ইংৰাজী ভাষা আৰু শিক্ষাৰ মাধ্যম

ম‍ই আমেৰিকালৈ অহাৰ কিছুদিনৰ আগেয়ে অসমৰ বাতৰি কাকতত, বিশেষকৈ ‘আমাৰ অসম’ত শিক্ষাৰ মাধ্যম সম্পৰ্কে এক দীঘলীয়া আলোচনা আৰু বিতৰ্ক চলিছিল | এইটো বিষয় বিতৰ্ক কেৱল আজিৰ নহয় | যোৱা ৩০ বছৰমান ধৰি এই বিতৰ্ক বিভিন্ন সময়ত ভিন ভিন মাধ্যমত চলিয়েই আছে বুলিব পাৰি | কিন্তু সঁচা কথা ক’বলৈ গ’লে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত অন্ততঃ আৰু বহুতো অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ নুঠা পৰ্য্যন্ত আৰু লগতে অসম মাধ্যমিক শিক্ষা পৰিষদে সঘনাই পাঠ্যক্ৰম আৰু পাঠ্যপুথি সলনি কৰি চলাই থকা পৰীক্ষা-নিৰীক্ষাৰ অন্ত পেলাই সকলোৰে গ্ৰহণযোগ্য এক বিকাশধৰ্মী, বিজ্ঞানসন্মত পাঠ্যক্ৰম প্ৰৱৰ্ত্তন কৰিব নোৱাৰালৈকে এই বিতৰ্কত এটা নিৰ্দ্দিষ্ট পক্ষ লোৱাতো বোধকৰো যুক্তিসঙ্গত নহ’ব | এতিয়া এই সম্পৰ্কে সিদ্ধান্ত লোৱাটো সম্পূৰ্ণ ব্যক্তিগত দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰিব | ম‍ই অৱশ্যে নিজে ভাবি-চিন্তি অসমীয়া মাধ্যমৰ সপক্ষেই সিদ্ধান্তটো লৈ মোৰ একমাত্ৰ সন্তানটিক অসমীয়া মাধ্যমতে পঢ়ুৱাইছোঁ | বাৰু যি কি নহওক, আজি ম‍ই এই বিষয়টো অৱতাৰণা কৰাৰ কাৰণটো অলপ বেলেগ |

আমেৰিকাৰ চান্‌ ডিয়েগো চহৰলৈ অহাৰ সময়লৈকে মোৰ এটা ধাৰণা আছিল যে ইয়াত হয়তো ফৰফৰাই ইংৰাজী ক’ব নোৱাৰা বিলাকৰ অৱস্থা অলপ বেয়াই হয় ! যদিও যোৱা ২৫ টা বছৰে ইংৰাজী মাধ্যমত শিক্ষাদান কৰি থকাৰ কাৰণে মোৰ নিজৰ সেই আশংকা নাছিল, তথাপি ভাবিছিলো আমাৰ তুলনাত ইয়াত লগ পোৱা প্ৰায়বিলাক বিজ্ঞানীয়েই হয়তো আমাতকৈ বেছি সলসলীয়াকৈ ইংৰাজী ক’ব | কিন্তু ইয়াত যোৱা তিনিটা মাহত লগ পোৱা হাজাৰ নহ’লেও
অন্ততঃ কেইবাশ মানুহৰ সৈতে কথা-বতৰা পাতি মোৰ ধাৰণা ভুল বুলি প্ৰমাণ পালো |

চান্‌ ডিয়েগো চহৰ আমেৰিকাৰ শিক্ষা আৰু বৈদ্যুতিন উদ্যোগ (Electronic industry)ৰ এক অন্যতম প্ৰাণকেন্দ্ৰ | ইয়াত প্ৰায় ৩০ হাজাৰতকৈ
অধিক বিদেশী ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানীয়ে অধ্যয়ন কৰি আছে | ১২০ খনতকৈও অধিক দেশৰ অথবা একে সংখ্যক ভাষা কোৱা মানুহ এই চহৰতে আছে | ক’বলৈ গ’লে ই এখন ক্ষুদ্ৰ পৃথিৱী | ম‍ই আগেয়ে স্থানান্তৰত উল্লেখ কৰিছোঁ যে আমাৰ গৱেষণাগাৰতে মুঠ ১০ খন মান বেলেগ বেলেগ দেশৰ বিজ্ঞানীয়ে কাম কৰি আছে | সংখ্যাৰ হিচাবত চান্‌ ডিয়েগোত আটাইতকৈ বেছি বিদেশী মানুহ আছে চীনদেশ, জাপান, ভাৰত আৰু মেক্সিকোৰ | তাৰ পিচতে আছে ফিলিপাইন্‌চ, আৰ্জেন্টিনা, ব্ৰাজিল আদি দেশৰ | কিন্তু এই বিভিন্ন দেশৰ পৰা অহা লোকসকলৰ সৈতে কথা পাতি মোৰ যি অভিজ্ঞতা হৈছে তাৰ পৰা ম‍ই বুজিব পাৰিছোঁ যে বাকীসকলতকৈ বোধকৰো আমি ভাৰতীয় সকলে ইংৰাজী ভাষা বেছি শুদ্ধকৈ আৰু অধিক সলসলীয়াকৈ ক’ব পাৰোঁ | আচলতে ভাৰতত প্ৰচলিত দ্বি-ভাষিক বা ত্ৰি-ভাষিক শিক্ষাৰ বিপৰীতে ম‍ই আগতে উল্লেখ কৰা প্ৰায়বোৰ দেশতে মূলতঃ একভাষিক অৰ্থাত্‍ তেওঁলোকৰ কেৱল নিৰ্দ্দিষ্ট ৰাষ্ট্ৰীয় ভাষাতহে শিক্ষা প্ৰদান কৰে | ফলত ইংৰাজী শুদ্ধকৈ লিখা আৰু বিশেষকৈ কোৱাৰ বাবে তেওঁলোকে ওপৰঞ্চি প্ৰশিক্ষণ ল’ব লগীয়া হয় |

কিন্তু অন্য এটা কথাও বিশেষভাৱে মন কৰিব লগীয়া | ইয়ালৈ উচ্চ শিক্ষা বা গৱেষণাৰ বাবে অহা লোকসকলে কিমান ভালকৈ ইংৰাজী জানে সেইটো কোনেও কেতিয়াও বিচাৰ নকৰে বা আমাৰ অসমৰ দৰে ইজনে সিজনক কেতিয়াও নাহাঁহে | বৰঞ্চ সকলোৱে বুজিবলৈ বা বুজাবলৈ আন্তৰিকভাৱে চেষ্টা কৰে | শাৰীৰিক ভাৱে অসক্ষম এগৰাকী বিজ্ঞানীয়ে কিদৰে আমাৰ গৱেষণাগাৰত বক্তৃতা প্ৰদান কৰিছিল ম‍ই স্থানান্তৰত উল্লেখ কৰিছোঁৱেই | আটাইতকৈ ডাঙৰ কথা আমেৰিকাত সকলোৰে সমান মৰ্যাদা - কোনোৱে কাকো হীন জ্ঞান নকৰে ! বৰঞ্চ সকলোৱে সততা আৰু সহযোগিতাৰে দুৰ্বলজনক সৰ্বতোপ্ৰকাৰে সহায়হে কৰা দেখিছোঁ | আমি এই শিক্ষাহে ল’ব লাগে |

মুঠৰ ওপৰত অসমীয়া বা অন্যান্য মাতৃভাষাৰ মাধ্যমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে ভাবিব নালাগে যে তেওঁলোকে আমেৰিকাৰ দৰে বিদেশী ৰাষ্ট্ৰলৈ পঢ়া-শুনা অথবা চাকৰি কৰিবলৈ আহিলে ভৱিষ্যতে কিবা অসুবিধা পাব | এই ধাৰণা সম্পূৰ্ণ অমূলক | অৱশ্যে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এটা বিষয় হিচাবে সকলোৱে ইংৰাজী লিখা আৰু কোৱাৰ জ্ঞান লাভৰ বাবে যত্‍-পৰোনাস্তি চেষ্টা কৰিব লাগে | ইংৰাজী ভাষা হ’ল জ্ঞানৰ ভঁৰাল | ইংৰাজী ভাষাত বিভিন্ন বিষয়ৰ যিমানবিলাক পুথি ৰচিত হৈছে, বোধকৰো পৃথিৱীৰ অন্য কোনো ভাষাতে এতিয়ালৈকে ৰচিত হোৱা নাই |     

No comments:

Post a Comment