চান্‌ ডিয়েগোৰ সৌন্দৰ্য - ২

চান্‌ ডিয়েগোৰ সৌন্দৰ্যৰ আন এটা দিশ হ’ল ইয়াৰ বাট-পথসমূহ | বাট-পথসমূহ অতি সুন্দৰ | প্ৰায়বিলাক মূল পথতে অতি কমেও চাৰিটাকৈ লে’ন (Lane) | কিন্তু মাজত আমাৰ গুৱাহাটীৰ দৰে ডিভাইদাৰ (Divider) নাই | মাত্ৰ দুডাল হালধীয়া ৰঙৰ আঁচ টনা থাকে | কিন্তু সকলোৱেই নিজৰ নিজৰ গাড়ী নিৰ্দ্দিষ্ট লে’নত চলায় | ইয়াত আমাৰ দেশৰ নিচিনাকৈ গাড়ী পথৰ বাওঁফালে নচলায়; সোঁফালেহে চলায় | সেই কাৰণে চালকৰ আসন হ’ল বাওঁফালে | ৰাস্তাৰ দুয়োকাষে প্ৰায়বিলাক গুৰুত্বপূৰ্ণ স্থানতে ধুনীয়া ফুলনি অথবা ৰঙীন পাতৰ গছ | সেইবিলাক প্ৰতিপালন কৰে চৰকাৰী কৰ্মচাৰীয়ে | কিন্তু প্ৰতিপালনৰ সকলোবিলাক কাম-কাজ যন্ত্ৰচালিত |পুৱা যন্ত্ৰচালিত ডাঙৰ ডাঙৰ কটাৰী আৰু কেঁচীৰে গছৰ ডাল কটা দেখি বৰ ভাল লাগে | কটা ডাল-পাত বিলাক লগে লগে অন্য এটা যন্ত্ৰেৰে সৰু সৰু টুকুৰা কৰি এখন বন্ধ ট্ৰাকত ভৰাই লৈ যায় | আমাৰ মিউনিচিপালিটিৰ গাড়ীয়ে জাবৰ কঢ়িয়াওঁতে গোটেই ৰাস্তাত সিঁচি থৈ যোৱাৰ দৰে নহয় | ৰাস্তাৰ কাষৰ গছত পানী দিয়াৰ বাবে স্বয়ংচালিত জিঞ্জিৰী (sprinkler)ৰ সু-ব্যৱস্থা আছে | কাহিলী পুৱাতে সেইবিলাক চলাই দিয়ে, যাতে পিচত পথচাৰীৰ অসুবিধা নহয় | ঠিক তেনেদৰে ৰাস্তা পৰিস্কাৰ কৰা কামো নিচেই পুৱাতে কৰা হয়, তাকো কৰে ভেকুৱাম ক্লিনাৰ (Vacuum cleaner) আৰু ব্ল’ৱাৰ (Blower)ৰ সহায়ত |

আগতে এটা সময়ত এই সমগ্ৰ দক্ষিণ কেলিফৰ্ণিয়া অঞ্চলটো এখন মৰুভূমি-সদৃশ ঠাই আছিল | কিন্তু মানুহে নিজৰ প্ৰচেষ্টাৰে ইয়াক কিদৰে আজিৰ বিতোপন চান্‌ ডিয়েগো চহৰলৈ পৰিৱৰ্তিত কৰিলে সি সঁচাকৈয়ে অতি প্ৰশংসনীয় ! এটা আন্তঃৰাষ্ট্ৰীয় সমীক্ষা মতে ই বৰ্তমান পৃথিৱীৰ আটাইতকৈ বাসোপযোগী স্থানসমূহৰ ভিতৰত পঞ্চম |

পথচাৰীয়ে ৰাস্তা পাৰ হওঁতে অগ্ৰাধিকাৰ লাভ কৰে | তেওঁলোক পাৰ হওঁতে যান-বাহন বিলাক বহু আঁতৰত ৰৈ দিয়ে | অৱশ্যে প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ সংযোগস্থলতে পথচাৰীয়ে ৰাস্তা অতিক্ৰম কৰাৰ বাবে ৰাস্তাৰ ওপৰত বগা আঁচ টানি থোৱা আছে | পাৰ হোৱাৰ আগতে তেওঁলোকে এটা কাষতে খুটাত থকা বুটাম টিপি সংকেতলৈ বাট চাব লাগে | ৰাস্তা ইপাৰ সিপাৰ হ’বলৈ এনেদৰে কেতিয়াবা তিনিবাৰ ৰাস্তা পাৰ হ’ব লগীয়া হয় |

Freeway
আমাৰ দেশৰ দৰে কিন্তু পথৰ নিয়ম মনাৰ বাবে জনতাক বাধ্য কৰিবলৈ ইয়াত ৰাস্তাই-ঘাটে সৰ্বসাধাৰণতে কোনো আৰক্ষীৰ লোকক দেখা পোৱা নাযায় | কিন্তু সকলোৱে স্বেছাই সকলো নিয়ম নিয়াৰিকৈ পালন কৰে | অৱশ্যে প্ৰয়োজন হ’লে মূহুৰ্ত্তৰ ভিতৰতে আৰক্ষীৰ লোক যিকোনো স্থানত উপস্থিত হয়, কোনোবাই ৯১১ ফোন নম্বৰত ফোন কৰি দিলেই হ’ল | আনহাতে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ দৰে ইয়াৰ মূল বা আন্তঃৰাজ্যিক পথসমূহত ৰাস্তাৰ একেবাৰে সোঁফালৰ লে’নটোৱেদি মাজে মাজে পুলিচৰ গাড়ী অহা-যোৱা কৰি থাকে আৰু যান-বাহন সমূহ নিৰীক্ষণ কৰি থাকে | প্ৰতিটো অঞ্চলৰ বাবে বান্ধি দিয়া গতিবেগৰ উচ্চ সীমা চেৰাই যোৱা যান-বাহন যিকোনো মূহুৰ্ত্তত ৰখাই জৰিমনা বিহাৰ ব্যৱস্থা আছে | এনে হাইৱে বোৰক ইয়াত ফ্ৰি-ৱে (Freeway) বুলি কয় | এনেবিলাক ৰাস্তাত দুজন বা ততোধিক আৰোহী থকা গাড়ী চলাচল কৰাৰ কাৰণে এক বিশেষ লে’ন থাকে | কিন্তু প্ৰায় শতকৰা ৯০ ভাগ গাড়ীতে আৰোহী এজনহে, কিয়নো সৰহসংখ্যক মানুহৰে পৰিয়ালত সকলো প্ৰাপ্তবয়স্ক সদস্যৰে নিজা নিজা গাড়ী আছে | 

প্ৰায়বিলাক নাগৰিকে গাড়ী চলাওঁতে লগত জি, পি, এচ্‌ অৰ্থাত্‍ Global Positioning System নামৰ সৰু সঁজুলি এটা লগত লৈ ফুৰে | এইটোৰ সহায়ত অতি সহজে যিকোনো এখন ঠাইৰ দিক্‌নিৰ্দেশনা সঠিককৈ জানি ল’ব পাৰি | মাত্ৰ ঠাই বা দোকানখনৰ নিৰ্ভুল ঠিকনাটো জানিলেই হ’ল | ই কোনটো পথেদি কেতিয়া কোনফালে ঘূৰিব লাগিব সময়ে সময়ে আপোনাক কৈ যাব | মাথো অনুসৰণ কৰি সেইমতে গৈ থাকিলেই হ’ল |

এটা কথা কিন্তু ঠিক | জনসাধাৰণৰ সুবিধাৰ বাবে আমাৰ দেশত থকা ৰাজহুৱা পৰিবহন ব্যৱস্থা ইয়াতকৈ অধিক সুলভ | ইয়াৰ চিটিবাছ বিলাক কেৱল মূল ৰাস্তাসমূহতহে, বিশেষকৈ চহৰৰ কেন্দ্ৰস্থলতহে বেচি উপলব্ধ | আমাৰ দৰে দূৰ্ভগীয়া যাৰ গাড়ী নাই, সি অশেষ অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয় | চিটিবাছ বিলাকৰ ইখন-সিখনৰ মাজত সময়ৰ ব্যৱধানো প্ৰায় আধা ঘণ্টা | এখন বাছ ধৰিব নোৱাৰিলে বহু সময় অপেক্ষা কৰিব লাগে | অৱশ্যে চিটিবাছৰ চলাচল পূৰা সময়মতে হয় | গুৰুত্বপূৰ্ণ আস্থান বিলাকত আগতীয়াকৈ আহি পালে বাছবিলাক আনকি কিছু সময় ৰখাই থৈও সময় মিলাই লয় | সকলোবোৰ বাছেই শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা থকা | বাছৰ প্ৰথম কেইখনমান আসন বয়োবৃদ্ধ আৰু বিকলাঙ্গ লোকৰ বাবে সংৰক্ষিত | নক’লেও হ’ব যে এই নিয়ম মানি সকলোৱে স্বেচ্ছাই এনে আৰোহীৰ বাবে আসন এৰি দিয়ে | বাছত আনকি হুইল চেয়াৰ (Wheel chair) উঠোৱাৰো সুবিধা আছে | প্ৰয়োজন হ’লে প্ৰথমৰ আসনকেইখন কোঁচাই তাৰ কাৰণে চালকে ঠাই উলিয়াই দিয়ে | বাছবোৰত আমাৰ দেশৰ দৰে কণ্ডাক্টৰ বা হেণ্ডীমেনৰ ব্যৱস্থাও নাই, সেই চিঞৰ-বাখৰো নাই | কেৱল প্ৰতিটো আস্থান পোৱাৰ আগতে চালকে মাইকত আস্থানটোৰ নাম কৈ দিয়ে | ভাড়া লোৱাৰ ব্যৱস্থাটোও স্বয়ংক্ৰিয় যন্ত্ৰচালিত | প্ৰায়বিলাক আৰোহীয়েই আগেয়ে স্থানান্তৰত উল্লেখ কৰা কম্পাচ্‌ কাৰ্ড (Compass Card) ৰ জৰিয়তে ভাড়া দিয়ে |

চিটিবাছ বিলাকৰ আন এটা বিশেষত্ব হ’ল ইহঁতৰ আকাৰ | প্ৰায়বিলাক বাছৰে আকাৰ আমাৰ গুৱাহাটীৰ ৰাইনো বাছৰ সমান | কিছুমান আকৌ তাৰ দুগুণ | দুখন বাছ জোৰা লগাই থোৱাৰ দৰে | উল্লেখযোগ্য যে আমেৰিকাৰ ৰাজহুৱা পৰিবহন সংস্থাই (American Public Transportation Association) চান্‌ ডিয়েগোৰ মেট্ৰ’পলিটান ট্ৰেঞ্জিত্‍ চিষ্টেম (Metropolitan Transit System) অৰ্থাত্‍ মহানগৰীয় পৰিবহন ব্যৱস্থাটোক ২০০৯ চনৰ বাবে বছৰটোৰ বিশিষ্ট ৰাজহুৱা পৰিবহন সংস্থা (Outstanding Public Transport System of the Year 2009) হিচাবে স্বীকৃতি প্ৰদান কৰিছে |

No comments:

Post a Comment