ভাৰাঘৰৰ প্ৰথম কেইটামান দিন

১৩ জুন ২০১০

ৰাতিপুৱা প্ৰায় এঘণ্টা বাব্‌লিহঁতৰ লগত স্কাইপ (Skype)ৰ জৰিয়তে কথা পাতিলো | ঘৰ এৰাৰ পাচত মাইনাক প্ৰথম দেখা পালো ইণ্টাৰনেটৰ যোগেদি | বৰ ভাল লাগিল |


পাচবেলা পুণৰ চাৰণ আহিল | তাইৰ গাড়ীত উঠি প্ৰথমে  ম‍ই সদায় গৱেষণাগাৰলৈ অহা-যোৱা কৰিব লগীয়া বাছৰ পথটো চিনাকি হ’বলৈ গ’লো | তাই বহুত কষ্ট কৰি মোক উঠা-নমা কৰা ঠাইবিলাক চিনাকি কৰি দিলে | আহোঁতে অলপ খোৱা বস্তুৰ বজাৰ কৰিলো |

মোৰ ভাৰাঘৰটোতে থকা স্পেইনৰ
চিজা আৰু ব্ৰাজিলৰ নেলিঅ’ৰ লগত চিনাকি হ’লো | চিজাৰে ৰসায়ন বিজ্ঞান (Chemistry) আৰু নেলিঅ’ই পাৰমানৱিক জীৱবিজ্ঞান (Molecular Biology)ৰ অঙ্কুৰ কোষ (Stem cell)ৰ বিষয়ত গৱেষণা কৰি আছে - পি, এইচ্‌, ডি (Ph.D.)ৰ বাবে |

সন্ধিয়া দুমদুমাত থকা মোৰ বাইদেউ আৰু যোৰহাটত থকা মোৰ সৰু দাদা প্ৰকাশলৈ ফোন কৰিলো |  

১৪ জুন, ২০১০

আজি প্ৰথমবাৰৰ বাবে চাইকেলখন লৈ ৰাতিপুৱা কৰ্মক্ষেত্ৰলৈ ওলালো | ঘৰৰ পৰা বাছ আস্থানলৈকে চাইকেলত গৈ তাৰ পৰা চাইকেলৰে সৈতে বাছত উঠি গ’লো | ইয়াত এইটো এটা সুবিধা | চিটী বাছবিলাকত চাইকেল উঠাই লৈ যাব পৰা সুবিধা আছে | আনকি বহুত সৰু গাড়ীতো এই সুবিধা কৰি লোৱা দেখিছোঁ | কিন্তু ম‍ই চাইকেল চলাইহে বৰ কষ্ট পালো | প্ৰায়বিলাক ৰাস্তাই ওখ-চাপৰ, পাহাৰীয়া ঠাইৰ নিচিনা | গতিকে চাইকেল চলাবলৈ বৰ কষ্ট | কালিলৈ খোজ কাঢ়ি বাছ আস্থানলৈকে আহি চাব লাগিব | মোৰ ঘৰৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ বাট | বোধকৰো চাইকেল চলোৱাতকৈ খোজ কাঢ়ি আহিবলৈ আৰাম হ’ব | দৈনিক অলপ শাৰীৰিক ব্যায়ামো হ’ব; বেয়া নহয় !

সন্ধিয়া বাব্লি আৰু মাৰ লগত কিছু সময় ফোনত কথা পাতিলো | মাৰ সৈতে কথা পাতি বৰ আনন্দ পালো |  

১৫ জুন ২০১০

কালি চাইকেল চলাই কষ্ট পোৱাৰ কাৰণে আজি খোজ কাঢ়িয়েই ওলাই গ’লো | বাছ আস্থানলৈকে খোজ কাঢ়ি গৈ বেচ্‌ ভালেই লাগিল | অহা যোৱাই অন্ততঃ দৈনিক ৬ মাইল মান বাট খোজ কঢ়া হ’ব |

আজি ডঃ মাইকেলৰ সৈতে মোৰ গৱেষণাৰ সম্পৰ্কে কিছু আলোচনা কৰা হ’ল | দুপৰীয়া এখন চেমিনাৰ আছিল | অন্য এটা প্ৰতিষ্ঠানৰ এজন বিজ্ঞানীয়ে এটা বক্তৃতা প্ৰদান কৰিলে |

 

১৬ জুন ২০১০

আজি ৰাতিপুৱা বহুত খোজ কাঢ়িলো | কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগতে প্ৰায় ৩ মাইল খোজ কাঢ়ি গৈ ভ’নচ্‌ ষ্ট’ৰ নামৰ দোকান এখনৰ পৰা বাছৰ মাহেকীয়া কাৰ্ড (কম্পাছ কাৰ্ড) এখন কিনিলোগৈ | এমাহৰ বাবে $৭২ ডলাৰ দিব লাগে | কাৰ্ড খনৰ দাম দুই ডলাৰ সুকীয়া | গুগ’লৰ ৱেবচাইটত মেপ চায়েই ইয়াত একোখন ঠাই বা একোখন নিৰ্দ্দিষ্ট দোকানৰ অৱস্থিতি সম্পূৰ্ণ শুদ্ধকৈ উলিয়াব পাৰি | এইটো এটা বৰ সুবিধা !

ইয়াত সৰহভাগ মানুহেই সাধাৰণতে নগদ টকাৰ আদান-প্ৰদান নকৰে | বিভিন্ন প্ৰকাৰৰ কাৰ্ডৰ জৰিয়তেহে সকলো বিনিময় চলে |

আজিও গৱেষণাগাৰত এখন চেমিনাৰ আছিল | ডঃ মাইকেলৰ লগত বহি মোৰ কামৰো আৰম্ভণি কৰিলো | প্ৰাইমাৰ ডিজাইনিঙৰ কাৰণে প্ৰথম পৰ্যায়ৰ কামখিনি কৰা হ’ল | তেওঁৰ সৈতে কাম কৰি বেচ্‌ ভাল লাগিল ! 

No comments:

Post a Comment