চান্‌ ডিয়েগোৰ ‘লিটল্‌ ইণ্ডিয়া’


জুলাই ২০১০
আজি পুৱা হংকঙৰ য়লাণ্ডে চেং আৰু আৰ্জেণ্টিনাৰ লুকাচ পন্টেলৰ সৈতে চান ডিয়েগো ৰাজ্যিক বিশ্ববিদ্যালয় (San Diego State University)লৈ গ’লো | মাইক্ৰ’এৰে (microarray)ৰ শ্লাইড (slide) কেইখন পৰীক্ষা কৰাৰ কাৰণে প্ৰয়োজনীয় উচ্চ ক্ষমতা সম্পন্ন এৰে স্কেনাৰ (Array scanner) যন্ত্ৰ সেই বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগতহে আছে | আমাৰ গৱেষণাগাৰে তেওঁলোকৰ সেই যন্ত্ৰ ব্যৱহাৰ কৰাৰ বাবে চুক্তি স্বাক্ষৰিত কৰি থোৱা আছে |

কি সুন্দৰ বিশ্ববিদ্যালয় চৌহদ ! চাৰিওফালে বিভিন্ন ফুলেৰে জাতিষ্কাৰ গছ-গছনিৰে ভৰা এক সুপৰিকল্পিত ব্যৱস্থা | গাড়ী ৰখা ঠাই‍ৰ পৰা প্ৰায় এক মাইল মান খোজ কাঢ়ি গৈ বিভাগটো পালো | কেন্দ্ৰীয়ভাৱে শীত-তাপ নিয়ন্ত্ৰিত এক অতি সুন্দৰ, পৰিপাটি বিভাগ ! প্ৰায় দুঘন্টামান তেওঁলোকৰ পৰীক্ষাগাৰত কাম কৰাৰ পাচত ঘূৰি আহিলো |

কেইবাদিনো ধৰি ঘৰৰ সৈতে যোগাযোগ নাই | আগেয়ে কিনা কলিং কাৰ্ড (calling card) খনৰ মূল্য শেষ হ’ল | সেইখন আছিল মাদাৰ ইণ্ডিয়া কলিং কাৰ্ড (Mother India calling card) | একে ধৰণৰ সস্তীয়া কাৰ্ড ম‍ই থকা ঠাইৰ ওচৰে-পাজৰে বিচাৰি পোৱা নাই | অনলাইন (online) কিনাৰ ব্যৱস্থা আছে যদিও মোৰ ষ্টেট বেংক অৱ ইণ্ডিয়া (State Bank of India)ৰ ডেৱিট কাৰ্ড (International Gold card) খনৰ সহায়ত অনলাইন কিনা-বেচা কৰিব পৰা নাই | আচলতে আমেৰিকালৈ আহিলে পৰাপক্ষত লগত এখন ক্ৰেডিট কাৰ্ড (credit card) লৈ অহা ভাল | তেতিয়া প্ৰায়বিলাক ক্ষেত্ৰতে বহুত সুবিধা হয় | যি নহওক, সোনকালে কিবা এটা বিকল্প ব্যৱস্থা কৰিব লাগিব | এনেয়ে সকলো সময়তে নিঃসঙ্গ অনুভৱ কৰোঁ, এতিয়া ঘৰৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে আৰু অধিক ভূগিব লাগিব !

৩ জুলাই ২০১০

আজি শনিবাৰ | অহা মঙ্গলবাৰলৈকে তিনিদিন একেলেথাৰিয়ে বন্ধ | সোমবাৰে আমেৰিকাৰ স্বাধীনতা দিবসৰ বাবে ৰাষ্ট্ৰীয় বন্ধৰ দিন | প্ৰকৃততে স্বাধীনতা দিৱস ৪ জুলাই, দেওবাৰেহে | কিন্তু দিৱসটো বন্ধদিনত পৰা কাৰণে ৰাষ্ট্ৰীয় বন্ধ সোমবাৰে দিছে | এইটো‍ও এটা আমাৰ দেশৰ তুলনাত আচহুৱা ব্যৱস্থা ! অৱশ্যে আমাৰ ৰাজ্য চৰকাৰৰ নিচিনাকৈ ইয়াত বছৰৰ ৫০/৬০ দিন বন্ধ নাথাকে | ইয়াত চৰকাৰী বন্ধ সাধাৰণতে মাত্ৰ বছৰটোত ১০ দিন মানহে |
পুৱাই ঠিক কৰিলো আজি যেনেতেনে এখন কলিং কাৰ্ডৰ যোগাৰ কৰিব লাগিব ! সেইমতে পুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গ’লো | যোৱাৰ আগেয়ে ইন্টাৰনেটত গুগ’লৰ মানচিত্ৰত ব্লেক মাউন্টেইন (Black Mountain) এলেকাটোৰ অৱস্থান ভালকৈ চাই ল’লো | কালিয়েই সেইফালে যোৱা ৯২১ নং বাছৰ দিক্‌দৰ্শী মানচিত্ৰখন ইন্টাৰনেৰ পৰা উলিয়াই লৈ ছপা কৰি থৈছোঁ | ইয়াত এইটো এটা অতি সুবিধাৰ কথা যে যিকোনো এখন ঠাই বা দোকানৰ নাম শুদ্ধকৈ জানিলে গুগ’লৰ মানচিত্ৰৰ সহায়ত অতি সহজে সন্ধান কৰি উলিয়াব পাৰি | আনকি কিমান নং বাছত উঠি কেইটা ষ্টপেজৰ পাচত ক’ত নামিব লাগিব সেইটোও শুদ্ধকৈ জানি ল’ব পাৰি |
দুপৰীয়া ১২-৩০ বজাত গৈ গন্তব্যস্থান পালোগৈ | ব্লেক্‌ মাউন্টেইন এলেকাত এখন ভাৰতীয় বজাৰ আছে, নাম দিছে ‘লিটল্‌ ইণ্ডিয়া চেন্টাৰ (Little India Center)’| ব’ম্বে বাজাৰ (Bombay Bazar) নামৰ এখন বৃহত্‍ গেলামালৰ দোকান আৰু ওচৰে-পাজৰে ভাৰতীয় খাদ্যৰ কেইবাখনো ৰেষ্টুৰাঁ | ভাৰতীয় ষ্টেট বেংকৰ কেলিফৰ্ণিয়া শাখা এটাও তাতে আছে |
ব’ম্বে বাজাৰত মূলতঃ সকলো ভাৰতীয় খাদ্য সামগ্ৰী (গেলামাল) পোৱা যায় | দাম অৱশ্যে বহুত বেছি | আমাৰ তাতকৈ প্ৰায় ৩/৪ গুণ অধিক | তাৰ পৰাই কেইবিধমান খাদ্য-বস্তু কিনিলো | লগতে চাৰিখন মাদাৰ ইণ্ডিয়া কলিং কাৰ্ড | $৫ ডলাৰৰ একোখন কাৰ্ডৰ সহায়ত ৩০০ মিনিটলৈকে কথা পাতিব পাৰি |

সন্ধিয়া ফোন কৰি বাব্‌লিহঁতৰ লগত মন খুলি বহু সময় কথা পাতিলো | কেইবাদিনৰ পৰা জমা হৈ থকা কথাখিনি একেলগে বাকি দিলো ! আগদিনা বেছি ৰাতিলৈকে পঢ়ি টোপনি ক্ষতি কৰি পাচদিনা মাইনাই বিজ্ঞানৰ পৰীক্ষা গা বেয়া লগাৰ কাৰণে দিব নোৱাৰা বুলি জানিহে বৰ বেয়া লাগিল ! আজিকালি আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী বিলাকৰ ওপৰত পঢ়া-শুনাৰ বোজা ইমান বেছি হৈছে যে পৰীক্ষাৰ সময়ত পঢ়া শেষ কৰিব নোৱাৰি তেওঁলোক বিমোৰত পৰে আৰু এনে ধৰণৰ স্বাস্থ্য হানিকৰ কাম কৰে ! তাইক অলপ ভালকৈ বুজাব লাগিব | দেহা থাকিলেহে বেহা !

1 comment:

  1. Dear moha...its really nice to read ur blog...Cud you please change the font so that some words are clearer? Hope u r fine...Love..Sunny

    ReplyDelete