৰাজী বোলছবিৰ প্ৰাণকেন্দ্ৰ হ’লিউডত কিছুসময় কটালো | তাৰ পৰা বিখ্যাত ডিচ্‌নীলেণ্ড হৈ আমাক হ’লিউডৰ আটাইতকৈ প্ৰখ্যাত ইউনিভাৰ্চেল ষ্টুডিও (Universal Studio)লৈ লৈ গ’ল | গোটেই দিনটো আমি এই ষ্টুডিওটোতে কটালো | তালৈ গৈ মোৰ হাইদৰাবাদৰ ৰাম’জী ফিল্ম চিটি (Ramoji Film City) খনলৈ মনত পৰিল | যোৱা তিনিবছৰ মানৰ আগেয়ে ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমী (National Academy of Agricultural Research Management)
লৈ এটা প্ৰশিক্ষণৰ কাৰণে যাওঁতে তালৈ গৈছিলো | এইটো ষ্টুডিও যেন তাৰেই এক পূৰ্ণাঙ্গ সংস্কৰণ | বোলছবি জগতৰ বিভিন্ন অত্যাধুনিক কাৰিকৰী কৌশল প্ৰদৰ্শিত কৰা বহুকেইটা বেলেগ বেলেগ দৰ্শনীৰ ব্যৱস্থা তাত আছে | সপ্তাহান্তিক বন্ধৰ দিন কাৰণে অত্যন্ত ভীৰ | একোটা দৰ্শনীত প্ৰৱেশ কৰিবৰ বাবে প্ৰায় ২০/২৫ মিনি সময় দীঘলীয়া শাৰি পাতি থিয় হৈ থাকিব লাগে | আমি গোটেই দিনটো তাত অতিবাহিত কৰিও আটাইবোৰ দৰ্শনী চাব নোৱাৰিলো | বিশেষকৈ ইয়াত জুৰাচিক পাৰ্ক (Jurassic Park), ৱাটাৰ ৱৰ্ল্ড (Water World), স্পেচিয়েল ইফেক্ট (Special Effect) আদিৰ অনুস্থান উপভোগ কৰি বৰ ভাল লাগিল | কেৱল লগত পৰিয়ালটো নথকা বাবে, বিশেষকৈ মোৰ একমাত্ৰ কণ্যা বাৰ্বিৰ কাৰণে অলপ খেদ হৈছিল | তেওঁলোকে এইবিলাক দেখা হ’লে কিমান আনন্দ পালেহেঁতেন !
‘নিৰ্বান’ নামৰ ঘৰটো
হ’লিউডৰ মাজমজিয়াত এটা অলপ পুৰণি ঘৰ দেখা পাই আচৰিত হ’লো যে তাৰ সন্মুখত ‘নিৰ্বান’ বুলি ইংৰাজীতে লিখা আছে | নামটোলৈ চাই কোনো ভাৰতীয়ৰ ঘৰ হ’ব যেন লাগে ! থাউকতে চলন্ত গাড়ীৰ পৰাই এখন ফটো তুলি ল’লো |



মানসিক ভাৰসাম্য হেৰুৱা মহিলাগৰাকী
লচ্‌ এঞ্জেলিচৰ ৰাস্তাত হঠাতে মুক্ত মনে চিঞৰি পথচাৰীক গালি বৰষি থকা দূৰ্ভগীয়া এগৰাকী মানসিক ভাৰসাম্য হেৰুৱা মহিলা দেখা পালো | আমেৰিকাৰ দৰে উন্নত দেশৰ ৰাস্তাত এনে দৃশ্য দেখিম বুলি ম‍ই আশা কৰা নাছিলো |

বন্ধুকেইজনৰ সৈতে বেচ্‌ কিছু ফটো তোলা হ’ল | আমাৰ চাৰিওজনৰে চাৰিটা ডিজিটেল কেমেৰা; পাচত সকলোৰে কেমেৰাত বন্দী ফটো বিনিময় কৰা হ’ব | সন্ধিয়া ৮:৩০ বজাত ঘূৰি আহি ঘৰ পালোহি | ডঃ মাইকেলৰ গাড়ী এখন তুৰ্কীৰ ছোৱালীজনীক বৰ্তমান ব্যৱহাৰ কৰি থাকিবলৈ দিছে | তাই আমাৰ গোটেই কিজনকে ঘৰে ঘৰে থৈ গ’ল | 

No comments:

Post a Comment