কথাচহকী আমেৰিকান !

২৫ জুলাই ২০১০

আজি দুপৰীয়া ডঃ ক্ষীৰোদ গগৈক প্ৰথমবাৰৰ বাবে লগ পালো | তেওঁ মোক দুপৰীয়াৰ আহাৰ একেলগে কৰাৰ কাৰণে নিমন্ত্ৰণ জনালে | দুপৰীয়া ১ মান বজাত তেওঁ আহি মোক গাড়ীৰে লৈ গ’ল ব্লেক্‌ মাউন্টেইনৰ ভাৰতীয় খাদ্যৰ বিশেষ ৰেষ্টুৰাঁ খনলৈ | দুয়ো একেলগে বেচ্‌ ভালকৈ এসাজ জুতি লগাই খালো | তেওঁৰ সৈতে বহু কথা পাতিলো | তেওঁৰ ঘৰ শিৱসাগৰৰ আমগুৰিত | যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতক স্তৰৰ শিক্ষা সাং কৰাৰ পাচত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লয় | বাঙ্গালোৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science)ৰ পৰা পি, এইচ্‌, ডি ডিগ্ৰী লাভ কৰাৰ পাচত ইয়াত প্ৰাক-স্নাতকোত্তৰ গৱেষণা (Post-doctoral research)ৰ কাৰণে দুবছৰৰ আগেয়ে যোগদান কৰে | বৰ্তমানে তেওঁ অবিবাহিত; কিন্তু অহা চেপ্তেম্বৰ মাহৰ ১৯ তাৰিখে তেওঁৰ বিয়া ঠিক হৈ আছে | গতিকে অচিৰেই তেওঁ সংসাৰ কৰিব | দুবছৰ চান-ডিয়েগোত থকাৰ পাচতো অসমীয়াত্বৰ ওপৰত অলপো প্ৰভাৱ নপৰা প্ৰথমজন অসমীয়াক লগ পাই বৰ আনন্দ লাগিল | ইয়াত স্থায়ী ভাৱে থকাৰ ইচ্ছা হেনো তেওঁৰ নাই | কেইবছৰমান গৱেষণা কৰাৰ পাচত ভাৰতলৈ ঘূৰি গৈ চাকৰি কৰাৰ মন | ম‍ই তেওঁক প্ৰাণভৰি শুভেচ্ছা জনালোঁ |

২৮ জুলাই ২০১০

ডঃ মাইকেলৰ বিশ্বস্ত সহযোগী ষ্টেফানৰ সৈতে মোৰ গৱেষণাৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰিলো | চলি থকা কামটোৰ প্ৰণালীটো কিছু সাল-সলনি কৰাৰ বাবে তেওঁ পৰামৰ্শ দিলে | বৰ্তমানে ব্যৱহাৰ কৰি থকা এটা জৈৱিক উপাদানৰ মানদণ্ড সম্পৰ্কে ম‍ই সন্দেহ প্ৰকাশ কৰাত তেওঁ মানি লৈ সেইটো সলনি কৰাৰ ব্যৱস্থা কৰি দিলে | তেওঁৰ কথা-বতৰাবোৰ অত্যন্ত চিধা-চাধা আৰু মানুহজন বৰ সহানুভূতিশীল যেন লাগে | গৱেষণাগাৰৰ সৰহখিনি কাম তেওঁ তদাৰক কৰে আৰু ডঃ মাইকেলক নিয়মিতভাৱে অগ্ৰগতিৰ খতিয়ান দিয়ে | জন্মসূত্ৰে তেওঁ এজন জাৰ্মান | ময়েই যথেষ্ট ওখ বুলি সকলোৱে কয় যদিও তেওঁৰ ওচৰত থিয় হ’লে মোৰ নিজকে বাওনা যেনহে লাগে | মোতকৈ ছয় ইঞ্চিমান ওখ হ’ব বোধহয় !

৩০ জুলাই ২০১০

দুদিন আগেয়ে ষ্টেফানৰ লগত হোৱা আলোচনা মৰ্মে আজি নতুন জৈৱিক উপাদান আহি পোৱাত মোৰ কাম পুনৰ পূৰ্ণগতিত আৰম্ভ কৰিলো আৰু ভবামতেই ফল পালো | বৰ আনন্দ লাগিল | আজি আন এটা কাৰণতো আনন্দ লাগি আছে যে আজি ম‍ই আমেৰিকাত দুটা মাহ অতিক্ৰম কৰিলো |

২ আগষ্ট ২০১০

গৱেষণাৰ কাম লাহে লাহে আশা কৰা মতেই আগবাঢ়িছে | ইপ্সিত ফলাফল পাই এইকেইদিন মনটো ভাল লাগি আছে |

ম‍ই নতুনকৈ যোগদান কৰা অন্‌লাইন অভিধান ’শব্দ’ৰ সমন্বয়ক বিক্ৰম বৰুৱাই আজি মোলৈ ফোন কৰিছিল | কথা পাতি বৰ ভাল লাগিল | ম‍ই এতিয়া এই অভিধানলৈ শব্দ বৰঙণি যোগোৱা সদস্যসকলৰ শীৰ্ষত আছোঁ | কি আনন্দ আৰু আত্ম-সন্তুষ্টিৰ কথা !

ৰাতি ১১:৩০ বজাত ঠিক বিচনাত পৰোঁতেই গুৱাহাটীৰ পৰা অৰুণাভে ফোন কৰিলে | চিলমিল টোপনিৰ পৰা উঠিলো যদিও ফোনটো পাই বৰ ভাল লাগিল | পিচত স্কাইপৰ জৰিয়তে আমাৰ কলেজৰ ৰাতুলদা, যোগদেৱ আৰু মোৰ সহকৰ্মীসকলৰ সৈতে বহু সময় কথা পাতিলো | তেওঁলোকৰ পৰা কলেজৰ শেহতীয়া খ-খবৰবোৰ পাই ভাল পালো |

আগষ্ট ২০১০

গৱেষণাগাৰৰ পৰা বিদায় লোৱাৰ বাবে পুৱা ১০ বজাত তাৰ্কিৰ নেফিছেই চাহ-জলপানৰ ব্যৱস্থা কৰিছিল | পৰহিলৈ তাই যাবগৈ | তাই আজি বেছ্‌ আবেগিক হৈ পৰিছে ! কম বয়সীয়া ছোৱলীতো ! দুপৰীয়া ১২ বজাত আলোচনা কক্ষত আমি সকলো সমবেত হ’লো | নেফিছে আৰু লুকাচে এজন-এজনকৈ নিজৰ গৱেষণাৰ ফলাফল সম্পৰ্কে বিশদ বক্তব্য ডাঙি ধৰিলে | কিছু সময় আলোচনা-বিলোচনা কৰাৰ পাচত গৱেষণাগাৰৰ তৰফৰ পৰা সকলোকে পিজ্জাৰে আপ্যায়িত কৰিলে | আমাৰ গৱেষণাগাৰত কিন্তু খোৱা-বোৱা বেছ্‌ চলে ! যিদিনাই কিবা চেমিনাৰ বা মিটিং থাকে, দুপৰীয়া বেছ্‌ ভালকৈ খোৱা-বোৱাৰ ব্যৱস্থা কৰে |

আজি সন্ধিয়া পুনৰ ৰাতুলদা, ৰোহিণীদা আৰু পৃথ্বিৰাজ মজিন্দাৰ বৰুৱাৰ সৈতে স্কাইপৰ জৰিয়তে কথা পাতিলো | অসম চৰকাৰে আমাৰ মাহিলী দৰমহাৰ হাৰ বৃদ্ধি কৰাৰ বিষয়ে ৰাতুলদাই সবিশেষ জনালে |

আগষ্ট ২০১০

আজি ৰাতিপুৱা গৱেষণাগাৰত প্ৰায় দুঘন্টা জুৰি সুৰক্ষা বিষয়ক প্ৰশিক্ষণ অনুষ্ঠিত হ’ল | সকলোৱে এই প্ৰশিক্ষণত ভাগ লোৱাটো বাধ্যতামূলক | কেলিফৰ্ণিয়া ৰাজ্যিক চৰকাৰৰ বৃত্তিগত স্বাস্থ্য (Occupational Health) বিভাগৰ দুজন বিষয়াই আহি এই প্ৰশিক্ষণ প্ৰদান কৰিলে | ইয়াৰ সকলো প্ৰতিষ্ঠানতে এনে ধৰণৰ সুৰক্ষা আৰু নিৰাপত্তা বিষয়ক প্ৰশিক্ষণ প্ৰতি বছৰে অনুষ্ঠিত হয় | তদুপৰি বিভিন্ন প্ৰতিষ্ঠানত নিৰাপত্তা বিষয়ক সা-সুবিধা আৰু বিশেষকৈ গৱেষণাগাৰৰ সুৰক্ষা-পৰিৱেশ সম্পৰ্কে মাজে মাজে পৰিদৰ্শন কৰাৰো ব্যৱস্থা আছে | কৰ্মচাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাটো সকলো কৰ্ত্তৃপক্ষৰে আইনসঙ্গত দয়িত্ব |

আবেলি ঘূৰি যাওঁতে বাছত এটা আমোদজনক অভিজ্ঞতা হ’ল | আমাৰ বাছখনত তিনিজনী নতুনকৈ অহা জাপানী ছোৱালী উঠিল | সমুখৰ পথালিকৈ থকা আসনতে এফালে এজনী আৰু আনফালে তিনি জনী বহিল | আনহাতে আগলৈ মুখ কৰা আসনৰ প্ৰথম খনতে বহি গৈছিল এজন আমেৰিকান ভদ্ৰলোক; প্ৰায় ৫০ বছৰমান বয়সীয়া | মানুহজন বৰ কথা চহকী ! অকলশৰীয়াকৈ বহা ছোৱালীজনীক না-না তৰহৰ প্ৰশ্ন সুধি ছোৱালীজনীক ব্যতিব্যস্ত কৰি তুলিছিল | সৰু সৰু চকুৰে গোল মুখৰ বিশ বছৰমান বয়সীয়া মৰম লগা ছোৱালী | ম‍ই বহিছিলো তাইৰ ফালে থকা সন্মুখলৈ মুখ কৰা প্ৰথম আসনখনত | প্ৰথম অৱস্থাত তাই ভালকৈয়ে উত্তৰ দি আছিল যদিও শেষলৈ অতিষ্ঠ হৈ পৰিল | দুয়োৰে মাজত যাত্ৰী অহা-যোৱা কৰা ৰাস্তাটো থকাৰ কাৰণে কথা পাতিবলৈও যথেষ্ট অসুবিধা ! কিছু সময়ৰ পাচত পিচৰ ফালে এখন দুজনীয়া আসন খালি হোৱাত তাই ঘপহ্‌ কৰে উঠি তাত বহিলগৈ | কিন্তু কি হ’ব ! আমাৰ কথাচহকী ভদ্ৰলোকো কম নহয় ! তেৱোঁ উঠি গৈ তাইৰ কাষতে বহি ল’লে | এইবাৰ আৰু তেওঁক কোনে পায় ! গোটেই ৰাস্তাটো ছোৱালী জনীৰ অৱস্থাটো দেখি মোৰ বৰ পুতৌ জন্মিছিল ! কিন্তু একো কৰাৰো উপায় নাছিল |

সৰ্বসাধাৰণতে ইয়াত দেখিছো সৰহভাগ আমেৰিকানে অনাহকত বেছি কথা নাপাতে | বাছৰ কথা বাদেই, আনকি বজাৰ-সমাৰতো কোনো হাই-উৰুমি নাই | কোনোৱে সাধাৰণতে উচ্চ স্বৰত কথা নকয় | সেইটো তেওঁলোকৰ বাবে অভদ্ৰামিৰ পৰিচায়ক |         

No comments:

Post a Comment