চান ডিয়েগোৰ অসমীয়া পৰিয়াল


১২ জুন ২০১০

আজি শনিবাৰ, বন্ধৰ দিন | গতিকে গৱেষণাগাৰলৈ যোৱাৰ কথা নাই |

দুপৰীয়াৰ আহাৰৰ কাৰণে এটা অসমীয়া পৰিয়ালে চাৰণৰ লগতে মোকো নিমন্ত্ৰণ কৰিলে | তাতে কেইবাটাও অসমীয়া পৰিয়াল লগ পোৱাৰ সৌভাগ্য হ’ল | গৃহস্থৰ মূল ঘৰ গুৱাহাটীৰ এ, বি, চিৰ ওচৰত | নাম চাজাদুৰ ৰহমান আৰু পৰিবাৰৰ নাম তাজ্‌নিন্‌ | পৰিয়ালটো বৰ অতিথি পৰায়ণ - বৰ ভাল লাগিল | চাজাদুৰে ইয়াত চাৰি বছৰমান আগৰে পৰা চাকৰি কৰি আছে | পেছাত অভিযন্তা | চান ডিয়েগোত এটা নিজা ঘৰ কিনিছে | ঘৰটো সুন্দৰ | তেওঁলোকৰ ঘৰত লগ পোৱা এটা অসমীয়া দম্পতি হ’ল - গুৱাহাটীৰ হাতীগাৱঁৰ উত্‍পল বৰ্মন আৰু তেওঁৰ পৰিবাৰ মৃদুস্মিতা, আৰু আনটো অনুপম আৰু তেওঁৰ পৰিবাৰ প্ৰীতি | অনুপমৰ মাক দেউতাকো আমেৰিকা নিবাসী | উত্‍পল বৰ্মনৰ মাক-দেউতাকো ফূৰিবলৈ আহি ইয়াতে আছেহি | আনহাতে চাজাদুৰৰ মাকো তেওঁলোকৰ লগতে বৰ্তমান আছেহি | তেখেতসকলকো লগ পালো | উত্‍পলৰ দেউতাক হাতীগাৱঁৰ লখিমী নগৰত থাকে - নাম উত্তম চন্দ্ৰ বৰ্মন | তেওঁলোকৰ পুৰণি ঘৰ নলবাৰীৰ চামতাত | কিন্তু বহু বছৰ তেওঁ চাকৰিকাল গুজৰাটত কটাইছিল | ২০০৫ চনত চাকৰিৰ পৰা অৱসৰ লৈ বৰ্তমান গুৱাহাটীৰ বাসিন্দা | অন্য এটা অসমীয়া দম্পতিও আহিছিল | কিন্তু তেওঁলোকে মোৰ সৈতে পৰিচয় হোৱাৰ বাবে কোনো আগ্ৰহ প্ৰকাশ লকৰিলে | এটা কথা মন কৰি আচৰিত হ’লো যে চাজাদুৰৰ পৰিয়ালৰ বাহিৰে বাকী ইয়াত থকা দম্পতিকেইটাই নিজৰ ভিতৰত কথা পাতোঁতে ইংৰাজীতে বেচিকৈ পাতে | বোধকৰোঁ ভাৰতৰ অন্য প্ৰান্তৰ মানুহৰ সৈতে আমাৰ এয়ে পাৰ্থক্য | দিল্লীৰ পৰা চান ডিয়েগোলৈ আহোঁতে নিউয়ৰ্কত লগ পোৱা চেন্নাইৰ মহিলা লক্ষ্মী গোপালাকৃষ্ণনলৈ মনত পৰিল | তেওঁতো সম্পূৰ্ণ ভাৰতীয়ত্ব বজাই ৰাখিছে | টেলিফোনত ঘৰৰ সৈতে মোৰ সন্মুখতে কেইবাবাৰো কথা পাতিছিল | কিন্তু তেওঁ তামিল ভাষাতহে পাতিছিল | ১১ বছৰ আমেৰিকাত থকাৰ পাচতো তেওঁ একেই
তামিল হৈ আছিল |

চাজাদুৰৰ ঘৰৰ পৰা বাহিৰে বাহিৰে চাৰণৰ লগত আহি অলপ বজাৰ কৰিলো | এখন চাইকেল আৰু অন্য যাৱতীয় বস্তু-বাহানি কিনাৰ পাচত চাৰণে মোক ভাৰাঘৰত থৈ গ’ল | আজি মোৰ নিজৰ ভাৰাঘৰত প্ৰথম ৰাতি |

2 comments:

  1. Apunar likha bur porhi khub bhal lagise, bhab hoise jen moyu ghuri phurisu bideshi deshkhonot, anekoye apunar lekhabur porhi thakiboloi pale bor bhal pam....

    ReplyDelete
  2. মন্তব্যৰ বাবে ধন্যবাদ

    ReplyDelete